অসমত পাচলি হিচাপে ব্যৱহৃত এবিধ জনপ্ৰিয় পাচলি হৈছে জিকা। ল’ৰা, বুঢ়া সকলো লোকেই ইয়াক খাই কোনো অসুবিধা নাপায়। তাতেই ই সোনকালে শৰীৰত হজম হোৱাত পুষ্টিৰ উপাদানবোৰ দেহে পায়ো সোনকালে। অৱশ্যে যে কেৱল অসমৰ লোকৰহে প্ৰিয় খাদ্য দ্ৰব্য এনে নহয়, দেশৰ সকলো প্ৰান্তৰ লোকেই ইয়াক খায়। অসমত ইয়াৰ খেতি ভাল হয়। ইয়াৰ আদিভূমি কিন্তু অসম নহয়। কাৰণ অসমৰ অৰণ্যত জিকাতো বাদেই, জিকাসদৃশ উদ্ভিদকে পোৱা নাযায়। অসমীয়াৰ জিকা শব্দটো সংস্কৃতমূলীয় যেন লাগে। কিয়নো, সংস্কৃতত ইয়াক ঝিংগাক, হিন্দীত জিঙলী আৰু বঙালীত ঝিংগা, ঝিকা আদি নামেৰে বুজোৱাবলৈ চালে দক্ষিণৰ ফালৰ পৰাই ইয়াক অনা হৈছিল যেন লাগে। ইয়াক ইংৰাজীত কোৱা হয় Ridged gourd বুলি। হয়তো ইয়াৰ গাটোত কেইবাটাও সিৰা থকাৰ হেতুকেই সেই নাম ৰখা হৈছে। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Luffa acutangula.
ই একবৰ্ষী, মুখ্যতঃ বৰ্ষাকালীন লতাজাতীয় উদ্ভিদ। পাত একান্তৰ, ৫-৭ খলপাযুক্ত, তলে-ওপৰে খহটা। গছত বাৰিষা ফুল ধৰে আৰু কলি ওলায়। সকলো ফুলতে অৱশ্যে ফল নধৰে। সাধাৰণতে আবেলিৰ ভাগত ফুল ওলাই গোটেই গছডাল ঢাকি ধৰে। হালধীয়া বৰণৰ ফুলৰ সৈতে জিকাৰ গছ একোজোপা দেখাত ইমানেই মনোমোহা হৈ পৰে যেন ফুলনি বাৰীৰ মাজত একোজোপা আপডাল কৰি তোলা সুন্দৰ ফুলহে। এই ফুলবোৰৰ বেছিভাগেই বঁজা (মতা ফুল), অৰ্থাত্ ফল দিব পৰা নহয়। জিকাৰ প্ৰজাতিভেদে ফলৰ দৈৰ্ঘ্য কম-বেছি হয়। সাধাৰণতে এইবোৰ ২৫-৬০ চেণ্টিমিটাৰৰ ভিতৰতে হয়। দেখা যায় যে আমাৰ স্থানীয় জিকাবোৰ তুলনামূলকভাৱে হাইব্ৰিডতকৈ চুটি। হাইব্ৰিডবোৰ বেছি শকতো। পিছে আকাৰ-আয়তনত হাইব্ৰিডবোৰে বাহাদুৰি মাৰিব পাৰিলেও স্বাদৰ ক্ষেত্ৰত কিন্তু স্থানীয় জিকাৰ সোৱাদ বেছি হয়। খাদ্য হিচাপে জিকাৰ দুটামান ইতিবাচক দিশ থাকে- ইয়াৰ কোনো জলা, টেঙা, তিতা (কাচিত্ দুই-এটা তিতাও পোৱা যায়) বা ডিঙিত ধৰা ক্ৰিয়া নাই। ইয়াৰ প্ৰস্তুতি অতি সহজ আৰু সিজিবলৈ সময়ো লয় কম। সৰ্বোপৰি সকলো বয়সৰ আৰু সকলো প্ৰকাৰৰ ৰোগীয়ে ইয়াক খাব পাৰে। ইয়াক পুৰি, ভাজি, তৰকাৰী বা অন্য সুস্বাদু খাদ্য তৈয়াৰ কৰি খাবলৈ সহজ।
পুষ্টি প্ৰদানৰ ক্ষেত্ৰত জিকাই এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে। কাৰণ ইয়াত অবিশ্বাস্য ধৰণে বহু পুষ্টি উপাদান সন্নিবিষ্ট হৈ থাকে, যিবিলাকৰ বিশ্লেষণাত্মক তথ্য বাহিৰ হোৱাৰ পিছতহে আমি পতিয়ন যাব পৰা হৈছো। আনহাতে ই ইটো-সিটো ঔষধি গুণৰো অধিকাৰী। প্ৰথমে চোৱা যাওক পুষ্টিগুণৰ বিষয়ে। কুন্নুৰস্থিত পুষ্টিবিজ্ঞান গৱেষণা প্ৰয়োগশালাৰ ফালৰ পৰা প্ৰকাশ কৰা মতে ১০০ গ্ৰাম খাদ্যোপযোগী জিকাৰ অংশত পোৱা পুষ্টি উপাদানবোৰ এনে-
উপাদান |
পৰিমাণ |
জলীয় বাষ্প প্ৰ’টিন চৰ্বি আঁহ কাৰ্ব’হাইড্ৰেট শক্তি |
৯৫.২ গ্ৰাম ০.৫ গ্ৰাম ০.১ গ্ৰাম ০.৫ গ্ৰাম ৩.৪ গ্ৰাম ১৭ কেলৰি |
খনিজ পদাৰ্থ কেলচিয়াম মেগনেছিয়াম ফছফৰাছ আইৰন ছডিয়াম পটাছিয়াম কপাৰ ছালফাৰ ক্ল’ৰিন |
৪০ মিঃগ্ৰাম ১১ মিঃগ্ৰাম ৪০ মিঃগ্ৰাম ১.৬ মিঃগ্ৰাম ২.৯ মিঃগ্ৰাম ৫০.০ মিঃগ্ৰাম ০.১৬ মিঃগ্ৰাম ১৪.০ মিঃগ্ৰাম ৭.০ মিঃগ্ৰাম |
অন্যান্য ভিটামিন-এ ভিটামিন-বি১ ভিটামিন-বি২ ভিটামিন-বি৩ ভিটামিন-চি অক্জেলিক এচিড |
৫৬ আই ইউ ০.০৭ মিঃগ্ৰাম ০.০১ মিঃগ্ৰাম ০.২ মিঃগ্ৰাম ৫.০ মিঃগ্ৰাম ২৭.০ মিঃগ্ৰাম |
গতিকে উল্লিখিত তথ্যই দেখুৱাই দিয়ে জিকা আমাৰ বাবে কিমান উপকাৰী হ’ব পাৰে। ইয়াত কেৱল অক্জেলিক এচিডৰ পৰিমাণ সামান্য বেছি থকাত বৃক্কত পাথৰৰ উদ্ৰেক ঘটোৱাৰ ক্ষীণ সম্ভাৱনা থাকিব পাৰে, যদিহে বহু বেছি পৰিমাণে জিকা খোৱা হয়। তাৰ বিপৰীতে কিন্তু আমাৰ দেহক প্ৰচুৰ পৰিমাণে লগা উপাদান, যেনে- কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, আইৰন আদিৰ লগতে ৰোগ প্ৰতিৰোধী ক্ষমতা থকা ছালফাৰ, ক্ল’ৰিন আদি উপাদান জিকাত নিহিত থাকে। ইফালে ভিটামিনৰ স্থিতিও যথেষ্ট সবল। তেন্তে জিকা আমাৰ বাবে পৰম উপকাৰী নহ’ব কিয় ?
এতিয়া ইয়াৰ ঔষধি গুণৰ বিষয়ে কোৱা যাওক। এইটো অনুমান কৰাটো সহজ যে ইমানবিলাক গুৰুত্বপূৰ্ণ উপাদানৰ সমাহাৰ ঘটি থকা জিকাই পুষ্টি যোগানৰ উপৰি প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে ৰোগ প্ৰতিৰোধী ক্ষমতা প্ৰদান কৰাটোও সম্ভৱ। আয়ুৰ্বেদৰ দৃষ্টিত ই মধুৰ, স্নিগ্ধ, শীতবীৰ্য, পিত্তনাশক, মৃদুবিৰোচক, কৃমিনাশক আৰু জ্বৰ, কুষ্ঠ আদিৰ উপশম কাৰক ৰূপে গণ্য কৰা হয়। প্ৰাপ্ত তথ্য মতে পাথৰী ৰোগত ইয়াৰ শিপা বটি পানী বা গাখীৰৰ লগত খালে উপশম হয়।
লেখক: অৰ্পণ দত্ত, জিএনআৰচি স্বাস্থ্য।
শেহতীয়া উন্নীতকৰণ: : 3/5/2020
জিকা উপকাৰী আৰু উপাদেয়