অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইবিধমান চিনাকি বনৌষধিঃ

 

আমাৰ শাকনিবাৰীখনৰ য’তে ত’তে অনেক চিনাকি বা অচিনাকি উদ্ভিদ দেখা যায়, যাৰ বিষয়ে সবিশেষ জনা নাযায়। তেনে কেইবিধমান বনৌষধি উদ্ভিদৰ বিষয়ে উল্লেখ কৰা হ’ল।

    নিলাজী বনঃ

  • এবিধ কাঁইটীয়া লতাজাতীয় উদ্ভিদ। হাতেৰে স্পৰ্শ কৰিলে জাপ খাই যায়। এই গছৰ পাতৰ ৰস কেঁচুমূৰীয়া ৰোগত উপকাৰত আহে। হাড়ত দুখ পালে নিলাজী পাতৰ ৰস লগালে বিষ কমে। পাতৰ ৰসৰ লগত ঔটেঙাৰ ৰস আৰু মৌ বা চেনি মিহলাই খালে গ্ৰহণী ৰোগ ভাল হয়। মাহেকীয়াত পেটৰ বিষ-বেদনা উপশম কৰাতো নিলাজী বনৰ পাতৰ ৰস গাখীৰ মিহলাই খালে আৰোগ্য হয়।
  • কেঁহেৰাজঃ

  • মাটি-কাঁদুৰীৰ দৰে দেখাত একে যেন লাগে। ইয়াৰ পাত খহটা। কটা ঘাত কেঁহেৰাজৰ পাতৰ ৰস দিলে তেজ লগে লগে বন্ধ হোৱাৰ লগতে সোনকালে শুকায়। পেটৰ বিষ হ’লে ইয়াৰ পাতৰ ৰস কেঁচাই বা সিজাই খালে উপশম হয়। চুলিৰ বৃদ্ধি আৰু সৌন্দৰ্য ৰক্ষা কৰাতো উপকাৰ আছে। কোষ্ঠকাঠিন্য দূৰ কৰে।
  • ধঁপাত তিতাঃ উদ্ভিদজোপা জোপোহা, পাতবোৰ খহটা, ডাঠ আৰু ঘূৰণীয়া। ফুলবোৰ বগা আৰু ৰঙা। তিতা ভাব আছে। এই গছৰ পাতৰ ৰস ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। পেলু বা ক্ৰিমি নষ্টকাৰক। গ্ৰহণী ৰোগত খালেও উপকাৰ পোৱা যায়। পুৱা কুমলীয়া পাতৰ ৰস সেৱন কৰিলে ছুগাৰ হ্ৰাস পায়।
  • টেঙেচী টেঙাঃ সৰু বনজাতীয় টেঙেচি দুই প্ৰকাৰৰ আছে। এবিধ গাঢ় সেউজীয়া, একে ঠাইতে থূপ পাতি ওলায়। ফুলো ধুনীয়া- বেঙুনীয়া, আনবিধ সৰু পাতৰ লতা বগাই যায়। টেঙেচীৰ ৰস কটা ঘাত লগালে ভাল হয়। তেজ বন্ধ হয়। ডিছেনট্ৰী হ’লে টেঙেচী পাতত দি নতুবা সিজাই খালে আৰোগ্য হয়। অৰুচি দূৰ কৰাত সহায়ক। বহুমূত্ৰ ৰোগীৰ বাবে উপকাৰী।
  • কলমৌঃ

  • এবিধ জলজ উদ্ভিদ। আগবোৰ শাক হিচাপে খাব পাৰি। বহুমূত্ৰ, জণ্ডিচ আদি ৰোগৰ বাবে উপকাৰী।
  • মৰাণ আদাঃ

  • এবিধ জ্বলা লগা মৃদ্গত কাণ্ড। আধা খালে পেটৰ বিষ, বদহজম আৰু বমি ৰোধ কৰে। ভৰি-হাত ফুলিলে, গাৰ বিষ হ’লে মৰাণ আদা খালে উপকাৰ পোৱা যায়। বিষ ভাল হয়। নপুংসকতা দূৰ কৰাত সহায়ক। পানী লগা হ’লে বা কাহ হ’লে আদা মৌৰ লগত খালে আৰোগ্য হয়।
  • ক’লীয়া তুলসীঃ

  • জোপোহা, বহুবৰ্ষজীৱী উদ্ভিদ। তুলসী তিনি প্ৰকাৰৰ আছে- এবিধৰ গছ আৰু পাত ক’লা বৰণৰ, এবিধ পাতৰ বৰণ পাতল সেউজীয়া আৰু গা-গছৰ বৰণ বগা আৰু আন এবিধৰ বৰণ পাতল সেউজীয়া, ইয়াৰ বিশেষ গোন্ধ এটা আছে। ইয়াক ৰাম-তুলসী বোলে। ইয়াৰ গুটিবোৰ পানীত তিয়াই থলে টোকমাহৰ দৰে পিচল হৈ পৰে। এনে পানীত চেনি মিহলাই খালে শৰীৰ শীতল লাগে। তুলসীৰ পাত যিকোনো সময়তে খাব পাৰি। পানী লগা, কাহ, ডিঙিৰ বিষ, জ্বৰ হ’লে তুলসী পাত খাই থাকিলে সোনকালে ভাল হয়। কাণ পকি গেলি পূঁজ ওলালে কাণখন চাফা কৰি দুটোপালমান ক’লীয়া তুলসীৰ ৰস চেপি দিলে একেদিনাই শুকাই যায়। স্ক’ৰপিয়ন বা সাপে খুটিলেও তুলসীৰ শিপাৰ ৰস দিলে উপশম হয়। কোষ্ঠকাঠিন্য দূৰ কৰাত তুলসী অপৰিহাৰ্য।
  • দূবৰি বনঃ

  • সৰু ঘাঁহজাতীয় দূবৰি বনৰ পাতৰ ৰস খালে তেজ হাগনি ভাল হয়। কটা ঘাত দিলে তেজ বন্ধ হয় আৰু শুকায়। দূবৰিৰ ৰস, জৱা ফুলৰ ৰস মৌৰ লগত মিহলাই খালে মাহেকীয়া ঋতুস্ৰাৱৰ বিষ-বেদনা নাইকিয়া হয়। মূৰৰ বিষতো দূবৰি বনৰ উপকাৰিতা আছে। পুৱা খালী পেটত দুবৰিৰ ৰস খালে ছুগাৰ হ্ৰাস পায়। এণ্টিবায়’টিক গুণ আছে।
  • হেলচিঃ

  • হেলচি বা হেলঞ্চি পানীত গজা শাক। গছৰ ডাল-পাত সকলো উপকাৰী। গেষ্ট্ৰিক আলচাৰ, কোষ্ঠকাঠিন্য দূৰ কৰাত হেলচি গছ অতি উত্তম শাক। হেলেচ নামৰ গছ এজোপা আছে। তাৰ সৰু সৰু টেঙাজাতীয় গুটি লাগে। গুটিবোৰত ঔষধি গুণ আছে।
  • মছন্দৰীঃ

  • আউনী পানৰ সদৃশ এবিধ বন শাক। পাতৰ কেচেমা-কেচেম গোন্ধ এটা আছে। পাত পাতত দি বা সিজাই খালে যিকোনো ঘা শুকোৱাত সহায় কৰে। এল’পেথিক ঔষধ খালে নাড়ীৰ আশে-পাশে হোৱা বিষ মছন্দৰীৰ জোল বনাই খালে সোনকালে আৰোগ্য হয়।

(উৎসঃ আমাৰ অসম, কবিতা ফুকন)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate