অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যত মিহলি ৰঙৰ কুপ্ৰভাৱঃ

খাদ্যত মিহলি ৰঙৰ কুপ্ৰভাৱঃ

পুৱা শুই উঠাৰে পৰা নিশা বিছনালৈ যোৱাৰ আগলৈকে আমি বিশেষ খাদ্য গ্ৰহণ কৰো। দৰাচলতে সেইবোৰ খাদ্যৰ বেছিভাগতে বিভিন্ন গোত্ৰৰ ৰাসায়নিক মিহলি হৈ থাকে। ৰাসায়নিক সংৰক্ষক জাৰণ ৰোধক, কফাৰ এজেণ্টছ, কালাৰিং এজেণ্টছ, ফ্লেভাৰিক এজেণ্টছ আদি অন্যতম। এনে ৰাসায়নিক মিহলি হ’লে কিছুমান খাদ্য অধিক সোৱাদযুক্ত হয়। সাধাৰণতে সংৰক্ষক হিচাপে মাখন, জাম, জেলী, চিজ আদিত বেঞ্জায়েট গোত্ৰৰ বিভিন্ন ৰাসায়নিক মিহলি কৰা হয়। আনহাতে ৰন্ধা মাছ, মাংস যিবোৰ পেকেটত সংৰক্ষণ কৰা হয় সেইবোৰত নাইট্ৰেট, নাইট্ৰাইট বা ছালফাইট গোত্ৰৰ আৰু কিছুমান খাদ্যত গেলেট গোত্ৰৰ নানা ৰাসায়নিক মিহলি হৈ থাকে। জাৰণৰোধক হিচাপে মিহলি হৈ থাকে আন বহুতো ৰাসায়নিক।

ৰঙৰ ব্যৱহাৰঃ

 

বিশ্ব স্বাস্থ্য সংস্থাই খাদ্যত যিবোৰ ৰঙৰ অনুমোদন জনাইছে সেইবোৰৰ ভিতৰত ভাৰতত মাত্ৰ ১১টা ৰংহে অনুমোদিত। এই ১১টা অনুমোদিত ৰঙৰ ভিতৰত যদি নিৰ্ধাৰিত মাত্ৰাত ব্যৱহাৰ কৰা হয় তেতিয়া খাদ্য গ্ৰহণকাৰীৰ বা সি সিমান সমস্যাৰ সৃষ্টি নকৰে। সাধাৰণতে কাপোৰত ৰং কৰিবলৈ ব্যৱহাৰ কৰা মেটালিক ইয়েলো নামৰ হালধীয়া ৰঙবিধ চপ, ঘুগুণী, জিলেপী, লাড্ডু, সন্দেশ আদিত অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ কৰা হয়। এই ৰঙৰ প্ৰভাৱ ইমানেই ভয়ংকৰ যে ইয়াৰ ফলত পুৰুষৰ শুক্ৰাশয়ৰ পৰা শুক্ৰাণু উৎপন্ন হোৱাৰ পৰিমাণ হ্ৰাস পাব পাৰে। লে’ড ক্ৰ’মেটৰ বাবে এনিমিয়া হোৱাৰ উপৰি গৰ্ভৱতী মহিলাৰ গৰ্ভপাত হোৱাৰ আশংকাও নুই কৰিব নোৱাৰি। দীৰ্ঘদিন ধৰি লে’ড ক্ৰেমেট ব্যৱহাৰ কৰিলে স্নায়ুৰ ক্ষতিসাধন হৈ পেৰালাইছিছ হ’ব পাৰে। আজিকালি কিছুমান খাদ্যত এনে ৰং মিহলি কৰা হয় যিবোৰে পৰোক্ষভাৱে কৰ্কটৰোগ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে।

কোনবোৰ ৰং বেছি ক্ষতিকাৰকঃ

 

সাধাৰণতে আমি খোৱা খাদ্যত মিহলি হৈ থকা সকলোবোৰ ৰঙে শৰীৰৰ ক্ষতিসাধন নকৰে। ক্ষতিকাৰক ৰং সমূহৰ ভিতৰত অন্যতম হ’ল- লেড ক্ৰেমেট, মেটালিক ইয়েলো, ককো ৰেড, ৰোডামিন বি, ব্লুভি আৰ এছ এৰামিক কপাৰ ছালফেট, আইৰণ অক্সাইড, অৰেঞ্জ ওৱান-টু, চুডান টু-থ্ৰি, মেলাছাইট গ্ৰীণ।

কেফিনযুক্ত খাদ্যৰ পৰিণতিঃ

 

বিশ্বৰ প্ৰায়ভাগ উন্নত দেশত কেফিনযুক্ত খাদ্যৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে যদিও ভাৰতত নিষিদ্ধ কৰা হোৱা নাই। কেফিন দৰাচলতে মিথালেটেড জেন্দিন। ই সামান্য পৰিমাণে নিচাৰ সৃষ্টি কৰিব পাৰে। কেফিনযুক্ত আহাৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে বিভিন্ন ধৰণৰ শাৰীৰিক-মানসিক সমস্যাই গা কৰি উঠে। এনে দ্ৰব্যযুক্ত খাদ্য গ্ৰহণৰ ফলত উদ্বেগ, অস্থিৰতা, ইনছমনিয়া, অষ্টিঅ’-পৰোছিছ আদিয়ে ঘাইকৈ গা কৰি উঠা দেখা যায়।

পাত্ৰও হ’ব পাৰে বিপদৰ কাৰণঃ

 

সস্তীয়া প্লাষ্টিকৰ গিলাচ বা কাপৰ মনোমাৰ নামৰ ৰাসায়নিক উপাদান পেটত প্ৰৱেশ কৰিব পাৰে গৰম পানীৰ জৰিয়তে। প্লাষ্টিকৰ বাচনত নেমু দিয়া চাহ খোৱাটো অতি অপকাৰী। প্লাষ্টিকৰ পেকেটত বন্ধা মাংস আদি খাব নালাগে।

কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰিবঃ

 

  • ৰঙীন খাদ্য গ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্কতা অৱলম্বন কৰিব লাগিব। প্ৰছেছড ফুড আদি যিমান সম্ভৱ গ্ৰহণ নকৰাটোৱে শৰীৰৰ পক্ষে মংগলজনক।
  • ক্ৰেতাই হওক বা খাদ্য গ্ৰহণ কৰোতাই হওক যিকোনো ৰঙীন খাদ্য খোৱাৰ আগতে ৰংবিধ কি সেয়া ভালদৰে জানি লোৱা উচিত।
  • মাছ, মাংস আদি কেতিয়াও ৰঙীন পলিথিনৰ বেগত ভৰাব নালাগে।
  • প্লাষ্টিকৰ কাপত গৰম চাহ বা পানী খাব নালাগে।
  • সেউজীয়া শাক ৰন্ধাৰ আগতে কুহুমীয়া পানীত সামান্য নিমখ বা পটাছিয়াম পাৰমেংগানেট দি ১৫-৩০ মিনিট তিয়াই থৈ তাৰ পাছত ৰান্ধিব লাগে।

(উৎসঃ অগ্ৰদূত)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate