অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেজুৰ :

খেজুৰ :

 

খেজুৰ এবিধ মুগা বা কমলা ৰঙৰ সৰু ফল। ই সুস্বাদু, পুষ্টিকৰ আৰু শৰীৰৰ বাবে এবিধ উপকাৰী ফল। ইংৰাজীত ইয়াক(date) নামেৰে জনা যায়। Date শব্দটো গ্ৰীক Dactylus শব্দটোৰ পৰা আহিছে বুলি বহুতে ক’ব খোজে। ইয়াৰ অৰ্থ হ’ল ‘bear’। ভাৰতৰ বেছিভাগ ৰাজ্যতেই ই খেজুৰ নামে জনা যায়। খেজুৰ গছক Date palm নামেৰে জনা যায়। ভাৰতৰ প্ৰসিদ্ধ মন্দিৰ খাজুৰাহো নামটো খেজুৰ গছৰ পৰাই আহিছে বুলি কোৱা হয়।

আৰৱ দেশসমূহত সহজে পোৱা ফলবিধেই হ’ল খেজুৰ। সেইবাবে ই আৰৱ দেশসমূহৰ মানুহৰ বাবে সহজলভ্য আৰু প্ৰিয় ফল। অকল আৰৱ দেশতেই নহয়, পৃথিৱীৰ বেছিভাগ গৰম দেশতে খেজুৰ গছ পোৱা যায়। মিছৰবাসীসকলে খেজুৰক উৰ্বৰা শক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। ভাৰতৰ গৰম ৰাজ্যসমূহতো খেজুৰ গছৰ খেতি কৰা হয়। অৱশ্যে শতকৰা ৬০ ভাগ খেজুৰ আৰৱ দেশসমূহতে উৎপন্ন হয় আৰু পৃথিৱীৰ ভিন ভিন দেশলৈ ৰপ্তানি কৰা হয়। এই খেজুৰবোৰ পেকেট কৰি পঠিওৱা হয়।

খেজুৰ ফল নানাধৰণৰ আছে। ইয়াৰ ভিতৰত মেডজুল, হানী আৰু গ’লডেন প্ৰিন্সেছ হ’ল আটাইতকৈ উৎকৃষ্ট ফল। মেডজুলকক খেজুৰৰ ৰজা বুলি কোৱা হয়।

খেজুৰ এবিধ পুষ্টিকৰ ফল। কাৰণ খেজুৰ ফলত আমাৰ শৰীৰৰ প্ৰয়োজনীয় কেইবাবিধো পুষ্টিকৰ উপাদান আছে। খেজুৰত হজমশক্তি বঢ়াব পৰা পদাৰ্থ থাকে। তদুপৰি ইয়াত প্ৰ’টিন, শ্বেতসাৰ আদি পদাৰ্থও থাকে। মেগনেচিয়াম, পটাছিয়াম, ছালফাৰ, তাম আৰু লৌহ পদাৰ্থ খেজুৰ ফলত যথেষ্ট থাকে। ভিটামিনৰ ভিতৰত প্ৰধানকৈ থাইমিন বায়’টিক, ফলিক এচিড আৰু এছকৰবিক এচিড থাকে। ভিটামিন ‘চি’ আৰু ভিটামিন ‘ডি’ থকাৰ বাবে খেজুৰ শৰীৰৰ বাবে দৰকাৰী ফল। এই ফলে ছালৰো উপকাৰ সাধন কৰিব পাৰে। খেজুৰে স্নায়ুতন্ত্ৰ ভালে ৰখাৰ উপৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰে। খেজুৰ ফল আঁহযুক্ত হোৱা বাবে কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে। তদুপৰি লৌহ পদাৰ্থ থকাৰ বাবে এনিমিয়া ৰোগ নিৰাময় কৰাত সহায়ক হয়। ইয়াৰ উপৰি খেজুৰৰ আন কিছুমান ঔষধি গুণো আছে। সেইবাবে আয়ুৰ্বেদিক ঔষধ প্ৰস্তুত কৰোতে কিছু পৰিমাণে খেজুৰ ফল ব্যৱহাৰ কৰা দেখা যায়।

শেষত ইয়াকে ক’ব পাৰি যে খেজুৰ Good things come in small packet.

লেখক: ডঃ প্ৰদীপ কুমাৰ দাস(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate