অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খুতৰা শাক :

খুতৰা শাক :

শৰৎ কাল অহাৰ লগে লগে অসমৰ বাৰীবোৰত কিছুমান শাক আপোনা-আপুনি গজিব ধৰে। তাৰে এবিধ হৈছে থুতৰা। খুতৰা বোলোতে অৱশ্য ইয়াৰ কেইবাটাও প্ৰজাতি আমাৰ ৰাজ্যত হোৱা দেখা যায়। তাৰেই সৰ্বাধিক উপলব্ধ প্ৰজাতিটো হৈছে সাধাৰণ খুতৰা বা খুতুৰা। ইয়াক Green Calalu/Slender Gmaranth আৰু বৈজ্ঞানিকভাৱে Amaranthus Verdi নামেৰে জনা যায়।

ইয়াৰ গছ একবৰ্ষী। গা-গছ কোমল, মিহি আৰু শাখাযুক্ত। দৈৰ্ঘপ্ৰায় ৩০-৬০ ছেন্টিমিটাৰৰ হয়। অলপ ওখ হোৱাৰ পিছত ই হালি মাটিত পৰি শাখা ধৰি আনুভূতিকভাৱে কিছু আগুৱাই যায়। বালিচহীয়া কোমল মাটি ইয়াৰ বিস্তাৰৰ বাবে অতি উপযোগী।

পচন সাৰ থকা মাটিত ইয়াৰ উৎপাদন যথেষ্ট হয়। পাত একান্তৰ আৰু সেউজীয়া বৰণৰ। কিন্তু গা-গছৰ ৰং কিছু ৰঙা।

খুতৰা অতীতৰপৰাই খাই অহা হ’লেও ইয়াৰ খেতি কৰাৰ সলনি উপৰোৱাভাৱে পোৱাৰ বাবেহে ব্যৱস্থা কৰি অহা দেখা যায়। হয়তো ইয়াৰ খেতি অৰ্থনৈতিক দিশত লাভজনক নোহোৱাৰ বাবেই তেনে কৰা হয়। খেতি নকৰাকৈ ইয়াক বাৰীত প্ৰাকৃতিকভাৱেই পোৱা সম্ভৱ, সেয়ে ইয়াৰ খেতিৰ খেতিৰ প্ৰয়োজনেইবা ক’ত? খাদ্য হিচাপে ব্যৱহাৰৰ সময়ত ইয়াৰ প্ৰস্তুতি অতি সহজ। পুষ্টিৰ ক্ষেত্ৰতো খুতৰা যথেষ্ট চহকী।

উপলব্ধ তথ্য মতে ইয়াৰ এশ গ্ৰামত পোৱা পুষ্টি উপাদানবোৰ এনে-

কাৰ্বোহাইড্ৰেট

৪.০২ গ্ৰাম

প্ৰ’টিন

২.৪৬ গ্ৰাম

চৰ্বি

০.৩৩ গ্ৰাম

ফাইবাৰ

২.২ গ্ৰাম

ছ’ডিয়াম

২০ মিঃ গ্ৰাম

পটাছিয়াম

৬১১ মিঃ গ্ৰাম

কেলছিয়াম

২১৫ মিঃ গ্ৰাম

মেগনেছিয়াম

৫৫ মিঃ গ্ৰাম

মেংগানিজ

০.৮৮৫ মিঃ গ্ৰাম

ফছফৰাছ

৫০ মিঃ গ্ৰাম

জিংক

০.৯০ মিঃ গ্ৰাম

কোবাল্ট

০.১৬ মিঃ গ্ৰাম

ভিটামিন-এ

২৯৭১ আই ইউ

বি১

০.০২৭ মিঃ গ্ৰাম

বি২

০.১৫৮ মিঃ গ্ৰাম

বি৫

০.০৬৫ মিঃ গ্ৰাম

ফলিক এচিড

৮৫ মাইক্ৰ’গ্ৰাম

চি

৪৩.৩ মিঃ গ্ৰাম

কে

১১.৪০ মাইক্ৰ’গ্ৰাম।

 

তেনেকৈ ইয়াত পোৱা শক্তি হৈছে ২৩ কেলৰি/১০০ গ্ৰাম। এই তথ্যই দেখুৱায় যে খুতৰা এবিধ গুৰুত্বপূৰ্ণ শাক।

মন কৰিবলগা যে খুতৰা কিছু ঔষধি গুণৰো অধিকাৰী। ই এবিধ এন্টি অক্সিডেন্ট সমৃদ্ধ শাক হোৱাৰ লগতে বিশেষকৈ ভিটামিন কেৰ উপস্থিতিয়ে কটা-চিঙাৰ পিছত তেজ বন্ধ কৰাত ইতিবাচক প্ৰভাৱ পেলাব পাৰে।

  • ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি,
  • ৰক্তত হিম’গ্ল’বিনৰ পৰিমাণ বৃদ্ধি,
  • দৃষ্টিশক্তি বৃদ্ধি ঘটাব পৰাৰ ক্ষমতাও খুতৰাত থাকে বুলি তথ্য আছে।

পিত্ত আৰু কক্ষ নাশকৰ ভূমিকা গ্ৰহণ কৰিব পৰা ক্ষমতাও খুতৰাৰ ভালেখিনি আছে। তদুপৰি-

  • কেলছিয়াম,
  • মেগনেছিয়াম আৰু
  • ফছফৰাছৰ উপস্থিতিয়ে দাঁত, হাড় আৰু নখক মজবুত কৰাতো ইয়াৰ উল্লেখনীয় ভূমিকা থকাকে বুজায়।

সৰ্বোপৰি, খুতৰাই খাদ্যৰ ৰুচিবৰ্দ্ধনৰ লগতে হজমকাৰী ক্ষমতা থকাত অসুখ-বিখুসৰ সময়ত খাদ্যৰ ৰুচি হেৰুওৱা লোকে খুতৰা খালে আশানুৰূপ সফল লাভ কৰাটো সম্ভৱ। গতিকে, খুতৰা যে এবিধ অতি গুৰুত্বপূৰ্ণ শাক সেই কথা দোহৰাৰ প্ৰয়োজন নাই। সেয়ে বাৰী বা বজাৰত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা সময়তে কীটনাশকৰ প্ৰভাৱমুক্ত এই উপকাৰী শাকবিধ আমি খোৱা উচিত।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 4/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate