অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাত শাকৰ ঔষধি গুণ :

পাত শাকৰ ঔষধি গুণ :

 

*চজিনা: এইবিধ শাকত আটাইকেইটা ভিটামিন থকাৰ বাবে ইয়াক ‘ফুল অব ফিটামিন’ বুলি ধৰা হয়। ছিৰাবোৰৰ উপৰি কুমলীয়া পাতবোৰো খাদ্য।

* মচন্দৰী: ই এবিধ উৎকৃষ্ট শাক। ইয়াৰ ঔষধি গুণ উৎপন্ন হয় যেতিয়া সৰু মাছৰ লগত আঞ্জা বনাই খোৱা হয়। এনেকৈ খালে চকুৰ ৰশ্মি বাঢ়ে।

*খুতৰা শাক: এইবিধ শাকৰ লগত সৰু সৰু মাছৰ জোল বনাই খাই থাকিলে মগজ বাঢ়ে আৰু ছালৰ উজ্জ্বলতা বাঢ়ে।

*তিতাফুল: তিতাফুলৰ পাতৰ বায়ু শোধন কৰিব পৰা ক্ষমতা অধিক। বাৰীত অধিক পৰিমাণৰ তিতাফুলৰ গছ থাকিলে সেইঘৰ মানুহৰ উশাহ লোৱাত কষ্ট পোৱা বেমাৰ নহয়, আনহাতে তেনে লোকৰ ঘৰত মেলেৰিয়াই আক্ৰমণ কৰিব নোৱাৰে।

*শেৱালি: নিশা ফুলা এবিধ ফুল গছ। হ’লেও ইয়াৰ ফুলৰ শাক অতি ভাল ঔষধ। ইয়াৰ গোন্ধে কলিজা সবল কৰি ৰাখে, তেজ শোধন হয়।

*লাই: এইবিধ শাকত এবিধ তেল থাকে। সেই তেল খাওঁতাৰ শৰীৰত প্ৰৱেশ কৰিলে দেহৰ উত্তাপ বাঢ়ে। দ্বিতীয়তে গাৰ ছাল পৰিষ্কাৰ কৰে। লগতে কমনীয়তাও বঢ়ায়।

*লফা: এইবিধ শাক মিঠা আৰু পিচল পদাৰ্থৰে গঠিত। খাদ্যৰ যোগেদি শৰীৰৰ ভিতৰলৈ গ’লে হজম শক্তি বঢ়ায়।

*পালেং: এইবিধ শাকত ভিটামিন ‘চি’ আৰু ‘ডি’ দুয়োটা থাকে। গতিকে এইবিধ শাক আমাৰ সকলোৰে বাবে উপকাৰী।

* কচু: কচু গছৰ শাক খালে দেহলৈ লৌহ পদাৰ্থ আহে। ইয়াৰ বাবে হাড় বাঢ়ি যোৱাত সহায় হয়। কচুৰ গুটি আৰু পাতবোৰো ভাল খাদ্য।

*মানিমুনি: বনজাতীয় শাক, ইয়াৰ তিনিটা ভাগ। তিনিওটা ভাগেই ঔষধ। (ক) পাইখানা যদি বৰ ঢিলা আৰু পাতল হয়, ইয়াৰ কেঁচা ৰস অতি উত্তম। (খ) পেট গেঁঠেলা মাৰিলেও ইয়াৰ ৰস দিয়া হয়। (গ) হজম নোহোৱা হ’লেও ইয়াৰ কেঁচা ৰস দিব লাগে।

লেখিকা: ৰমা বৰপাত্ৰ গোহাঁই( দেওবৰীয়া সম্ভাৰ)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate