অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধনিয়া শাক :

ধনিয়া শাক :

শাক হিচাপে ধনিয়াৰ এক সুকীয়া বিশেষত্ব থাকে। ইয়াৰ এক বিশেষ সুগন্ধ থাকে। এই গোন্ধ প্ৰদান কৰে ইয়াৰ পাতত থকা এবিধ তেলে। ধনিয়াৰ এই সুগন্ধিয়েই ইয়াৰ আকৰ্ষণৰ মূল ভেটি। পাত ছিঙিলেই নিৰ্গত হোৱা গোন্ধৰ বাবেই ইয়াৰ অন্য এটি নাম হৈছে গোন্ধোৱা।

ইংৰাজীত ইয়াক Coriander আৰু বৈজ্ঞানিকভাৱে Coriander Sativum নামেৰে জনা যায়। মুখ্যতঃ ইয়াক মচলা হিচাপে ব্যৱহাৰ কৰি থকা হ’লেও শাক হিচাপেও ব্যৱহাৰ কৰা হয়।

এইবিধ শাকক প্ৰধানকৈ অন্য ব্যঞ্জনক সুগন্ধি কৰাত ব্যৱহৃত হ’লেও বহু সময়ত ইয়াক অকলেই ভাজি অথবা তৰকাৰি কৰি খোৱাতো ব্যৱহৃত হয়।

উল্লেখ্য, আজিকালি বছৰৰ সকলো সময়মতে বজাৰত ধনিয়া কিনিবলৈ পোৱা গ’লেও কিন্তু ই প্ৰধানকৈ শীতকালীন পাচলিহে আৰু সেয়ে শীতকালত ইয়াৰ গছৰ শ্ৰীবৃদ্ধি উত্তম পোৱাৰ দৰেই ইয়াক সুগন্ধিও যথেষ্ট বৃদ্ধি পায়।

সুন্দৰ ছিৰিলা-ছিৰিল পাতেৰে বনজাতীয় এই উদ্ভিদবিধ অতি কম ঠাইতে কৰিব পৰা যায়। জৈৱিক সাৰ সমৃদ্ধ মাটি ইয়াৰ খেতিৰ বাবে উৎকৃষ্ট আৰু তেনে মাটিত হোৱা ধনিয়া পাত, ঠাৰিৰ সুগন্ধও উন্নত হয়।

অসমত সৰু পাতৰ থলুৱা ধনিয়াৰ উপৰি কিছু ডাঙৰ পাতৰ এবিধ হাইব্ৰিড ধনিয়াও পোৱা যায়। এইবিধ ধনিয়াৰ গোন্ধ থলুৱাতকৈ ভালেখিনি কম।

ধনিয়াৰ বিষয়ে কোৱাৰ সময়ত অৱশ্যে অসমৰ লোকৰ চিনাকি অন্য এবিধ ধনিয়াৰ নামো উল্লেখ কৰিব লাগিব। এইবিধৰ নাম হৈছে মান ধনিয়া।

এইবিধ ধনিয়াৰ প্ৰকৃতি অন্য দুবিধ ধনিয়াতকৈ সুকীয়া। ইয়াৰ গছ বহু বৰ্ষজীৱী আৰু গোন্ধ বছ্ৰৰ সকলো সময়তে একে থাকে।

ইয়াৰ পাত সময় বিশেষে কাঁইটীয়া হৈ পৰে। এই ধনিয়াই মাটিৰ ওপৰেৰে বগুৱা ৱাই পাৰ্শ্বীয় বিস্তাৰণৰ দ্বাৰা বংশ বৃদ্ধি ঘটায়।

এইটো উল্লেখনীয় যে মুখ্যতঃ সুগবন্ধি লাভৰ বাবে কেঁচা ধনিয়া খোৱা হয় যদিও ইয়াৰ তৃপ্তিদায়ক স্বাদো থাকে। অৱশ্যে ইয়াৰ আকৰ্ষণীয় গোন্ধটো নথকা হ’লে স্বাদৰ অনুভৱ নহ’লহেঁতেন। তেতিয়া ই সাধাৰণ ঘাঁহ-বনৰ পৰ্যায়ত পৰিণত হৈ উঠিলহেঁতেন।

যি কি নহওক, এই গোন্ধ-স্বাদযুক্ত হোৱাৰ বাবে মচলাৰ বাহিৰেও চালাদ, পিঠা, পকৰা, বৰা, মাছৰ জোল, কণীৰ জোল, মাংসৰ জোল আদিৰ লগত মিহলাই খোৱাৰ উপৰি পোৰা-পিটিকা আদিতো ব্যাপক ৰূপত ধনিয়াৰ ব্যৱহাৰ কৰা হয়।

ধনীয়াৰ পুষ্টিকাৰক গুণ থকাৰ কথাটোও আমাৰ জ্ঞাত। ইয়াৰ ১০০ গ্ৰাম সতেজ পাতত পোৱা যায়-

  • ৮৭.৯ গ্ৰাম পানী,
  • ৩.৩ গ্ৰাম প্ৰ’টিন,
  • ০.৬ গ্ৰাম চৰ্বি,
  • ৬.৬ গ্ৰাম কাৰ্ব’হাইড্ৰেট,
  • ০.১৪ গ্ৰাম কেলচিয়াম,
  • ০.০৬ গ্ৰাম ফছফৰাছ,
  • ০.০১ গ্ৰাম আইৰন আদি।

লগতে ভিটামিনৰ ক্ষেত্ৰত-

  • ০.৬০ মিঃগ্ৰাম বি১,
  • ০.৮ মিঃগ্ৰাম বি২,
  • ১৩৫ মিঃগ্ৰাম চি আৰু
  • ১০.৪৬০ আই ইউ পৰিমাণৰ ভিটামিন পোৱা যায়।

ইয়াৰ উপৰি কেঁচা পাত-ঠাৰিত পোৱা যায় যথেষ্ট ফাইবাৰ। তেনেদৰে ইয়াৰ অন্য উপকাৰৰ ভিতৰত অৰুচিৰ ভাব দূৰকাৰক, ভোকবৰ্ধক, মূত্ৰাবৰ্ধক আদি কথা উল্লেখ কৰিব পাৰি। সেয়েহে ধনিয়া খোৱাৰ ওপৰত আমি গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে।

মন কৰিবলগা যে শীতৰ সময়খিনিতেই ধনিয়াৰ সৰ্বাধিক স্বাদ-গোন্ধ পোৱা হেতুকে এই সময়তেই ইয়াক খোৱাৰ প্ৰতি আমি বিশেষভাৱে মনোযোগ দিয়া উচিত হ’ব।

লেখক: অৰ্পণ দত্ত(নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate