অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিলৰ উপকাৰিতা

তিলৰ উপকাৰিতা

তিলৰ কথা অন্য সময়ত মনত নপৰিলেও কিন্তু বিহুৰ সময়ত অসমৰ সকলো থলুৱা লোকৰ মনলৈ ই আপোনা-আপুনি আহি যায়। কাৰণ, তিল নহ’লে যে বিহুৰ খাদ্য অসম্পূৰ্ণ সেই কথা সকলোৱে জানে। তিল নহ’লেচোন তিলৰ লাড়ু, তিলপিঠা বা চাউল মাহৰ সমাহাৰেৰে মাহকৰাই আদি উপভোগ্য দ্ৰব্যসমূহ সম্ভৱেই নহয়। তিলৰ ব্যৱহাৰ আমাৰ দেশত সিন্ধু সভ্যতাৰ সময়ৰ পৰাই হৈ অহাৰ তথা পোৱা যায়।

তিলৰ বৈজ্ঞানিক নাম হৈছে চিছাম ইণ্ডিকাম। ইয়াৰ বৰণভেদে তিনিটা প্ৰজাতি- ক’লা বগা আৰু ৰঙা তিল পোৱা যায়। ইবিলাকৰ ভিতৰত ক’লা তিলৰ ব্যৱহাৰিক ক্ষেত্ৰ বেছি বিস্তৃত। সামগ্ৰিকভাৱে সকলো তিলতে তেল থাকে। এই তেল মুখ্যত: পলি আনছেচুৰেটেড ফেটী এচিডেৰে গঠিত। সেয়েহে এই তেল ঠাণ্ডা দিনত গোট নামাৰে। এই তেলৰ উপৰি তিলত পোৱা যায় ভিটামিন (ঘাইকৈ বি আৰু ই), মিনাৰেল (জিংক, মেগনেছিয়াম, কেলছিয়াম, ছেলেনিয়াম আদি) আৰু ফলিক এচিড। এইখিনিৰ উপৰি তিলত পোৱা যায় এন্টি অক্সিডেন্ট যৌগ, প্ৰাকৃতিক লিপিড, গ্লাইক’লিপিড, ফছফোলিপিড, ছেচামুছ, চেছামনিন আদি। লগতে পোৱা যায় কম পৰিমাণে প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেটো। শক্তিৰ ফালৰ পৰাও তিল যথেষ্ট শক্তিশালী, ৫৭৩ কেলৰি/১০০ গ্ৰাম।

তিলৰ পৰাই তেল উলিয়াই তিল তেল পোৱা যায়। এই তেলত অতিৰিক্তভাৱে পোৱা যায় কৰ্কটৰোধী এন্টি অক্সিডেন্ট। ফলত নিয়মীয়াভাৱে তিল খাই থাকিলে কলন আৰু ৰেক্টাম কেন্সাৰৰ সম্ভাৱনা বহুখিনি হ্ৰাস পায় বুলি পোহৰলৈ আহিছে। কেৱল সেয়ে নহয় কেন্সাৰ চিকিৎসাত ব্যৱহৃত ৰেডিয়েচন থেৰাপী আৰু কেম’থেৰাপীৰ ফলত কোষ তথা ডি এন এৰ যি বিস্তৰ ক্ষতি হয় সেই ক্ষতি তিল তেলে পূৰণ কৰিব পাৰে বুলি জনা গৈছে। সম্প্ৰতি গৱেষণাৰদ্বাৰা পোহৰলৈ আহিছে যে উচ্চ ৰক্তচাপ হ্ৰাসত তিলতেলৰ ইতিবাচক ভূমিকা থকাৰ লগতে ৰক্তত এল ডি এল জাতীয় ক্ষতিকাৰক কলেষ্টেৰলৰ পৰিমাণ কমাই এইচ ডি এল জাতীয় উপকাৰী কলেষ্টেৰলৰ পৰিমাণ বঢ়াই তুলিব পাৰে। ফলত ইয়াক নিয়মীয়াভাৱে সেৱন কৰি হৃদৰোগৰ আংশকা কমাব পৰা যায়। সমান্তৰালভাৱে, ই তেজত শৰ্কৰাৰ পৰিমাণ কমাব পৰা ক্ষমতা থকাৰ হেতুকে মধুমেহ ৰোগৰ উৎপত্তি বাধাপ্ৰাপ্ত হোৱাৰ উপৰি টাইপ-১ আৰু টাইপ-২ মধুমেহধাৰী লোকৰ ৰোগ নিয়ন্ত্ৰণতো সহায় কৰিব পাৰে। তিলতেলে চুলিত উফি হোৱা বা চুলি ফটা ৰোধ কৰাৰ ক্ষমতা থকাৰ বাবে তিল গছৰ পাত আৰু শিপা এতোলা পৰিমাণে লৈ থেতালি চুলিত ঘঁহিলে উভয় দিশতে উপকাৰ পাব পাৰে। এনে প্ৰয়োগে চুলিৰ অকালপক্কতা হ্ৰাসতো অৰিহণা যোগাব পাৰে। অৰ্শ ৰোগ নিৰাময়ত তিলতেলে প্ৰভূত বৰঙণি যোগাব পাৰে। ক’লা তিল পিছি বা খুন্দি পেষ্ট কৰি তাত মাখন সানি পুৱা চেঁচাপানীৰ সৈতে খালে অৰ্শ ৰোগ ভাল হয়। বহু শিশুৱে ৰাতি টোপনিত প্ৰস্ৰাৱ কৰে। এনে অসুবিধা আতঁৰোৱাৰ বাবে নিয়মীয়াকৈ ক’লা তিল খুৱালে সুফল পোৱা যায়। তেনেকৈ তিলতেল মূৰত ঘঁহি অনিদ্ৰা উপশম ঘটাব পৰা যায়। তিলতেলে মুখৰ দুৰ্গন্ধ নাশ, অষ্টিঅ’পৰোচিছ আৰু ৰিকেট নাশতো সহায় কৰিব পাৰে।

তিলৰ আৰু ভালেমান উপকাৰ আছে বুলি পোহৰলৈ আহি আছে। সেয়ে তিল অথবা তিলতেল নিয়মীয়াভাৱে আমি গ্ৰহণ কৰি থাকিলে আমি বহু উপকাৰ পাব পাৰো। কিন্তু তিলেই হওক বা ইয়াৰ তেলেই হওক সকলো লোকে ব্যৱহাৰ কৰিব নোৱাৰে, কিয়নো কোনো কোনো লোকে এলাৰ্জীৰ সন্মুখীন হ’ব লগা হয়। সেয়ে তেনে লোকে জোৰেৰে তিলৰ ব্যৱহাৰ নকৰি, ব্যৱহাৰৰ পৰা বিৰত থকাই মংগলজনক।

লিখক: অপণ দত্ত, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate