অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৱাৰ আহাৰ

পুৱাৰ আহাৰ

 

আমাৰ প্ৰতিগৰাকীৰ বাবে পুৱা গ্ৰহণ কৰা আহাৰ সকলোতকৈ গুৰুত্বপূর্ণ। কিয়নো গোটেই ৰাতিটো প্রায় ১২ ঘণ্টা বা ইয়াতকৈ অধিক সময় একো নোখোৱাকৈ থকাৰ পাছত শৰীৰটোক কোনো পোষকতত্ত্বৰ প্রয়োজন হয়। এনে অৱস্থাত এই প্রয়োজন পুৱা গ্রহণ কৰা আহাৰেই যোগান ধৰে। তদুপৰি সাৰ পোৱাৰ পাছত মস্তিস্কই যিখিনি কাম দিনটোৰ বাবে কৰিব ধৰে তাৰ বাবে গ্লুক’জৰ মাত্রাক সন্তুলিত কৰে। তদুপৰি সাৰ পোৱাৰ পাছত মস্তিস্কই যিখিনি কাম দিনটোৰ বাবে কৰিব ধৰে তাৰ বাবে গ্লু’কজৰ মাত্ৰাক সন্তুলিত কৰে। তদুপৰি পুৱাৰ আহাৰে স্মৰণশক্তিক অধিক বল প্রদান কৰাৰ লগতে ওজন সঠিক কৰি ৰখাত এটা গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। পুৱাৰ আহাৰ গ্ৰহণৰ ফলত উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু মধুমেহ আদিৰ পৰা আক্রান্ত হোৱাসকলৰ বাবেও যথেষ্ট উপকাৰী।

কিন্তু কেনে হোৱা উচিত পুৱাৰ আহাৰ? খাদ্য বিশেষজ্ঞসকলৰ মতে, পুৱা গ্রহণ কৰা আহাৰ, পুৱা শুই উঠাৰ ঠিক দুঘণ্টাৰ ভিতৰত গ্রহণ কৰিব লাগে। কিন্তু কি খাব? দিনটোৰ আৰম্ভণি কৰা আহাৰত থাকিব লাগে কেলচিয়াম, আয়ৰন, প্ৰ’টিন, ফাইবাৰ তথা ভিটামিন আদি খাদ্যপ্রাণ তথা পোষকতত্ত্বৰে ভৰপূৰ। অধিকসংখ্যাকে গ্রহণ কৰা চেনি, মাখন, ঘিউ, তেল আদিৰে ভৰা খাদ্যসমূহে নিতান্তই সমস্যাৰ সৃষ্টিৰ কাৰক। এইবোৰ খাদ্যত অধিক মাত্ৰাত কেল’ৰি হোৱা বাবে শকত হোৱাৰ সম্ভাৱনাই অধিক।

মিঠা কমাই খাওক

 

এটা ভাল স্বাস্থ্যৰ বাবে পুৱাৰ আহাৰৰ সময়ছোৱাৰ পৰাই মিঠা কমাই আনিব লাগিব। এনে খাদ্য সামগ্ৰী বাছনি কৰিব লাগিব যেন তাৰ ফাইবাৰ আৰু কার্বহাইড্রেট সম্পূৰ্ণৰূপে থাকে। সদায় একে ধৰণৰ আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। পুৱাৰ আহাৰত বিবিধতা থকাৰ প্রয়োজন। অলপ অলপ মাত্ৰাত কেইবাবিধো খাদ্য সামগ্ৰী গ্রহণ কৰিব পাৰিলে ভাল। যেনে-দালিয়া, ফলৰ চালাড, ঘেঁহুৰ ৰুটি, মাল্টি গ্রেন ব্রেড, অংকুৰিত দাইল, পাচলিৰ চেণ্ডুইজ, মাকৈ, চর্বিযুক্ত গাখীৰ, দৈ বা লাচী, কটেল চীজ, কল আদি। আনহাতে পেন্ট্ৰি, ঘিউত ভজা পৰঠা, অমলেট, ব্রেড, মাখন আদি নোখোৱাই ভাল।

তদুপৰি পুৱাৰ আহাৰ ল’ৰা-ছোৱালী তথা কিশোৰ-কিশোৰীসকলৰ বাবেও স্বাস্থ্যসন্মত হোৱাটো আটাইতকৈ অধিক প্রয়োজনীয়। বিভিন্ন ধৰণৰ খেল-ধেমালি আৰু পঢ়াশুনাত জড়িত হৈ থকা তেওঁলোকে সুন্দৰভাৱে আগুৱাব পাৰে। আনহাতে, সঠিক আহাৰৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ কাম কৰাৰ একাগ্রতা বৃদ্ধি পোৱাৰ উপৰি খিংখিঙীয়া হোৱাৰ পৰা হাত সাৰি থাকে। ভাগৰুৱা অনুভৱ নকৰা আৰু সুস্থ মন-মগজুৰ অধিকাৰী হয়। মুঠতে বয়সিয়ালেই হওক বা কিশোৰ-কিশোৰী বা শিশু সকলোৰে বাবে পুৱাৰ আহাৰ স্বাস্থসন্মত হোৱা প্রয়োজন|

লেখিকা: নম্ৰতা হাজৰিকা, অসম বাণী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate