অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰ’টিন কিয় খাব লাগে?

প্ৰ’টিন কিয় খাব লাগে?

*প্ৰ’টিনে পেশী গঠনত সহায় কৰে আৰু শৰীৰক শক্তি প্ৰদান কৰে।

*প্ৰ’টিনে হাড় শক্তিশালী কৰে। ফলত অস্থিঅ’পৰ’ছিছৰ সম্ভাৱনা হ্ৰাস পায় আৰু হাড় ভাঙিলে দ্ৰুত আৰোগ্য লাভত সহায় কৰে।

*প্ৰ’টিনে মেটাবলিজিমৰ মাত্ৰা বৃদ্ধি কৰে। ফলত কেলৰি ক্ষয় হোৱাত সহায়ক হয় আৰু শৰীৰৰ ওজন হ্ৰাস পায়।

*প্ৰ’টিনে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

*প্ৰ’টিনে শৰীৰক নিৰোগী কৰি ৰাখে আৰু যিকোনো আঘাতৰ পৰা আৰোগ্য লাভত সহায়ক হয়।

*খাদ্যত প্ৰ’টিন গ্ৰহণৰ অভ্যাসে ওজন কমাই ৰাখে। শৰীৰৰ ওজনৰ সৈতে সামঞ্জস্য ৰাখি কাৰ্ব’হাইড্ৰেট কমাই প্ৰ’টিন গ্ৰহণ কৰিলে ওজন নিয়ন্ত্ৰণত সহায়ক হয়।

উৎস: নিয়মীয়া বাৰ্তা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate