আমি জীয়াই থাকিবলৈ ভাত বা ৰুটি আৰু লগত দাইল, বিভিন্ন শাক-পাচলি, মাছ, মাংস, কণী আদি খাওঁ। ভাত বা ৰুটি আমাৰ প্ৰধান আহাৰ। প্ৰধান আহাৰ খোৱাৰ উপৰি আমি বিভিন্ন ফল-মূল খাওঁ। এই ফল-মূল বা শাক-পাচলিৰ সাধাৰণতে আমি শাহ বা মাংসল অংশ খাওঁ আৰু ইয়াৰ গুটি পেলাই দিওঁ। কিন্তু এই গুটিবোৰৰো ঔষধি গুণ আছে। এইখিনিতে আন এটা কথা যে অকল ফল বা শাক-পাচলিৰ গুটিৰ ঔষধি গুণ আছে, এনে নহয়। বিভিন্ন ফুলৰ গুটিও ঔষধি গুণেৰে ভৰপূৰ।
আমঃ আমৰ গুটি শুকোৱাই জুইত পুৰি তাৰ পৰা ওলোৱা ধোঁৱা শুঙিলে এৱা ভঙা ৰোগ ভাল হয়।
কঁঠালঃ কঁঠালৰ গুটিয়ে স্মৰণ শক্তি বৃদ্ধি কৰে। ই শুক্ৰ বৃদ্ধিতো সহায় কৰে।
ক’লা জামুঃ ক’লা জামুৰ গুটি ৰ’দত ভালদৰে শুকোৱাই গুড়ি কৰি বহুমূত্ৰ ৰোগীয়ে দুই চামুচকৈ সদায় খালে ৰোগ নিয়ন্ত্ৰণলৈ আহে। ৰক্তহীনতাত ভোগা ৰোগীয়েও ক’লা জামুৰ দুটিৰ গুড়ি খালে ৰোগ নিৰাময় হয়।
অমিতাঃ অমিতাৰ গুটি গুড়ি কৰি মূৰ ধুলে উফি আৰু ওকণি নোহোৱা হয়।
কোমোৰাঃ মৃগী ৰোগীয়ে কোমোৰাৰ গুটি শুকোৱাই বাকলি গুচাই মৌৰ লগত খালে ৰোগ নিয়ন্ত্ৰিত হয়।
তিতা কেৰেলাঃ তিতা কেৰেলাৰ গুটি শুকোৱাই গুড়ি কৰি এচামুচকৈ খালে বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰিত হয়।
জিকাঃ ছাইনাছাইটিছৰ কাৰণে জিকাৰ শুকান গুটি খালে ৰোগ নিৰাময় হয়।
ৰঙালাওঃ ৰঙালাওৰ গুটি ভাজি খালে পেলু নাশ হয় আৰু শুক্ৰ বৃদ্ধি হয়।
গোলনেমুঃ গোলনেমুৰ গুটি শুকোৱাই গুড়ি কৰি পেলু হ’লে এক চামুচ গোলনেমুৰ গুটিৰ গুড়ি আৰু পাঁচ-ছয় চামুচ পানী মিহলাই খালে ৰোগ নিৰাময় হয়।
তুলসীৰ গুটিঃ তুলসীৰ শুকান গুটি খালে যৌনশক্তি বৃদ্ধি হয়।
পলাশঃ পেলু হ’লে পলাশৰ গুটি গুড়ি কৰি দুবাৰমান খালে পেলু মৰে। খজুৱতি হ’লে পলাশৰ গুটি নেমুৰসৰ লগত পিহি খজুৱতি হোৱা স্থানত লগালে ৰোগ নিৰাময় হয়।
সূৰ্যমুখীঃ কলেষ্টেৰল বাঢ়িলে সূৰ্যমুখীৰ অংকুৰিত গুটি খালে কলেষ্টেৰল কমে।
নাৰ্জী ফুলঃ স্বপ্নদোষ ৰোগত নাৰ্জী ফুলৰ গুটিৰ লগত চেনি মিহলাই প্ৰতিদিনে এচামুচকৈ অলপ দিন খালে এই ৰোগ নিৰাময় হয়।
(উৎসঃ অসম বাণী, ললিতা শৰ্মা লহকৰ)।