অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধনিয়া এক উৎকৃষ্ট সুগন্ধি মছলা :

সমগ্ৰ ভাৰততে ‘ধনিয়া’ নামেৰে সকলোৱে চিনি পোৱা এইবিধ মছলা প্ৰায় প্ৰতিঘৰ মানুহে ব্যৱহাৰ কৰে। ভাৰতত এইবিধ চাপৰ জাতৰ উদ্ভিদৰ পাত সকলো প্ৰকাৰৰ আঞ্জা আৰু মাছ-মাংসৰ আদিৰ ৰন্ধনত ব্যৱহৃত হয় যদিও, খাদ্যৰ থালৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেও আহাৰৰ ওপৰত পৰিৱেশনৰ আগে আগে ইয়াৰ পাত সজাই দিয়া হয়। ধনিয়া পাত কেঁচাকৈ এনেদৰে সজাই দিয়াৰ প্ৰথা সমগ্ৰ বিশ্বতে সকলো জনগোষ্ঠীৰ লোকৰ মাজতে প্ৰচলিত। ভাৰতত ধনিয়া আৰু আমেৰিকা আৰু ইউৰোপৰ কিছুমান অঞ্চলত ইয়াক চিলান্ট্ৰ’ নামেৰে জনা যায়। ধনিয়াৰ প্ৰয়োগে খাদ্যৰ সুগন্ধি বৃদ্ধি কৰাৰ লগতে খাদ্য সুস্বাদু কৰিও তোলে।

ধনিয়াৰ বৈজ্ঞানিক নাম হ’ল- Coriandrum stivum L। ই মূলতঃ মধ্য প্ৰাচ্য আৰু দক্ষিণ ইউৰোপৰ উদ্ভিদ। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে ইয়াৰ খেতি কৰা হয়। যিবিলাক দেশত ইয়াৰ খেতি নহয়, সেইবিলাক দেশলৈ অন্য দেশৰ পৰা ব্যাপক পৰিমাণত ধনিয়া আমদানি কৰা হয়।

খ্ৰীষ্টানসকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ‘বাইবেল’ আৰু ‘এক্স’ডাচ এণ্ড নাম্বাৰ্ছ’ নামৰ গ্ৰন্থতো সেই তাহানি কালতে ধনিয়াৰ উল্লেখ পোৱা যায়। খ্ৰীষ্টীয় ৬০০ বৰ্ষতে ধনিয়া চীনাসকলে বনৌষধস্বৰূপে ব্যৱহাৰ কৰাৰ উল্লেখ পোৱা যায়।

ধনিয়াৰ স্বাস্থ্য উপকাৰিতা -

  • ধনিয়াৰ ভোক বৃদ্ধি কৰাৰ গুণ আছে। ই পাচক ৰসৰ উৎপাদন বৃদ্ধি কৰে।
  • ধনিয়াৰ বেক্টেৰিয়া ধ্বংস কৰাৰ গুণ আছে। ইয়াৰ পাত ভেঁকুৰ নাশকৰূপে ব্যৱহাৰ কৰিব পাৰি। ধনিয়াৰ গুটি সেৱন কৰিলে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়।
  • ধনিয়াৰ বিষ-যন্ত্ৰণা নিৰাময় কৰাৰ গুণো আছে। সেয়ে ধনিয়া খালে মূৰৰ বিষ, মাংসপেশীৰ বিষ কমে। লগতে শৰীৰৰ যিকোনো অংগৰ জঠৰতা আৰু সন্ধিৰ বিষ কমায়।
  • ধনিয়াৰ পাত এবিধ শক্তিশালী প্ৰাকৃতিক ‘ক্লিনজিং’ দ্ৰব্য। সেয়ে ইয়াৰ পাত শৰীৰৰ পৰা গধুৰ ধাতু আৰু বিষাক্ত উপাদান নিষ্কাশন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।
  • আলঝেইমাৰ ৰোগ নিৰাময়তো ধনিয়া পাত ব্যৱহাৰ কৰা হয়। ধনিয়াৰ পাতে এই ৰোগত মস্তিষ্কৰ নিউৰণ ধ্বংস হোৱা প্ৰক্ৰিয়া বাধা দিব পাৰে।
  • ধনিয়াৰ পাতে বমিৰ ভাব আৰু বমি বন্ধ কৰাত সহায় কৰে।

ধনিয়াৰ ব্যৱহাৰ -

  • ধনিয়া দিয়া খাদ্যই সতেজতা আৰু খাবলৈ মন যোৱা এক সুগন্ধি আনি দিয়ে।
  • ধনিয়াৰ পাত বটি তাৰ ৰস উলিয়াই সেৱন কৰিব পাৰি। তাৰোপৰি তাৰ পাত শুকুৱাই ঔষধীয় চাহ প্ৰস্তুত কৰিও খাব পাৰি। ইয়াৰ পাত যেনেকৈয়ে নেখাওক কিয়, ইয়াৰ দৰকাৰী পুষ্টি আৰু ঔষধীয় উপাদানৰ কোনো হীন-ডেঢ়ি নহয়।
  • ধনিয়াৰ গুটি এক উৎকৃষ্ট মছলাৰূপে ব্যৱহাৰ কৰা হয়। শুকান ধনিয়াৰ গুটি সামান্যভাৱে শুকানকৈ ভাজি লৈ মিহিকৈ গুড়ি কৰি লোৱা হয়। এই গুড়ি যিকোনো ব্যঞ্জনত মছলাৰূপে ব্যৱহাৰ কৰা হয়।

ধনিয়াৰ গুড়ি শুকানকৈ ভজাৰ ফলত এক প্ৰকাৰৰ বিশেষ সুগন্ধি যৌগ মুকলি হয় আৰু লগতে সুগন্ধি তেল ওলায়।

দুটিমান তথ্য -

  • ধনিয়াৰ গুটি ঘূৰণীয়া আৰু আকাৰত সৰু। গুটিবোৰ শুকালে ইয়াৰ অকটা গোন্ধ নাইকিয়া হয় আৰু পিছলৈ সুগন্ধি হৈ পৰে। গুটিবোৰ যিমানে পুৰণি হ’ব, যিমানে সেইবিলাক সুগন্ধি হৈ পৰে।
  • ধনিয়াৰ গোটেই গছডালেই খোৱাৰ উপযোগী যদিও, সাধাৰণতে ইয়াৰ পাত আৰু শুকান গুটিহে মছলাৰূপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পাত আৰু গুটিৰ সোৱাদ বেলেগ।
  • খাদ্য পৰিৱেশন কৰাৰ আগে আগে গৰম খাদ্যৰ ওপৰত ধনিয়াৰ পাত ছটিয়াই দিব লাগে। বেছি আগতে ধনিয়াৰ পাত দিলে ইয়াৰ সুগন্ধি নাইকিয়া হয়।
  • বেলজিয়ামৰ সুৰা প্ৰস্তুতকৰ্তাসকলে ধনিয়াৰ পাত আৰু সুমথিৰাৰ শুকান বাকলি বিয়েৰৰ লগত মিহলাই সুমথিৰা আৰু ধনিয়াৰ মিশ্ৰিত সুগন্ধি প্ৰয়োগ কৰে।
  • ইউৰোপৰ বিভিন্ন ঠাইত ধনিয়াক ‘ডায়েবেটিছ প্ৰতিৰোধী’ উদ্ভিদ বুলি কয়। কাৰণ ধনিয়াই শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। ভাৰতত ধনিয়া আকৌ পেটৰ জ্বলা-পোৰা প্ৰতিৰোধী উদ্ভিদ বুলি কোৱা হয়।
  • ধনিয়াৰ গুটি গুড়ি কৰি এটা বতাহ সোমাব নোৱাৰা বটলত টানকৈ সাঁফৰ মাৰি ৰাখিব লাগে। এই মছলা গুড়িও যিমান সোনকালে পাৰে, ব্যৱহাৰ কৰিব লাগে। কাৰণ বেছি দিনলৈ সাঁচি থ’লে ইয়াৰ উদ্বায়ী সুগন্ধি তেল ভাপ হৈ উৰি যায় আৰু ইয়াৰ পৰা পাব পৰা সুগন্ধি সোনকালে নাইকিয়া হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate