অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডাব নাৰিকলৰ পানীৰ গুণাগুণ :

ডাব নাৰিকলৰ পানীৰ গুণাগুণ :

সময় অনুযায়ী প্ৰকৃতিৰ দানবোৰ জীৱকূলৰ বাবে যে উপকাৰী সেয়া যুগ যুগ ধৰি প্ৰমাণ হৈ আহিছে। 
আৰম্ভ হৈছে গৰমৰ বতৰ আৰু এনে বতৰত আমিবোৰে তৃষ্ণা দূৰ কৰাৰ উদ্দেশ্যে কত যে ৰঙীণ ৰঙা,নীলা,হালধীয়া শীতল পানীয়বোৰ ব্যৱহাৰ কৰো। পিছে এই কৃত্ৰিম পানীয় বোৰৰ দ্বাৰা আমাৰ কি উপকাৰ বা অপকাৰ হৈছে সেই বিষয়ে আমাৰ কিন্তু তিলমানো ভ্ৰূক্ষেপ নাই। আহকচোন আজি জানি থ‌ওঁ এই অচস্তিকৰ গৰমত প্ৰকৃতিৰ দান ডাব নাৰিকলৰ পানীৰ অতুলনীয় স্বাস্থ্য উপকাৰিতাৰ বিষয়ে।

১)প্ৰতিদিনে এক গিলাচ ডাব নাৰিকলৰ পানী পান কৰিলে বুকু জ্বলা পুৰা কৰা বা এচিডিটি নোহোৱা হৈ আৰু হজম শক্তি বৃদ্ধি পায়।

২)মানুহৰ কিডনি দুটিকো এই নাৰিকলৰ পানীয়ে ভিন্ন ৰোগৰ পৰা নিৰাপদে ৰাখিব পাৰে কিয়নো ইয়াত ৰৈছে প্ৰচুৰ পৰিমাণে মিনাৰেল পটাচিয়াম, মেগনেছিয়াম। লগতে ই বিভিন্ন UTI (Urinary track infection) ৰ পৰাও মানৱ দেহাটিক সুৰক্ষিত কৰে।

3)ডাব নাৰিকলৰ পানীয়ে কোষ্ঠকাঠিন্যৰ সমস্যায়ো দূৰ কৰে। লগতে গেচট্ৰিক, আলচাৰ, পাইলচ, ডিচেনট্ৰি , সঘনাই বমি হৈ থকা আদি সমস্যাবোৰটো ই বৰ উপকাৰী।

৪)নিয়মিত এই পানীয় সেৱন কৰিলে মুখৰ দাগ, ভ্ৰুণ আদি নোহোৱা হয় আৰু মুখৰ উজ্বলতা বৃদ্ধি পায়,দেহত ঘামুচি নহয়।

৫)গৰমত শৰীৰৰ ডিহাইড্ৰেছন দূৰ কৰাৰ উদ্দেশ্যে এই পানী পান কৰিলে তাৎক্ষণিক ফল পোৱা যায়। গৰ্ভৱতী মহিলা সকলেও এই পানী মাজে সময়ে পান কৰা উচিত।

৬)উঠি অহা লৰা ছোৱালীক এই পানী পান কৰালে গ্ৰ্ঠ সুন্দৰ হয়।

৭) ডাব নাৰিকলৰ পানীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই বেক্টেৰিয়েল ও ভাইৰেল জনিত ৰোগৰ পৰা আমাৰ দেহাটিক ৰক্ষা কৰে।কিয়নো ইয়াত অন্তৰ্নিহিত হৈ থাকে ৰাইবফ্লেভিন, নিয়াচিন, থায়ামিন তথা পেৰিডক্সিনৰ দৰে মূল্যবান উপাদান।

এই পানীত প্ৰচুৰ পৰিমাণে ছডিয়াম আৰু শৰ্কৰা থকাৰ বাবে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ ৰোগীয়ে অতিমাত্ৰাত সেৱনৰ পৰা বিৰত থাকিব।

বন্ধুবৰ্গ দেহাটিৰ সুস্থতাৰ কথা চিন্তি এই গৰমত বজাৰত পোৱা কৃত্ৰিম ক্ষতিকাৰক অতিৰিক্ত কেলৰি ও চেনিযুক্ত ছফ্ট ৰঙীণ ড্ৰিংকচবোৰ পৰিহাৰ কৰি প্ৰাকৃতিক পানীয় ডাব নাৰিকলৰ পানী সেৱন কৰক। কাৰণ ই কেৱল প্ৰাকৃতিক পানীয় যে এনে নহয়, ইয়াত ৰোৱা উপকাৰী উপাদান বোৰে আমাৰ দেহাটিকো ভিতৰৰ পৰা সুস্থ কৰি ৰাখে।

লেখক: খালিদ ইছলাম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate