অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰকৃতিৰ অনুপম উপহাৰ বতৰৰ ফল-মূল

প্ৰকৃতিৰ অনুপম উপহাৰ বতৰৰ ফল-মূল

 

বিভিন্ন প্ৰকাৰৰ ফল-মূলবোৰ মানুহৰ বাবে প্ৰকৃতিৰ এক অনুপম উপহাৰস্বৰুপে। মানুহৰ সুস্বাস্থ্যৰ সতে ফল-মূলৰ এটা নিবিড় সম্বন্ধ আছে। দেহৰ পৰিপুষ্টিৰ বাবে বিভিন্ন প্ৰকাৰৰ খাদ্যপ্ৰাণ, খনিজ লৱণ আদিকে ধৰি যিবিলাক অত্যাৱশ্যকীয় পোষক উপাদানৰ প্ৰয়োজন, সেই সকলো অনায়াসে বতৰৰ বিভিন্ন ফল-মূলবোৰৰ পৰাই পাব পাৰি, যিবোৰে দেহৰ পুষ্টি সাধন কৰি ৰোগ প্ৰতিৰোধী শক্তি বঢ়াই তোলে। আহাৰবিদসকলে ফল-মূলক পূৰ্ণ আহাৰৰ মৰ্যাদা দিছে। কাৰণ বিভিন্ন প্ৰকাৰৰ ফলাহাৰ গ্ৰহণ কৰিয়ে মানুহ অনায়াসে জীয়াই থাকিব পাৰে। আগৰ দিনৰ অৰণ্যবাসী ঋষি-মুনিসকলৰ ফল-মূলেই প্ৰধান আহাৰ আছিল।

ফলাহাৰ এনে এবিধ সৰ্বগুণ সম্পন্ন পৌষ্টিক প্ৰভাৱশালী আহাৰ যিয়ে মানুহৰ মন-মগজু আৰু দেহ অধিক সুস্থ-শক্তিশালী আৰু ক্ৰিয়াশীল কৰি তোলে। ফল-মূলত নিহিত বিভিন্ন আম্লিক উপাদানবোৰ বিভিন্ন কীটাণুনাশক প্ৰকৃতিৰ। এইবোৰে জিভা, দাঁত আৰু মুখ-গহ্বৰ পৰিষ্কাৰ আৰু নিৰোগী কৰি ৰাখে। উপযুক্ত ফল দাঁতেৰে চোবাই খালে দাঁত উজ্জ্বল আৰু শক্তিশালী হয়। ফল-মূলৰ নিয়মিত সেৱনে দেহৰ চৰ্বী নিয়ন্ত্ৰণ কৰি দেহ সুন্দৰ আৰু আটিল কৰি তোলাই নহয়, ই এচিডিটী বা আম্লপিত্ত ৰোগো নিৰাময় কৰি তোলে। ফল-মূলসমূহ ঔষধি গুণৰ ভঁৰালস্বৰূপ। ইয়াত থকা ‘এন্টিঅক্সিডেন্ট’সমূহে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰে, আঁহজাতীয় উপাদানবোৰে পেট পৰিষ্কাৰ কৰি মানুহক সুস্থ-সবল কৰি ৰাখে। আঙুৰ-অনাৰ(ডালিম) আদিৰ ৰস জ্বৰৰ সুপথ্য। কেতিয়াবা কেতিয়াবা দেহত জমা হোৱা দূষিত উপাদানবোৰ যেতিয়া দেহে নিজৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে নিষ্কাষণ কৰিবলৈ সমৰ্থ নহয়, তেতিয়া ফলৰ ৰসে নিজৰ অদ্ভুত শক্তিৰে সেইবোৰ মল-মূত্ৰৰ দ্বাৰা বাহিৰ কৰি দিয়াত বিশেষ অৰিহণা আগবঢ়ায়। মূত্ৰাশয় সম্পৰ্কীয় বিভিন্ন ৰোগত ফলৰ ৰস পৰম উপকাৰী বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে। টাইফয়দ জ্বৰতো ফলৰ ৰস উপকাৰী। আঙুৰ অজীৰ্ণ ৰোগত উপকাৰী। বাতৰোগ-হৃদপিণ্ডৰ ৰোগ আদিত নেমু, সুমথিৰা আদি উপকাৰী। গাজৰ, আপেল আদি স্নায়ৱিক ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ত বিশেষ ফলপ্ৰসূ। আপেলত পৰ্যাপ্ত পৰিমাণে ‘ফছফৰাছ’ পোৱা যায়, যি মস্তিষ্ক আৰু স্নায়ৱিক ৰোগৰ বাবে অতি উপকাৰী। স্মৃতি বিভ্ৰমতা, স্মৃতিশক্তিৰ দুৰ্বলতা, খিংখিঙীয়া স্বভাৱ, দৃষ্টি দুৰ্বল্য, শাৰীৰিক দুৰ্বলতা আদিতো আপেল পৰম উপকাৰী। শ্বাস-ৰোগী বা দুৰ্বল হাঁওফাঁওৰ লোকৰ বাবে আঙুৰ উপকাৰী। বিভিন্ন প্ৰকাৰৰ বাত ৰোগ(গাঁঠিবাত, সন্ধিবাত, আমবাত আদি) আৰু মেলেৰিয়া ৰোগত নেমু বৰ গুণকাৰী, জ্বৰ আৰু যকৃতৰ ৰোগতো ই উপকাৰী। সুমথিৰা পাচক আৰু ৰুচিকাৰক প্ৰকৃতিৰ। ইনফ্লুয়েঞ্জাতো ই বৰ উপকাৰী। যক্ষ্মা ৰোগ, হৃদপিণ্ডৰ দুৰ্বলতা আদি দূৰ কৰাতো সুমথিৰাৰ বৰঙণি অতুলনীয়। পেটৰ বেমাৰ, মন্দাগ্নি, আভোক আদিতো সুমথিৰা উপকাৰী।

ফল-মূল সদায় ভোজনৰ আৰম্ভণিতে খাব লাগে। যিবিলাক লোকৰ পাচন শক্তি দুৰ্বল, তেওঁলোকে ফল-মূল ভোজনৰ লগত একেলগে গ্ৰহণ কৰিব নালাগে। ফল-মূল অকলে গ্ৰহণ কৰিব লাগে। আচলতে ফলৰ উপকাৰিতাৰ ফালৰ পৰা চাবলৈ গ’লে বতৰৰ সকলো ফল-মূলেই দেহৰ বাবে উপকাৰী। সেয়ে আমি আপেল-আঙুৰৰ বাহিৰেও থলুৱাভাৱে পোৱা বতৰৰ বিভিন্ন ফল-মূলবোৰ পৰিমিত ৰূপত গ্ৰহণ কৰি নিঃসন্দেহে নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

লেখক: ভুৱনেশ্বৰ ডেকা(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 12/27/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate