অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছ’ডিয়াম আৰু স্বাস্থ্যঃ

ছ’ডিয়াম আৰু স্বাস্থ্যঃ

ছ’ডিয়াম কি-

ছ’ডিয়াম এবিধ মৌলিক ধাতু। আমাৰ শৰীৰৰ কোষ বহিৰ্ভূত পানীত ছ’ডিয়াম থাকে। ই এবিধ গুৰুত্বপূৰ্ণ বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ আৰু প্ৰয়োজনীয় আয়ন। ছ’ডিয়ামে পাচক দ্ৰব্যৰ ক্ৰিয়াকলাপ আৰু মাংসপেশীৰ সংকোচনত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। ই মানৱ শৰীৰৰ আশ্ৰৱন নিয়ন্ত্ৰণ আৰু জলীয় পদাৰ্থ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ছ’ডিয়ামৰ অন্যান্য স্বাস্থ্য সম্পৰ্কীয় ক্ৰিয়াকলাপ হ’ল ই হৃদপিণ্ডৰ কাৰ্যক্ষমতা, স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা আৰু গ্লুক’জৰ অৱশোষণ নিশ্চিত কৰে।

শৰীৰত ছ’ডিয়াম হ’ল প্ৰাথমিক আয়ন আৰু বিদ্যুৎ বিশ্লেষ্য পদাৰ্থ। ৰক্তপ্ৰবাহ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ অভাৱ হ’লে শৰীৰৰ ক্ৰিয়াকলাপ বিঘ্নিত হয়। ই এবিধ প্ৰাণদায়ী মৌল। ছ’ডিয়ামে শৰীৰত বিদ্যুৎ প্ৰবাহ সঞ্চাৰিত কৰে। সামান্য লৱণ আৰু ভিটামিন উত্তাপে বিনষ্ট কৰে, কিন্তু ছ’ডিয়াম উত্তাপৰোধী। গতিকে উত্তাপিত হ’লেও ইয়াৰ গুণমান হ্ৰাস নহয়। ছডিয়াম স্নায়ুৰ গঠনৰ বাবেও প্ৰয়োজনীয়, ই মাংসপেশীৰ সংকোচনত সহায় কৰে।

সন্তুলিত আহাৰৰ তালিকাত ছডিয়াম অপৰিহাৰ্য। অৱশ্যে অধিক ছ’ডিয়ামে উচ্চ ৰক্তচাপ আৰু পাকস্থলীৰ কেন্সাৰৰো সৃষ্টি কৰিব পাৰে। যিসকল ব্যক্তিৰ উচ্চ ৰক্তচাপ থাকে, যিসকলৰ ৰসশোথ হয়, তেওঁলোকে নিয়ন্ত্ৰিত পৰিমাণৰ ছ’ডিয়াম খাব লাগে। নিমখত ছ’ডিয়াম প্ৰধান দ্ৰব্য।

প্ৰতিদিনে ২৪০০ মিলিগ্ৰাম খাব লাগে। যদি পৰ্যাপ্ত পৰিমাণৰ ছ’ডিয়াম নাখায় তেনেহ’লে শৰীৰত ইয়াৰ স্বল্পতা হেতু শৰীৰত কেতবোৰ লক্ষণ পৰিলক্ষিত হয়। সেয়া উপদাহীৰ পৰা মাৰাত্মক পৰ্যায়ত লক্ষণ দেখা যায়। লক্ষণসমূহ হ’ল- উপদাহী, হাগনি, বমি, মূৰৰ বিষ, মূৰঘূৰণি, মাংসপেশীৰ উপদাহন আদি।

আনহাতে অত্যধিত ছ’ডিয়াম শৰীৰৰ বাবে হানিকাৰক। ইয়াৰ ফলত উচ্চ ৰক্তচাপ, স্নায়ুবিকাৰ, মগজুৰ ৰক্তশোথ আদি হ’ব পাৰে। তেনে ক্ষেত্ৰত ছডিয়ামৰ মাত্ৰা হ্ৰাস কৰাৰ ব্যৱস্থা ল’ব লাগে। অন্যথা আন বিকাৰৰ লগতে অচেতন অৱস্থা হ’ব পাৰে। অধিক ছ’ডিয়ামে হাঁওফাঁওৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে। ছ’ডিয়ামৰ মাত্ৰা হ্ৰাস হ’লে ভালেমান ৰোগৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত অৱসাদ, মানসিক চাপ, নিস্পৃহ আদি হ’ব পাৰে।

ছ’ডিয়ামৰ প্ৰধান উৎসসমূহ হ’ল- খোৱা নিমখ, ঘৰতে তৈয়াৰ কৰা চুপ, বন্ধাকবি, কণীৰ কুহুম, বিভিন্ন দাইল, কল, গাজৰ, চালগোম, সেউজীয়া শাক-পাচলি, শুকান মটৰ, সংশোধিত পনীৰ, বেকিং পাউডাৰ, বেকিং ছডা, জুইত সেঁকা মাছ, নিমখযুক্ত মাংস, বিস্কুট জাতীয় খাদ্য, আচাৰ, ছ’চ, পেকেজ কৰা খাদ্য, হোটেল-ৰেষ্টুৰাঁৰ খাদ্য ইত্যাদি। প্ৰায়বোৰ প্ৰাকৃতিক খাদ্যতে সামান্য পৰিমাণৰ হ’লেও ছ’ডিয়াম থাকে।

আমাৰ শৰীৰৰ বাবে ছ’ডিয়ামৰ প্ৰয়োজনীয়তা এনেধৰণৰঃ

 

-  মানৱ শৰীৰৰ পানীভাগৰ সন্তুলন ৰক্ষা কৰিবলৈ ছ’ডিয়াম অপৰিহাৰ্য।

v- ৰৌদ্ৰাঘাত হয় শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া বিঘ্নিত হ’লে। অত্যধিক ৰদৰ ফলত যি উত্তাপৰ সৃষ্টি হয়, সিয়া মগজুৰ উত্তাপ কেন্দ্ৰ বিকল কৰে। তদুপৰি অত্যধিক ঘামে শৰীৰৰ পানীভাগ আৰু লৱণ হ্ৰাস কৰে। ৰৌদ্ৰাঘাতৰ পৰা নিৰাময় পাবলৈ ছ’ডিয়ামৰ প্ৰয়োজন হয়। যথেষ্ট পৰিমাণৰ নিমখযুক্ত পানী, নিমখযুক্ত কেঁচা তামৰ ৰস, অ’ আৰ এছ আদি খুৱালে ৰৌদ্ৰাঘাত ৰোধ কৰিব পাৰি।

-শৰীৰত ছডিয়ামৰ মাত্ৰাৰ প্ৰতি অতি সংবেদনশীল। ছ’ডিয়ামৰ পৰিমাণ হ্ৰাস হ’লে জড়তা, বিশ্ৰাম আদি হ’ব পাৰে। আনহাতে পৰ্যাপ্ত পৰিমাণৰ ছ’ডিয়ামে মগজু সতেজ আৰু সক্ৰিয় কৰি ৰাখে।

- গ্ৰীষ্মকালত শৰীৰৰ বিদ্যুৎ বিশ্লেষ্য দ্ৰব্যৰ সন্তুলন বিঘ্নিত হ’লে আৰু নিৰ্জল হ’লে মাংসপেশীৰ শিৰামুৰি ধৰে। এনেকুৱা হ’লে যথেষ্ট পৰিমাণৰ নিমখযুক্ত পানী আৰু ফলৰ ৰস খাব লাগে।

- বাৰ্ধক্যৰোধী ক্ৰীমত যথেষ্ট পৰিমাণৰ ছডিয়াম ব্যৱহৃত হয়। ই ছালক জলযোজিত কৰে আৰু বাৰ্ধক্য প্ৰক্ৰিয়া বিলম্বিত কৰে।

- ছ’ডিয়ামে শৰীৰৰ পৰা প্ৰয়োজনীয় কাৰ্বন-ডাই-অক্সাইড নিষ্কাশন কৰে।

- ছ’ডিয়ামে কোষবোৰলৈ গ্লুক’জ আৰু পুষ্টি অৱশোষণত সহায় কৰে।

- ছ’ডিয়ামে শৰীৰৰ অম্লতা-ক্ষাৰত্বৰ সন্তুলন নিয়ন্ত্ৰিত কৰে।

- ছ’ডিয়ামে শৰীৰৰ আশ্ৰৱন প্ৰক্ৰিয়া আৰু পানীভাগৰ সন্তুলন নিয়ন্ত্ৰিত কৰে।

- ছ’ডিয়ামে ক্লৰাইড আৰু বাইকাৰ্বনেটৰ সৈতে শৰীৰ ধনাত্মক আৰু ঋণাত্মক অয়নসমূহৰ সন্তুলিত কৰি ৰাখে।

- ছ’ডিয়ামে হৃদপিণ্ডৰ স্বাভাৱিক সংকোচন নিশ্চিত কৰে। ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ জীৱন দত্ত বৰুৱা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate