অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইটিমান ৰোগত ফল আৰু পাচলিৰ ভূমিকা

কেইটিমান ৰোগত ফল আৰু পাচলিৰ ভূমিকা

 

বিশেষজ্ঞসকলৰ মতে, যি আহাৰৰ দ্বাৰা আমি দৈনন্দিন কৰা কাম-কাজসমূহত পর্যাপ্ত পৰিমাণে শক্তি লাভ কৰিব পাৰো তাকেই সম্পূৰ্ণ অৰ্থত আহাৰ বোলে। ফলমূলসমূহে আমাৰ আহাৰ সম্পূণ হোৱাত যথেষ্ট সহায় কৰে। কেইটিমান ৰোগত ফলমূল আৰু শাক-পাচলিসমূহে যথেষ্ট আৰাম প্রদান কৰে৷ মেদবহুলতা বা অত্যাধিক শকত হ’লে ফলমূল খাব পাৰে। কিয়নো ফলমূল ল'ফেট বা কম কে’লৰিযুক্ত হয় আৰু ফাইবাৰ অধিক পৰিমাণে পোৱা যায়। কাজু, আলু, মিঠা আলু আদি সীমিত মাত্ৰাত খাব পাৰি। থাইৰড, প্রেচাৰ বা উচ্চ ৰক্তচাপত খাব পাৰে আলু, পালেং শাক, বিলাহী, কল, কমলা আদি। এই সকলোবোৰতে হাই পটাছিয়াম আৰু ল’ ছডিয়াম তত্ত্ব পোৱা যায় যি বাঢ়ি অহা ৰক্তচাপ নিয়ন্ত্রিত কৰে।

এনিমিয়াত-

 

কিছমিছ, খেজুৰ, তৰমুজ, আমলখি আদিয়ে তেজ কমি অহা প্রক্রিয়াক বাধা প্রদান কৰে।  আপেল, নাচপতি, তিয়ঁহ, মধুৰি আমি আদিৰ দৰে ফল বাকলিৰে সৈতে খাব লাগে। কলফুল, কচু আদি ভাতৰ সৈতে খাব লাগে।

কৌষ্ঠকাঠিন্য-

 

যিবোৰ ফলমূল আৰু শাক-পাচলিত অধিক পৰিমাণে ফাইবাৰ পোৱা যায়, সেইবোৰ গ্ৰহণ কৰাৰ উপৰি অমিতা, আমলখি, বেল, বিন আৰু শাক গ্রহণ কৰিব লাগে।

জ্বৰ, কাহ, পানীলগা ইত্যাদি হৈ থাকিলে নেমু চৰ্বত, ডাব, মৌচুমী আদি নিয়মিত খাই থাকিলে এই সমস্যাবোৰ লাহে লাহে নোহোৱা হ’ব। শৰীৰৰ বিষ-কোপ নোহোৱা কৰিবলৈ শাক-পাচলি, কোমোৰা, তিয়ঁহ আৰু যথেষ্ট পৰিমাণে পানী খাব। যাতে শৰীৰৰ দূষিত পদার্থ শৰীৰৰ পৰা বাহিৰ হৈ যাব পাৰে।

লেখিকা: শ্ৰুতি জৈন, অসম বাণী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate