অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিপুষ্টি

পৰিপুষ্টি

খাদ্য আৰু স্বাস্থ্যৱান শৰীৰ-


এটা স্বাস্থ্যৱান শৰীৰ সকলোৰে কাম্য। তেনে এটা স্বাস্থ্যৱান শৰীৰৰ বাবে উচিত খাদ্যাভাস পালন কৰাটো অত্যন্ত জৰুৰী। খাদ্যই আমাক শক্তি দিয়ে, মাংসপেশী গঠন আৰু বৰ্ধনত সহায় কৰে আৰু শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।

  • সদায় ৰুটিন মতে সকলো কাম কৰিব- আমাৰ শৰীৰে এটা ঘড়ীৰ দৰে নিজৰ কাম সম্পাদন কৰে, যদি কেতিয়াবা কিবা বিসংগতি হয়, তেন্তে শৰীৰে নানান সমস্যাৰ সৃষ্টি কৰে। সেয়ে সদায়ে সময় মতে শোৱাপাটি এৰা, খোৱালোৱা আদি কৰিব লাগে। উদাহৰণস্বৰূপে, যদি কেতিয়াবা সদায় শোৱাপাটী এৰা সময়তকৈ কিছু পলমকৈ উঠা যায়। তেন্তে গাটো অৱস যেন লাগে।
  • সতেজ আৰু প্রাকৃতিক খাদ্য গ্রহণ কৰিব-আমি দৈনন্দিন জীৱনত বিভিন্ন খাদ্য গ্ৰহণ কৰো, সেইবোৰ সতেজ বা প্রাকৃতিক হ’ব পাৰে অথবা সাঁচি ৰখা হ’ব পাৰে। সতেজ খাদ্যত যিমান পুষ্ঠিতত্ত্ব পোৱা যায়, সিমান পুষ্টিতত্ত্ব সাঁচি ৰখা হ’ব পাৰে। সতেজ খাদ্যত যিমান পুষ্টিতত্ব সাঁচি ৰখা খাদ্যৰ পৰা পোৱা নাযায়। যেনে- নেমুটেঙাৰ পৰা যিমান ভিটামিন 'চি' পোৱা যায় সিমান ভিটামিন চি পেকেটৰ ফলৰ পৰা পোৱা নাযায়। কিন্তু এইটো সত্য যে আমি সকলো খাদ্য প্রছেচড নকৰাকৈ খাব নোৱাৰো। ৰন্ধা খাদ্যই ... সুস্বাদু কৰে, বিভিন্ন অনুজীৱ নাইকিয়া কৰে। কিন্তু কিছুমান খাদ্য যেনে পালেং শাক, তিয়ঁহ, গাজৰ, বিলাহী আহি চালাড কৰি খাব পাৰি। ইয়াৰ লগতে যিমান পৰা যায় বতৰৰ খাদ্য বতৰত খাব লাগে তেহে সঠিক মাত্ৰাত পুষ্টিতত্ত্ব লাভ কৰিব পাৰি।
  • খাদ্য খাওক কিন্তু অতি ভোজন নকৰিব- আমি যিবোৰ খাদ্য গ্রহণ কৰো, সেইবোৰ শৰীৰে হজম কৰি শৰীৰৰ বিভিন্ন কাৰ্য সম্পাদন কৰাত সহায় কৰে। কিন্তু অতিভোজন কৰিলে শৰীৰে অপ্রয়োজনীয় অংশ চৰ্বী হিচাপে শৰীৰত জমা ৰাখে। ফলত পাছলৈ গৈ মেদবহুলতাকে ধৰি বিভিন্ন ৰোগে শৰীৰত বাহৰ পাতে। সেয়ে আয়ুৰ্বেদত কোৱা হৈছে, "সদায় একে সময়ত খাদ্য খাব আৰু পাকস্থলীৰ দুই অংশ খাদ্য, এক অংশ পানী, এক অংশ খালী ৰাখিব যাতে পিত্ত ৰসে খাদ্য হজম কৰাত সহজ হয়।
  • অতিমাত্রা নিমখ আৰু মছলাযুক্ত খাদ্য নাখাব- নিমখ আমাৰ বাবে এবিধ জৰুৰী খনিজ লৱণ। নিমখ অবিহনে খাদ্যৰ সোৱাদ নাইকিয়া হয় আৰু শৰীৰৰ লৱণৰ মাত্রা নিয়ন্ত্রণ কৰে। কিন্তু অত্যাধিক নিমখে হার্টৰ সমস্যা সৃষ্টি কৰিব পাৰে আৰু শৰীৰৰ লৱণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। কিন্তু অত্যাধিক নিমখে হাৰ্টৰ সমস্যা সৃষ্টি কৰিব পাৰে। নিমখৰ লগতে অত্যাধিক মছলাযুক্ত খাদ্যই পেটৰ নানান সমস্যাৰ লগতে লিভাৰৰ কাৰ্যক্ষমতা হ্রাস কৰে।

 

হৃদৰোগৰ মহৌষধ আপেল-


আপুনি জানেনে দৈনিক এটা বা দুটাকৈ আপেল খালে আমি হৃদযন্ত্ৰৰ নানা সমস্যাৰ পৰা ভালেখিনি সকাহ পাব পাৰো। শেহতীয়াকৈ বৈজ্ঞানিক গৱেষণাই প্ৰমাণ কৰিছে যে হৃদৰোগীৰ বাবে আপেল সঁচাকৈয়ে মহামূল্যৱান। কিয়নো ইয়াত থকা পটাছিয়াম আৰু ফছফৰাছে হৃদযন্ত্ৰৰ সমস্যা বহুখিনি লাঘৱ কৰিব পাৰে।

কেলিফ'নিয়া বিশ্ববিদ্যালয়ৰ খ্যাতনামা বিজ্ঞানী, গৱেষক ডঃ এলিজাবেথ বোৰেটে গৱেষণাৰ পৰা প্রকাশ কৰা মতে, যিসকল লোকে পটাছিয়াম সমৃদ্ধ খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰে, তেওঁলোকে হৃদৰোগৰ পৰা বহু দূৰৈত থাকিব পাৰে। আপেল হ'ল পটাছিয়ামৰ ভাল উৎস, যি হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাবোৰ অনায়াসে প্রতিৰোধ কৰিব পাৰে।

আপেল এবিধ পুষ্টিকৰ ফলেই নহয়, ই নানা ঔষধি গুণেৰেও ভৰপূৰ। ইয়াত আছে প্ৰচুৰ পৰিমাণে ভিটামিন আৰু মিনাৰেলছ। গড় হিচাপত প্রতি ১০০ গ্রাম আপেলত ৮৪.৬ শতাংশ পানী, ০.২ শতাংশ প্ৰ'টিন, ০.৫ শতাংশ চৰ্ব ০.৩ শতাংশ খনিজ পদার্থ, ১.০ শতাংশ আঁহজাতীয় পদার্থ আৰু কার্বহাইড্রেট থাকে ১৩.৪ শতাংশ। তদুপৰি আপেলৰ পৰা আমি ১০ মিলিগ্রাম কেলছিয়াম, ১৪ মিলিগ্ৰাম ফছফৰাছ, ১ মিলিগ্ৰাম লৌহ পদাৰ্থ, ৪০ আই ইউ ভিটামিন এ আৰু ৫৯ কেল’ৰি শক্তি পাওঁ। আপেলত কম-বেছি পৰিমাণে ভিটামিন চি২ মিলিগ্ৰাম মাত্ৰাত থাকে।

আপেলৰ বাকলি আৰু সংলগ্ন মাংসত ভিতৰৰ অংশতকৈ প্রচুৰ ভিটামিন এ আৰু চি পোৱা যায়। আপেলত মেলিক এচিড থাকে, যিবোৰ আমাৰ শৰীৰে সহজে গ্ৰহণ কৰিব পাৰে। মেলিক এচিড যকৃত আৰু মগজুৰ বাবে বৰ উপকাৰী। যকৃতৰ বিষাক্ত পদাৰ্থ উলিওৱাত আপেল অদ্বিতীয়। আপেলত থকা ফাইবাৰে হজম প্ৰক্ৰিয়াক সহজ কৰি দিয়ে। আপেলত থকা মূখ্য ভেষজ উপাদান পেকটিনে ৰক্তবাহী নলীৰ বেৰত জমা থকা কলেষ্টৰল প্রতিৰোধ কৰি হৃদৰোগৰ সম্ভাৱনা লাঘৱ কৰে।

আমেৰিকা যুক্তৰাজ্যত ১৯ বছৰ ধৰি ১০ হাজাৰ আমেৰিকানৰ ওপৰত চলোৱা সমীক্ষাত

১৮৪৩ গৰাকী হৃদৰোগীৰ ক্ষেত্ৰত ধৰা পৰে যে যিসকল লোকে আপেলসহ অন্য ফাইবাৰযুক্ত আহাৰ দৈনিক পাঁচ গ্ৰামকৈ গ্ৰহণ কৰে তেওঁলোকৰ ফাইবাৰ গ্রহণ নকৰা লোকতকৈ হৃদৰোগৰ আশংকা অনেক কম। আনকি আপেলৰ ৰং আৰু সুগন্ধিৰ বাবে যি প্রলেপ থাকে, সেইটো পর্যন্ত হৃদৰোগৰ আশংকা হ্ৰাস কৰে বুলি সমীক্ষাটোত প্ৰমাণিত হৈছে।

ব্ৰিটিছ জাৰ্নাল ফৰ নিউট্ৰিচনাল ফাউণ্ডেচনৰ এটা লেখাত কোৱা হৈছে যে আপেল, আঙুৰ, নেমু আদি ফলৰ ৰস দৈনিক ৫০০ মি. লিটাৰৰ পৰা ১ লিটাৰ পর্যন্ত খাব পাৰিলে বৃক্ষত পাথৰ হোৱাৰ সম্ভাৱনা কমি যায়। আপেলত থকা জুলীয়া অংশৰ বাবে শৰীৰ আৰ, মগজু শীতল থাকে। সেয়ে জ্বৰৰ সময়ত আপেল খাবলৈ দিয়া হয়। আপেলে ৰক্তৰ বিষাক্ত পদাৰ্থ নষ্ট কৰি বিশুদ্ধ ৰক্ত উৎপাদন কৰে বাবে ই ৰক্তহীনতাৰ বাবেও ভাল। শুকান কাহত আপেল সিদ্ধ কৰি মৌসহ খাব পাৰিলে আশানুৰূপ সুফল পোৱা যায়। অকল সেয়াই নহয়, কৌষ্ঠকাঠিন্য, পেটচলা, গ্ৰহণী, মূৰৰ বিষ, উচ্চ ৰক্তচাপ, পাকস্থলীৰ দুৰ্বলতা, স্নায়ৱিক দুৰ্বলতা, স্মৃতিশক্তি হ্ৰাস, যকৃতৰ সমস্যা, চকুৰ জ্বলন, বাতবিষ গাউত আদি ৰোগতো আপেল ব্যৱহাৰ কৰা হয়। খ্যাতনামা দন্তু চিকিৎসক টি টি হ্যাংকছে তেওঁৰ ‘ডেণ্টেল ছাৰ্ভে’ নামৰ গ্ৰন্থত কৈছে যে আহাৰৰ পাছত দৈনিক এটাকৈ আপেল খালে ই টুথব্ৰাছৰ দৰে দাঁত চাফা কৰি দন্ত ক্ষয় ৰোধ কৰে। সর্বোপৰি আপেলত থকা ফেনল নামৰ এন্টি অক্সিডেন্টবিধে কিছু জটিল ৰোগ প্রতিৰোধত সহায় কৰে।

লিখকদ্বয়: অঞ্জনজ্যোতি ডেকা, অসম বাণী। প্ৰসাদ দাস, অসম বাণী।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate