অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰে ঘৰে খাবলৈ সততে ব্যৱহাৰ হোৱা আচাৰৰ বিষয়ে কিছু কথা

ঘৰে ঘৰে খাবলৈ সততে ব্যৱহাৰ হোৱা আচাৰৰ বিষয়ে কিছু কথা

 

সাধাৰণতে আম, কঠাল, বগৰী, আমলখি আদি ফল-মূলকে ধৰি বিভিন্ন সেউজ উপকৰণেৰে তৈয়াৰ কৰা আচাৰ খাই কম-বেছি পৰিমাণে সকলোৱে ভাল পায় । আচাৰ প্ৰস্তুতিকৰণ প্ৰক্ৰিয়া খাদ্য পদাৰ্থ সুৰক্ষিত কৰি ৰখাৰ এক সুন্দৰ উপায় হিচাপে অতীজৰে পৰা ৰন্ধনশালসমূহত প্ৰয়োগ হৈ আহিছে । পুৰণিকালত গ্ৰীষ্মকালীন সময়ছোৱাত গৰম আৰু পানীৰ অভাবৰ বাবে খাদ্য পদাৰ্থৰ উৎপাদন কম হৈছিল । যাৰ ফলত শীতকালত উৎপাদিত খাদ্য পদাৰ্থ বেছিকৈ সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছিল । এই সমস্যা দূৰ কৰিবলৈ আচাৰ বনোৱাৰ প্ৰক্ৰিয়াৰ আৱিষ্কাৰ হৈছিল।

পৰম্পৰাগত শৈলীত দীঘলীয়া সময়লৈকে আচাৰৰ প্ৰয়োগ কৰিবলৈ বিভিন্ন মছলাৰ লগতে নিমখ, তেল, শুকান জলকীয়া গুড়ি আৰু ভিনেগাৰ জাতীয় উপকৰণৰ ব্যৱহাৰ কৰা হয় । কেচা ফল-মূল অথবা শাক-পাচলিৰ সৈতে এই সামগ্ৰীসমূহ নিৰ্ধাৰিত মাত্ৰা অনুসৰি মিহলাই আচাৰ প্ৰস্তুত কৰা হয় ।

দৈনন্দিন খাদ্যপ্ৰণালীত দেশে-বিদেশে বিশেষ সমাদৰ লাভ কৰা আচাৰৰ গুণাগুণসমূহ উল্লেখনীয় ।আচাৰ খালে শৰীৰৰ পাচন প্ৰক্ৰিয়া সুচাৰু ৰপত সম্পন্ন হয় । আচাৰ হল শৰীৰৰ বাবে প্ৰয়োজনীয় এণ্টি অক্সিডেণ্টৰ এটা ভাল উৎস, যি ৰোগ সৃষ্টিকাৰী ফ্ৰি ৰেডিকেল্চসমূহৰ সংক্ৰমণৰ পৰা আমাক ৰক্ষা কৰে ।

আচাৰ পেটৰ লগতে মগজুৰ বাবেও লাভজনক ।আচাৰত উপলব্ধ প্ৰবায়টিকছ বেক্টেৰিয়া মগজুৰ বাবে উপকাৰী । বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা প্ৰমাণ হৈছে যে কেন্দ্ৰিয় তন্ত্ৰিকা আৰু মগজুৰ মাজত এটা গভীৰ সম্পৰ্ক থাকে । পেট ভালে থাকিলে মগজুৱেও ভাল কাম কৰে । আচাৰ খোৱাৰ ক্ষেত্ৰত দুটামান মন কৰিবলগীয়া কথা আছে । আপোনালোকে যিয়েই আচাৰ নাখাৱক কিয় ঘৰত বনোৱা আচাৰ খোৱাটোহে লাভজনক বুলি কব পাৰি । কিয়নো আচাৰত নিমখৰ পৰিমাণ বেছি থাকে । যাৰ কাৰণে ই স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলায় । তদুপৰি আচাৰত তেলৰ মাত্ৰা অধিক হোৱাৰ বাবে ই শৰীৰত কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি কৰে । যাৰ বাবে ওজন বৃদ্ধি হয় তথা হৃদয়ৰোগ হোৱাৰ আশংকা থাকে । ঘৰত আচাৰ বনালে আপোনালোকে নিমখৰ লগতে মা-মছলা তথা জলকীয়াৰ পৰিমাণো প্ৰয়োজন মতেহে লব পাৰে, যিটো স্বাস্থ্যৰ ফালৰ পৰা সুবিধাজনক।

লেখক – ৰিদিপ ৰঞ্জন চেতিয়া

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate