অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমৰ দিনবোৰত শৰীৰ সুস্থ কৰি ৰাখকঃ

গৰমৰ দিনবোৰত শৰীৰ সুস্থ কৰি ৰাখকঃ

 

গৰমৰ দিনত শৰীৰৰ তাপ নিয়ন্ত্ৰণ ব্যৱস্থাই ঠিকমতে কাম নকৰাৰ ফলত শৰীৰৰ পৰা ঘাম ভালদৰে ওলাই নাযায়, যাৰবাবে তাপমাত্ৰা ক্ৰমশঃ বৃদ্ধি পায়। ইয়াকে চিকিৎসা বিজ্ঞানৰ ভাষাত হিটষ্ট্ৰোক বুলি কোৱা হয়। এনে ৰোগীক ঠাণ্ডা পানীৰে অথবা বৰফেৰে দেহ মচি দি থাকিব লাগে। বহু সময়ত আকৌ দেহৰ পৰা ওলোৱা অত্যধিক ঘামৰ লগত দেহৰ পানীভাগ আৰু ছ’ডিয়াম (নিমখ) ওলাই যায়। ইয়াৰ ফলত মাংসপেশীৰ সংকোচন হয় আৰু ৰক্তচাপো কমি যায়। ইয়াক হিট ক্ৰাম্প বুলি কোৱা হয়। এই সময়ত নিমখ-চেনি মিহলোৱা পানী, অ’ আৰ এছ, ডাবৰ পানী, চৰবত অথবা বাৰ্লিৰ পানী, দৈৰ ঘোল আদি খুওৱালে ভাল ফল পোৱা যায়। শৰীৰ সুস্থ ৰাখিবলৈ বিভিন্ন ধৰণৰ ৰসাল, ফলমূল খোৱা ভাল। নেমু, কমলা, মৌচম্বী, কুঁহিয়াৰ আদিৰ ৰস আদি উত্তম জুলীয়া পানীয়। আম, জাম, বেল, কঁঠাল, তৰমুজ, আঙুৰ, আম, লিচু আদি বতৰৰ ফলবোৰ খালে শৰীৰক লাগতিয়াল উপাদানবোৰ লগতে পুষ্টিও যোগায়। ফলৰ মাজত জলীয় অংশ যাৰ বেছি থাকে তেনে ফলে দেহৰ পানীভাগে সাম্য বজাই ৰখাত সাহায্য কৰে। নেমুৰ ৰসে ভোক বঢ়ায়। গ্ৰীষ্মকালত তৃষ্ণা নিবাৰণৰ বাবে নেমু পানীৰ সমান আন পানীয় আৰু নাই।

সাধাৰণতে গৰমৰ দিনবোৰত হজম শক্তি কম হোৱাৰ বাবে বদহজম হয়। হাইপাৰ এচিডিটি আৰু খাদ্য গ্ৰহণত অনীহাও দেখা যায়। এইবোৰ ৰোগ উপসৰ্গ আৰু অস্বস্তি এৰাই চলাৰ বাবে কিছু খাদ্যবস্তু আৰু পানীয় নিৰ্বাচন বা বৰ্জন কৰা দৰকাৰ। বৰ্জনীয় খাদ্য আৰু পানীয়- তেল, জ্বলা-মছলা সমৃদ্ধ খাদ্যসম্ভাৰ, অধিক ৰেড মীট বা প্ৰটিন সমৃদ্ধ খাদ্য, ফ্ৰিজৰ ঠাণ্ডা পানী, অত্যধিক চাহ-কফি, কটা ফল, ৰঙীন পানীয়, ৰাস্তাৰ বৰফ মিশ্ৰিত পানীয়। ৰদৰ পৰা আহিয়েই পানী খোৱা উচিত নহয়।

সুস্বাস্থ্য গঠনত বয়সৰ লগে লগে বিভিন্ন খাদ্য-উপাদানৰ প্ৰয়োজন হয়। প্ৰাপ্ত বয়সত যেতিয়া দৈহিক বৃদ্ধি কমি যায় তেতিয়া বিভিন্ন প্ৰকাৰৰ কাম-কাজ কৰাৰ বাবে শক্তিৰ প্ৰয়োজন হৈ পৰে। ইয়াৰ উপৰি ক্ষতিগ্ৰস্ত কোষ বা কলা পুনৰ গঠনৰ বাবে আৰু বিভিন্ন শৰীৰ বৃত্তীয় কাৰ্যকলাপ ঠিকমতে চলাই ৰাখিবলৈ আৰু অভাৱজনিত ৰোগৰ পৰা দেহক ৰক্ষা কৰাৰ বাবে বিভিন্ন উপাদান সঠিক বণ্টনৰ দৰকাৰ হৈ পৰে। একে বয়সৰ হ’লেও যিকোনো দুজন প্ৰাপ্তবয়স্ক লোকৰ শক্তিৰ চাহিদা একে ধৰণৰ কেতিয়াও নহয়। কাৰণ তেওঁলোকৰ শাৰীৰিক উচ্চতা, ওজন, কাম-কাজৰ প্ৰকৃতি আৰু শৰীৰ বৃত্তীয় অৱস্থা আৰু পৰিৱেশৰ ওপৰত কেলৰিৰ চাহিদা বহুখিনি নিৰ্ভৰ কৰে। কিন্তু এজন লোকৰ খাদ্য তালিকা এখন প্ৰস্তুত কৰিবলৈ গ’লে সকলো ঋতুতে একেই থাকে। মাথোঁ ঋতুভেদে যিবোৰ খাদ্যদ্ৰব্য স্থানীয়ভাৱে সহজে উপলব্ধ, দাম কম, সতেজ আৰু বতৰৰ ফলমূল অন্তৰ্ভুক্ত কৰা উচিত।

 

(উৎসঃ অসমীয়া খবৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate