কফিয়ে আমাক সজীৱ আৰু সক্ৰিয় হৈ থকাত সহায় কৰে। কিন্তু অত্যধিক কফিয়ে হৃদপিণ্ডৰ গতি বৃদ্ধি কৰে আৰু টোপনিত ব্যাঘাত জন্মায়। তদুপৰি ই পাকস্থলীৰ প্ৰদাহৰো সৃষ্টি কৰিব পাৰে।
পনীৰত যথেষ্ট পৰিমাণৰ সংপৃক্ত চৰ্বি থাকে। পৰ্যাপ্ত পৰিমাণৰ পনীৰ খালে বিশেষ অনিষ্ট নহ’ব পাৰে, কিন্তু অত্যধিক পৰিমাণৰ পনীৰে স্মৃতিশক্তিত ব্যাঘাত জন্মায়। পনীৰ হজম কৰিবলৈ যথেষ্ট সময় লাগে, গতিকে ই পাকস্থলীৰ এচিডৰ মাত্ৰা বৃদ্ধি কৰে। এই এচিড খাদ্যনলীলৈও যাব পাৰে। ইয়াৰ ফলত বুকু জ্বলা-পোৰা কৰে। গতিকে অত্যধিক পনীৰ নাখাব, তাৰ সলনি মাটি মাহৰ মণ্ড খাব পাৰে।
অত্যধিক চেনি খালে তেজৰ গ্লুক’জৰ মাত্ৰা বৃদ্ধি হয়। কিছু সময়ৰ পাছত গ্লুক’জৰ মাত্ৰা হ্ৰাস হয় আৰু শৰীৰ অৱশ লাগে, হতাশাৰ সৃষ্টিও হ’ব পাৰে। এনে ধৰণে চেনি খালে ডায়েবেটিছ আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে। সম্প্ৰতি ভাৰতত এই দুবিধ ৰোগৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈছে। আপুনি যিবোৰ খাদ্য খায়, তাত কিমান পৰিমাণৰ গুপ্ত চেনি থাকে চাই ল’ব। অত্যধিক চেনিযুক্ত খাদ্য পৰিহাৰ কৰিব।
অত্যধিক নিমখ খালে মগজুৰ বিভ্ৰান্তি হয় আৰু স্মৃতিশক্তিও হ্ৰাস পায়। পেকেজ কৰা খাদ্যত যথেষ্ট পৰিমাণৰ নিমখ থাকে। পেকেজ খাদ্যৰ পৰিৱৰ্তে ঘৰতে তৈয়াৰ কৰা খাদ্য খাওক। আচাৰ, অধিক ভজা খাদ্য আদি পৰাপক্ষত পৰিহাৰ কৰিব। হায়দৰাবাদস্থিত জাতীয় পুষ্টি প্ৰতিষ্ঠানৰ মতে ৬ গ্ৰাম নিমখ খাল ভাল।
অলপতে কৰা এটা জৰীপৰ পৰিসংখ্যা মতে ভাৰতৰ ২০ শতাংশ শিশু আৰু কিশোৰৰ শৰীৰৰ ওজন প্ৰয়োজনতকৈ বহুত বেছি। ইয়াৰ কাৰণ হ’ল ময়দাৰে তৈয়াৰ কৰা বিভিন্ন জুতি লগা খাদ্য, অত্যধিক চেনিযুক্ত খাদ্য, পৰিশোধিত চাউল আৰু খাদ্যদ্ৰব্যৰ পয়োভৰ। এইবোৰ খাদ্যই শৰীৰৰ ওজন বৃদ্ধি কৰে, কোষ্ঠকাঠিন্যৰ সৃষ্টি কৰে, তেজৰ গ্লুক’জ আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি কৰে। ভাৰতীয় আৰু পশ্চিমীয়া চটপট খাদ্য (ফাষ্ট ফুড)-বোৰত যথেষ্ট পৰিমাণৰ ট্ৰেন্সফেট থাকে। ট্ৰেন্সফেটে হৃদপিণ্ডৰ ৰক্ত সঞ্চালনত ব্যাঘাত জন্মায়। উদাহৰণস্বৰূপে বেচনৰ পৰিৱৰ্তে বৰ্ফিত ২২.৯৬ শতাংশ আৰু ফ্ৰেন্স ফ্ৰাইজত ৪.২ শতাংশ ট্ৰেন্সফেট থাকে।
শাকাহাৰীসকল সাৱধান। আপোনাৰ যদি গেৰোৱা আৰু ভৰি ফুলে, তেনেহ’লে জানিব, আপোনাৰ শৰীৰত প্ৰ’টিনৰ স্বল্পতা হৈছে। যাৰ ফলত নিমখ (ছ’ডিয়াম) আৰু পানী কোষৰ পৰা বাহিৰলৈ নিগৰি আহি গেৰোৱা আৰু ভৰিত জমা হৈছে। তদুপৰি শাকাহাৰীৰ শৰীৰত ভিটামিন ‘বি-১২’ৰ মাত্ৰাও হ্ৰাস হয়। এই ভিটামিনবিধ জন্তুজ খাদ্যত যথেষ্ট পৰিমাণে থাকে। গতিকে আমিষাহাৰীৰ শৰীৰত এই ভিটামিনৰ স্বল্পতা সাধাৰণতে নহয়। ভিটামিন ‘বি-১২’ৰ স্বল্পতা এনিমিয়া হয় আৰু শৰীৰ দুৰ্বল হয়। প্ৰ’টিনৰ অভাৱ পূৰাবলৈ শাকাহাৰীসকলে যথেষ্ট পৰিমাণৰ দুগ্ধজাত খাদ্য আৰু দাইল খাব লাগিব। আমিষাহাৰীসকলে এই দুবিধ খাদ্য কম পৰিমাণে খালেও হ’ব। অৱশ্যে তেওঁলোকে চৰ্বিহীন মাংস, মাছ আৰু কণী খাব লাগিব।
যদি আপুনি অত্যন্ত ক্লান্ত হয় অথবা অনবৰতে ভোক লাগি থকা যেন পায়, তেনেহ’লে একক অসংপৃক্ত ফেটি এচিড (ম’ন’ আনচেচুৰেটেড ফেটি এচিড- মুফা) খাব পাৰে। যদি আপোনাৰ কথা মনত নথকা হৈছে, কামত মনোযোগ দিব নোৱাৰে, তেনেহ’লে ‘মুফা’যুক্ত কাঠ বাদাম আৰু মাছৰ তেল খাব পাৰে। এইবোৰ খাদ্যই এচিটাইকলিনৰ সৃষ্টি কৰে আৰু কামত মনোযোগ দিয়া বা কথা মনত ৰখাত সহায় কৰে। ‘মুফা’ই ছালৰ আৰ্দ্ৰতা আৰু উত্তাপ নিয়ন্ত্ৰণতো সহায় কৰে।
মাছত যথেষ্ট পৰিমাণৰ প্ৰ’টিন, ভিটামিন, কেলছিয়াম, অ’মেগা-৩ ফেটি এচিড আৰু ভিটামিন ‘ডি’ থাকে। শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ হ’লে অনবৰতে কপাল ঘামি থকা, হাড় আৰু মাংসপেশীৰ বিষ, সন্ধিৰ বিষ আৰু অত্যধিক ঠাণ্ডা অনুভৱ হয়। এই ভিটামিনে হাড়ৰ গঠনত সহায় কৰে আৰু ৰোগ প্ৰতিৰোধী শক্তি বৃদ্ধি কৰে। যদি আপুনি মাছ নাখায় তেনেহ’লে কণীৰ কুহুম অথবা ৰ’দত খেতি কৰা কাঠফুলা খাব পাৰে।
দাইলত প্ৰ’টিন থকাৰ উপৰি যথেষ্ট পৰিমাণৰ ভোজ্য আঁহ থাকে। এই আঁহে শৰীৰৰ সঠিক ওজন ৰক্ষা কৰা, কোষ্ঠকাঠিন্য দূৰ কৰা আৰু ভোক নিয়ন্ত্ৰণত সহায় কৰে। দিনে অন্ততঃ আধা কাপ দাইল খাওক। প্ৰসংগক্ৰমে এটা আপেলত যিমান ভোজ্য আঁহ থাকে, দাইলত তাতকৈ দুগুণ আঁহ থাকে।
আপোনাৰ চুলি খেৰৰ নিচিনা হৈছে নেকি ? ছাল খহটা হৈছে নেকি ? অনবৰতে ভাগৰ লাগি থাকে নেকি?যদি হৈছে যথেষ্ট পৰিমাণৰ সেউজীয়া শাক খাওক। এনে খাদ্যত লৌহ পদাৰ্থ, ভিটামিন ‘এ’, ভিটামিন ‘চি’ আদি প্ৰয়োজনীয় পুষ্টিদ্ৰব্য থাকে। আপুনি পালেং, পদিনা, ধনীয়া শাক, নৰসিংহৰ পাত আদি যথেষ্ট পৰিমাণে খাব। তদুপৰি অসমত উপলব্ধ আন কেতবোৰ শাক, যেনে- মানিমুনি, খুতুৰা, মৰিচা, পুৰৈ, জিলমিল, ঢেঁকীয়া, ভেদাইলতা, দোৰোণ আদি শাকো খাব পাৰে। অৱশ্যে কমলা ৰঙৰ আৰু হালধীয়া ৰঙৰ শাকো স্বাস্থ্যকৰ।
(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।
শেহতীয়া উন্নীতকৰণ: : 1/23/2023