অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জলকীয়া ইয়াৰ ঔষধি গুণ

গোটেই পৃথিৱীতে কম-বেছি পৰিমাণে কুৰিবিধৰ জলকীয়া পোৱা যায়। এই জলকীয়াবোৰ হ’ল জেনাছ কেপচিকাম-ৰঙা জলকীয়া।এই কেপচিকামবোৰ পকিলে ৰঙা হয়।সকলো জলকীয়া ৰঙা নহ’বও পাৰে।পাতল ৰঙচুৱা,ডাঠ ৰঙাও হয়।প্ৰায়বোৰ জলকীয়াৰ জাল বেছি হয়।কিন্তু আমি যিবোৰ জলকীয়াক কেপচিকাম কওঁ,সেইবোৰ আকাৰত অনেক ডাঙৰ,ঘুৰণীয়াও হ’ব পাৰে,দীঘলীয়াও হ’ব পাৰে।তেনেকুৱা জলকীয়াৰ জলা কম।সকলো জলকীয়াই কেপচিকামৰ অন্তৰ্ভুক্ত জলকীয়া আৰু কেপচিকামৰ পাৰ্থক্য বিশেষ নাই।জলা কম বা বেছিহে ইয়াৰ বৈশিষ্ট্য।জলা কম-বেছি নিৰ্ভৰ কৰে প্ৰজাতিৰ ওপৰত।ঠাইডোখৰ আবহাবাও এটা কাৰণ হ’ব পাৰে।ঋতুভেদেও জলকীয়াৰ জাল নিৰ্ণয় হয়।একে প্ৰজাতিৰ জলকীয়া ৰ’দঘাই জেগাত আৰু চেঁচুকীয়া মাটিত জলা বা ৰঙৰ কিছু তাৰতম্য ঘটিব পাৰে।অসমৰ ভোট জলকীয়াই ইতিমধ্যে পৃথিৱীজোৰা চিনাকি পাইছে।অতি প্ৰাচীন কালৰে পৰা প্ৰাচ্যত অৰ্থাৎ ভাৰত আৰু চীনদেশত জলকীয়াক বহুত ৰোগৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়।চৰক আৰু শুশ্ৰূতত অন্য বিভিন্ন ধৰণৰ মছলাৰ লগত জলকীয়াৰ উল্লেখ আছে।কিন্তু বেদ আৰু সংহিতাত ইয়াৰ কোনো উল্লেখ নাই।তাৰ পৰা অনুমান কৰিব পাৰি জলকীয়া নতুনকৈ ভাৰতলৈ আহিছিল।দশম-শতিকাৰ কোনো আয়ুৰ্বেদীয় দ্ৰব্যৰ ভিতৰতো জলকীয়াৰ নাম নাই।কুলজিনামা নামৰ প্ৰাচীন পুথিত পোৱা যায় জলকীয়াৰ ৰসে স্থুলতা,আলস্য,কফ,কৃমি আৰু মেদ দুৰ কৰে।বৰ্তমান বিজ্ঞান গৱেষণাত জলকীয়াৰ ঔষধি গুণাগুণবিলাক পৰীক্ষাৰ দ্বাৰা সঠিক প্ৰমাণিত হৈছে।

হোমিঅ’পেথিত বিভিন্ন বিষ উপশমৰ বাবে জলকীয়া ব্যৱহাৰ কৰা হয়।কাহ,চকুৰ যন্ত্ৰণা,মুৰৰ বিষ,পেটৰ বিষ (আলছাৰ),মাইগ্ৰেন (আদকপালী)ইত্যাদিৰ নিৰাময়তো জলকীয়া ব্যৱহাৰ কৰা হয়।বিশেষ বিশেষ কাৰণত কঁপনি উঠা জ্বৰ (মেলেৰিয়া),প্লীহা বাঢ়িলে,পুৰুষৰ যৌন অক্ষমতা প্ৰভৃতিৰ বেলিকাও জলকীয়া ব্যৱহাৰ কৰা হয়।বিদেশী কিতাপ-আলোচনী আদিতো পোৱা যায় জলকীয়াৰ ৰস বিভিন্ন বিষ,উখহা আৰু প্ৰদাহত ব্যৱহাৰ হয়।ইয়াৰ বাদেও অনেক ধৰণৰ খজুৱতি,কোষ্ঠকাঠিন্য আৰু বাত বিষত জলকীয়া ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।ছোটনাগপুৰৰ আদিবাসী সম্প্ৰদায়ৰ লোকে সৰিয়হৰ তেলৰ লগত জলকীয়া বটি বাত বিষৰ ঔষধৰুপে ব্যৱহাৰ কৰে।তদুপৰি অবিৰাম জ্বৰ,গেষ্ট্ৰিকৰ সমস্যা,হজমী শক্তি বঢ়াবলৈ,গাঁঠিৰ বিষ,ভৰিৰ কপাহগুটি আদি গুচাবলৈ,পুৰণি পেটৰ বিষৰ উপশম কৰাত জলকীয়াৰ ব্যৱহাৰৰ কথা জনা যায়।

জলকীয়াৰ জলা,ইয়াৰ ৰাসায়নিক নাম-

 

কেপচাইচিনক সম্প্ৰতি বেদনানাশক হিচাপে ব্যৱহাৰ কৰা হয়।আৰ্থাৰাইটিছ,অস্থিসন্ধিৰ বেদনাৰ পৰা আৰম্ভ কৰি পোৰা ঘাৰ বিষ,বহুমুত্ৰ ৰোগীৰ ভৰি আৰু ভৰিৰ তলুৱাৰ বিশেষ ধৰণৰ ঘাৰ পৰা যি বিষ হয়,সেই বিষো কেপচাইচিন উপক্ষাৰটোৱে নাশ কৰিবলৈ সক্ষম।

গৱেষকসকলে মন কৰিছে কেপচাইচিনৰ প্ৰদাহনাশক,বেদনানাশক,জীৱাণুনাশক আৰু জাৰণ ক্ষমতা ৰোধ কৰাৰ ক্ষমতা কেপচাইচিনৰ আছে।সেইবাবে পুৰণিকালত জলকীয়াক জ্বলাপোৰা,যন্ত্ৰণা আৰু উখহা অংশ কমোৱাৰ দৰব হিচাপে ব্যৱহাৰ কৰা হৈছিল।বৰ্তমান ভালেমান বিষ-বেদনাজাতীয় ৰোগত যেনে হাৰ্পিচ ভাইৰাছৰ আক্ৰমণত শৰীৰৰ পোষ্টহাৰ্পিক নিউৰ’লেজিয়া বোলা এক ধৰণৰ ঘাৰ যন্ত্ৰণাদায়ক বিষ নাইকিয়া কৰিবৰ বাবে ১৯৮৭ চনৰ পৰা আমেৰিকাত ‘জন ট্ৰিকছ’ঔষধটোৰ ব্যৱহাৰ আৰম্ভ হৈছে।বিষ হোৱা ঠাইত প্ৰথম সপ্তাহত দিনে পাঁচবাৰ আৰু পিচত তিনি সপ্তাহত দিনে তিনিবাৰকৈ মালিচ কৰিলে ৰোগীৰ বিষ উপশম হয়।আকৌ ১৯৮৮ চনৰ শেষৰফালে মধুমেহ ৰোগীৰ ভৰিৰ আৰু ভৰিৰ পতাৰ বিশেষ এক ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হৈছে,যিটো ঔষধৰ মুল উপাদান হ’ল কেপচাইচিন।বৰ্তমান জলকীয়াৰ পৰা তৈয়াৰ কৰা ঔষধ প্ৰদাহৰোধক আৰু মোচোকা খোৱা বিষ উপশম কৰিবলৈ দক্ষিণ ভাৰতত প্ৰয়োগ কৰা হৈছে।

জলকীয়া ইয়াৰ ঔষধি গুণ

প্ৰতি বছৰে জলকীয়াৰ ওপৰত পৰীক্ষা-নিৰীক্ষা চলি আছে।নতুন নতুন তথ্যও আৱিষ্কৃত হৈছে।পানীলগা জ্বৰ,কাহ আৰু ফুচফুচৰ ব্যাধি উপশম কৰাত কেপচাইচিনৰ এটা ডাঙৰ ভুমিকা দেখা গৈছে।ইয়াৰ বাদেও কেপচাইচিনে কলেষ্ট্ৰৰেল কমোৱাত সাহায্য কৰে বাবে হৃৎযন্ত্ৰ ভালে ৰাখে আৰু শৰীৰত মেদ বৃদ্ধি হ’বলৈ নিদিয়ে।সেইকাৰণে বৰ্তমান জাপানত জলকীয়াৰ পৰা তৈয়াৰী ঔষধ এণ্টি অবেচিটি এজেণ্ট অৰ্থাৎ মেদ কমোৱাৰ বেলিকা জনপ্ৰিয় হৈছে।

চকুৰ অসুখ নাইকিয়া কৰাতো কেপচাইচিনৰ এটা বিৰাট ভুমিকা আছে।তদুপৰি অষ্ট্ৰিয়াৰ পৰা বাতৰিত প্ৰকাশ পাইছে,কম পৰিমাণে জলকীয়া খাই থাকিলে পাকস্থলীত যদি ঘা লাগে অৰ্থাৎ আলছাৰ নাইকিয়া কৰাত সহায় কৰে।ইয়াৰ বাদেও বাত বিষৰ নিৰাময়ৰ বেলিকা জলকীয়াৰ ভুমিকা অনবস্য।গৱেষণাত আৰু জনা গৈছে যে সুৰ্যৰ আল্ট্ৰা ভায়’লেট ৰশ্মিয়ে ছালৰ বিৰুপ প্ৰতিক্ৰিয়া কৰি ছালৰ কৰ্কট ৰোগ প্ৰতিকাৰ কৰাতো জলকীয়াৰ নিৰাময় শক্তি বিশেষ কাৰ্যকৰী।গৱেষণাত এই তথ্য পোৱা গৈছে যে অতি বেঙুনীয়া শক্তি জলকীয়াই ৰোধ কৰিব পৰে।এই কাৰণেই বোধহয় ভাৰতবৰ্ষৰ দক্ষিণ ভাগৰ খাদ্য তালিকাত জলকীয়া,তেঁতেলী ,হালধি আৰু বিভিন্ন ধৰণৰ মছলাৰ প্ৰয়োগ কৰা হয়।জলকীয়া আৰু তেনেজাতীয় মছলাবোৰত বিশেষ কেইটামান ভিটামিন আছে।যেনে-ভিতটামিন চি,এ আৰু ই।ইহঁতে জাৰণ শক্তি ৰোধ কৰিব পাৰে।জলকীয়াৰ ক্ষাৰ আৰু ভিটামিনবোৰে একেলগে সুৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ আক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰে।

আশা কৰিব পাৰি অদুৰ ভৱিষ্যতে ঔষধ হিচাপে জলকীয়াৰ প্ৰয়োগ আৰু বৃদ্ধি পাব।আমাৰফালে হাঁহৰ অসুখত কণ জলকীয়া মিহিকৈ পটাত বটি খাদ্যৰ লগত মিহলাই খুৱালে হাঁহৰ ব্যাধি উপশম হয়।

জলকীয়াৰ এটা নাম হ’ল ভোজন ঠেলা

 

ভাতৰ লগত বিশেষ ‘মেনু’ নাথাকিলে জলকীয়াই খাদ্যপৰ্ব সমাপ্ত কৰায়।

কোনো ধাবা,ৰেস্তোৰাঁ বা হোটেলত খৰিকা জলকীয়ায়ো মেনুত ঠাই পায়েই।তেলত দি ভজা জলকীয়া ভোজন ৰসিকৰ বাবে হটকেক।

নামেৰী অভয়াৰণ্যৰ দীঘল ৰঙা,সেউজীয়া জলকীয়াৰ কথাও উলাই কৰিব নোৱাৰি।ইয়াৰ জালে এছিয়া মহাদেশত সুনাম অৰ্জন কৰিছে।

অতি কম কষ্টত,কম মাটিত জলকীয়াৰ খেতি কৰি উপৰুৱা আৰ্জন এটাও কৰিব পাৰি।ই এবিধ লাভদায়ক অৰ্থকাৰী খেতি।

খৰিচা,কাঁহুদীৰ দৰে জলকীয়াৰ আচাৰৰো বজাৰত চাহিদা আছে।

টাব এটাত জলকীয়া পুলি ৰুই সৌন্দৰ্যবৰ্ধনো কৰিব পাৰি।

মাৰ্বলটোৰ দৰে ঘুৰণীয়া,ঢৌঢৌকৈ বগা জলকীয়া,ক’লা বৰণৰ কৃষ্ণ জলকীয়া আপামৰ জনতাৰ প্ৰিয় খাদ্য।

জলকীয়াৰ জালেই সোৱাদ।লাগে লতা বিহ হওক বা বিহ জলকীয়া বা ভোট জলকীয়াই হওক।

লেখক:খগেন বৰুৱা (দেওবৰীয়া সম্ভাৰ)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate