অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টাইপ-২ ডায়েবেটিছ ৰোগীৰ উপকাৰী বেঙেনা

টাইপ-২ ডায়েবেটিছ ৰোগীৰ উপকাৰী বেঙেনা

ৰন্ধন কাৰ্যত সঘনাই ব্যৱহৃত পাচলি বেঙেনাৰ আছে অনেক স্বাস্থ্য উপকাৰী গুণ। বেঙেনাত কাৰ্ব’হাইড্ৰেট কম পৰিমাণে থকা আৰু আঁহ অধিক পৰিমাণে থকাৰ বাবে ডায়েবেটিছ ৰোগীসকলে শংকাহীনভাৱে খাব পাৰে এই পাচলিবিধ। নিতৌ বেঙেনা খালে এনে লোকৰ তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে। একেদৰে এই আঁহে গ্লুক’জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। সেইবাবে যিসকল লোক টাইপ-২ ডায়েবেটিছত আক্ৰান্ত তেওঁলোকৰ বাবে বেঙেনা অতি উপকাৰী। বেঙেনাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু আঁহ থাকে, যিয়ে শৰীৰৰ পৰা টক্সিন বাহিৰ উলিয়াই দিয়ে। ফলত এই পাচলিবিধে সহজে কৰ্কটৰ শংকা দূৰ কৰে। ইয়াৰ উপৰি প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে ভোক নিয়ন্ত্ৰণ হয় আৰু নিয়মিত বেঙেনা খোৱাৰ ফলত শৰীৰৰ ওজন হ্ৰাস পায়। একেদৰে পটাছিয়াম, এন্থছায়ানিন থকাৰ ফলত এই পাচলিবিধে ৰক্তচাপ নিয়ন্ত্ৰিত কৰে। ইয়াৰ উপৰি শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাতো বেঙেনাৰ আছে বিশেষ ভূমিকা। ভিটামিন বি-৬, ফ্লেভোনয়েডছ আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ বেঙেনা খোৱাৰ ফলত হৃদযন্ত্ৰৰ ধমনী ভালে থাকে আৰু হাৰ্ট এটেকৰ আশংকা হ্ৰাস পায়। এইবোৰৰ উপৰি বেঙেনাত থকা ফাইটোনিউট্ৰিয়েণ্টছ-এ মস্তিষ্কৰ কোষ সুস্থ ৰাখে।

উৎসঃ নিয়মীয়া বাৰ্তা।

শেহতীয়া উন্নীতকৰণ: : 8/31/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate