অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাঁঠিৰ বিষ আৰু বৃক্ক ৰোগত গাজৰৰ উপকাৰিতাঃ

গাঁঠিৰ বিষ আৰু বৃক্ক ৰোগত গাজৰৰ উপকাৰিতা কি

 

গাজৰ কেৱল এবিধ পাচলিয়েই নহয়, ই নানা ঔষধি গুণৰো ভঁৰাল। গাজৰক ইংৰাজীত কেৰট, মাৰাঠীত গাজৰ, তামিলত গাজ্জাৰক্কিলাংগু, সংস্কৃতত গাভটাৰাহ, মালায়ালমত কাৰাট্ট আৰু হিন্দীত গাজৰ বোলে।

ঔষধত গাজৰৰ গুটি, পাত আৰু তলৰ কাণ্ড ব্যৱহাৰ হয়।

গাজৰৰ ঔষধি গুণবোৰঃ

 

  • গাজৰত যথেষ্ট পৰিমাণে কেৰ’টিন পোৱা যায়। গাঁঠিৰ বিষত গাজৰৰ ব্যৱহাৰ- গাজৰৰ ৰস নিতৌ এবাৰকৈ আহাৰৰ লগত খাব লাগে। ২০ চামুচ পৰিমাণৰ ৰস ভাতৰ লগত মিহলাই বা ৰস চৰবত হিচাপে খালে গাঁঠিৰ বিষ ভাল হয়। গাজৰৰ চালাদ কৰি খালেও উপকাৰত আহে। গাজৰ উৎপন্ন হোৱা বতৰত প্ৰতিদিনে ১ মাহ পৰ্যন্ত খাব লাগে।
  • এপেণ্ডিছাইটিছঃ এপেণ্ডিছাইটিছ অসুখত ভোগা ৰোগীয়ে আধাকাপ গাজৰৰ ৰস, ১০ চামুচ বিটৰ ৰস আৰু ৫০ মিলিগ্ৰাম পূৰঠ কোমোৰাৰ ৰস মিশ্ৰণ কৰি দিনে দুবাৰকৈ এসপ্তাহ খালে এপেণ্ডিছাইটিছৰ বাবে হোৱা বিষ ভাল হয়। ১৫-২০ দিন খালে এই অসুখ সম্পূৰ্ণ ভাল হয়।
  • চকুত জালপৰাঃ প্ৰতিদিনে অন্ততঃ এবাৰকৈ ১০-১২ দিন ১ কাপ পৰিমাণে গাজৰৰ ৰস খালে চকুত ছানি পৰা কেটেৰেক্ট ৰোগ ভাল হয়। চকুত জালপৰা নাইকিয়া হয়। নেফ্ৰাইটিছ ৰোগত গাজৰৰ ৰস ২৫০ মিঃলিঃ অৰ্থাৎ ১ গিলাচ, ২ চামুচ মৌজোল, ১ চামুচ গোলনেমুৰ ৰস মিশ্ৰণ কৰি দিনে দুবাৰকৈ ১০-১৫ দিন খালে প্ৰস্ৰাৱ ভাল হয় আৰু অসুখ কমি যাব।
  • পিত্ত ৰোগত ভোগা মানুহৰ বাবে গাজৰৰ ৰস বৰ উপকাৰী। গাজৰৰ ৰস ২০০ মিঃলিঃ, পালেং শাকৰ ৰস ২ চামুচ মিহলাই ৰাতিপুৱা আৰু আবেলি দুবাৰকৈ ২০-২৫ দিন খালে এই ৰোগ উপশম হয়।
  • যকৃতত ঘাঁ হ’লে দিনে এবাৰকৈ ৩-৪টা গাজৰ চালাড কৰি তাত ১ চামুচ নেমুৰ ৰস মিহলাই অলপ ক’লা নিমখ দি ১০-১৫ দিন খালে ঘাঁ শুকাই যায় আৰু ভোক বাঢ়ে।
  • যৌন দুৰ্বলতা হ’লে কিছুদিন গাজৰৰ হালোৱা কৰি খাব লাগে। যৌন শক্তি বাঢ়িব। সৰু সৰু ল’ৰা-ছোৱালীৰ ক্ৰিমি নাশ কৰিবলৈ আধাকাপ গাজৰৰ ৰস ৰাতিপুৱা খালী পেটত দিনে ১ বাৰকৈ ১ সপ্তাহ খাবলৈ দিব। শৌচ কঠিন বা কোষ্ঠকাঠিন্য হ’লে গাজৰৰ চালাড কৰি কিছুদিন খুৱালে ভাল হয়।
  • জ্বৰ হ’লে পাঁচ চামুচ গাজৰৰ ৰসত ১ চামুচ মৌজোল মিহলাই দিনে দুবাৰকৈ ১-২ দিন খুৱালে জ্বৰ কমে।
  • বৃক্কৰোগত ১০০ গ্ৰাম গাজৰৰ গুটি ২৫০ গ্ৰাম পানীত উতলাই ৫০ গ্ৰামত ৰাখি চেকি ঠাণ্ডা কৰি দিনে এবাৰকৈ ১৫-২০ দিন পৰ্যন্ত খাব লাগে। অসুখটো উপশম হ’ব।
  • জুয়ে পুৰিলে গাজৰ এটা পিহি মলমৰ দৰে কৰি জুয়ে পোৰা ঠাইত সানিলে ভকভকনি কমি যায়।
  • ডিচেণ্ট্ৰী হ’লে এটা গাজৰ এগিলাচ পানীত উতলাই খালে এই বেমাৰ ভাল হয়।
  • মূৰৰ বিষ হ’লে দুটা গাজৰ সৰু সৰুকৈ কাটি দুইকাপ পানীত সিজাই আধা কৰি তাত সমান পৰিমাণৰ মৌজোল মিহলাই এচামুচ দিনে ২ বাৰকৈ ১-২ দিন খালে মূৰৰ বিষ ভাল হয়।

১০০ গ্ৰাম গাজৰত পোৱা খাদ্য উপাদানঃ

 

কেৰ’টিন

১৮৯০ মিলিগ্ৰাম

প্ৰ’টিন

৯ মিলিগ্ৰাম

চৰ্বি

২ মিলিগ্ৰাম

মেগনেছিয়াম

১৭ মিলিগ্ৰাম

ফছফৰাছ

১০৮ মিলিগ্ৰাম

ছ’ডিয়াম

৩৫.৬ মিলিগ্ৰাম

পটাছিয়াম

১০৮ মিলিগ্ৰাম

জিংক

৩৬ মিলিগ্ৰাম

আইৰন

১.০৩ মিলিগ্ৰাম

খাদ্যপ্ৰাণ

৩ মিলিগ্ৰাম

(উৎসঃ নিয়মীয়া বাৰ্তা, উপেন দত্ত)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate