অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুষ্টিকাৰক ফল লিচু :

পুষ্টিকাৰক ফল লিচু :

লিচু হৈছে এবিধ ঋতুকালীন ফল। সেয়ে বছৰৰ এক নিৰ্দিষ্ট সময়ত, তাকো অতি কম দিনৰ বাবেহে ইয়াক পোৱা যায়। গ্ৰীষ্মৰ প্ৰাৰম্ভতে মনোগ্ৰাহী ৰূপেৰে আকৰ্ষণীয় হৈ পকিবলৈ ধৰে আৰু পকিবলৈ ধৰাৰ দুই-তিনি সপ্তাহমানৰ পাছতেই গছৰপৰা অন্তৰ্দ্ধান হ’বলৈ ধৰে। সি যি নহওক ইয়াৰ মোহনীয় ৰং আৰু ঈৰ্ষণীয় স্বাদে মানুহৰ লগতে অৱশ্যে বনৰ চৰাই-চিৰিকটি, বাদুলী, বান্দৰ আদিকো আকৰ্ষণ কৰে। গতিকে এই সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ ফলতে গছৰ পকা লিচুৰ বিদায়ো খৰতকীয়া হৈ পৰাটো অৱধাৰিত হৈ উঠে। ইয়াৰ প্ৰতি হোৱা আকৰ্ষণৰ মূল সমল হৈছে ইয়াৰ মঙহাল সুমিষ্ট অংশটো। এই অংশ কোমল আৰু সোৱাদ হোৱাত ল’ৰা-বুঢ়া সকলোৰে বাবে সহজলভ্য হৈ পৰে। তাতেই, গৰমৰ সময়ত ৰসাল ফল খোৱাৰ প্ৰতি বেছিভাগ লোকৰে দুৰ্বলতা থকাৰ সময়তে লিচুৱে সেই সুবিধা প্ৰদান কৰাত ইয়াক গ্ৰহণৰ প্ৰতি আগ্ৰহী হৈ উঠাতো স্বাভাৱিক হৈ পৰে।

লিচুক ইংৰাজীত কোৱা হয় Lychee/Litchi বুলি আৰু বৈজ্ঞানিকভাৱে Litchi chinensis নামেৰে বুজোৱা হয়। ইয়াৰ আদিভূমি চীনদেশ হোৱাৰ লগতে বৈজ্ঞানিক নামত থকা chinensis শব্দই ইয়াৰ নামটো চীনা শব্দৰ অন্তৰ্গত যেনেই ধাৰণা হয়। সেয়ে হ’লেও অৱশ্যে আমাৰ ৰাজ্যত লিচু গছৰ বিস্তৃতি দেখিলে ইয়াক অসমৰ স্থানীয় গছৰ দৰেই লাগে। প্ৰকৃততে, ই এক আমদানিকৃত ফলহে। ইয়াৰ গছ জোপোহা প্ৰকৃতিৰ আৰু ফলবোৰ গছ ভৰি লাগে। পকা ফলবোৰ যে কেৱল মিঠাহে এনে নহয়, ই পুষ্টিৰে পৰিপূৰ্ণ। ইয়াৰ ১০০ গ্ৰাম খাদ্যোপযোগী অংশত পোৱা পুষ্টি উপাদানবোৰ এনে- পানী ৮২ গ্ৰাম, প্ৰ’টিন ০.৯ গ্ৰাম, চৰ্বি ০.৫ গ্ৰাম, কাৰ্বোহাইড্ৰেট ১৭ গ্ৰাম, আঁহ ০.৩০ গ্ৰাম, কেলছিয়াম ৫ মিঃগ্ৰাম, আইৰণ ০.৫ মিঃগ্ৰাম, পটাছিয়াম ১৭১ মিঃগ্ৰাম, ছডিয়াম সামান্য, ভিটামিন বি১ ০.০৪ মিঃগ্ৰাম, বি২ ০.০৪ মিঃগ্ৰাম, বি৩ ০.৩ মিঃগ্ৰাম আৰু চি ৫০ মিঃগ্ৰাম। তেনেকৈ ইয়াৰ ১০০ গ্ৰামত থকা শক্তিৰ পৰিমাণ হৈছে ৭১ কেলৰি। এনে তথ্যই দেখুৱাই দিয়ে যে লিচু সকলোৰে বাবে শক্তিদায়ক তথা তৃপ্তিদায়ক ফল। এতেকে সকলোৱে এই ফল খোৱাৰ প্ৰতি যত্নপৰ হোৱা উচিত। পিছে এইক্ষেত্ৰত প্ৰধানকৈ মধুমেহত ভোগা লোকসকলে কিছু সতৰ্কতা অৱলম্বন কৰাটো উচিত, কিয়নো খাই তৃপ্তি পোৱাৰ বাবে তেনে লোকে বেছিকৈ খাবলৈ গ’লে বিপদত পৰাৰ আশংকা থাকে। কিয়নো ইয়াত পোৱা কাৰ্বোহাইড্ৰেটৰ ৯০ শতাংশ অধিক অংশ ফ্ৰুক্ট’জ জাতীয় সৰল শৰ্কৰা, অৰ্থাৎ চেনিৰে ভৰা। সেয়ে বেছিকৈ লিচু খোৱা মানেই ৰক্তত শৰ্কৰাৰ পৰিমাণ বঢ়াই বিপদ মাতি লোৱা।

লিচু পুষ্টিকাৰক হোৱাৰ লগতে কিছু ঔষধি গুণৰো অধিকাৰী বুলি জনা গৈছে। অধিক পৰিমাণৰ ভিটামিন চিৰ দ্বাৰা ই এনেয়েও ৰোগ প্ৰ্তিৰোধ গুণসম্পন্ন হোৱাৰ উপৰি ই এন্টিঅক্সিডেন্ট গুণসম্পন্ন বুলিও পোহৰলৈ আহিছে। সেয়েহে ই কম পৰিমাণে হ’লেও কৰ্কট প্ৰতিৰোধী আৰু ভাইৰেল প্ৰতিৰোধী আৰু ভাইৰেল প্ৰতিৰোধী ক্ষমতাসম্পন্ন বুলি কোৱা হৈছে। ইফালে ইয়াত পোৱা কম পৰিমাণৰ হ’লেও আইৰণ, মেগনেছিয়াম, কপাৰ, মেংগানিজ আৰু ফলেট আদি উপাদানে তেজৰ উৎপাদন তথা সঞ্চাৰণত ইতিবাচক প্ৰভাৱ পেলায় বুলি উল্লেখ পোৱা গৈছে। এইবোৰৰ উপৰি লিচুত থকা ৰুটিন(Rutin) নামৰ পলিফেনল উপাদানবিধৰ জৰিয়তে ৰক্তপ্ৰবাহী নলীকাক শক্তিশালী কৰাত প্ৰভাৱ পেলায় বুলিও কোৱা হৈছে। সৰ্বোপৰি, লিচু বিষ নিৰাময়ক আৰু মূত্ৰবৰ্দ্ধক গুণসম্পন্ন বুলিও তথ্য পোৱা গৈছে। অৰ্থাৎ উল্লিখিত দিশসমূহে আমাক দেখুৱাই দিয়ে যে লিচু ভক্ষণৰ গুৰুত্ব আছে।

লেখক: অৰ্পণ দত্ত(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate