অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফাইট’নিউট্ৰিয়েন্ট:

 

ফাইট’নিউট্ৰিয়েন্টবোৰ হ’ল শাক-পাচলি, ফল-মূল, সমগ্ৰ বীজজাতীয় আৰু মাহজাতীয় উদ্ভিদৰ খাদ্যত পোৱা প্ৰাকৃতিক উপাদান। সু-স্বাস্থ্যৰ বাবে উদ্ভিদীয় উপাদানবোৰ অন্যান্য নিউট্ৰিয়েন্টৰ সৈতে উপকাৰী প্ৰভাৱেৰে কাৰ্য কৰে। হৃদযন্ত্ৰৰ ৰোগ আৰু ষ্ট্ৰ’কৰ পৰা মধুমেহ, মানসিক বিকাৰ আৰু কেন্সাৰ আদি পুৰণি ৰোগত আমাৰ বাবে ফাইট’নিউট্ৰিয়েন্ট হৈছে ৰক্ষা কৱচ। কাৰ্বহাইড্ৰেটছ, প্ৰ’টিন আৰু চৰ্বি আদি মাইক্ৰ’নিউট্ৰিয়েন্টছৰ বিষয়ে আমি বহুতেই জ্ঞাত, যেনে- এফ ডি এৰ নিয়ন্ত্ৰিত খাদ্য লেবেলৰ বহু ভিটামিন আৰু খনিজ খাদ্যবোৰ। কিন্তু আমি কমসংখ্যক লোকেহে ফাইট’নিউট্ৰিয়েন্টছৰ সৈতে সু-পৰিচিত। উদ্ভিদীয় ভিত্তিৰ মাইক্ৰ’নিউট্ৰিয়েন্ট আমাৰ সু-স্বাস্থ্যত অৰিহণা যোগায় আৰু কেন্সাৰ, মধুমেহ হৃদযন্ত্ৰৰ ৰোগ আৰু ষ্ট্ৰ’ক আদিৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। কেৰ’টন’ইড পৰিয়ালৰ অংশ লাইক’পেন হ’ল এটা বৰণ, যিয়ে ৰঙা ফল-মূল আৰু শাক-পাচলিক বৰণ দিয়াত সহায় কৰে। ই লগতে এটা মুক্ত বিস্তৃত-যুঁজাৰু অক্সিডেন্টৰোধক। লাইক’পেনে প্ৰোষ্টেট, হাওঁফাওঁ আৰু পাকস্থলীৰ কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। অধিক লাইক’পেন গ্ৰ্হণৰ দ্বাৰা অগ্ন্যাশয়, মলাশয় আৰু মলনলী, খাদ্যনলী, মুখৰ বিন্ধা, স্তন আৰু কাৰ্ভিক্স কেন্সাৰৰ কিছু কাৰণ কমাব পাৰে। বিলাহী হ’ল লাইক’পেনৰ সম্পদশালী উৎস।

ফাইট’নিউট্ৰিয়েন্টসমৃদ্ধ খাদ্য:

 

  • ৰঙা, কমলা আৰু ইহালধীয়া শাক-পাচলি আৰু ফল-মূল(যেনে- বিলাহী, গাজৰ, জালুক, স্কোৱাচ, মিঠা আলু, নৰা বগৰী, আম, তৰমুজ, টেঙাজাতীয় ফল-মূল আৰু সৰুজাতীয় ফল-মূল)।
  • গাঢ় সেউজীয়া পটুৱা শাক-পাচলি(যেনে- শাক, কেইল, ব্ৰক’লি, বকচ্চ’য়, ছুইচ ছাৰ্ভ আৰু ৰোমেইন লেটইচ)।
  • নহৰু, পিঁয়াজ, চ্চাইভ আৰু লীক।
  • সম্পূৰ্ণ উদ্ভিদীয় সামগ্ৰী (যেনে- মুগাবৰণৰ চাউল, বন্য চাউল, কুইন’ৱা, বাৰ্লি, ঘেঁহু গুটি আৰু সম্পূৰ্ণ ঘেঁহুৰ শস্যৰ বীজৰ ৰুটী আৰু সম্পূৰ্ণ শস্যৰ বীজ, ধান, ঘেঁহু বা গোমধানৰ গুড়ি)।
  • বাদামজাতীয় ফল আৰু বীজ (যেনে- ৱালনাট, অলমণ্ড, সূৰ্যমুখী গুটি, তিল আৰু শনৰ বীজ)।
  • মাহজাতীয় খাদ্য(যেনে- শুকান বীন, মটৰ মাহ, মচুৰ মাহ, চয়াবিন আৰু চয়াজাতীয় সামগ্ৰী)।
  • চাহ আৰু কফি (যেনে- সেউজীয়া চাহ, ৰঙা চাহ আৰু অন্যান্য আয়ুৰ্বেদীয় চাহ)।
  • কেন্সাৰৰ চিকিৎসাত ‘ফাইট’নিউট্ৰিয়েন্ট’ এটা মাইলৰ খুঁটি, কাৰণ বৰ্তমান ব্যৱহৃত কেন্সাৰ প্ৰতিৰোধী কৃত্ৰিম ঔষধসমূহ সু-স্বাস্থ্যৰ অংগ-প্ৰত্যংগৰ বাবে অতি বিষাক্ত আৰু ৰোগীৰ সংক্ৰমিত নোহোৱা পদ্ধতিক দুৰ্বল কৰে। সেইবাবে প্ৰতিদিন পৰ্যাপ্ত শাক-পাচলি আৰু ফল-মূল গ্ৰহণ কৰি আমি প্ৰাকৃতিক ফাইট’নিউট্ৰিয়েন্ট পাব পাৰো।

লেখিকা: বৰ্ণালী নন্দী পুৰকায়স্থ বৰা(সম্ভাৰ)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate