এগিলাচ পানীয়ে এটি জীৱন বচায়। বর্তমানৰ বহু ৰোগৰ কাৰক সঠিকভাৱে পানী গ্ৰহণ নকৰাটো। শৰীৰৰ নিয়মীয়া প্ৰক্ৰিয়াত বৃক্কৰ পাথৰ কেলছিয়াম, মেগনেছিয়াম আৰু পটাছিয়ামৰ পদার্থই যথেষ্ট পৰিমাণে পানী (তৰল পদার্থ) নেপালে গঠিত হয়। আৰু যেতিয়া শৰীৰে সেই শিলসমূহ শৰীৰৰ বাহিৰলৈ ঠেলি উলিয়াই পঠিয়াব বিচাৰে, তেতিয়াই আমি পেটৰ বিষ অনুভৱ কৰো। সেইদৰে অন্যান্য অংগসমূহকো পর্যাপ্ত পৰিমাণে পানীৰ প্ৰয়োজন।
পানী খাব। পানীয়েই ঔষধ। হৃদয়ৰ পৰা ভৰিৰ আঙুলিলৈ আমাৰ যিবোৰ শাৰীৰিক সমস্যা আছে, এই সকলোবোৰ প্ৰতিৰোধ কৰিব পাৰে খোৱা পানীয়ে। পানী আমাৰ শৰীৰৰ প্রাথমিক প্রয়োজন।
পূৰ্বতে দৈনিক আঠ (৮) গিলাচ পানী খোৱাটো প্রয়োজন বুলি ধৰা হৈছিল। কিন্তু বর্তমানৰ আমেৰিকাৰ মেডিচিন ইনষ্টিটিউটে পৰামর্শ দিছে যে জলবায়ু অনুসৰি মানুহে পানী গ্রহণ কৰা উচিত। কি ধৰণৰ জলবায়ুত আপুনি বাস কৰে, কেনে ধৰণৰ পৰিশ্রম কৰে ইত্যাদিয়ে নির্ণয় কৰে শৰীৰত পানীৰ কিমান প্রয়োজন আছে।
গাঢ় হালধীয়া প্ৰস্ৰাৱৰ অৰ্থ শৰীৰত পানী কম, বগা প্ৰস্ৰাৱৰ অৰ্থ অতিৰিক্ত পানী, পাতল হালধীয়া প্ৰস্ৰাৱৰ অৰ্থ শৰীৰত পানী সঠিক ৰূপত আছে।
আমাৰ শৰীৰৰ পৰা নিশ্বাস, ঘাম, পৰিপাকৰ জৰিয়তে বহুখিনি পানী ওলাই যায়। সেয়েহে সেই ক্ষতিপূৰণ কৰিবলৈ পানী আৰু পানী থকা ফল খাব লাগে। শৰীৰে সকলোবোৰ কোষ, অংগ আৰু পেশী সক্রিয় আৰু সঠিক উত্তাপত ৰাখিবৰ বাবে পানী ব্যৱহাৰ কৰে।
আপুনি প্রথমে পৰিষ্কাৰ গিলাচ এটাত বিশুদ্ধ পানী লওক। আৰামেৰে বহি লওক, এতিয়া ধীৰে ধীৰে পানী গিলিবলৈ লওক— অনুভৱ কৰিব আপোনাৰ শৰীৰ আৰু মনৰ সজীৱতা।
পানীয়ে আমাক শক্তি দিয়ে। শৰীৰৰ কোষলৈ পুষ্টিৰ যোগান ধৰে। শৰীৰৰ কোষত পানীৰ পৰিমাণ কম হ’লে শাৰীৰিক আৰু মানসিক পৰিৱেশন সুগম নহয়।
শাৰীৰিক ক্রিয়াৰ সময়ত ঘৰ্মাক্ত কপালৰ অৰ্থ আপোনাৰ শৰীৰত পানীৰ প্রয়োজন হৈছে।
শৰীৰৰ ওজন কমোৱাৰ ক্ষেত্ৰত আমেৰিকাৰ আৰবানা চেমপেইনৰ ইলিনইচ ইউনিভাৰ্চিটিয়ে ১৮,০০০ প্রাপ্তবয়স্কৰ মাজত গৱেষণা কৰি প্রমাণ কৰে যে ব্যক্তিয়ে দৈনিক ২৩০ মিলিলিটাৰ পানী গ্রহণ কৰি থাকিলে তেওঁলোকৰ শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকিব।
আমাৰ মস্তিষ্কত থকা স্নায়ুকোষবোৰক যথেষ্ট পৰিমাণৰ তৰল পদার্থৰ প্রয়োজন। সেয়ে পানীয়ে আমাৰ স্মৃতি আৰু মনোযোগ উন্নীত কৰাত নিশ্চয়কৈ সহায় কৰিব।
ছালখন উজলাবৰ বাবে পানীৰ প্রয়োজন। পর্যাপ্ত পৰিমাণৰ পানী নেপালে ছালখন শোঁটোৰা পৰিব পাৰে।
চর্দি লাগিলে অধিক পানী খালে সকাহ পোৱা যায়। বেমাৰত পানী অধিক গ্রহণ কৰিলে বীজাণুৰ লগত যুঁজিবলৈ আমাৰ শৰীৰত শক্তিৰ প্রয়োজন হয়। পানীয়ে এই শক্তিৰ যোগান ধৰে।
নাকেৰে শেঙুন ওলালে আমাৰ শৰীৰৰ পেথ’জেন ওলাই যায়। সেই ক্ষতিপূৰণৰ বাবে শৰীৰক পানীৰ প্রয়োজন। পানীয়ে নাক আৰু ডিঙিৰ ভিতৰখন সেমেকাই ৰাখে।
অত্যধিক কৰ্মৰ মাজত যদি সঠিকভাৱে পানী নেখায়, তেতিয়াহ’লে ভাগৰ লগা, মূৰৰ বিষ আদি হ’ব পাৰে। গতিকে পানী খাবলৈ নেপাহৰিব।
পানীৰ অভাৱ হ’লে মাংসপেশীৰ সংকোচন হ’ব। গৱেষণাই প্রমাণ কৰিছে শৰীৰত পানীৰ পৰিমাণ কম হ’লে মানুহৰ কৰ্মৰ পৰিৱেশনো নিন্ন স্তৰৰ হয়।
কেৱল পানী খাই আমনি নিশ্চয় লাগে। সময়ে সময়ে নেমুৰস, ডাবৰ পানী, গাখীৰ, লচ্চী, বনৌষধি চাহ, গ্লুকণ্ডি ইত্যাদিৰ সহায়তো পর্যাপ্ত পানী গ্রহণ কৰিব পাৰে। ইয়াৰ উপৰিও পানী থকা ফল, যেনে— তৰমুজ, তিয়ঁহ, বিলাহী, আঙুৰ, চেৰী ইত্যাদিও খাব পাৰে।
পৰিষ্কাৰ পানী গ্রহণ বিলাসিত নহয়, এয়া এক প্ৰয়োজন।
লেখিকা: কৰবী কাকতি।
শেহতীয়া উন্নীতকৰণ: : 10/16/2023