অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকলৰ স্বাস্থ্যজনীত লাভ আৰু হানিকাৰক গুণ

নাৰিকলৰ স্বাস্থ্যজনীত লাভ আৰু হানিকাৰক গুণ

নাৰিকলৰ ক্ষতিকাৰক গুণৰ বিষয়ে কিছু জনাতো ভাল ।

এটা কথা ঠিক - নাৰিকলত শৰীৰৰ বাবে উপযোগী সকলো পৌষ্টিক উপাদানেই আছে ।সেয়ে ধৰ্মীয় দিশত ইয়াক আগস্থান দিয়া হৈছে । নাৰিকল গছক কল্পবৃক্ষ আখ্যা দিয়াৰ লগতে এই ফলক অমৃত তুল্য ফল বুলিও কোৱা হয় । পিচে মাত্ৰাধিক অমৃত গলাধকৰন কৰি ইপুৰীত অমৰ হোৱাৰ বিপৰীতে সিপুৰীতহে হবগৈ পাৰে । অৰ্থাত নাৰিকলক স্বাস্থ্যবৰ্ধক, ৰোগনাশক বা ৰোগ প্ৰতিৰোধক ঔষধী খাদ্য হিচাবে ব্যৱহাৰ কৰিলে সঠিক মাত্ৰা আৰু উচিত সেৱন বিধি অনুসৰিহে ফল প্ৰাপ্তি হব। সচৰাচৰ নাৰিকল বিহু , উৎসৱ পাৰ্ৱন উপলক্ষ্যে খোৱাৰ বাহিৰে নিয়মিত নাৰিকল খোৱা ব্যক্তি কমেই দেখা যায় ।

অন্যহাতে ধৰ্মীয় প্ৰসাদত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ ,উচ্চ মান বিশিস্থ আৰু স্বাস্থ্য সন্মত বুলি আমি গৌৰৱ কৰিব পৰা মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ আৱিস্কৃত মাহ প্ৰসাদত সংযোজন কৰা নাৰিকলৰ ব্যৱহাৰ অতি প্ৰসংশনীয় । ইয়াৰ বাহিৰে অসমত সীমিত উৎপাদনৰ বাবে নাৰিকলক ঘৰে ঘৰে নিত্য ব্যৱহাৰ্য সামগ্ৰী হিচাবে লবলৈকো পৰ্যাপ্ত নহয় ।

নাৰিকলৰ হানিকাৰক গুণ -

নাৰিকলত স্বাস্থৰ বাবে লাভজনক গুন যিমান আছে তাৰ তুলনাত নগন্য মাত্ৰহে ক্ষতিগুন আছে। সঠিক মাত্ৰাত এজন সুস্থ লোকে নিয়মিত নাৰিকল ,ডাবৰ পানী বা নাৰিকলৰ পৰা তৈয়াৰী যিকোনো খাদ্য খোৱাতো দেহৰ বাবে অত্যন্ত লাভজনক তথা বিভিন্ন ৰোগ প্ৰতিৰোধক । তথাপি বিশেষ কিছু ৰোগত নাৰিকল সেৱনত ক্ষতি গুন পৰিলক্ষিত হোৱা দেখা যায় ।

১।অনভ্যাসৰ বাবেই হওক বা আন কোনো ৰোগৰ কাৰনতেই হওক নাৰিকল হঠাতে বেচিকৈ খালে বহুতৰে ক্ষেত্ৰত পেটৰ ৰোগ ,বদহজম, ডায়েৰিয়া নাইবা আন পাৰ্শ্বক্ৰিয়াও হব পাৰে ।

২। জৰ, চৰ্দি, কাহ, হাপানি বা ঠাণ্ডা লাগি হোৱা কোনো ৰোগত নাৰিকল বা ডাৱৰ পানী ক্ষতিকাৰক।

৩। ওজন বা চৰ্বি কমোৱাৰ বাবে ,কলেষ্ট্ৰেল নিয়ন্ত্ৰন, প্ৰস্ৰাৱৰ ৰোগ, উচ্চ ৰক্তচ্চাপ , হৃদযন্ত্ৰ ৰোগ কৰ্কত ,বাতজনীত বিষ আদিত নাৰিক দাৱৰপানী গাখীৰ আদি খোৱা খুবেই হিতকাৰী যদিও বেচিকৈ খালে হিতে বিপৰীত হব পাৰে ।

৪।ডায়েবেটিচ বা বহুমুত্ৰ ৰোগত কিছু লাভজনক দিশ থাকিলেও চিকিৎসকক নজনোৱাকৈ কেতিয়াও নাখাব ।

৫। নিম্ন ৰক্তচ্চাপ ৰোগীয়ে কেচা নাৰিকল, পানী বা দুগ্ধ নাখাব ।

৬।পেটৰ ৰোগ, এলাৰ্জী সমস্যা থকা লোক বা অইন কোনো লোকে নাৰিকল খাই পাৰ্শক্ৰিয়া অনুভৱ কৰিলে নাৰিকল নাখাব ।

৬। কিছুমান ৰোগত দেহত থকা পৌষ্টিক উপাদানৰ আধিক্যতাৰ বাদে নাৰিকল ক্ষতিকাৰক হব পাৰে।  তেনে ক্ষেত্ৰত চিকিত্সকৰ পৰামৰ্শ লব ।

বজাৰত পোৱা শুকান নাৰিকল বা পানী শুকাই যোৱা সম্পুৰ্ন পুৰঠ নাৰিকল অতি সোৱাদৰ লগতে অত্যন্ত গুনকাৰী । এনে নাৰিকলে ৰুগীয়া দুৰ্বল লোক লৰাছোৱালী ,গৰ্ভৱতী মহিলা তথা ভাবী সন্তান , বা যিকোনো লোকৰ বাবে মগজু আৰু সুস্বাস্থ্যগঠনত যথেষ্ঠ হিতকাৰী ।

লেখক :- যতীন দাস

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate