কিছুমান বিশেষ খাদ্যই যৌন জীৱন অধিক সক্ৰিয় কৰি ৰাখিব পাৰে। অৰ্থাৎ কিছুমান বিশেষ আহাৰ খালে যৌনশক্তি বৃদ্ধি পায় আৰু বাৰ্ধক্যতো যৌন ক্ষমতা অটুট থাকে। অহৰহ মানসিক চাপ, বৃত্তিগত প্ৰতিযোগিতা, সীমাহীন ব্যস্ততা আদিয়ে ব্যক্তি এজনৰ যৌনজীৱনতো প্ৰভাৱ পেলায়। যৌন শক্তি বৃদ্ধি কৰি দাম্পত্য জীৱন অধিক আনন্দদায়ক কৰি তুলিব পৰা কেইবিধমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হ’ল-
পাৰস্যত পুৰণি কালত বিবাহৰ পিছত এমাহলৈ দৰা-কইনাক সদায় মৌ খাবলৈ দিয়া নিয়ম আছিল। আৰু ইয়াৰ পৰাই আজিৰ ‘হনিমুন’ শব্দৰ প্ৰচলন হৈছে। মৌত ভিটামিন ‘বি’ প্ৰচুৰ পৰিমাণে থাকে। ‘বি’ ভিটামিনে টেষ্টোষ্টেৰণ প্ৰস্তুত কৰাত সহায় কৰে। মৌ খোৱাৰ ফলত দৈহিক শক্তি বৃদ্ধি পায়।
ইটালিৰ পাডুৱা বিশ্ববিদ্যালয়ৰ এক গৱেষণাত প্ৰকাশ পাইছে যে আহাৰত ছেলেনিয়ামৰ অভাৱ ঘটিলে পুৰুষসকলৰ যৌনক্ষমতা কমি যায়। ছেলেনিয়ামে বীৰ্য কোষবোৰ ধ্বংস হোৱাত বাধা দিয়ে আৰু শুক্ৰাণুৰ সাঁতুৰিব পৰা ক্ষমতা জাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে ছেলেনিয়াম পোৱা যায়। সেয়ে দিনত তিনিটাকৈ ‘ব্ৰাজিল নাট’ খাই থাকিলে যৌনশক্তি বৃদ্ধি পায়।
ঢেঁকীত বনা মুগা বৰণীয়া চাউলত যথেষ্ট পৰিমাণে ‘বি’ ভিটামিন থাকে। ইয়াত মেগনেছিয়ামো প্ৰচুৰ পৰিমাণে থাকে। পেশীৰ গঠন শক্তিশালী কৰাৰ বাবে মেগনেছিয়াম অতিকৈ প্ৰয়োজন।
হট চকলেটত থকা phenyl-ethylamine নামৰ উপাদানবিধে ড’পামাইন(dopamine) অধিক পৰিমাণে নিঃসৃত কৰে। ড’পামাইন নামৰ ৰাসায়নিক পদাৰ্থবিধে যৌনশক্তি বঢ়াই তোলে। ইয়াৰ লগতে গাখীৰত থকা কেলচিয়ামে স্নায়ুবোৰক অধিক সক্ৰিয় কৰি তোলে।
শামুকত প্ৰচুৰ পৰিমাণে জিংক থাকে। জিংকে টেষ্টোষ্টেৰণ(Testosterone) উৎপাদনত সহায় কৰে। ইয়াৰ উপৰি শামুকত ডি-এছপাৰ্টিক এচিড(D-aspartic acid) আৰু NMDA(N-methyle-D-aspartate)থাকে। এই দুবিধ উপাদানে ছেক্স হৰমোন টেষ্টোষ্টেৰণ আৰু এষ্ট্ৰোজেন নিঃসৰণ হোৱাত সহায় কৰে।
টেক্সাছৰ গৱেষকৰৰ দল এটিয়ে প্ৰমাণ পাইছে যৌন উত্তেজক টেবলেট এটাৰ সমানেই তৰমুজে কাম দিয়ে। উল্লেখ্য যে ভায়েগ্ৰা টেবলেটে Citrulline আৰু Arginine নামৰ উপাদান দুবিধৰ পৰিমাণ কমাই আনে। ইয়াৰ ফলত নাইট্ৰিক অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় আৰু ই ৰক্তবাহী নলীৰে তেজ চলাচলত সহায় কৰে। তৰমুজ খালেও একেখিনি উপকাৰ পোৱা যায়।
সুস্থ যৌনজীৱনৰ বাবে বীৰ্যৰ উৎপাদন বৃদ্ধি আৰু প্ৰজনন ক্ষমতা বৃদ্ধি তথা যৌন ইচ্ছা বঢ়াই তুলিবলৈ টেষ্টোষ্টেৰণৰ পৰিমাণ সঠিক পৰিমাণে থকা উচিত। টেষ্টোষ্টেৰণৰ উৎপাদন মূলতঃ নিৰ্ভৰ কৰে জিংক আৰু ‘বি’ ভিটামিনৰ ওপৰত। মুৰ্গীৰ মাংসত এই দুয়োবিধ উপাদান পোৱা যায়।
কলত থকা Bufotenine নামৰ উপাদানবিধে মানুহৰ ‘মুড’ ভালে ৰখাৰ লগতে আত্মবিশ্বাস আৰু যৌনশক্তি বঢ়ায়। ইয়াৰ উপৰি আটাইতকৈ বেছি উপকাৰ হয় ছালখনৰ।
বীৰ্যৰ গাঢ়তা, গুণাগুণ ঠিকে থাকিবলৈ হ’লে Arginine নামৰ উপাদানবিধৰ খুব প্ৰয়োজন। পপকৰ্ণত এই উপাদানবিধ পোৱা যায়। সেয়ে বীৰ্যৰ শক্তি বঢ়াবলৈ পপকৰ্ণ খোৱা উচিত।
জলকীয়া খালে এণ্ডোৰফিন নামৰ উপাদানবিধ তিনিগুণ পৰিমানত নিৰ্গত হয়। এই উপাদানবিধে মনলৈ ‘ফিল গুড’ ধাৰণা আনি দিয়ে। জলকীয়া খালে স্নায়ুমাণ্ডলিক সক্ৰিয় কৰি তোলে।
বাদামত আৱশ্যকীয় চৰ্বি থাকে। এই চৰ্বিবোৰে Prostaglandins নামৰ হৰমোনবিধ নিয়ন্ত্ৰণ কৰে। ছেক্স হৰমোন উৎপাদনৰ বাবে এই উপাদানবিধ অতি প্ৰয়োজন। বাদামত ভিটামিন ‘ই’ থকা বাবে বীৰ্য শক্তিশালী কৰি তোলে।
চিকাগোৰ ‘স্মেল এণ্ড টেষ্ট ট্ৰিটমেণ্ট ৰিচাৰ্ছ ফাউণ্ডেচন’ৰ এক গৱেষণা অনুসৰি ভেনিলা খালে পুৰুষাংগলৈ ৰক্তপ্ৰবাহ বৃদ্ধি পায় আৰু যৌনশক্তি অটুট থাকে।
গৱেষণাৰ পৰা প্ৰমাণ পোৱা গৈছে যে ডাৰ্ক চকলেট খালে হাইপাৰটেনছন নোহোৱা হয়। ফলত নপুংসকতাত ভুগি থকা লোকৰ এই সমস্যা আঁতৰ হয়। ক’কত থকা ফ্লেভনলছ নামৰ উপাদানবিধে নাইট্ৰিক অক্সাইড উৎপন্ন কৰাত সহায় কৰে। এই নাইট্ৰিক অক্সাইডে পুৰুষাংগৰ পেশীবোৰ শিথিল কৰি তোলে। ইয়াৰ ফলত তেজৰ চলাচল বৃদ্ধি পায় আৰু উত্থানত সহায় কৰে।
ৰঙালাউৰ গুটিত প্ৰচুৰ পৰিমাণে জিংক থাকে। এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ফলিক এচিড আৰু জিংক ছাপ্লিমেণ্ট খালে বীৰ্য গাঢ় হয়। সেয়ে প্ৰজনন অক্ষমতাত ভোগা লোকে ৰঙালাউৰ গুটি খালে উপকাৰ পায়।
যিসকল পুৰুষে আদা নিয়মীয়াকৈ খায়, তেওঁলোকৰ অণ্ডকোষৰ ওজন বৃদ্ধি পায়। আনহাতে গৱেষকসকলে মন্তব্য কৰিছে যে আদা খালে টেষ্টোষ্টেৰণৰ পৰিমাণ বৃদ্ধি পায়।
হিচাপ ৰাখি খালে ক্ৰীম শৰীৰৰ বাবে উপকাৰী। ক্ৰীমত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। ই পেশীৰ গঠনৰ লগতে উত্থানত সহায় কৰে। ক্ৰীমৰ প্ৰচুৰ পৰিমাণে Arginine থাকে।
এস্পাৰাগাচ নামৰ সেউজীয়া পাচলিবিধত প্ৰচুৰ পৰিমাণে কেলচিয়াম আৰু পটাছিয়াম থাকে। এইবিলাকে হৰমোন উৎপাদনত সহায় কৰে আৰু শক্তি বৃদ্ধি কৰে। এইবিধ শাকত ‘ই’ ভিটামিন প্ৰচুৰ পৰিমাণে থাকে।
নহৰু অতি কাৰ্যকৰী Aphrodisiac । নহৰুত এলিচিন নামৰ এবিধ উপাদান থাকে। এই উপাদানবিধে তেজৰ চলাচল বৃদ্ধি কৰে। ফলত যৌনশক্তি শক্তিশালী হয়।
বিলাহীত প্ৰচুৰ পৰিমাণে বিটাকেৰোটিন থাকে। দেহটোৱে এইবোৰে ‘এ’- ভিটামিনলৈ ৰূপান্তৰ কৰি লয়। ই যৌন শক্তি বৃদ্ধি পোৱাত সহায় কৰে। ‘এ’ ভিটামিন টেষ্টোষ্টেৰণৰ উৎপাদন বৃদ্ধি কৰে।
মিছামাছত প্ৰচুৰ পৰিমাণে জিংক থাকে। জিংকে বীৰ্যৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ লগতে মিছামাছত থকা কেলচিয়াম আৰু মেগনেছিয়ামে পেশীৰ গঠনত সহায় কৰে। ছেলেনিয়াম নামৰ এণ্টিঅক্সিডেণ্টবিধে নিয়মীয়াকৈ যৌন মিলনৰ শক্তি যোগায়, বীৰ্য গাঢ় কৰে। ইয়াৰ উপৰি মিছামাছত Phenylalamine নামৰ এবিধ এমিনো এচিড থাকে। এই এমিনো এচিডবিধে যৌন কামনা বঢ়াই তোলে।
গৱেষকসকলে প্ৰমাণ পাইছে যে তিয়ঁহত থকা এবিধ বিশেষধৰণৰ গোন্ধই যৌন আসক্তি বৃদ্ধি কৰে। তিয়ঁহ চকলিয়াই পদিনা পাত আৰু সৰ উঠোৱা দৈৰ সৈতে খাবলৈ বৰ সোৱাদ লগা হয়।
তিল অতি পুষ্টিগুণসম্পন্ন। পুৰণি কালত গ্ৰীচত নৱদম্পতীকক তিলৰ কেক উপহাৰ দিয়াৰ নিয়ম আছিল। তিলত জিংক, চেলেনিয়াম, কেলাচিয়াম, মেগনেছিয়াম, ভিটামিন ‘ই’ আৰু প্ৰয়োজনীয় চৰ্বি পোৱা যায়।
এইবিধ শাকত কো-এনজাইম Q-10 পোৱা যায়। গৱেষণাত প্ৰমাণ পোৱা গৈছে যে কো-এনজাই Q-10 এ বীৰ্যৰ চলনশক্তি বঢ়াই তোলে। ইয়াৰ উপৰি পালেং শাকত প্ৰচুৰ পৰিমাণে লৌহ দ্ৰব্য থাকে।
চীনা বাদামত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। ইয়ে ধমনী আবদ্ধ কৰিব পৰা কলেষ্টেৰলৰ পৰিমাণ কমাই আনে। ইয়াৰ ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কম হয়। চীনা বাদামত মেগনেছিয়াম, ফলিক এচিড আৰু জিংক পোৱা যায়।
ট্ৰাফলত পোৱা Alpha androstetenol নামৰ উপাদানৰ গোন্ধ Pheromones ৰ লেখিয়া। এই হৰমোনবিধে শাৰীৰিক আকৰ্ষণ দুগুণ বঢ়াই তোলে।
দ্য ইন্টাৰনেচনেল জাৰ্ণেল অৱ ইম্পোটেন্স ৰিচাৰ্ছৰ এক গৱেষণাত কোৱা হৈছে যে ডালিমৰ ৰস খালে উত্থানৰ সমস্যা আঁতৰ হয়। ইয়াত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট থকা বাবে ফ্ৰী ৰেডিকেলছবোৰক বাধা দিয়ে।
টুনা মাছত ভিটামিন ‘বি-৩’ প্ৰচুৰ পৰিমাণে থাকে। এই ভিটামিনবিধে তেজ চলাচল বৃদ্ধি পোৱাত সহায় কৰে। ইয়াৰ ফলত যৌন শক্তি বৃদ্ধি পায়।
এইবিধ শাকত প্ৰচুৰ পৰিমাণে Pheromones, Androstenone আৰু Androstenol থাকে। এইবোৰে যৌন আসক্তি বঢ়াই তোলে। ইয়াৰ লগতে এইবিধ শাকে দাঁতো উজ্জ্বল কৰি ৰখাত সহায় কৰে।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন(ডাঃ প্ৰদীপ ৰঞ্জন বৰগোহাঁই)