যিদৰে বাৰ্তালোচনীত গ্ৰন্থ পৰিচয় ওলালে তাক পঢ়িলে কিতাপখনৰ পৰিচয় পোৱা যায় – একেদৰেই মই আজি আপোনালোকক এবিধ শৰীৰৰ বাবে অতি উপকাৰী ফলৰ সৈতে পৰিচয় কৰাই দিব খুজিছো৷ ফলবিধৰ নাম হ’ল আভাকাডো (Avacado)৷ বটানিকেল নাম – Persea Americana ৷ ভাৰতবৰ্ষত কোনো কোনো ঠাইত ইয়াক মাখন ফল বা Butter friut বোলে৷ হিন্দীত আভাকাডো- নাচপতি, কানাড়াত বেন্নহেনু্ আৰু কোনো কোনো অঞ্চলত কুলু-নাচপতি নামেৰে ইয়াক জনা যায়৷ নাচিকত স্থাপিত “অল ইণ্ডিয়া আভাকাডো প্ৰডিউচাৰ এচচিয়েচনৰ” তথ্যমতে ভাৰতবৰ্ষত যোৱা বছৰ জুলাই মাহত আভাকাডো গছৰ সংখ্যা আছিল ১৫০০ জোপা আৰু ইয়াৰ পৰা বাৰ্ষিক ৩লাখ ফল প্ৰাপ্তি হয়৷ আমাৰ দেশত বৰ্তমান কেৰেলা, তামিলনাডু, মহৰাষ্ট্ৰ আৰু চিক্কিমত আভাকাডোৰ খেতি হয়৷
এইবিধ লাগতিয়াল ফলৰ বিষয়ে সজাগতা সৃষ্টি কৰাই হ’ল মোৰ লিখনিৰ উদ্দেশ্য৷ এতিয়া নিজৰ দেশতে এইবিধ ফল উৎপাদন হয় যেতিয়া আমাৰ বিভিন্ন চহৰ সমূহটো ইয়াক পোৱা যাব নিশ্চয়৷ এনেয়ো ভাৰতৰ নতুন উদাৰ অৰ্থনীতিৰ ফলত বিশ্বৰ যি কোনো দেশৰে দ্ৰব্য আৰু উৎপাদিত সামগ্ৰী আমাৰচহৰ সমূহত পোৱাটো সম্ভৱপৰ হৈ উঠিছে৷
বুৰঞ্জীমূলক তথ্য মতে আভাকাডোৰ প্ৰথম প্ৰথম উৎপত্তিৰ স্থল হ’ল খৃষ্টপূৰ্ব ১০০০০ চনতেই আমেৰিকাৰ মেস্কিকো দেশত৷ মেস্কিকো হ’ল উত্তৰ আমেৰিকাৰ এখন বৃহৎদেশ ৷ই হ’ল বিশ্বৰ ১৩নং বৃহৎতম দেশ৷ ইয়াৰ উত্তৰে অৱস্থিত ইউনাইটেড ষ্টেটচ অৱ আমেৰিকা৷ মেস্কিকোৰ মূল ভাষা হ’ল স্পেনিচ৷ ক্ৰমে আভাকাডোৰ গছ মধ্য আমেৰিকা,দক্ষিণ আমেৰিকা, জামেইকা দ্বীপ আৰু আমেৰিকা মহাদেশৰ আন আন অঞ্চললৈও সিঁচৰিত হৈ পৰিল৷ আভাকাডো হ’ল উষ্ণ আৰু ভূমধ্য-সাগৰীয় (Tropical & Meditarian) অঞ্চলৰ পৰিবেশত পালিত হব পৰা এবিধ চিৰ সেউজীয়া গছ৷
১৬৯৬ চনত হংচ স্ল’য়ানি নামৰ প্ৰকৃতিবিদ এজনে আভাকাডোৰ নাম “ইণ্ডেস্ক অৱ জামেইকান প্লান্টত” পোন প্ৰথম বাৰৰ বাবে উল্লেখ কৰিলে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি (১৭৮৭ – ১৭৯৭) জৰ্জ ৱাচিংটনেও নিজৰ অভিজ্ঞতা কথা বৰ্ণনা কৰোতে আভাকাডো গছৰ খেতিৰ কথা উল্লেখ কৰিছে৷
স্পেনিচ ভাষাত ‘আহুৱাকাটি’ শব্দৰ অৰ্থ হ’ল অণ্ডকোষ৷ এই বিধ ফলৰ আকৃতি দেখাত অণ্ডকোষৰ নিচিনা আৰু ই পুৰুষৰ উৰ্বৰা শক্তি বঢ়ায় বুলি এটা ধাৰণা প্ৰাচীন কালৰ পৰা চলি আহিছে৷ সেয়ে ‘আহুৱাকাটি’ ৰ পৰা আভাকাডো নামৰ উৎপত্তি হ’ল৷ পৰ্টুজিজসকলে কয় আবাকাটি৷ ১৭৫০ চনত ইণ্ডোনেচিয়া,১৮০৯চনত ব্ৰাজিল, ১৯৬০ চনত গ্ৰেট ব্ৰিটেইনলৈ আভাকাডোৰ খেতি প্ৰসাৰিত হ’ল৷
উনৈশ শতিকাৰ শেষলৈ ভাৰত, শ্ৰীলংকা, অস্ট্ৰেলিয়া, নিউজিলেণ্ড, ফিলিপাইন, দক্ষিণ আফ্ৰিকা, স্পেইন, মৰেক্কো, পৰ্টুগাল, পেৰু, কলম্বিয়া, ভিয়েটনাম, ইজৰাইল, কেনিয়া, ৱেষ্টইণ্ডিজ, ইথিয়োপিয়া আদি নানান দেশতো আভকাডোৰ গছ উপলব্দ্ধ হৈ পৰিল৷ গুটিৰ পৰাও গছ হয় যদিও ডালৰ কলমৰ পৰা ভাল ফল পোৱা যায়৷ ৬বছৰত গছে পূৰ্ণতা পায়৷
গছজোপা ৬০৷৭০ফুট ওখ হয় আৰু ফল লাগিব আৰম্ভ হয়৷ বছৰত এবাৰেই এজোপা গছে ৬কুৰিটালৈকে ফল দিয়ে৷ পাতবোৰৰ আৰু ইয়াৰ ফুলৰ আম গছৰ লগত সাদৃ্শ্য আছে যদিও ই কৰ্পূৰ (Camphor)জাতীয় গছহে৷ আমোদৰ কথা আভাকাডো যদিও ফল ইয়াক পাচলিৰ দৰেহে ব্যৱহাৰ কৰা হয়৷ কলগছৰ দৰে ইয়াৰ ডাল-পাতৰ পৰা আঠা বা লেটেস্ক ওলায়৷ জন্তুৰ বাবে এই গছৰ ছাল পাত অপকাৰী- বিষক্ৰিয়া কৰিব পাৰে৷ এই লেটেস্ক কিছুমান মানুহৰ বাবেও এলাৰ্জিৰ কাৰণ হব পাৰে৷ কলৰ দৰেই আভাকাডোৰ ফল গছত নপকে৷ পূৰঠ ফল চিঙি সাধাৰণ তাপমাত্ৰাত থলে ৪৷৫দিনত পকে৷ কল বা আপেলৰ লগত কাগজেৰে মেৰাই থলে সোণকালে পকে৷ পকা ফল বেয়া নোহোৱাকৈ ফ্ৰিজত ৪/৫ দিন ৰাখিব পাৰি৷
আভাকাডোৰ ৰঙ সাধাৰণতে ডাঠ সেউজীয়া নাইবা কিছু কজলা৷ ছালখন কঠালৰ বাকলিতকৈ সৰু-সৰুকৈ কিছু খহটা ৷আৰম্ভণিতে তিনিটা আভাকাডোৰ জাতিৰ (ভেৰাইটি) এতিয়া প্ৰায় ৪০টা জাতি হৈছে৷ জাতি ভেদে ফলৰ ৰঙ আৰু বাহিৰৰ ছালৰ কিছু তাৰতম্য দেখা যায়৷ বাহিৰত নাচপতিৰ বা কণীৰ নিচিনা আকৃতিৰ এই ফলৰ ভিতৰত এটা ডাঙৰ টান গুটি থাকে৷ একোটা ফল ৭ৰ পৰা ২০ চেন্টিমিটাৰ চাইজৰ আৰু ওজনত প্ৰায় দেড়শ গ্ৰামৰ হয়৷ গুটিৰ ভিতৰৰ পৰা ওলোৱা ৰসৰে আগতে ৰঙা চিঞাহি তৈয়াৰ কৰিছিল৷ আভাকাডোৰ চিঞাহিৰে লিখা কিতাপ আজিকালি সংগ্ৰহালয়ৰ সম্পদ৷ ফলৰ ভিতৰৰ ৰঙ পাতল ক্ৰিম বৰণৰ৷ ফলটো কাটি থলে বতাহত ৰঙ মূগা বৰণলৈ সলনি হয়৷ কিন্তু অলপ নেমুৰ ৰস সানি দিলে ৰঙ সলনি নহয়৷
পকাই লোৱা আভাকাডোৰ বাকলি গুচোৱাৰ প্ৰয়োজন নাই৷ দক্ষিণ ভাৰতত মিল্ক শ্বেকত নহল ডোচা বা ৰুটিৰ লগৰ চাটনিত আভাকাডো ব্যৱহাৰ হয়৷ এইবিধ ফল মিঠা নহয়-খাবলৈ মাখনৰ নিচিনা স্বাদ এটা আছে৷
বিশ্বৰ বিভিন্ন ঠাইত মানুহে আভাকাডো বেলেগ বেলেগ ধৰণেৰে খায়৷ সাধাৰণতে ফ্ৰুট চালাডত নহলে ভিজিটেবল চালাডত মিহলাই খোৱা যায়৷ আইচক্ৰিমত নহলে চেণ্ডৱিচত দিও বহুতে খায়৷ ফিলিপাইন আৰু ইথিয়োপিয়াত আভাকাডো চৰবত বনাই খায়৷ আজিকালি আভাকাডো বনোৱাৰ ম্যেনুৰ বিজ্ঞাপন ইন্টাৰনেটত ওলোৱাটোৱেই বুজায় ইয়াৰ প্ৰতি মানুহৰ বৰ্দ্ধিত আকৰ্ষণ৷
আভাকাডোত আছে কেলচিয়াম, লৌহতত্ব, ফচফৰাচ, পটাচিয়াম, ভিটামিন-এ, ভিটামিন-বি কম্পেস্ক, ভিটামিন-চি, ভিটামিন-ডি, ভিটামিন-ই, ভিটামিন-কে আৰু অমেগা-৩ ৷ ইয়াত থকা চৰ্বিবিধ হ’ল শৰীৰৰ উপকাৰী মনোআনচেচুৰেটেড ফেট৷ চডিয়াম আৰু কলেষ্টৰল নাম মাত্ৰও নাই৷
আভাকাডোয়ে যৌন শক্তি বঢ়ায় আৰু বাৰ্দ্ধক্য ৰোধ কৰে বুলি প্ৰাচীনকালত মানুহৰ মনত থকা বিশ্বাসক ভিত্তিহীন বুলি উলাই কৰি দিব নোৱাৰি৷ কাৰণ বিজ্ঞানসন্মত ভাবে দেখা গৈছে –
আভাকাডোয়ে মুখৰ,বক্ষৰ,প্ৰষ্টেটৰ কেন্সাৰ প্ৰতিৰোধ কৰে -‘গ্লুটাথিয়ন’ নামৰ এটা লাগতিয়াল এন্টিঅস্কিডেন্ট আভাকাডোত আছে৷ তেজত থকা বৰ্দ্ধিত কলেষ্টৰল হ্ৰাস কৰে৷হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে -ইয়াত থকা ‘ফলেট’ নামৰ তত্বই ষ্ট্ৰ’ক ৰোধ কৰে৷
বেক্টিয়াৰোধক তত্ব আভাকাডোত থকা হেতুকে যি কোনো ঘা শুকোৱাত সহায় কৰে৷ চকুৰ বাবে উপকাৰী-ইয়াত থকা ‘লুটিন’ নামৰ তত্বই কেটেৰেক্ট ৰোধ কৰে আৰু চকুৰ ৰেটিনাক সুৰক্ষা দিয়ে৷
শৰীৰৰ ছাল আৰু সাধাৰণ স্বাস্থ্যৰ উন্নতিত আভাকাডোত থকা ভিটামিন-ইয়ে সহায় কৰে৷ মেদবহুলতা কমাবলৈও আভাকাডো ব্যৱহৃত হয়৷ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবেও ৰোগীৰ বাবেও আভাকাডো হ’ল উপযোগী পথ্য৷
মানসিক ডিপ্ৰেচনৰ বাবে MAO Inhibitor দৰব খাই থকা ৰোগীয়ে একে সময়তে আভাকাডো খাব নালাগে৷ অন্যসকলে এলাৰ্জিৰ ভয়ত নোখোৱাকৈ থাকিব নালাগে৷ আনাৰচ খায়ো এলাৰ্জি হোৱা দেখিছো৷ লাখৰ ভিতৰত কোনোবা এজনৰ যিকোনো খাদ্যৰ পৰাই এলাৰ্জি হব পাৰে৷ আভাকাডোৰ তেল কচমেটিকচত আৰু মালিশৰ বাবে ব্যৱহৃত হ৷
লেখক: ডাঃ ভূপেন শইকীয়া
উৎস: সাহিত্য.অৰ্গ