অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্যশিল্প আৰু খাদ্য চিকিৎসা

 

আজি বিশ্বত ব্যাপকভাৱে খাদ্যশিল্প গঢ়ি উঠিছে। গ্রামাঞ্চলৰ পৰা মহানগৰীলৈ সকলো মানুহেই খাদ্যৰ প্রতি সজাগ আৰু সচেতন হোৱা পৰিলক্ষিত হৈছে।

খাদ্য বিজ্ঞানীসকলে খাদ্যশিল্প বুলি কোৱাৰ বিশেষ তাৎপর্য আছে। কিয়নো

থাকিব লাগিব। তেতিয়াহে ই খাদ্যশিল্প হিচাপে পৰিগণিত হ'ব। তদুপৰি খাদাই মানুহৰ জীৱনী শক্তি। খাদাই মানুহৰ মাজত মৰম কঢ়িয়ায়, চেনেহ হৈছে। বিলায়, খাদাই মানুহক আপোন কৰি লয়, প্রেম গভীৰ কৰে, খাদ্যৰ সুগন্ধত মানুহৰ আত্মা প্রশান্ত হয়। খাদ্যই মানুহৰ আত্মীয়তা

জৈৱিক খাদ্যৰ চাহিদা, খাদ্যদ্রব্যৰ পুষ্টি গুণ, খাদ্যৰ ৰন্ধন প্রক্রিয়া, খাদ্য পৰিৱেশন অতি সুন্দৰ হৈ পৰিছে। তদুপৰি খাদ্য পৰিৱেশন নীতি, খাদ্যৰ জুতি আৰু তৃপ্তি আদি বিভিন্ন দিশৰ প্ৰতি লক্ষা কৰিয়ে খাদ্যক এক শিল্প বুলি কোৱা হৈছে।  শিল্পকর্মত যিদৰে সৌন্দর্যবোধৰ প্রয়োজন, সেইদৰে খাদ্য সংগ্ৰহ, ৰন্ধন, পৰিৱেশন আৰু ভোজনতো এটা সুন্দৰ আদৰ্শ-নীতি থাকিব লাগে। তেতিয়াহে ই খাদ্যশিল্প হিচাপে পৰিগণিত হ’ব।

তদুপৰি খাদ্যই মানুহৰ জীৱনী শক্তি। খাদ্যই মানুহৰ মাজত মৰম কঢ়িয়ায়, চেনেহ বিলায়, খাদ্যই মানুহক আপোন কৰি লয়, প্ৰেম গভীৰ কৰে, খাদ্যৰ সুগন্ধত মানুহৰ আত্মা প্ৰশান্ত হয়। খাদ্যই মানুহৰ আত্মীয়তা বঢ়ায় আৰু মানুহক বিচাৰ-বুদ্ধিসম্পন্ন কৰি তোলে।

সেয়েহে স্বাস্থ্যবিজ্ঞানীসকলে সাম্প্রতিক কালত বিভিন্ন ৰোগ প্রতিৰোধ কৰি বহুতো বেমাৰ খাদ্যৰ দ্বাৰা নাশ কৰি সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি বুলি কৈছে। খাদ্যই মানুহৰ আয়ুস বৃদ্ধি কৰি চিৰযৌৱন প্রদান কৰিব পাৰে।

বিভিন্ন বেমাৰৰ খাদ্য চিকিৎসা এনেধৰণৰ-

 

সুস্বাস্থ্যৰ বাবে শৰীৰৰ প্রয়োজনীয় উপাদানবোৰ শৰীৰে নিজে তৈয়াৰ কৰি ল'ব নোৱাৰে। সেইবাবে উদ্ভিদ আৰু প্রাণীৰ দ্বাৰাই আমাৰ খাদ্য প্রস্তুত কৰি লয়।

খাদ্যইহে আমাৰ শৰীৰক শক্তি প্রদান কৰে—শৰীৰ গঠন কৰে আৰু শৰীৰক সুৰক্ষা প্রদান কৰে। ইয়াৰ বাহিৰেও খেলা-ধূলা বা আন কামৰ বাবে মাংসপেশীক কর্মঠ কৰি ৰাখি কর্মস্পৃহা বৃদ্ধি কৰে। চাউল, গোমজাতীয় খাদ্য, বিভিন্ন পাচলি, দাইল, কণী, মাছ-মাংস, বিভিন্ন বাদাম, শুকান ফল-মূল আদি স্বাস্থ্য ৰখাৰ মূল উপাদান।

খাদ্য দুবিধত ভাগ কৰা হৈছে-(১) স্বাস্থ্যকৰ খাদ্য আৰু (২) প্রাকৃতিক খাদ্য। আমাৰ শৰীৰৰ বিভিন্ন অংগক গঠন-মেৰামতি কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰা খাদ্যই ৰক্ষা কৰি ৰাখে। আমাৰ দেহৰ পুষ্টিদ্রব্যবোৰৰ ভিতৰত-কার্বোহাইড্রেট, প্ৰ’টিন আদিৰ অতি প্রয়োজন।

প্ৰ'টিনজাতীয় আহাৰ

 

শাক-পাচলি, মাছ, মাংস, কণী, দৈ, ছয়বিন, চীনা বাদাম আদিৰ পৰা যথেষ্ট প্র’টিন পোৱা যায় বুলি স্বাস্থ্যবিজ্ঞানীসকলে কয়। আমাৰ শৰীৰৰ মাংসপেশী, হাড়, তেজ, মগজু, ছাল, চুলি আদি সুন্দৰ আৰু সুস্থ কৰি ৰখাৰ বাবে প্ৰ’টিনৰ অতি আৱশ্যক।

কার্বোহাইড্রেটজাতীয় খাদ্য

 

সুস্থ সবল হৈ থাকিবলৈ প্রতিদিনে পুষ্টিগুণসম্পন্ন খাদ্য খোৱাতো অতি প্রয়োজন। বিশেষকৈ কার্বোহাইড্রেট যুক্ত খাদ্য খোৱা উচিত। গাখীৰ, শাক-পাচলি, চাউল, গোম, মাছ, প্রাণীৰ যকৃত, কণী, ছয়াবিন, বাদাম আদিত কার্বোহাইড্রেট পোৱা যায়।

খনিজ লৱনজাতীয় খাদ্য

 

দেহটো সুস্থ, সবল কৰি ৰাখিবলৈ বিভিন্ন খনিজ লবণযুক্ত আহাৰৰ অতীৱ প্রয়োজন হয়। বিশেষভাৱে কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম, ছ'ডিয়াম, পটাছিয়াম, খাদ্য মৌলিযুক্ত আহাৰবোৰেই হৈছে খনিজ লৱণজাতীয় খাদ্য।

এই খনিজ লৱণযুক্ত আহাৰৰ ভিতৰত সেউজীয়া শাক-পাচলি, ছয়াবিন, বাদাম, বিভিন্ন দাইল, নেমুটেঙা, আঙুৰ, গাজৰ, বিট, কল, আনাৰস আদি।

এই খাদ্যবোৰে মানুহৰ হাড়ৰ গঠন, দাঁতৰ গঠন, দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা, তেজ গোটমৰা আদি বিভিন্ন বেমাৰৰ চিকিৎসা প্রাকৃতিকভাৱে কৰে।

লিখক: ধনেশ্বৰ হুজুৰী, অসম বাণী।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate