অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ কি আৰু কিয়?

চাহ কি আৰু কিয়?

চাহ শব্দৰ অৰ্থনো কি আৰু ই ক’ৰপৰা আহিল এই সম্বন্ধে পণ্ডিতসকলে কয় যে – এই শব্দ (চা) চীন দেশৰপৰা আহিছে আৰু চীনৰ মানুহে গাঢ় সেউজীয়া ৰঙৰ তৃণ বা পত্ৰকে ‘চা’ বোলে(অসমত ইয়াক চাহ বা চাহপাত বোলে)। ফৰাচী ভাষাক ইয়াক ‘চায়’ বোলে। এই সেউজীয়া ৰঙক ভাৰতীয় ভাষাত শ্যাম – ঠিক সেউজীয়াও নহয় আৰু ক’লাও নহয়। সংস্কৃত ভাষাৰ অভিধানত শ্যাম শব্দৰ অৰ্থ উৰ্বজ্জল গৌৰ বৰ্ণ বুলি উল্লেখ পোৱা যায়। আয়ুৰ্বেদত শ্যাম শব্দটোৰ লগত প্ৰায় ৩০ প্ৰকাৰ উদ্ভিদৰ নাম জড়িত হৈ আছে, কিন্তু প্ৰতিবিধ উদ্ভিদৰ ৰস, গুণ, বীৰ্য আৰু বিপাক বেলেগ বেলেগ। এই চা নামৰ উদ্ভিদ বিধৰ লগতো শ্যাম শব্দ জড়িত। পৰৱৰ্তী কালত আয়ুৰ্বেদ অভিধানৰ কোনো কোনোত ‘চা’ অন্য নামৰ উদাহৰণ পোৱা যায়। তাৰ ভিতৰত কবিৰাজ শ্ৰী বিনোদলাল আৰু শ্ৰীআশুতোষ সেন কৰ্তৃক সংকলিত, সংশোধিত আৰু ১৯০৩ চনত প্ৰকাশিত ‘আয়ুৰ্বেদীয় দ্ৰব্য গুণাভিধান’ গ্ৰন্থত চাহক শ্যামপানী আৰু অতন্ত্ৰী বুলি উল্লেখ কৰিছে। বহুবৰ্ষায়ু এই বনৌষধি বিধ ভাৰতৰ পাৰ্বত্য অঞ্চলত অতি পৰিচিত। তেওঁলোকে ইয়াৰ ফাণ্ট(গৰম পানীত কোনো দ্ৰব্য ভিজাই ভালদৰে ঢাকোন দি কিছুসময় থকাৰ পিছত গৰম থকা অৱস্থাতে চেকি ল’লে এই পানীয় ভাগকে ফাণ্ট বোলে) বনাই খাইছিল আৰু আজিও খায়। সুপ্ৰাচীন কালতে চাহ বা শ্যামপানীৰ কথা এনেদৰে কৈছে –

শ্লেষ্মাৰি গিৰিভৎ শ্যামপৰ্ণ্যতন্ত্ৰীস্ত্ৰিয়ামুভ ।

শ্লেষ্মাৰিপত্ৰং কফহৃৎ স্বেদনং বলবৰ্ধনম্‌ ।।

প্ৰতিশ্যায় হৰং প্ৰোক্ত: দ্বৰঘ্ন কামদীপনম্‌ ।

কাসসংহৰণং বহ্নি-দীপনং জাড্যনাশনম্‌ ।।

ফাণ্টোইস্য সিতয়া যুক্ত: সেব্যো নৈৰুজ্যমিচ্ছতা ।

।। দ্ৰব্যগুণাভিধান ।।

অৰ্থাৎ শ্লেষ্মাৰি, গিৰিভৎ, শ্যামপৰ্ণী আৰু অতন্ত্ৰী এই চাৰিটা চাহৰ পৰ্য্যায় বাচক নাম। ইয়াৰ পাত কফ নাশক, ঘৰ্ম কাৰক, বলকাৰক, চৰ্দিনাশক, জ্বৰঘ্ন, কামোদ্দীপক, অগ্নিদ্দীপক, কাহ আৰু জড়তা নাশক। ইয়াৰ ফাণ্ট বনাই গাখীৰ আৰু চেনি মিহলি কৰি সেৱন কৰিব লাগে। তিব্বত, নেপাল, গাড়োৱাল, কাশ্মীৰ, দাৰ্জিলিং, অসম প্ৰভৃতি স্থানৰ আয়ুৰ্বেদীয় চিকিৎসক সকলে পৰম্পৰাগত ভাৱে এই চাহৰ দ্বাৰাই অনেক ৰোগৰ চিকিৎসা বিধান দি আহিছে। ইতিহাস অধ্যয়ন কৰিলে পোৱা যায় যে খুব সম্ভৱ চীনা দাৰ্শনিক কনফুসিয়াসৰ সময় অথবা খ্ৰীষ্টপূৰ্ব ৫০০ শতাব্দীত চীনৰ চাহৰ ব্যৱসায় আৰম্ভ হয়। ৭৯৩ খ্ৰীষ্টাব্দত চীনত চাহৰ ওপৰত কৰ আৰোপ কৰে। নৱম শতাব্দীত চীনৰ পৰা জাপানলৈ চাহপাত ৰপ্তানি আৰম্ভ হয়। ১২০৬ খ্ৰীষ্টাব্দত জাপানত ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰে। ১৬ শতাব্দীত ডাচ সকলৰ মাধ্যমেৰে ইয়াক ইউৰোপলৈ আৰু সপ্তদশ শতাব্দীত ইয়াক ইংলেণ্ডলৈ নিয়ে।১৬৫৯ খ্ৰীষ্টাব্দত সৰ্বপ্ৰথম লণ্ডনত চাহৰ ব্যৱসায় আৰম্ভ হয়। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬৭৭ খ্ৰীষ্টাব্দৰপৰা বাণিজ্যিক ভিত্তিত চাহ ৰপ্তানি কৰিবলৈ লয়। সেই সময়ত চাহৰ বাবে চীনৰ ওপৰতে নিৰ্ভৰ কৰিব লাগিছিল, পিছত ১৭৮০ চনত কিড চাহাবে নিজে শিৱপুৰত পৰীক্ষামূলক ভাৱে চাহৰ খেতি কৰে। বৰ্তমান তাতে শিৱপুৰ বোটানিকেল গাৰ্ডেন তৈয়াৰ কৰিছে। পিছত দেখিলে যে সেই ঠাই চাহ খেতিৰ বাবে উপযুক্ত নহয়। পিছত ১৮১৯-১৮২১ চনৰ ভিতৰত অসম আৰু মণিপুৰত চাহ গছৰ সন্ধান পায়। ১৮৩৫ চনত পৰীক্ষামূলক ভাৱে অসমত চাহৰ খেতি আৰম্ভ হয় আৰু ১৮৩৮ চনত তাৰ পৰা চাহপাত সংগ্ৰহ কৰি নমুনা হিচাপে ইংলেণ্ডলৈ পঠায়। ঊনবিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ভালদৰে চাহ খেতি আৰম্ভ কৰে আৰু দ্বিতীয়াৰ্দ্ধত ভাৰতবৰ্ষত বহুল ভাৱে চাহ খেতি আৰম্ভ কৰে। এই চাহ বাগান বোৰৰ অধিকাংশতে ব্ৰিটিছসকল মালিক হয়। ইয়াৰ বৈজ্ঞানিক নাম Camellia Sinensis (Lim) O.Kuntze (Syn. C. Thea Link., C.Theifera Griff.) আৰু ই Ternstroemiaceae Family ৰ অন্তৰ্গত। এই চাহ পৃথিৱীৰ ভিতৰত পোৱা ৪৫ বিধ চাহৰ ভিতৰত শ্ৰেষ্ঠ। চাহপাতৰ ৰাসায়নিক বিশ্লেষণ কৰিলে প্ৰধান ভাৱে Caffeine, Tannin(Polyphenols) আৰু Essential Oil পোৱা যায়। ভাল চাহত Caffeineৰ মাত্ৰা বেছি থাকে আৰু Tannin কম পৰিমাণে Caffeine থাকে। স্নায়ু মণ্ডলক সতেজ কৰি সফুৰ্তি আনে, বলকাৰক, অধিক মাত্ৰাত ক্ষতিকাৰক। Tannin অতি ক্ষতিকাৰক, ইয়ে ভোক কমায় আৰু হজম শক্তি নাশ কৰে। চাহপাত সংকোচক, উদ্দীপক, প্ৰস্ৰাৱ কাৰক, মৃদু উত্তেজক, গ্ৰাহী পেশীৰ শক্তিবৰ্ধক, অধিক পৰিমাণে চাহ খালে হজম শক্তি কমি যায়। ইয়ে তৃষ্ণা (অধিক পৰিমাণে পানীৰ পিয়াহ লগা), অৰ্দ্ধবিভেদক (মূৰৰ এফালে হোৱা বিষ), হৃৎশূল, নেত্ৰশূল, শোম তথা নিদ্ৰা নাশ কৰে। চাহপাত সংগ্ৰহ আৰু তাৰ পৰা বিভিন্ন প্ৰকাৰ চাহ তৈয়াৰ কৰাৰ বাবে বেলেগ বেলেগ প্ৰক্ৰিয়া আছে আৰু নানাবিধ গৱেষণাৰ মাধ্যমেৰে সেইবোৰক প্ৰতিনিয়ত আধুনিকীকৰণ কৰাৰ চেষ্টা চলি আছে। নানা প্ৰকাৰ পদ্ধতিৰে বেলেগ বেলেগ ঋতুত পাত সংগ্ৰহ কৰা হয়, তাৰ পৰা তৈয়াৰ হয় ৪/৫ প্ৰকাৰৰ চাহ, যেনে – ব্লেক টি, গ্ৰীন টি, ওলঙ টি, ব্ৰিক টি, লেটপেট টি ইত্যাদি। ভাৰতবৰ্ষত Black Tea অধিক পৰিমাণে উৎপন্ন হয়। সাধাৰণতে ৪ প্ৰকাৰ প্ৰক্ৰিয়াৰ মাজেৰে ব্লেক টি তৈয়াৰ কৰা হয়।

(১) ওডাৰিং,

(২) ৰোলিঙ,

(৩) ফাৰ্মেন্টিং আৰু

(৪) ড্ৰায়িং,

বৰ্তমানে এই প্ৰক্ৰিয়াৰ কিছু কিছু পৰিৱৰ্তন কৰিছে। কেঁচা পাতত Tannin যি পৰিমাণে থাকে এটা এটা প্ৰক্ৰিয়াৰ পিছত সি ক্ৰমশ: কম হৈ যায়। য’ত কেঁচা পাতত ২২% Tannin থাকে তাত তৈয়াৰ হোৱা চাহত ১২% Tannin থাকে। Black Tea ত যি পৰিমাণে Tannin থাকে তাতকৈ বেছি Tannin Green Tea ত থাকে। চাহ উতলা গৰম পানীত ৩-৫ মিনিট সময় ঢাকোন দি ভিজাই ৰাখি পিছত চেকি লৈ তাৰ লগত গাখীৰ আৰু চেনি মিলাই খাব লাগে। ইয়াৰ পৰা দেখা গৈছে যে এনেদৰে বনোৱা চাহত Tannin খুব পৰিমাণে থাকে, চাহত যিমান কম পৰিমাণে Tannin  থাকে সিমানে ভাল। সেয়ে চাহ বেছি সময় ৰাখি পিছত গৰম কৰি খাব নালাগে। বিভিন্ন ৰোগত কেনেদৰে চাহ সেৱন কৰিলে ৰোগ মুক্তি পাব পাৰি তাক তলত উল্লেখ কৰা হ’ল।

(১) সাধাৰণ কিবা কৰিলে অৱস অৱস ভাৱ আহে, অলপ কিবা কৰিলে আৰু কাম কৰিবলৈ ইচ্ছা নাযায়, কাম কৰিলে মূৰতো গধুৰ গধুৰ ভাৱ হয়, কেতিয়াবা কেতিয়াবা সাধাৰণ মূৰৰ বিষ হয় এনে অৱস্থাত ভাল জাতৰ (Black Tea) চাহ ৫ গ্ৰাম ৫০ মি.লি. উতলা গৰম পানীত ৪-৫ মিনিট সময় ঢাকনি দি তৈয়াৰ কৰি পিছত চেকি লৈ অলপ চেনি আৰু গৰম গাখীৰ মিলাই দিনত ২-৩ বাৰকৈ সেৱন কৰিলে উক্ত বিকাৰ নিবাৰণ হয়। মনত ৰাখিব চাহ যেন নিসিজাই আৰু যদিহে পিত্ত বিকাৰ থাকে বা টেঙা উদ্‌গাৰ আদি আহি থকা ব্যক্তিক চেনি নিদিয়াকৈ উক্ত চাহ সেৱন কৰিব দিব।

(২) অনবৰতে খাই থাকিবলৈ লাগে, আয়ুৰ্বেদত ইয়াক ভষ্মকাগ্নি ৰোগ বোলে। এনে ক্ষেত্ৰত চাহ বনাই নেচেকাকৈ পুন: তাক ২ মিনিট সময় উতলাই চেকিলৈ গৰম গাখীৰ ২০ মি.লি. দিনত ৩-৪ বাৰকৈ সেৱন কৰিলে এক সপ্তাহৰ ভিতৰত সেই বিকাৰ নাশ হয়।

(৩) হঠাৎ ঠাণ্ডা লাগিলে, সি বৰষুণত তিতাৰ বাবে শীতৰ দিনত খালি গাৰে থকাৰ বাবে অথবা ঠাণ্ডা পানী লাৰি থকাৰ বাবে হওক এনেক্ষেত্ৰত উপৰোক্ত চাহ উতলা গৰম পানী তিয়াই ৰাখি চেকিলৈ তাৰ লগত অকণমান লৱণ আৰু নেমুৰ ৰস অলপমান মিলাই দিনত ২/৩ বাৰকৈ সেৱন কৰিলে ২ দিনৰ ভিতৰত বিকাৰ ভাল হয়।

(৪) যিকোনো কাৰণত মাত বহি গ’লে, গল বিষালে চাহপাত ২০ গ্ৰাম, তুলসী পাত ৫ গ্ৰাম, আদা ৫ গ্ৰাম আৰু অলপ মান লৱণ দি একেলগে ৫০০ মি.লি. পানীত সিজাই ৪০০ মি.লি. পানী থকা অৱস্থাত নমাই চেপি লৈ সহ্য কৰিব পৰা গৰমত গাৰ্গল কৰিব আৰু ৩ নংত কোৱাৰ দৰে চাহ বনাই দিনত ২/৩ বাৰকৈ সেৱন কৰিব আৰু ৰোগতো ভাল নোহোৱালৈ গৰমপানীৰে গা ধুব আৰু গৰম পানী খালে উক্ত বিকাৰ খুব সোনকালে ভাল হয়।

(৫) যেতিয়াই তেতিয়াই টোপনিৰ ভাৱ, শৰীৰতো দুৰ্বল আৰু অৱস লাগি থাকে তেনে অৱস্থাত উপৰোক্ত ধৰণে চাহ বনাই অলপ লৱণ মিলাই, অসুবিধা পালে তাৰ লগত অকণমান চেনি মিহলাই দিনত ৩/৪ বাৰকৈ ২/৩ দিন খালে ভাল হয়।

(৬) ঠাণ্ডা লাগি বুকুত কফ বহি গৈছে, কাহো বেছি নাই, ভাৱ হয় বুকুখন হেঁচা মাৰি ধৰিছে, সাধাৰণ ফুৰা-চকা কৰিলে হাঁই-ফাঁই উঠে, খাবলৈ ইচ্ছা নোহোৱা হয়, মনৰ আনন্দ নাইকিয়া হয় এনে অৱস্থাত উপৰোক্ত ধৰণে লৱণ মিশ্ৰিত চাহ বা গাখীৰ-চেনি দিয়া দিনত ৩/৪ বাৰকৈ সেৱন কৰিলে ৪/৫ দিনৰ ভিতৰতে উক্ত ৰোগ ভাল হয়।

(৭) চাহ তৈয়াৰ হোৱাৰ পাছত চেকি লৈ চাহপাত খিনি কাপোৰেৰে সৰু টোপোলা কৰি তাৰ ভাপ চকুত দিলে চকু ৰঙাপৰা বা চকু উঠা যাক ত্ৰোভিষ্যন্দ ৰোগ বোলে সি ৩/৪ দিনতে ভাল হয়।

(৮) চুলি সৰি থাকিলে চাহ ভালদৰে সিজাই চেকি লৈ ঠাণ্ডা হ’লে সেই চাহেৰে মূৰ ধোলে কিছুদিনৰ ভিতৰতে চুলি সৰা বন্ধ হয়।

বি.দ্ৰ.: চাহ নিচাযুক্ত আৰু চাহত নিকোটিন থাকে, তদুপৰি, অধিক ৰাসায়নিক কীটাণু নাশক ঔষধ আৰু ৰাসায়নিক সাৰ চাহ গছত প্ৰয়োগ কৰিলে চাহৰ গুণাগুণ প্ৰায়ে নষ্ট হয় আৰু শৰীৰৰ কাৰণে ক্ষতিকাৰক। সেয়েহে চাহ গছত পচন সাৰ, জৈৱ সাৰ আৰু উদ্ভিদৰ পৰা প্ৰস্তুত কৰা কীটাণু নাশক ব্যৱহাৰ কৰা উচিত। অম্লপিত্ত ৰোগীয়ে চাহ খাব নালাগে। চাহ বাগানৰ মাজে মাজে মহানিমৰ গছ বা ঘোঁৰা নিমৰ গছ ৰোপণ কৰিব লাগে।

লিখক: ডা° গণেশ চন্দ্ৰ দেৱশৰ্মা, বনদৰৱ আৰু আৰোগ্য।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate