অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেজুৰ আৰু কিছু উপকাৰী গুণ

খেজুৰ আৰু কিছু উপকাৰী গুণ

খেজুৰ অতি উপকাৰী এক খাদ্য। প্ৰতিদিনে তিনিটাকৈ খেজুৰ খালে শৰীৰৰ কেনে উপকাৰ হয়, সেই সন্দৰ্ভত খাদ্য বিশেষজ্ঞসকলৰ কিছু কথা তলত আগবঢ়োৱা হ’ল-

  • খেজুৰ প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। দিনে তিনিটাকৈ খেজুৰ খালে শৰীৰৰ ভিটামিনৰ চাহিদা পূৰণ হয়। খেজুৰত থাকে কপাৰ, পটাছিয়াম, ফাইবাৰ, মেংগানিজ, ভিটামিন বি-৬ আৰু মেগনেচিয়াম, যিয়ে শৰীৰৰ পুষ্টিৰ চাহিদাও পূর্ণ কৰে।
  • খেজুৰে খাদ্য হজম কৰাত সহায় কৰে। কোষ্ঠ-কাঠিন্য, গেষ্টিক আদি সমস্যাত খেজুৰে উত্তম পথ্যৰ কাম কৰে। তদুপৰি খেজুৰত থকা ফাইবাৰে ‘কল’ন কেন্সাৰৰ সম্ভাৱনীয়তা ৰোধ কৰিব পাৰে।
  • খেজুৰত থকা মেগনেছিয়ামে শৰীৰৰ বিষ আৰু ফুলা (উখহি যোৱা) কমাত সহায় কৰে।

ফিলিপাইনৰ ইউনিভাৰ্ছিটি অব্ ছেণ্ট থমাছৰ এক গৱেষণা অনুসৰি খেজুৰে প্ৰসৱক সহজ কৰি তোলে। গৱেষকসকলে মুঠ ৬৯ গৰাকী গৰ্ভৱতী নাৰীৰ ওপৰত গৱেষণা কৰি দেখে যে, গৰ্ভাৱস্থাৰ শেষৰ ৪ সপ্তাহত খেজুৰ নিয়মিতভাৱে খালে প্রসৱ সহজ হয়। তদুপৰি খেজুৰে প্ৰসৱ পৰৱৰ্তী ওজন কমোৱাত সহায় কৰে। • খেজুৰে উচ্চ ৰক্তচাপ কমোৱাতো সহায় কৰে। খেজুৰত থকা পটাছিয়ামে হৃদপিণ্ডৰ কাম স্বাভাৱিক হোৱাত সহায় কৰে। তদুপৰি ই ষ্ট্রোকৰ সম্ভাৱনীয়তাকো ১০% হ্রাস কৰে।

উৎস: সাদিন ফিচাৰ্ছ।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate