তিয়ঁহ বা খিৰা এনে এবিধ পাছলি যি নেকি সমগ্র বিশ্বতে প্ৰায় সহজলভ্য।
ৰান্ধিয়ে খাওক বা কেচাই খাওক, গণি শেষ কৰিব নোৱাৰা গুণেৰে সমৃদ্ধ এই তিয়ঁহ।
ৰূপচৰ্চাতো তিয়ঁহ বা খিৰাৰ যে এক সূকীয়া স্থান ৰৈছে এই কথাও জানো আজিৰ তাৰিখত কোনো নজনাকৈ আছে বাৰু আহকচোন আজি আমি জানি থওঁ মানৱ শৰীৰত তিয়ঁহ বা খিৰাৰ কিছু উপকাৰিতা...
১)তিয়ঁহ খালে শৰীৰত পানীশূন্যতা মানে Dehydration দূৰ হয়। যিহেতু তিয়ঁহ ৮৫% পানীৰে পৰিপূৰ্ণ।
২)শৰীৰত বৰ্জিত বিষাক্ত পদাৰ্থবোৰ অপসাৰণৰ ক্ষেত্ৰত তিয়ঁহ বা খিৰাত থকা ৰস বৰ উপকাৰী।
৩)পানীৰ উপৰিও তিয়ঁহত থাকে Vitamin A,B ও C. মানে শৰীৰত ভিটামিন শূন্যতা দূৰ কৰাৰ ক্ষেত্ৰতো এই পাছলিৰ ভূমিকা যথেষ্ট ।
৪)খিৰাত আছে উচ্চমাত্ৰাত Potassium, Magnesium, Silicone আৰু এইবোৰে মানুহৰ মূখৰ সৌন্দৰ্য্য মই নকলেও যে বৃদ্ধি কৰে সকলোৱে জানে।
৫)তিয়ঁহ য়ে মানুহৰ হজম শক্তি বৃদ্ধি কৰাৰ লগতে Obesity মানে অপ্ৰয়োজনীয় দৈহিক ওজন কমাই।
৬)Diabetes নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো খিৰাৰ ভূমিকা যথেষ্ট।
৭)চুলি আৰু নখ সতেজ কৰি ৰাখে।
৮)তিয়ঁহ বা খিৰাক বহু সময়ত Natural Diuretic বুলি কোৱা হয়। কিয়নো ই মানুহৰ UTI (urinary tract infection) মানে প্ৰস্ৰাৱৰ সমস্যা দূৰ কৰাৰ লগতে Kidney সুস্থ কৰি ৰাখে।
৯)Blood Pressure নিয়ন্ত্ৰণত ৰাখে।
১০)এন্টি কেঞ্চাৰ হিচাপেও টিয়ঁহ বা খিৰাক গণ্য কৰা হয়।
লেখক: খালিদ ইছলাম