অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নহৰু

নহৰু

নহৰু এবিধ শ্বেত বৰ্ণৰ কাণ্ড আৰু পাচলিজাতীয় শস্য । ইয়াৰ ফল ঘূৰণীয়া আৰু বগা ৰঙৰ হয় । ভাৰতবৰ্ষৰ প্ৰায় সকলো লোকে ইয়াক মছলা হিচাপে ব্যৱহাৰ কৰা দেখা যায় । নহৰু সাধাৰণতে উষ্ণ আৰু কিছু উৎকট প্ৰকৃতিৰ গোন্ধযুক্ত হয় । যদিও আপুনিনহৰুৰ গোন্ধ ভাল নাপায়, তথাপি নহৰু হৈছে আমাৰ স্বাস্থ্যৰ পক্ষে বহু প্ৰভাৱশালী খাদ্যপদাৰ্থ । হয়,খাদ্যসামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও নহৰুৱে আমাৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা দূৰ কৰিব পাৰে । অৱশ্যে নহৰু বতৰ অনুসৰি কম বেছি পৰিমাণে প্ৰয়োগ কৰা উচিত । শীতকালত নহৰু অধিক মাত্ৰাত ব্যৱহাৰ কৰিব পাৰি । কিন্তু গ্ৰীষ্মকালত ইয়াৰ পৰিমাণ সীমিত কৰক । জানো আহকচোন নহৰুৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণৰ বিষয়ে

(১) নহৰুৰ ৰস সেৱন কৰিলে ই আমাৰ শৰীৰৰ সকলো দূষিত পদাৰ্থ নোম ছিদ্ৰৰ দ্বাৰা বাহিৰলৈ উলিয়াই আনে ।
(২) নহৰুত ছালফাইড পোৱা যায়,যি আমাৰ শৰীৰত এল ডি এল কলেষ্টৰলৰ মাত্ৰা কম কৰি হাৰ্ট এটেক আৰু ব্লকেজ প্ৰতিৰোধ কৰিব পাৰে ।
(৩) মধুমেহ ৰোগীসকলে সদায় নহৰু খোৱা উচিত । তেজত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ দ্বাৰা স্বাস্থ্য ভালে থাকে ।
(৪) নহৰুত থকা এলিচিনে শৰীৰত সৃষ্টি হোৱা সংক্ৰমণৰ সৈতে যুঁজিব পাৰে । ই এক প্ৰকাৰৰ এণ্টি ফাংগল,যি শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰি এণ্টিবডিৰ সৃষ্টি কৰে ।
(৫) নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া সুগম কৰি তোলে । ই ছালৰ বিকাৰসমূহৰ ক্ষেত্ৰতো উপযোগী ।
(৬) জ্বৰ,পানী লগা বা চৰ্দি হ'লে মিঠাতেল জুইত গৰম কৰি তাত কেইটামান নহৰুৰ কলি মিহলাই নাক আৰু শৰীৰৰ অন্য স্থানত লগালে আৰাম পোৱা যায় ।
(৭) যদি কাণত বিষ হয়,তেন্তে নহৰুৰ তেলৰ কেইটামান গৰম টোপাল কাণত দিলে বিষ নোহোৱা হয় । নহৰু হৈছে এক প্ৰকাৰৰ এণ্টি অক্সিডেণ্ট,যি কাণৰ বেক্টেৰিয়াসমূহ নাশ কৰি তাত যিমান মলি আছে, সকলো বাহিৰলৈ উলিয়াই আনে ।
(৮) শৰীৰৰ পাচনতন্ত্ৰ অধিক শক্তিশালী কৰিবলৈ প্ৰতিদিনে আহাৰ খোৱাৰ পাছত কেইটামান নহৰুৰ কলি খোৱা উচিত । মাংসহাৰী বা শৰ্কৰা জাতীয় ভোজন যেতিয়া গ্ৰহণ কৰা হয়,তেতিয়া ইয়াৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি ।

শেহতীয়া উন্নীতকৰণ: : 6/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate