অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীন টিৰ উপকাৰিতা

গ্ৰীন টিৰ উপকাৰিতা

‘গ্ৰীন টি’ বা সেউজীয়া চাহৰ জনপ্ৰিয়তা দিনে দিনে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণটো হৈছে ইয়াৰ ঔষধি গুণ। চাহপাতত এনে কিছুমান উপাদান থাকে যি এই পানীয়বিধৰ অধিক শক্তিশালী কৰি তোলে। চাহপাতত থকা এনে উপাদানসমূহক ‘পলিফেনেলছ’ বুলি কোৱা হয়, যাৰ কিছুমান শক্তিশালী ‘এন্টি অক্সিডেন্ট’ উপাদান থাকে। ই আমাৰ শৰীৰটোৰ লগতে মাংসপেশীক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। ‘গ্ৰীন টি’ ত থকা বিভিন্ন উপাদানসমূহৰ ভিতৰত এটা শক্তিশালী উপাদান হৈছে জাৰণ প্ৰতিৰোধী। এই উপাদানবিধৰ বাবে ‘গ্ৰীন টি’ৰ ঔষধি গুণ যথেষ্ট বৃদ্ধি পাইছে। ‘গ্ৰীন টি’ কিছু পৰিমাণে অজৈৱ ৰাসায়নিক পদাৰ্থও পোৱা যায়, যি এই পানীয়বিধক অধিক পুষ্টিকাৰক কৰি তোলে।


‘গ্ৰীন টি’ আমাৰ স্বাস্থ্যৰ কাৰণে কিয় উপযোগী জানো আহক-

  • বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ভয়ংকৰ বেমাৰসমূহৰ ভিতৰত কেন্সাৰ অন্যতম। জাৰণ পদাৰ্থৰ পৰা হোৱা স্বাস্থ্যৰ অৱনতি, যেনে-বিভিন্ন প্ৰদূষণ, ড্ৰাগছ আদি সেৱন কৰাৰ ফলত কেন্সাৰৰ দৰে বেমাৰ দিনে দিনে বৃদ্ধি পাইছে। কিন্তু তেনে অৱস্থাত ‘গ্ৰীন টি’ ৰ জাৰণ প্ৰতিৰোধী ক্ষমতাই আমাক সুৰক্ষা প্ৰদান কৰিব পাৰে। ‘গ্ৰীন টি’ ৰ সেৱনে আমাৰ শৰীৰটো জাৰণ প্ৰতিৰোধী কৰি তোলে, যি ভিটামিন চি ৰ তুলনাত ১০০ গুণ আৰু ভিটামিন ই ৰ তুলনাত ২৪ গুণ বেছি প্ৰভাৱী। বিভিন্ন গৱেষণাৰ পৰা এই তথ্য জানিব পৰা গৈছে যে গ্ৰীন টি সেৱনকাৰীসকল বিভিন্ন কৰ্কট ৰোগত কম পৰিমাণে আক্ৰান্ত হোৱা দেখা যায়। উদাহৰণস্বৰূপে, মহিলাসকলৰ মাজত বেছিকৈ হোৱা হৃদযন্ত্ৰৰ কৰ্কট ৰোগ, কন্ঠত হোৱা কৰ্কট ৰোগ আদি।
  • হৃৎপিণ্ড আৰু ৰক্তবাহী সিৰাৰ ৰোগসমূহে বৰ্তমান সকলোতে মৃত্যুদূতৰূপে দেখা দিছে। হৃদৰোগ বা হৃদস্পন্দনৰ ৰোগ আদিও ইয়াৰ অন্তৰ্ভূক্ত। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পৰা জনা গৈছে যে ‘গ্ৰীন টি’ ত থকা কম পৰিমাণ কলেষ্টেৰল আৰু এল ডি এল লেভেন্সৰ ফলত এনেধৰণৰ বেমাৰৰ পৰা হাত সাৰিব পৰা যায়। ইয়াৰ জাৰণ প্ৰতিৰোধী ক্ষমতাই ৰক্তসিৰাবোৰ অধিক সক্ৰিয় কৰি তোলে।
  • ‘গ্ৰীন টি’ৰ আন এক উপকাৰিতা হৈছে- ই ওজন কমোৱাৰ লগতে শকত হোৱাৰ প্ৰৱণতা নাইকিয়া কৰিব পাৰে। ই এজন ব্যক্তিক এদিনত ৭০ কেলৰি পৰ্য্যন্ত কমোৱাত সহায় কৰিব পাৰে। বিভিন্ন পৰীক্ষা-নিৰীক্ষাই এই কথা প্ৰমাণ কৰিছে যে ‘গ্ৰীন টি’ য়ে পেট বা উৰু অংশৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে। ই ৰক্ত চৰ্বি, কলেষ্টেৰল, শৰীৰৰ বিষ হৰণ কৰাত সহায় কৰাৰ লগতে শৰীৰত থকা অতিৰিক্ত পানী নি:সৰণ কৰে

লেখিকা: জাহ্নৱী বি চৌধুৰী, ডায়েটিচিয়ান, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate