অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জামু :

জামু :

 

জামু এবিধ চিৰসেউজীয়া উদ্ভিদ। এইবিধ গছ বনৰীয়া আৰু মানুহে ৰুই লোৱা, দুই ধৰণে পোৱা যায়। জামু সমগ্ৰ ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে পোৱা যায়।

এইবিধ উদ্ভিদৰ গছ ওখই প্ৰায় এশ ফুট আৰু গা-গছৰ প্ৰস্থ প্ৰায় ১২ ফুট পৰ্যন্ত হয়। এই গছ প্ৰায় এশ বছৰলৈকে জীয়াই থাকে। ইয়াৰ পাত ৩ ইঞ্চিৰ পৰা সৰ্বাধিক ৮ ইঞ্চি পৰ্যন্ত দীঘল হয়।

ইয়াৰ পাতবোৰ যথেষ্ট ডাঠ হয় আৰু হালধীয়া বৰণৰ সিৰাৰে উজ্জ্বল গাঢ় সেউজীয়া হয়। পাতৰ উপৰিভাগ বেছ মিহি আৰু ৰ’দ পৰিলে জিলিকি থকা হয়।

ইয়াৰ ফুল সেউজীয়া বগা বৰণৰ আৰু সৰু হয়, গোন্ধ আছে। ইয়াৰ গুটিবোৰ আধা ইঞ্চিৰ পৰা ডেৰ ইঞ্চি পৰ্যন্ত দীঘল হয়। কেঁচাতে ফলবোৰ সেউজীয়া, পকিলে বেঙুনীয়া আৰু পূৰাকৈ পকিলে ডাঠ নীলা বৰণৰ হয়।

জামু ফলৰ গুটিবোৰ ১ ৰ পৰা ২ চেন্টিমিটাৰমান হয়। অসমত এপ্ৰিল মাহত জামু ফুলে আৰু জুন-জুলাই মাহত ফলবোৰ পকে।

জামুৰ কাঠ বেছ ভাল আৰু টান। ইয়াৰে আচবাব আদি সুন্দৰকৈ বনাব পাৰি। কাঠ গধুৰ আৰু জল প্ৰতিৰোধী। কাঠবোৰ যিহেতু যথেষ্ট টান, সেয়ে কাঠ মিস্ত্ৰিয়ে ইয়াৰে সা-সঁজুলি বনাবলৈ টান পায়।

ইয়াৰ পাত ঘৰচীয়া জন্তুৰ আহাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি, কাৰণ ইয়াৰ পাতত যথেষ্ট পৰিমাণে পুষ্টি দ্ৰব্য আৰু ভিটামিন থাকে। পকিলে জামু ফলৰ সোৱাদ মিঠা, সামান্য টেঙা আৰু তীক্ষ্ণ কেহা সোৱাদ আছে। পকা জামু খালে জিভাখনত বেঙুনীয়া বৰণ ধৰে।

ইয়াৰ গুটি বিভিন্ন ৰোগৰ চিকিৎসাত আয়ুৰ্বেদিক, ইউনানি, বনৌষধি আদি ভালেমান পদ্ধতিত ব্যৱহাৰ কৰা হয়। পৰম্পৰাগত চীনা চিকিৎসা পদ্ধতিতো এইবিধ ফলৰ গুটি পাচন তন্ত্ৰৰ ৰোগত ব্যৱহাৰ কৰা হয়। জামুৰ পাত আলুৰ ৰোগত ব্যৱহাৰ কৰা হয়।

জামুৰ পাত আৰু গছৰ বাকলিও উচ্চৰক্ত চাপ আৰু দাঁতৰ আলুৰ ৰোগত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলৰ পৰা সুৰা আৰু ভিনেগাৰো প্ৰস্তুত কৰা হয়। ইয়াৰ ফলত যথেষ্ট মাত্ৰাত ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ থাকে। জামু ভাৰতৰ লগতে দক্ষিণ-পূব এচিয়াৰ দেশবিলাকত যথেষ্ট পৰিমাণে পোৱা যায়।

বিভিন্ন ভাষাত ইয়াৰ নাম:

সংস্কৃত: জাম্বু, মহাফল, ফলেন্দ্ৰ

হিন্দী: জামুন

অসমীয়া: জামু

মাৰাঠী: জাম্ভুক

গুজৰাটী: ঝাম্বু

তামিল: শ্বাবালনৱাল

তেলেগু: নেৰেডু

মালায়ালাম: নাৱাল

কন্নড়: নেৰাল

বৈজ্ঞানিক নাম: Eugenia jambolana

ৰাসায়নিক গঠন:

ইয়াৰ গুটিত সামান্য পৰিমাণে এলকালয়ড একপ্ৰকাৰৰ হালধীয়া উদ্দায়ী তেল, গেলিক এচিড, ফেটি ৰেজিন আৰু এলবুমিন থাকে।

ইয়াৰ গুটিত গ্লাইকোচাইড থাকে বাবে ডায়েবেটিছৰ ৰোগীৰ বাবে বিশেষ উপকাৰী। ইয়াৰ গুটিৰ গুড়ি সেৱন কৰিলে ডায়েবেটিছ ৰোগীৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত থাকে। ইয়াৰ গছৰ বাকলিত ১২ শতাংশ ‘টেনিন’ পোৱা যায়।

জামুৰ ফলৰ পৰা এক প্ৰকাৰৰ ঔষধি গুণযুক্ত সুৰা প্ৰস্তুত কৰা হয় আৰু ফলৰ ৰসৰ পৰা কিন্বন পদ্ধতিৰে একপ্ৰকাৰৰ পানীয় প্ৰস্তুত কৰা হয়। আয়ুৰ্বেদৰ মতে জামু ফলে ‘পিত্ত’ নিৰাময় কৰে আৰু ছালৰ ৰোগ উপশম কৰে। পেট আৰু বুকু জ্বলা-পোৰা কৰা ৰোগ আৰু বমি বন্ধ কৰে। জামু ফলে পাচন তন্ত্ৰ শক্তিশালী কৰে আৰু শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰে। জামু ফলে লিভাৰৰ কাম-কাজ ভালদৰে কৰে আৰু ‘বাত’ শক্তিশালী কৰে। বেছি পৰিমাণে জামু খালে কোষ্ঠকাঠিন্য হ’ব পাৰে। ইয়াৰ গুটিৰ গুড়ি খালে হজম শক্তি বাঢ়ে। জামু গুটিয়ে ৰক্ত শৰ্কৰা আৰু প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস কৰে।

ঔষধীয় ব্যৱহাৰ:

১)কলেষ্টেৰল হ্ৰাস কৰে:

জামু গুটিয়ে ডায়েবেটিছ ৰোগীৰ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। গৱেষণাৰ পৰা লাভ কৰা তথ্য মতে জামু গুটিৰ ৰস সেৱন কৰি থাকিলে কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰয়ডৰ মাত্ৰা প্ৰায় স্বাভাৱিক অৱস্থালৈ আনে আৰু নিয়মীয়াকৈ খাই থকা ডায়েবেটিছৰ ঔষধ গ্লিবেনক্লেমাইডৰ সমানে ফলাফল দিব পাৰে। কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত এইবিধ উদ্ভিদৰ প্ৰায় প্ৰতিটো অংশই প্ৰভূত সহায় কৰে।

কীট-পতংগ নাশক:

এইবিধ উদ্ভিদৰ পৰা আহৰণ কৰা ডাঠ ৰসে ভালেমান ধ্বংসকাৰী কীট-পতংগ নষ্ট কৰিব পাৰে বুলি বিজ্ঞানীসকলে চলোৱা এক অধ্যয়নত প্ৰমাণিত হৈছে। ‘এডিছ ইজিপ্টি’ নামৰ ডেংগু জ্বৰ বিয়পোৱা মহবিলাকৰ পলু নষ্ট কৰিব পাৰে বুলি প্ৰমাণ পোৱা গৈছে। বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে জামু গছৰ পৰা আহৰণ কৰা ক্কাথ ব্যৱহাৰ কৰি মহ ধ্বংস কৰা প্ৰক্ৰিয়াটো পৰিৱেশৰ বাবে সম্পূৰ্ণ নিৰাপদ আৰু প্ৰাকৃতিক পদ্ধতি।

বেক্টেৰিয়া প্ৰতিৰোধী:

জামুৰ গুটিৰ পৰা প্ৰস্তুত কৰা ৰসে ভালেকেইবিধ ঔষধ প্ৰতিৰোধী বেক্টেৰিয়াৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰে বুলি ‘মাইক্ৰ’বায়োলজিকেল ৰিছাৰ্চ’ নামৰ জাৰ্ণেলখনত প্ৰকাশিত এটি প্ৰতিবেদনত প্ৰকাশ পাইছে। জামু গুটিৰ পৰা আহৰণ কৰা নিৰ্যাসে সকলো প্ৰকাৰৰ বেক্টেৰিয়াৰ বৃদ্ধি প্ৰতিৰোধ কৰিব পাৰে। এই নিৰ্যাস কোনো প্ৰাণীৰ বাবে বিষাক্ত নহয় আৰু মানুহৰ লোহিত ৰক্ত কণিকা কোনো ধৰণে অনিষ্ট নকৰে। এইবিলাক পৰীক্ষাৰ দ্বাৰা জানিব পৰা গৈছে যে জামুৰ পৰাই এদিন বেক্টেৰিয়া বিধ্বংসী ঔষধ উদ্ভাৱন কৰিব পৰা যাব।

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰব:

জামু গুটিয়ে মানুহৰ শৰীৰৰ ৰক্ত শৰ্কৰা কেনেকৈ নিয়ন্ত্ৰণৰ মাত্ৰালৈ আনে- তাৰো অধ্যয়ন কৰা হৈছে। এই অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে- মানুহৰ শৰীৰৰ ওজনৰ প্ৰতি কিলোগ্ৰামৰ বিপৰীতে ২০০ মিলিগ্ৰাম জামু গুটিৰ নিৰ্যাস খুৱাই থাকিলে ১০ দিনৰ দিনা ৰক্ত শৰ্কৰাৰ মাত্ৰা কমি যায়। ত্ৰিছ দিনৰ পিছত ৰক্ত শৰ্কৰাৰ মাত্ৰা প্ৰায় স্বাভাৱিক মাত্ৰালৈ নামি আহে।

পাকস্থলীৰ সহায়ক:

ডায়েবেটিছত ভুগি থকা ৰোগীৰ পাকস্থলীত ঘা হোৱাৰ(Peptic Ulceration) আশংকা বৃদ্ধি পায়। জামুৰ ফল আৰু গুটিৰ নিৰ্যাস খাই থাকিলে গেষ্ট্ৰিক নিঃসৰণৰ মাত্ৰা হ্ৰাস হোৱাৰ ফলত ঘা বৃদ্ধি হোৱাটো বন্ধ হয়। এইবিধ উদ্ভিদৰ অংশৰ নিৰ্যাস ব্যৱহাৰ কৰিলে এচিড পেপচিনৰ নিঃসৰণ এন্টি ডায়েবেটিছ ঔষধতকৈ বহুখিনি কম হয়।

লিভাৰৰ সুৰক্ষা:

জামু গুটি আৰু জামু ফলে লিভাৰটোকো সুৰক্ষা দিয়েফ। ‘ইণ্ডিয়ান জাৰ্ণেল অব ফাৰ্মাকোলজি’ত প্ৰকাশিত এটি প্ৰতিবেদনত কোৱা হৈছে যে এইবিধ উদ্ভিদৰ ফল, গুটি বা অন্য সংক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত লিভাৰৰ কোষবিলাকৰ পুনৰ গঠনত সহায়ক হয়। অৱশ্যে এই ফলাফল পাবলৈ বেছি পৰিমাণৰ গুটিৰ নিৰ্যাস ব্যৱহাৰ কৰিব লগা হয়।

কেন্সাৰ প্ৰতিৰোধী গুণ:

এষ্ট্ৰোজেন নিৰ্ভৰশীল ৱেষ্ট কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা গুণ জামুৰ আছে। জামুৰ গুটিত থকা ‘এন্থোচিয়াচিনন’ৰ বাবেই এই ফলাফল পোৱা যায় বুলি এটা অধ্যয়নযোগে জানিব পৰা গৈছে। ‘জাৰ্ণেল অব এগ্ৰিকালচাৰ ফুড কেমিষ্ট্ৰি’ নামৰ জাৰ্ণেলত প্ৰকাশিত এটি প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। অৱশ্যে এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি কোৱা হৈছে।

ডায়েবেটিছ নিয়ন্ত্ৰণ:

জামু ফলে ডায়েবেটিছ ৰোগীৰ বহুত উপকাৰ কৰে বুলি বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে। জামু ফলে বিশেষভাৱে আগ্নাশয় বা পেনক্ৰিয়াছক সক্ৰিয় কৰি তুলিব পাৰে।

ৰক্ত শৰ্কৰা বৃদ্ধি পোৱা ৰোগীৰ ক্ষেত্ৰত জামু গুটিৰ থকা গ্লাইকোছাইডে(জাম্বুলিন) খাদ্যৰ পৰা পোৱা শ্বেতসাৰক(Starch) শৰ্কৰালৈ(Sugar) ৰূপান্তৰিত হোৱাৰ বাধাত দিয়ে। এই ৰোগ নিয়ন্ত্ৰণ কৰাত জামুৰ গুটি, ফল আৰু ফলৰ ৰসে সমানে কাম কৰে।

জামু গুটিয়ে ইনচুলিন নিঃসৰণত পেনক্ৰিয়াচক উৎসাহিত কৰে। জামুৰ গুটি ফল আৰু এই গছৰ বাকলি ব্যৱহাৰৰ উপায় তলত দিয়া হৈছে।

*জামুৰ গুটিবোৰ ভালদৰে ছাঁত শুকুৱাই মিহিকৈ গুড়ি কৰি লওক। এই গুড়ি এচামুচ পৰিমাণত লৈ দিনটোত তিনি বা চাৰিবাৰকৈ ৰোগীক পানীত গুলি খাবলৈ দিয়ক। এই মিশ্ৰণে প্ৰস্ৰাৱত চুগাৰৰ মাত্ৰাও কমাব।

*এই মিশ্ৰণ খাই থাকিলে ডায়েবেটিছ ৰোগীৰ অনবৰতে লাগি থকা পিয়াহো কমি যায়।

*জামু জামু গছৰ বাকলিৰ ভিতৰ ফালৰ অংশ ভালদৰে ধুই লৈ শুকুৱাই লওক। প্ৰয়োজন মতে এই বাকলি সৰু সৰুকৈ কাটি লওক। এই শুকান বাকলিৰ টুকুৰাবোৰ বন্ধ মাটিৰ বাচন এটাত পুৰি তাৰ ছাইবোৰ সংগ্ৰহ কৰি ৰাখক। এই ছাঁই এচামুচ পৰিমাণত এগিলাছ পানীত মিহলি কৰি ৰোগীক পুৱা, আবেলি আৰু ৰাতি খাবলৈ দিয়ক। ৰক্ত শৰ্কৰা কমি যাব।

*জামু গছৰ ১০০ গ্ৰাম শিপা ভালদৰে ধুই ২৫০ মিঃলিঃ পানীৰ সৈতে মিহিকৈ বটি লওক। পিছত মিশ্ৰণটো চেকি লৈ তাৰ লগত ২০ গ্ৰাম চেনি মিহলাই প্ৰতিদিনে পুৱা আৰু গধূলি ৰোগীৰ আহাৰ খোৱাৰ আগতে খাবলৈ দিয়ক।

*জামুৰ শুকানকৈ ৰখা গুটিৰ গুড়ি ৫০ গ্ৰাম, শুকান আদাৰ গুড়ি ৫০ গ্ৰাম আৰু এশগ্ৰাম গুড়মাৰৰ(বনৌষধি বা আয়ুৰ্বেদিক ঔষধৰ দোকানত পাব) গুড়ি মিহলাই পুনৰ এবাৰ মিহিকৈ গুড়ি কৰক আৰু চাল কুঁৱৰীৰ পাতৰ বিজল মিহলাই সৰু সৰু বড়ি বনাই লওক। এই বড়িৰ এটাকৈ ডায়েবেটিছ ৰোগীক এচামুচ মৌৰ সৈতে পুৱা, দুপৰীয়া আৰু ৰাতি খাবলৈ দিয়ক। এমাহৰ ভিতৰতে প্ৰস্ৰাৱৰ লগত চুগাৰ পৰাটো বন্ধ হ’ব। লগতে ডায়েবেটিছৰ অন্য জটিলতাবোৰো আঁতৰিব।

*২৫০ গ্ৰাম পকা জামু ৫০০ মিঃলিঃ উতলা পানীত কিছু সময় উতলাই লওক। ১০ মিনিটৰ পিছত পাত্ৰটো জুইৰ পৰা নমাই আৰু সিজি যোৱা জামুবোৰ হেতাৰে পিটিকি ভাঙি লওক। এতিয়া কেখন পৰিষ্কাৰ কাপোৰেৰে মিশ্ৰণটো চেকি লওক। এই ৰস ৰোগীক দিনটোত তিনিবাৰকৈ খাবলৈ দিয়ক। ডায়েবেটিছ ৰোগীৰ ৰোগ নিয়ন্ত্ৰণ হ’ব আৰু শাৰীৰিক শক্তিও বাঢ়িব।

*ডাঙৰ আকাৰৰ পকা জামু ফল ৰ’দত শুকুৱাই লওক আৰু পিছত সেইখিনি উৰাল বা গ্ৰাইণ্ডাৰত দি মিহিকৈ গুড়ি কৰি পেলাওক। এই গুড়িৰ ১০ৰ পৰা ২০ গ্ৰাম(দুচামুচৰ পৰা চাৰি চামুচ) পৰিমাণত ৰোগীক দিনটোত ৩ বাৰকৈ ১৫ দিন খাবলৈ দিয়ক। এই গুড়িয়ে ডায়েবেটিছ নিৰাময় কৰিব।

*জামু গছৰ বাকলিৰ ছাই সৰ্বাধিক দুই গ্ৰাম(আধা চামুচতকৈ কম) দিনটোত তিনিবাৰকৈ ৰোগীক খাবলৈ দিয়ক। এই গুড়িৰে প্ৰস্ৰাৱৰ লগত চুগাৰ যোৱাটো বন্ধ কৰিব।

*শুকান জামু গুটিৰ গুড়ি এক গ্ৰাম পৰিমাণত দিনত তিনিবাৰকৈ ৰোগীক খাবলৈ দিয়ক। প্ৰস্ৰাৱত ‘চুগাৰ’ যোৱা বন্ধ হ’ব।

পাইলচ(অৰ্শ) ৰোগ:

*জামু ফলে অৰ্শ আৰু লিভাৰৰ সমস্যা নিৰাময় কৰাত সহায় কৰে। জামু ফল খাই থাকিলে ৰক্তস্ৰাৱী অৰ্শ নিৰাময় কৰে। জামুৰ বতৰত প্ৰতিদিনে পুৱা অকণমান নিমখ দি জামু খাই থাকিলে অৰ্শৰ পৰা তেজ পৰা বন্ধ হয়। পকা জামুৰ লগত মৌ মিহলাই খালেও অৰ্শৰ ৰক্তক্ষৰণ বন্ধ হয়।

*জামু গছৰ সতেজ পূৰঠ পাত এমুঠি আনি বটি লৈ তাৰ ২০ মিঃলিঃ(৪-৫ চামুচ) ৰসৰ লগত অকণমান চেনি মিহলাই ৰোগীক খাবলৈ দিয়ক, দিনটোত তিনিবাৰ। অৰ্শৰ পৰা তেজ পৰা বন্ধ হ’ব।

*জামুৰ ১০ গ্ৰাম সতেজ পূৰঠ পাত ২৫০ মিঃলিঃ গাখীৰৰ লগত গুড়ি কৰি বটি লৈ ৰোগীক প্ৰতিদিনে পুৱা, আবেলি আৰু গধূলি খাবলৈ দিয়ক। সাত দিন ধৰি একেৰাহে এই ব্যৱস্থা কৰিলে অৰ্শৰ বলিৰ পৰা ৰক্তক্ষৰণ বন্ধ হ’ব।

ডায়েৰিয়া:

*৫ ৰ পৰা ১০ গ্ৰাম পৰিমাণত সতেজ, পূৰঠ জামুৰ পাতৰ ৰস ১০০ মিঃলিঃ ছাগলীৰ গাখীৰৰ সৈতে ৰোগীক খাবলৈ দিলে ডায়েৰিয়া বন্ধ হয়।

*জামুৰ শুকান বাকলিৰ গুড়ি আধা চামুচৰ পৰা এচামুচ পৰিমাণৰ লগত ২৫০ মিঃলিঃ গাখীৰ আৰু দুচামুচ মৌ মিহলাই ৰোগীক খাবলৈ দিলে তেজ গ্ৰহণী বন্ধ হয়।

*৫০০ মিঃলিঃ পানীৰ লগত ১০ গ্ৰাম জামু গছৰ পৰিষ্কাৰ বাকলি উতলাই লওক। ইয়াৰ চাৰি ভাগৰ এভাগ থাকোতে নমাই লৈ চেকি লৈ ৰোগীক খাবলৈ দিলে গ্ৰহণী ৰোগ আৰু ডায়েৰিয়া(পাতল পায়খানা) আদি নিৰাময় হয়। এই ৰস দিনটোত ২-৩ বাৰকৈ ২০ ৰ পৰা ৩০ মিঃলিঃ মাত্ৰা দিব।

লিভাৰৰ সমস্যা:

*জামু ফলে পাচক এনজাইম নিঃসৰণত বিশেষ ভূমিকা পালন কৰে। ফলত লিভাৰৰ কৰ্মক্ষমতা বৃদ্ধি পায়। লিভাৰৰ আকাৰ বৃদ্ধিতো জামু ফল ব্যৱহাৰ কৰি সুফল পোৱা গৈছে।

*জামু ফলত থকা আয়ৰণ কণিকাই লিভাৰৰ আকাৰ বৃদ্ধি, প্ৰতিৰোধ কৰে। সেয়ে প্ৰতিদিনে ১০ মিঃলিঃ জামুৰ ফলৰ পৰা প্ৰস্তুত কৰা ভিনেগাৰ খাই থাকিলে লিভাৰৰ আকাৰ বৃদ্ধি নিৰাময় হয়।

*১০-১৫ মিঃলিঃ জামুৰ ৰসৰ লগত দুচামুচ মৌ মিহলাই ৰোগীক খাবলৈ দিলে জণ্ডিচ ৰোগ নিৰাময় হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate