অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টি উপাদানেৰে ভৰা শাক-পাচলি :

পুষ্টি উপাদানেৰে ভৰা শাক-পাচলি :

অকণিহঁত। আজি আমি শাক-পাচলিৰ বিষয়ে দুআষাৰমান কথা আলোচনা কৰোঁহক আহা। সদায় খাই থকা বস্তু, শাক-পাচলিৰ গুণাগুণ কি আমি জানিব লাগে, নহয় জানো?

বছৰৰ বেলেগ বেলেগ ঋতুত বেলেগ বেলেগ শাক-পাচলি পোৱা যায়, পিছে খৰালি মাহকেইটাতহে শাক-পাচলি পয়োভৰ বেছি, নহয়নে বাৰু? অৱশ্যে দুই-এবিধ বাৰমহীয়া বেঙেনা।

আগৰ দিনত আমাৰ মানুহৰ ঘৰ-বাৰী বয়বস্তুৰে নদন-বদন আছিল। ভাঙনি কোঁৱৰ আনন্দ্ৰ চন্দ আগৰৱালাৰ ‘আমাৰ গাওঁ’ নামৰ সেই ধুনীয়া পদ্যটো পঢ়িছাই চাগে।

চালত কোমোৰা লাউ জিকা ভোল

ভঁৰালত জহা ধান,

গোহালিত গৰু পুখুৰীত মাছ

বাৰীত তামোল-পাণ।

আৰু কি আছে, আৰু-

গছৰ ডালত শুৱনি চৰায়ে

শুৱলা সংগীত গায়,

শাকনিত শাক ফুলনিত ফুল

দেখিলে হিয়া জুৰায়।

আমাৰ দেশৰ মানুহে অতীজৰে পৰা শাক-পাচলি ব্যৱহাৰ কৰি আহিছে, কিন্তু পশ্চিমীয়া মানুহে আজি দুই শতিকামান আগৰ পৰাহে শাক-পাচলি খাবলৈ শিকিছে।

বেলেগ বেলেগ দেশৰ মানুহে বেলেগ বেলেগ শাক-পাচলিত জুতি পায় আৰু কিছুমান শাক-পাচলিৰ আজিকালি সকলো দেশতে সমানে আদৰ।

মানুহে ইখন দেশৰ পৰা সিখন দেশলৈ সঁচ নি ভাল শাক-পাচলিবোৰ সকলো ঠাইতে খেতি কৰিবলৈ লোৱাৰ পৰা এতিয়া কোনবিধ শাকৰ আচল ঘৰনো ক’ত আছিল, সেই কথা কোবাই টান হৈ পৰিল।

আজিকালি ডাঙৰ ডাঙৰ নগৰবিলাকৰ বজাৰত অনেক ঠাইৰ পৰা শাক-পাচলি আহি গোট খায়হি। কিন্তু এইদৰে এঠাইৰ পৰা আন ঠাইলৈ নিওঁতে যদি কেনেবাকৈ বেছি সময় লাগি যায়, তেতিয়া শাক-পাচলিয়ে সজীৱতা হেৰুৱায়, ফলত সেইবিলাকৰ সোৱাদো কমে আৰু খাদ্য মূল্যও টুটি যায়, সেইবাবে নিজৰ বাৰীতে কৰি ল’ব পাৰিলে মানুহে ভাল বস্তু খাবলৈয়ো পায় আৰু ভিটামিনো সৰহকৈ লাভ কৰে।

শাক-পাচলি অনেক বিধৰ আছে, কিন্তু বিজ্ঞানে শাক-পাচলিৰ শ্ৰেণী বিভাগ বেলেগ ধৰণে কৰে। বিজ্ঞানৰ মতে আমি খোৱা শাল-পাচলিৰ কিছুমান পাত আৰু ঠাৰি, কিছুমান পাত আৰু ঠাৰি, কিছুমান মূল বা শিপা, কিছুমান ফল বা গুটি, কিছুমান ফুল আৰু আন কিছুমান গা-গছ। পাৰিবানে বাৰু দুটামান উদাহৰণ দিব?

  • লাই, লফা, পালেং- এইবিলাক হ’ল পাত।
  • জিকা, তিয়ঁহ, লাউ- এইবিলাক হ’ল ফল।
  • মূলা-গাজৰ, আলু- এইবিলাক মূল।
  • ওলকবি, ছালগোম হ’ল গা-গছ আৰু
  • ফুলকবি হ’ল ফুল।

এতিয়া আমি জানিব লাগিব শাক-পাচলিতনো থাকে কি? তাৰো আগতে জানিব লাগিব, আমাৰ খোৱা আহাৰত কি কি বস্তু থাকিব লাগে?

খোৱা আহাৰ সুষম হ’বলৈ হ’লে তাত থাকিব লাগিব প্ৰোটিন বা মাংসাহাৰ, শ্বেতসাৰ বা চেনিজাতীয় বস্তু, চৰ্বিজাতীয় বস্তু আৰু কিছুমান ধাতৱ পদাৰ্থ। শাক-পাচলিত খাদ্যৰ মূল উপাদান মাংসাহাৰ, শ্বেতসাৰ আৰু চৰ্বি প্ৰায় নাই বুলিয়েই ক’ব পাৰি।

কিন্তু শাক-পাচলি ভিটামিন আৰু কেলছিয়াম, ফচফৰাচ আদি ধাতৱ পদাৰ্থবোৰৰ মেটমলা ভঁৰাল- বিশেষকৈ সেউজীয়া আৰু হালধীয়া বা মুগাবৰণৰ পাচলি।

  • পালেং,
  • ধনিয়া আদি সেউজীয়া শাক-পাচলি,
  • গাজৰ,
  • ৰঙা আলু আদি হালধীয়া বৰণৰ পাচলি।

প্ৰায়সকলোবিলাক শাক-পাচলিতে কিছুমান আঁহজাতীয় বস্তু থাকে বাবেই নিয়মীয়াকৈ শাক-পাচলিতে খোৱা মানুহৰ শৌচ খোলোচা হৈ থাকে। শাক-পাচলিত ‘কেলৰি’ৰ পৰিমাণ কম। (‘কেলৰি’ তাপ-শক্তি জোখা এটা, ডাঙৰ হ’লে পঢ়ি-শুনি এই বিষয়ে ভালকৈ জানিব পাৰিবা)।

বেছি কেলৰিযুক্ত আহাৰ খাই ভোক গুচালে শৰীৰত যি মানুহৰ শৰীৰৰ চৰ্বি বেছি, মানে যিবিলাক ধেপেচা শকত আৰু ডাক্তৰে কমকৈ ভাল খাবলৈ কয়- অথচ কমকৈ খালে ভোকত থাকিব লগা হয়, তেনে মানুহে আহাৰত শাক-পাচলিৰ পৰিমাণ বঢ়াই লৈ ভোক গুচাই খাব পাৰে।

তাৰোপৰি কিছুমান ৰোগত, যেনে ধৰা বহুমূত্ৰ ৰোগত মানুহক ভাত আৰু ৰুটি কমাই খাবলৈ কোৱা হয়, গতিকে তেনে অসুখ থকা লোকেও আহাৰত শাক-পাচলিৰ পৰিমাণ বঢ়াই লৈ ভোক গুচাই খাব পাৰে।

শাক-পাচলি সকলো মানুহেই খাব লাগে। শাক-পাচলিয়ে সকলোবিলাক ভিটামিন ‘এ’, ‘বি’- কমপ্লেক্স’, ভিটামিন ‘ডি’ আৰু ‘চি’ শৰীৰত যোগান ধৰে।

‘এ’ ভিটামিন চকুৰ বাবে ভাল। চকুৰে কম দেখা বা কুকুৰীকণা হোৱা ল’ৰা-ছোৱালীক পালেং, গাজৰ বা মাটি কাদুৰিৰ জোল কিছুদিন খুৱাই থাকিলে চকু ভাল হয়।

কাৰণ, এইবিলাকত প্ৰচুৰ পৰিমাণৰ ভিটামিন-‘এ’ থাকে। পকা অমিতাতো সৰহকৈ ভিটামিন ‘এ’ থাকে। ‘এ’ ভিটামিনৰ উপৰিও শাক-পাচলিত ‘থিয়ামিন’, ‘ৰাইব’ফ্লেভিন’ আদি ‘বি-কলপ্লেক্স’ গোষ্ঠীৰ ভিটামিন থাকে।

সেইবাবে সেউজীয়া শাক-পাচলিত ‘চি’-ভিটামিনো যথেষ্ট পৰিমাণে থাকে, কিন্তু ৰান্ধোতে গৰমত তাৰে সৰহখিনি নষ্ট হয়- সেইবাবে ‘চি’ ভিটামিন পাবলৈ হ’লে আমি নেমু, সুমথিৰা, আমলখি আদি ফলবিলাক খাব লাগিব।

কেৱল ভিটামিনেই নহয়- শাক-পাচলিয়ে শৰীৰত যোগান ধৰে-

  • কেলচিয়াম,
  • ফচফৰাছ,
  • আয়োডিন,
  • লো,
  • মেংগানিজ আদি ধাতব পদাৰ্থবিলাক অৱশ্যে আমাৰ শৰীৰে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব নোৱাৰে- তথাপি লগাখিনি সুস্থ শৰীৰে জীণ নিয়াই ল’ব পাৰে।

তোমালোকে জানেনে যে, পদিনা, ধনিয়া, মাটিকাদুৰি আৰু মহানিমৰ পাতত যথেষ্ট পৰিমাণৰ কেলচিয়াম আৰু লৌহ পদাৰ্থ থাকে।

অৱশ্যে কেলচিয়াম আটাইতকৈ বেছি থাকে গাখীৰতহে। সেইদৰে পূৰাকল আৰু মেথিশালত সৰহকৈ লৌহ পদাৰ্থ থাকে। বিভিন্ন শাক-পাচলিত সৰহকৈ প্ৰোটিন পাবলৈ আশা নকৰিবা।

প্ৰোটিন, মাছ, মাংস, কণী আৰু গাখীৰতহে বেছিকৈ থাকে আৰু থাকে মাহ বা দাইলবিলাকত। আমাক নিতৌ যিমানখিনি প্ৰোটিন লাগে, সেইখিনি অকল শাক-পাচলিৰ পৰাই পাবলৈ আশা কৰিলে তুমি দিনে চাৰি কিলোগ্ৰামমানকৈ শাক-পাচলিকে খাব লাগিব।

সিমানখিনি খাবলৈ হ’লে তোমাৰ পেট গুচি পেটাৰি হ’ব। কেৱল ভিটামিন আছে বুলিয়েই জানো মানুহে শাক-পাচলি খায়? মানুহে শাক-পাচলি এই বাবেই খায় যে এইবিলাকে আহাৰ জুতি লগা কৰে আৰু শাক-পাচলি থাকিলে খোৱা আহাৰ সজাব-পৰাবলৈকো সুবিধা হয়।

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল- ‘সুন্দৰকৈ ৰন্ধা-বঢ়া কৰা, ধুনীয়াকৈ পৰিৱেশন কৰা, মেজত সুৰুচিৰে খোৱা বস্তুখিনি সজাই পৰাই দিয়াটোও এটা আৰ্ট’।

তেওঁ আৰু কৈছিল- ‘খোৱা লাৰুটো অকল খাবলৈ ভাল হ’লেই নহ’ব। তাৰ গঢ়টো দেখিবলৈ ভাল হ’ব লাগিব, তাৰ বৰণটোও মন আমোল মোলোৱা হ’ব লাগিব’।

খোৱা-বোৱাত ৰুচিবোধৰ পৰিচয় নেথাকিলে মানুহ আৰু জন্তুৰ মাজত দেখোন কোনো পাৰ্থক্য নেথাকিব।

আৰু এটা কথা কওঁ শুনা! আমি আপদাল কৰি লগোৱা শাক-পাচলি বিলাকতহে যে কেৱল খাদ্যমূল্য থাকে, এনে নহয়- আমাৰ বাৰীত আপোনা-আপুনি গজি থকা বনশাকবিলাকৰো খাদ্যমূল্য কম নহয়। আমাৰ অসম দেশ বন-শাকত অতি চহকী।

পাৰিবানে বাৰু ক’ব দুই এবিধ বন-শাকৰ নাম?- খুতৰা, মাটি কাঁদুৰি, মানিমুনি, কলমৌ, মানিমুনি, কলমৌ, জিলমিল, হেলঞ্চী, ঢেঁকীয়া- এইবিলাক।

বিশেষকৈ খুতৰা আৰু মাটিকাঁদুৰিত ইমান বেছি ভিটামিন ‘এ’ আৰু কেলচিয়াম আদি ধাতব পদাৰ্থ থাকে যে এই দুবিধে অভিজাত শাক পালেং ধনিয়াকো চেৰ পেলাব খোজে।

এই কথা অসমৰ এজন বিশিষ্ট ৰসায়নবিদ স্বৰ্গীয় ৰোহিনীকান্ত বৰুৱাদেৱে বিস্তৃত গৱেষণাৰে প্ৰমাণ কৰি গৈছে।

মানিমুনি আৰু ব্ৰাহ্মীশাকৰো খাদ্যমূল্য কম নহয়, তাৰোপৰি মানিমুনিত ঔষধৰ গুণো আছে বুলি আমাৰ আয়ুৰ্বেদিক চিকিৎসকসকলে কয়।

বৰ মানিমুনি, সৰু মানিমুনি এই দুয়োবিধকে আঞ্জা কৰি খোৱা হয়। ইমান যে মৰম লগা, ফুলকটা, ঘূৰণীয়া পাত- নহয়নে? আৰু লিহিৰীপতীয়া পৰ্বতৰ ঢেঁকীয়াৰ কথা তোমালোকেতো জানাই।

নিজৰ পিৰালিৰ চুকতে থকা বস্তুবিলাক চিনি পাবলৈ শিকিব লাগে। দূৰ-দূৰণিৰ বস্তুবোৰহে ভাল, আমাৰ কাষতে থকা বস্তুবোৰ বেয়া, এই ধাৰণা কেতিয়াও হ’ব নেলাগে। কবিগুৰু ৰবীন্দ্ৰনাথৰ এফাঁকি ধুনীয়া কবিতা আছে।

তেখেতে তাত কৈছে যে- ‘আমি বহুদূৰ ভ্ৰমণ কৰি, বহু টকা ব্যয় কৰি পৰ্বতমালা আৰু সমুদ্ৰৰ সৌন্দৰ্য চাবলৈ ঢপলিয়াই ফুৰো, অথচ ঘৰৰ পৰা দুখোজ দূৰৰ এডালি ধানৰ শীহৰ ওপৰত জলমলাই থকা এটি নিয়ৰ বিন্দুৰ সৌন্দৰ্য উপভোগ কৰিব নেজানো’। কথাষাৰ সকলোতে খাটে।

আমি নিজৰ বস্তুবোৰ জানিব লাগে, চিনি পাব লাগে আৰু নিজৰ ভালবস্তুবোৰ শ্ৰদ্ধা কৰিবলৈ শিকিব লাগে।

আমাৰ নিজৰ ওপৰত নিজৰ বিশ্বাস আৰু শ্ৰদ্ধা হ’লেহে আনেও শ্ৰদ্ধা কৰিব। অৱশ্যে আনৰ ভালবিলাককো যে আমি শ্ৰদ্ধা নকৰিম তেনে নহয়।

আজি তোমালোকক শাক-পাচলিৰ কথা কম বুলি উপৰুৱা কথাও দুষাৰমান ক’বলগা হ’ল, বেয়া নেপাবাহক।

আচলতে আমি আমাৰ খাদ্যবিলাকৰ কোনটোত কি বস্তু থাকে, তাক জানিলেহে স্বাস্থ্যৰ যত্ন ল’বলৈ সুবিধা হয়।

গাড়ীখন চলোৱা মানুহজনে জানিব লাগে- গাড়ীৰ পেট্ৰ’ল, ম’বিল আৰু বিজুলীশক্তি, কোনটো কি কামত লাগে, তেতিয়াহে গাড়ীখন ভালকৈ চলাই ফুৰিব পাৰে। আমি তেনেকৈ খাদ্যবস্তুবিলাকৰ কোনটো কি উপকাৰত আহে, সেইবিষয়ে কিছু কথা জানিব লাগে।

বাৰু আজিলৈ তেনেহ’লে শাক-পাচলিৰ কথা ইমানতে এৰি বিহুগীত এফাঁকিৰেই আলোচনা সামৰণি মাৰিলোঁ।

এটা বাটিত নহৰু এটা বাতিত পনৰু

এটা বাতিত খুতৰা শাক,

মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছো

‘অকণি’ তই কুশলে থাক।

লেখক: ডাঃ গকুল বৰা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate