অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেইবিধমান সহজলভ্য ফুল, শাক আৰু ফলৰ ঔষধি গুণ

কেইবিধমান সহজলভ্য ফুল, শাক আৰু ফলৰ ঔষধি গুণ

নয়নতৰা ফুল : নয়নতৰা ফুল এবিধ গুল্ম জাতীয় ফুল। অসমৰ মানুহৰ ঘৰত প্ৰায়ে এই ফুল দেখিবলৈ পোৱা যায়। এই ফুলৰ ৰং দুবিধ – এবিধ বগা আৰু আনবিধ বেঙুনীয়া। এই নয়নতৰাৰ বগা ফুল বিধ ৫/৬ টা মান চোবাই খালে ৰক্ত শৰ্কৰা তৎক্ষণাৎ কমে। এই ফুলে উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ কৰে।

ঔ–টেঙা : ঔ-টেঙাই হজমী শক্তি বঢ়ায় আৰু পিত্ত ৰোগ নাশ কৰে। তেজ পৰিষ্কাৰ কৰে।

পাতে গজা বা দুপৰ টেঙা : দুপৰ টেঙা পাতে প্ৰস্ৰাৱ খোলোচা আৰু পৰিষ্কাৰ কৰে। ই বৃক্কত হোৱা পাথৰ ভাঙি বাহিৰ কৰিব পাৰে। ই জণ্ডিচ ৰোগৰ কাৰণেও উপকাৰী।

গোল নেমু : গোল নেমু এনে এবিধ ঔষধি সম্পন্ন ফল, যাক ল’ৰা – ছোৱালীৰ সাধাৰণ পঁয়া লগা ৰোগৰ পৰা আৰম্ভ কৰি কৰ্কট (কেন্সাৰ) ৰোগ পৰ্য্যন্ত প্ৰতিৰোধ কৰাত ব্যৱহাৰ কৰিব পাৰি।

শেৱালি ফুল : শেৱালি ফুলে তেজ পৰিষ্কাৰ কৰে। গা-বিষ ভাল হয়। শেৱালি ফুলে কৃমি নাশ কৰে। মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰে।

নৰসিংহ : নৰসিংহ জালুকৰ সৈতে খালে গা-বিষ ভাল হয়। ই দৃষ্টি শক্তি বঢ়ায়। বহুমূত্ৰ ৰোগীৰ পথ্য।

মূলা : মূলাই চকুৰ ৰোগ, প্ৰস্ৰাৱৰ ৰোগ, পাথৰি ৰোগ আদি ভাল কৰে।

ঢেঁকীয়া : ঢেঁকীয়া এবিধ অতি পুষ্টিকৰ খাদ্য। ই নিম্ন ৰক্তচাপ ৰোগৰ বাবে হিতকাৰী।

 

উৎস : প্ৰিয় সখী।

বিভিন্ন ৰোগৰ প্ৰতিৰোধক চিৰতা

 

চিৰতাৰ সংস্কৃত নাম ‘কিৰতটিকা’। ই কিৰাত সকলৰ বাবে ‘তিক্ততৃণ’। আৰ্যুবেদ শাস্ত্ৰ মতে চিৰতা বহুলভাৱে ব্যৱহাৰ হৈছিল, ভৈঘৰ্য ৰত্নাৱলীত একুৰি ছটা অন্যান্য দৰৱৰ স’তে মিশ্ৰণ কৰি বিশেষ তেল ‘কিৰতা দিতৈল্য’ ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰিছে। চিৰতা খূব তিতা। চিৰতাই উক্ত ৰক্তচাপ, ডায়েবেটিছ, কৃমি, পেলু আদি বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে। চিৰতাৰ পাত, ফুল, শিপা, ডাল আদিৰ বিভিন্ন ঔষধি গুণ আছে।

ঔষধি গুণবোৰ এনেধৰণৰ –

  • চৰক সংহিতাত উল্লেখ কৰা মতে তেজ বমি হ’লে বা শোথ ৰোগৰ বাবে চিৰতা উত্তম ঔষধ।
  • টাইফয়েড আৰু পালাজ্বৰ হ’লে বা মেলেৰীয়া জ্বৰত চিৰতা বৰ উপকাৰী।
  • শ্বাস – নিশ্বাস ৰোগত, পিত্তৰোগত চিৰতা খালে সুফল পায়।
  • মানুহৰ তেজত হিমগ্ল’বিন হ্ৰাস হ’লে আয়ুৰ্বেদ শাস্ত্ৰকাৰ সকলে চিৰতা ব্যৱহাৰ কৰিবলৈ দিছে।
  • চিৰতাৰ ঠাৰি নিশা পানীত তিয়াই থৈ ৰাতিপুৱা খালে পেলু নাশ হয়।
  • পেটৰ বিভিন্ন ৰোগত চিৰতা সঞ্জীৱনী বুলি কোৱা হয়।
  • চিৰতাই দেহৰ জ্বলা-পোৰা আদি নাশ কৰে। ই অতিশয় তিতা বাবে সঞ্জীৱনী ৰুপে ব্যৱহাৰ কৰা হয়। ই শিশুৰ বাবে অতি গুণ সম্পন্ন তিতা ঔষধ। চিৰতা ৰাতিপুৱাই খালী পেটত খোৱা উচিত।
  • স্বাস্থ্যৰ বাবে তিতা বৰ উপকাৰী। কাৰণ তিতাত বিশেষকৈ চিৰতাত টেনিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে। এই টেনিনে মানুহৰ অলস ভাৱ দূৰ কৰে। বিশেষকৈ অম্ল, পেলু হোৱা, পানীলগা, কুষ্ঠ আদি ৰোগৰ বাবে চিৰতা বৰ উপকাৰী। অৱশ্যে এইটো কোৱা হৈছে যে টেঙা আৰু তিতা অৰ্থাৎ চিৰতা খাব নালাগে।

“টেঙাই তিতাই নল’বা জুতি

পেটত শালিব ফুলিহাৰ খুটি”।

লেখক : ধনেশ্বৰ হুজুৰী।

দ্ৰোণ বা দোৰোণ শাকৰ ফুলৰ গুণ-

 

চৰ্দি লাগিলে দ্ৰোণ বা দোৰোণ শাকৰ ফুল এটা ভালকৈ ধুই ল’ব লাগে, চামুচ এখনত মাকৰ গাখীৰ চেপি লৈ তাত ফুলটো ভালকৈ ঘঁহি ঘঁহি পেলাই দি গাখীৰ খিনি কেঁচুৱাক খুৱাই দিব পাৰে। পুৱা এবাৰ, গধূলি এবাৰ। তাতোকৈ বেছি বা এটাৰ ঠাইত দুটা ফুল হ’লে ক্ষতি কৰিব বা পাৰ্শ্ব প্ৰতিক্ৰিয়া হ’ব। ডাঙৰেও দ্ৰোণ শাক কলাখাৰেৰে ভাজি খাব লাগে। এনেদৰে কেঁচুৱাক দুই – তিনি দিন খুৱাব পাৰে। লগতে সৰিয়হৰ তেলত নহৰু এফুট থেতেলিয়াই, মেথি – কালজিৰাৰে গৰম কৰি চেঁচা হ’লে নাকে – কাণে, ভৰিৰ তলুৱা, হাতৰ তলুৱা, ককাল – পিঠিতো ভালকৈ মালিচ কৰিব লাগে। বুকুত মালিচ কৰিলে চৰ্দিটো বুকুতহে বহি যাব। তিনি – চাৰি দিন মালিচ কৰিলে আৰু দ্ৰোণ শাকৰ ফুলটো তেনেদৰে খুৱালে এনেয়ে ভাল হৈ যায়। মাকেও ঠাণ্ডা লগাব নালাগে বা ঠাণ্ডা বস্তু খাব নালাগে। যেনে পানীলাউ, কণী, মাছ খালে বেছি হয়। কাৰণ সন্তানটিয়ে মাকৰ গাখীৰ খায় থাকে, সেয়েহে মাকে পানীও গৰম কৰিহে খাব লাগে।

কেঁচা হালধিৰ উপকাৰিতা-

 

চকুৰ সমস্যাত ডাঙৰক কেঁচা হালধিও দিব পাৰে। হালধি খিনি ভালকৈ পিহি লৈ ধুতী বা তেনেকুৱা পাতল ধোৱা কাপোৰ এখন চকুৰ ওপৰত দি, তাৰে ওপৰত কেঁচা হালধি খিনি চকু ঢাক খোৱাকৈ বহলাই দিব লাগে। প্ৰথমে অলপ পিৰ্‌পিৰ্‌ কৰে যদিও পিছলৈ ভাল লাগে। এনেদৰে দিনত ২/৩ বাৰকৈ সলাই সলাই লগালে দুই – তিনি দিনত ভাল হৈ যায়। চকু ৰঙা পৰা আৰু বিষটো ভাল হৈ যায়। কটা ঘাঁত এনেদৰে কেঁচা হালধি লগাই থাকিলে দুই – তিনি দিনতে ভাল হৈ যায়। তেতিয়া ডাক্টৰৰ ওচৰলৈ নগ’লেও হয়। কেঁচা হালধিৰে কঠাৰেৰে কটা ঘাঁ পৰ্যন্ত ভাল হৈ যায়।

কেঁচুৱাৰ পনীয়া শৌচ হ’লে কেঁচা হালধি ৰুকি লৈ চামুচত অকনমান বা ৪/৫ টোপাল মান ৰস চেপি উলিয়াই তাত পানী আধা, নিমখৰ এটা দানা, এটোপাল মিঠাতেল দি ধান কটা কাচি বা তেনেকুৱা লো জাতীয় বস্তু জুইত গৰম কৰি, কেঁচা হালধিৰ ৰসত জুবুৰীয়াই ঠাণ্ডা হ’লে খুৱাই দিব লাগে। এদিনত ৫/৬ বাৰ মান খুৱালে ভাল হয়। লগতে মাকেও গৰম বস্তু যেনে কণী, মাছ, মাংস, ৰঙালাউ খাব নালাগে। কাৰণ কেঁচুৱাটোৱে যিহেতু মাকৰ গাখীৰ খাই থাকে, সেয়ে গৰম বস্তু খালে কেঁচা হালধিয়ে কাম নিদিব পাৰে।পানী খিনিও উতলাই ঠাণ্ডা কৰি খাব লাগে। ডাঙৰ মানুহৰ পেটৰ অসুখ হ’লে কেঁচা হালধিৰ ৰস ১/২ কাপকৈ দুবেলা খাই দিলেও ভাল হৈ যায়।

কলপাতৰ ঔষধি গুণ

 

কল এবিধ শক্তিদায়ক ফল। কিন্ত সমপৰিমাণে কলপাতখিলাৰো ঔষধি গুণ অপাৰ।

আমি জানো যে কলপাতত ক্ল’ৰ’ফিল থাকে। সেয়ে ইয়াক খালে চৰ্মৰোগ নহয়। লগতে অন্ত্ৰৰ ঘা নিৰাময় হয় আৰু লিউকেমিয়া নহয়।

শৰীৰৰ কোনো অংগত কাটিলে বা আঘাত পালে কলপাত থেতালি লগালে যথেষ্ট খিনি আৰাম পোৱা যায়। তদুপৰি চৰ্দি জমা হ’লে, ব্ৰংকাইটিছ হ’লে ৰকে ক্ষৰণ হ’লে কাহ আৰু থুৰ সৈতে তেজ ওলালে কলপাতৰ ৰস খালে ভাল ফল পোৱা যায়। এই বিলাকৰ উপৰিও বৰলে কামুৰিলে, কাঁইটে বিন্ধিলে তৎক্ষণাৎ কলপাত খুন্দি লগাই দিলে বহু খিনি উপকৃত হ’ব পাৰি।

তেনেদৰে যক্ষ্মা, গ্ৰহণী, অতিসাৰ আদি বেমাৰতো কলপাত হৈছে পৰম ঔষধ।

লেখিকা : অসীমা গায়ন।

উৎস : প্ৰান্তিক।

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate