অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জণ্ডিচৰ মহৌষধ যমলাখুটি

জণ্ডিচৰ মহৌষধ যমলাখুটি

 

আমি বাস কৰা সেউজীয়া গছ-গছনিৰে ভৰা অসমখন অসংখ্য ঔষধি গছেৰে ভৰপূৰ হৈ আছে। মানুহৰ অজ্ঞানতাৰ বাবে এই অচিনাকি উদ্ভিদবোৰৰ ঔষধি গুণবোৰ মানুহে নাজানে। তেনে এবিধ পাহাৰে-ভৈয়ামে গজা সহজলভ্য উদ্ভিদ হ'ল "যমলাখুটি"| যমলাখুটি বন বা শাকজাতীয় উদ্ভিদ যদিও হাবিত যমলাখুটি ওখ হয়। টাবত চাৰি-পাঁচফুট ওখ হয়। এডলীয়া ৰঙচুৱা ঠাৰিডালৰ এখিলাকৈ সেউজীয়া সৰু-বহল নতুবা দীঘল ঠেক পাতবোৰ সৰ্পিল আকাৰে বাঢ়ি যায়। গ্ৰীষ্মকালত উদ্ভিদৰ বৃদ্ধি হয় আৰু শীতকালত পাত সৰি মৰি যায়। পুনৰ মৃদগত কাণ্ডৰ পৰা উদ্ভিদৰ বৃদ্ধি হয়। যমলাখুটি দুবিধমান আছে। চুটি পাতৰ যমলাখুটিৰ পাতবোৰ কোমল, খহটা আৰু চুপহি আকাৰৰ ফুল ফুলে। দীঘল পাতেৰে যমলাখুটিৰ আদা ফুলৰ দৰে দীঘলীয়া এথোপা ফুল ফুলে। সৰু আকাৰৰ ফুলবোৰ বগা আৰু পাতল গুলপীয়া। মৃদগত কাণ্ডটো আদাৰ দৰে। ইয়াৰ এটা ৰসাল আৰু তিতাভাব আছে। বৈজ্ঞানিক নাম “কষ্টাছ স্পি-শ্বাচ' আৰু “কষ্টাছ স্পেকটেলিবিলিচ'। দুয়োবিধৰে একে ধৰণৰ ঔষধি গুণ আছে বুলি গৱেষকসকলে প্রকাশ কৰিছে। পৃথিৱীৰ প্রায় ঠাইত যমলাখুটি পোৱা যায়। ভাৰত, জাপান, হেইটি, মালয়ছিয়া, পানামা আদি দেশত যমলাখুটি ব্যৱহাৰ কৰাৰ প্রমাণ পোৱা গৈছে।

আমাৰ ককা আৰু আইতাসকলে প্রস্ৰাৱজনিত ৰোগত যমলাখুটি ব্যৱহাৰ কৰা জনা গৈছিল। যমলাখুটি আলুটোৰ সৰু সৰু টুকুৰা কৰি ৰোগীক তিনিদিন তিনি পালিকৈ খাবলৈ দিছিল। কেতিয়াবা কিছুমান মানুহৰ প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা বা টোপ টোপকৈ প্রস্ৰাৱ ওলালে, পেটত বিষ হয়। প্রস্ৰাৱ ৰঙচুৱা হ’লে বা জণ্ডিচ হ'লেও এই ঔষধ ব্যৱহাৰ কৰিলে আৰোগ্য হোৱাতো নিশ্চিত। চিকিৎসালয়ত ভাল নোহোৱা জণ্ডিচ যমলাখুটি ঔষধ কেইদিনমান খালে স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাও প্রমাণ পোৱা গৈছে। ঔষধৰ ৰসৰ লগত গৰুৰ গাখীৰ খাবলৈ দিয়া হয়। গাখীৰ নোহোৱাকৈ কাজুবাদামৰ টুকুৰা এটাৰ সমান তিনিটুকুৰাকৈ তিনি দিন খাব লাগে, যেতিয়ালৈকে আৰোগ্য নহয়।

আৰম্ভণিতে যমলাখুটি খালে তিনি দিনতে ৰোগমুক্ত হ’ব পাৰে। যমলাখুটিৰ এণ্টিচেপটিক আৰু এণ্টিবায়টিক গুণো আছে বুলি জনা গৈছে। শৰীৰত হোৱা ফোঁহা, আঘাত, কোষ্ঠকাঠিন্য দূৰ কৰা, ডায়েৰীয়া, মূৰৰ বিষ, চর্মৰোগ, জ্বৰ, বমিভাব আদি ৰোগৰো যমলাখুটিয়ে নিৰাময় কৰে।

পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন জনজাতিয়ে বহু ৰোগৰ উপশম কৰিবলৈ যমলাখুটি ব্যৱহাৰ কৰে। কিডনী আৰু মূত্ৰ বৃদ্ধি কাৰক হিচাপে যমলাখুটি ব্যৱহাৰ কৰাৰ উপৰি ঘানাত ব্রংকাইটিছ আৰু দাঁতৰ ৰোগত ব্যৱহাৰ কৰে। হাইটিত জ্বলন, ওঁঠৰ ফঁটা অংশত, বাত বিষ আৰু কৃমিনাশক হিচাপে, কামোদ্দীপক আৰু পেটৰ চর্বি হ্রাস কৰাটো যমলাখুটি ঔষধ হিচাপে ব্যৱহাৰ কৰে। এইবোৰৰ উপৰি যমলাখুটি ফুলনিবাৰীত ৰুই বাগিচাৰ সৌন্দর্যও বৃদ্ধি কৰিব পাৰি।

লেখিকা: কবিতা ফুকন, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate