অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বয়োজ্যেষ্ঠৰ আহাৰৰ ইটো-সিটো

বয়োজ্যেষ্ঠৰ আহাৰৰ ইটো-সিটো

সময় পাখি লগা কাঁড়সদৃশ। সময়ৰ গতিৰ লগত ধাৱমান হ’বলৈ আমি সকলো বাধ্য। সময়ে আনি দিয়ে অভিজ্ঞতা। সময়ৰ এই মেৰপেঁচতেই এটি সদ্য জন্মপ্ৰাপ্ত শিশু একলা-দুকলাকৈ বাঢ়ি বাঢ়ি যৌৱনপ্ৰাপ্ত হয়। তাৰ পিছত তেওঁ প্ৰাপ্তবয়স্ক হয়, লাহে লাহে পৌঢ় স্তৰলৈ গতি কৰে। সূক্ষ্মভাৱে অনুধাৱন কৰিলে দেখা যায় যে বয়সৰ লগত খাদ্যাভাস তথা পৰিপুষ্টিৰ অংশসমূহৰ কিছু পৰিৱৰ্তন হোৱাটো অতি বাঞ্চনীয়। বাঢ়ি অহা বয়সত এটি শিশুৰ যথেষ্ট শক্তিৰ প্ৰয়োজন। কিন্তু এটি শিশুৱে যথেষ্ট পৰিমাণৰ খাদ্য গ্ৰহণ কৰা সম্ভৱ নহয়, সেয়ে সিহঁতৰ খাদ্যত পৰিৱৰ্তনৰ প্ৰয়োজন আহি পৰে। বয়স বাঢ়ি অহাৰ লগে লগে, যুৱ অৱস্থাত প্ৰয়োজনীয় সুষম আহাৰেৰে শৰীৰটো সুস্থ আৰু সুঠাম কৰি ৰখাৰ প্ৰয়োজন হয়। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে দেহৰ কোষ আৰু কলাসমূহৰ গাঁথনিৰ পৰিৱৰ্তন সংঘটিত হয়, যাৰ ফল স্বৰূপে কাৰ্যক্ষমতাৰ তাৰতম্য হ’ব ধৰে। গতিকে দেহত খাদ্যৰ প্ৰয়োজনীয়তাত এজন পৌঢ় আৰু এজন যুৱ লোকৰ খাদ্যৰ তাৰতম্যৰ পাৰ্থক্য আহি পৰে।

 

বয়স বাঢ়ি অহাৰ লগে লগে ব্যক্তি এজনৰ দেহৰ কাৰ্যদক্ষতা কমি আহে। সেয়ে বয়সৰ লগত অতি কাৰ্যক্ষম এজন ব্যক্তিও অলস জীৱন এটা গ্ৰহণ কৰিবলৈ একপ্ৰকাৰ বাধ্য হয়। আনহাতে কাৰ্যক্ষমতা কমি যোৱা বাবে দেহত নানা ৰোগে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। তেনে কিছু ৰোগ হৈছে মেদবহুলতা, হাড় ঠুনুকা হোৱা, উচ্চ ৰক্তচাপ, মধুমেহ, গাউট, ৰক্তাল্পতা ইত্যাদি। ইয়াৰ উপৰি বহুতো শ্বাসতন্ত্ৰৰ ৰোগ খাদ্যপ্ৰাণ ‘ক’ৰ অভাৱৰ বাবে হোৱা দেখা যায়। বহুদিন মাদক দ্ৰব্য ব্যৱহাৰ কৰাৰ ফলতো বহুকেইবিধ খাদ্যপ্ৰাণৰ (ভিটামিন-চি, ভিটামিন-বি, ভিটামিন-বি,) অভাৱ পৰিলক্ষিত হয়।

এজন ব্যক্তিৰ জীৱনশৈলীৰ ওপৰতো খাদ্যাভ্যাসৰ তাৰতম্যৰ প্ৰয়োজনীয়তা আহি পৰে।

যেনে-

  • ব্যক্তিজন কিমান কাৰ্যক্ষম?
  • তেওঁৰ জীৱিকা কি?
  • আৰ্থিক অৱস্থা কেনেকুৱা?
  • কেনে পৰিৱেশত থাকে?
  • নিচাযুক্ত দ্ৰব্য সেৱন কৰে নেকি?

কিয়নো, এজন কাৰ্যক্ষম ব্যক্তিক যিমান শক্তিৰ প্ৰয়োজন হয়, কাৰ্যক্ষমতা হ্ৰাস পালে সেই প্ৰয়োজনীয়তা অৱধাৱিত হয়। চাকৰি-জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগে লগে দৈহিক, মানসিক তথা আৰ্থিক সকলো ফালৰ পৰাই কিছু পৰিমাণে হ’লেও সকলো মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহি পৰে। অতি কমসংখ্যক মানুহেহে অৱসৰৰ পিছতো নিজকে কাৰ্যক্ষম তথা ব্যস্ত কৰি ৰখাত সফল হয়। আনহাতে আৰ্থিক দিশৰ পৰাও তেওঁলোক কেতিয়াবা আনৰ ওপৰত নিৰ্ভৰশীল হ’ব লগাতো পৰে।

বয়সৰ লগে লগে যিহেতু দেহৰ কোষ আৰু কলাসমূহৰ কাৰ্যদক্ষতা হ্ৰাস হ’ব আৰম্ভ কৰে, গতিকে পাচনতন্ত্ৰও স্বাভাৱিকতে দুৰ্বল হ’ব ধৰে। এই অৱস্থাত ভাত, পাউৰুটী, শাক-পাচলি, গোমধান (স্নেহ পদাৰ্থ আৰু আঁহযুক্ত), খাদ্য তালিকাৰ, গুৰু অংশ বহন কৰিব লাগে।

এনে খাদ্য তেওঁলোকৰ দেহৰ বাবে উপযোগী বুলি গণ্য কৰা হয়। মাছ, গাখীৰ, দাইল আদি প্ৰ’টিনযুক্ত খাদ্যসমূহ লোৱাটো প্ৰয়োজনীয়, কিন্তু কিছু সাৱধানতা অৱলম্বন কৰা উচিত।

 

কণী, মাংস, অৰ্থাৎ ছাগলীৰ মাংস, মুৰ্গীৰ ঠেং, চেনি, মিঠৈ, বেছি তেলযুক্ত খাদ্য আদি যিমান পাৰি বৰ্জন কৰাটোৱেই শ্ৰেষ্ঠ। ই শৰীৰত বিশেষ উপকাৰ সাধন নকৰে। বৰঞ্চ ই অপকাৰহে কৰাৰ সম্ভাৱনা বেছি।

এজন বয়োজ্যেষ্ঠ লোকৰ প্ৰতিসাঁজ মুখ্য ভোজনত অন্ততঃ অলপ হ’লেও স্নেহ পদাৰ্থযুক্ত কগাদ্য অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। সেই খাদ্য ভাত, ৰুটী, পাউৰুটী, ডালিয়া, চুজি আদি হ’ব পৰে। আঁহযুক্ত আটাৰ ৰুটী, পাউৰুটী আদি অধিক চাফা কৰা আটা আৰু পাউৰুটীতকৈ অধিক ভাল বুলি বিবেচনা কৰা হয়। একেদৰে মিলত অধিক চাফা কৰা চাউলৰ তুলনাত উহোৱা চাউল দেহৰ বাবে অধিক উপকাৰী। কিয়নো, এনে ধৰণৰ খাদ্যত থকা আঁহসমূহে দেহত সৰল শৰ্কৰা/চেনি এটা নিৰ্দিষ্ট পৰিমাণত বৰ্তাই ৰাখে।

শাক-পাচলি আৰু ফলমূল আন এবিধ অতি প্ৰয়োজনীয় অংশ। ই খাদ্যপ্ৰাণ, খনিজ লৱণ তথা আঁহৰ এটি প্ৰধাণ উৎস। গতিকে গোটাকৈ খোৱা ফলমূল তথা পাচলিৰ চালাড যেনেকৈ উপকাৰী, কিছুক্ষেত্ৰত দাঁতৰ দুৰ্বলতাৰ বাবে গাজৰ, কবি আদি খাব নোৱাৰা লোকে ৰুকি, খুন্দি অথবা সিজাইও খাব পাৰে।

প্ৰ’টিযুক্ত খাদ্যসমূহ শৰীৰৰ গঠনৰ বাবে প্ৰয়োজনীয়। গতিকে অন্ততঃ এবিধ হ’লেও প্ৰতিসাঁজ খাদ্যত গ্ৰহণ কৰাটো উপকাৰী। গাখীৰ আৰু গাখীৰৰ পৰা প্ৰস্তুত নানা সামগ্ৰীত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে- যিয়ে হাড়ৰ সবলতা আৰু মজবুত হৈ থকাত সহায় কৰে।

ভাৰতীয় খাদ্যাভাসত প্ৰতিসাঁজ খাদ্যতে নিমখ এটি অতি প্ৰয়োজনীয় উপাদান। ব্যক্তিবিশেষে নিমখৰ সোৱাদ অৰ্জন কৰে। নিমখ শৰীৰৰ খনিজ লৱণৰ সাম্যতা ৰক্ষাৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু অতি বেছি নিমখ খোৱটোও দেহৰ বাবে অনিষ্টকাৰী, বিশেষকৈ বৃদ্ধ অৱস্থাত ই উচ্চ ৰক্তচাপ সৃষ্টিৰ কাৰক হৈ পৰিব পাৰে। উচ্চ ৰক্তচাপৰ বাবে নিমখত থকা Natটো অধিক অনিষ্টকাৰী। কাৰণ ই দেহত পানীৰ পৰিমাণ বঢ়াত সহায় কৰি উচ্চ ৰক্তচাপ সৃষ্টিত অৰিহণা যোগায়। আজিকালি বজাৰত কম Natযুক্ত নিমখ পোৱা যায়- যাৰ অপকাৰিতা কিছু পৰিমাণে হ’লেও কম। ইয়াৰ উপৰি ক’লা নিমখ/সন্ধক লোণো দেহৰ বাবে উপযোগী।

বয়সৰ লগত খাদ্য গ্ৰহণৰ প্ৰক্ৰিয়া কিছু সালসলনি হোৱাটো বাঞ্চনীয় হৈ পৰে।

যেনে-

  • অধিক শক্তি যোগাব পৰা খাদ্যসমূহ গ্ৰহণত কিছু বাধা আৰোপ কৰা উচিত।
  • যদিওবা বৃদ্ধ ব্যক্তিসকলৰ শৰীৰত শক্তিৰ প্ৰয়োজনীয়তা কমি আহে, কিন্তু খাদ্যপ্ৰাণ, খনিজ লৱণ আদিৰ বয়স প্ৰতিৰোধী কিছু ক্ষমতা আছে, গতিকে দেহৰ বাবে উপকাৰী। শাক-পাচলি, ফলমূল আদি অধিক গ্ৰহণ কৰাটো উচিত।
  • বয়সৰ লগে লগে শৰীৰৰ পাচন শক্তি কমি আহে। গতিকে একেবাৰতে গ্ৰহণ কৰা গুৰুপাকী গধুৰ আহাৰ শৰীৰে গ্ৰহণ নকৰিবও পাৰে। সেয়ে দিনত ৩-৪ বাৰ অলপ অলপ খাদ্য গ্ৰহণ কৰি থকাটো অধিক উপযোগী।
  • বয়সৰ লগে লগে বহু লোকে খোৱাত অনীহা প্ৰকাশ কৰে। এইক্ষেত্ৰত এটা প্ৰধান কাৰণ হৈছে, বয়সৰ লগত জিভাত থকা সোৱাদ গ্ৰন্থিৰ পৰিমাণ কমি আহে। গতিকে তেওঁ সোৱাদ অনুভৱ কৰাত অপাৰগ হয়, ফলস্বৰূপে খোৱাত অনীহা আহে। গতিকে তেওঁলোকে ভাল পোৱা খাদ্যসমূহ খাব দিলে নিশ্চয় তেওঁলোকে অলপ খাব বিচাৰিব। ইয়াৰ উপৰি বয়সৰ লগত খাব নিবিচৰাৰ আন এটি কাৰণ হৈছে দাঁতৰ অসুবিধাসমূহ- সৰি পৰা দঁত, ভালদৰে খাপ খই নপৰা কৃত্ৰিমদাঁত আদি। গতিকে তেওঁলোকে খাব পৰাকৈ সোৱাদযুক্ত কৰি বনাই দিলে, খাব বিচাৰে।
  • যিহেতু বয়সৰ লগে লগে হাড়, দাঁত আদি দুৰ্বল হৈ আহে। গতিকে কেলচিয়ামযুক্ত খাদ্য, যেনে- গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীসমূহ, সেউজীয়া শাক-পাচলি আৰু ফলমূল অতি প্ৰয়োজনীয় সামগ্ৰী হৈ পৰে।

এজন বৃদ্ধ ব্যক্তিৰ খাদ্য তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত খাদ্যাভাসৰ সালসলনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানে এবিধ খাদ্যৰ পৰা কিমান পৰিপুষ্টি পাব পাৰি তাৰ তালিকা যুগুত কৰি উলিয়াইছে। যিসমূহ খাদ্যৰ পৰিপুষ্টিৰ পৰিমাণ একেধৰণৰ হয়, সিহঁতক এটা গোটৰ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে এই প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য তালিকা প্ৰস্তুত প্ৰক্ৰিয়া অধিক সৰল আৰু বাস্তৱমুখী হৈ পৰিছে।

এই প্ৰক্ৰিয়াৰ দ্বাৰা এটা গোটত থকা খাদ্য-সামগ্ৰীসমূহত প্ৰায় সমান পৰিমাণৰ শৰ্কৰা, প্ৰ’টিন, চৰ্বি, খাদ্যপ্ৰাণ আৰু খনিজ লৱণ থকাটো বাঞ্চনীয়। এইসমূহ সামগ্ৰী থকাৰ পিছত আইৰণ, খাদ্যপ্ৰাণ-ক আদি কেতিয়াবা বিশেষভাৱে সংযোগ কৰিব লগা হয়। গতিকে পৰিসীমিত আৰু পৰিকল্পিত কৰিব পাৰি। খাদ্যৰ সালসলনি প্ৰক্ৰিয়াত সাধাৰণতে ব্যৱহাৰ কৰা কিছু খাদ্য-

  • গাখীৰ সালসলনিঃ

গাখীৰৰ ঠাইত এজন লোকে দৈ, পনীৰ, কম চৰ্বিযুক্ত চীজ আদিও গ্ৰহণ কৰিব পাৰে। একাপ গাখীৰৰ পৰা পাব পৰা আঠ গ্ৰাম প্ৰ’টিনৰ ওপৰত নিৰ্ভৰ কৰি এই সালসলনি কৰা হৈছে।

  • মংসৰ সালসলনিঃ

৪০ গ্ৰাম ছগলীৰ মাংসই সাত গ্ৰাম প্ৰ’টিম দিয়ে, এই কথাত লক্ষ্য ৰাখি সমান প্ৰ’টিন পাব পৰা খাদ্য, যেনে- মাছ, কণী, পণীৰ, মুৰ্গীৰ মাংস আদি অন্তৰ্ভুক্ত কৰা হয়।

  • মাহজাতীয় খাদ্যৰ সালসলনিঃ

নিৰামিষভোজী লোকৰ খাদ্যত মাহজাতীয় খাদ্য হৈছে প্ৰ’টিনৰ প্ৰধান উৎস। প্ৰায় ৩০ গ্ৰাম মাহজাতীয় খাদ্যই সাত গ্ৰাম প্ৰ’টিন যোগান ধৰে। এই তথ্য মনত ৰাখি মাহজাতীয় নানা খাদ্য-সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে।

  • শৰ্কৰাৰ সালসলনিঃ

এই প্ৰক্ৰিয়া ভাত, ৰুটী, গোমধান, বজৰা, চিৰা, চুজি, বিস্কুট, মেকৰনি, ময়দা আদি অন্তৰ্ভুক্ত কৰা হয়।

  • শাক-পাচলিৰ সালসলনিঃ

শাক-পাচলিসমূহ শ্ৰেণীভেদে সিহঁতৰ পৰিপুষ্টি পাব পৰা সামগ্ৰীসমূহ বেলেগ বেলেগ হয়। ই বিশেষকৈ খাদ্যপ্ৰাণ আৰু খনিজ লৱণৰ উৎস।

ই শৰ্কৰাৰো এটি উৎস। এইক্ষেত্ৰত নানা শাক এবিধৰ সলনি আনবিধ গ্ৰহণ কৰিব পাৰি, মাথোন ইয়াৰ পৰিমাণ বেলেগ বেলেগ হয়।

  • ফলমূলৰ সালসলনিঃ

দহ গ্ৰাম শৰ্কৰা দিব পৰা ফলৰ এটি অংশক এই সালসলনিৰ একক হিচাপে লোৱা হয়। যিহেতু ফলমূলত ওজন আৰু শক্তি দিব পৰা ক্ষমতাৰ তাৰতম্য থাকে, গতিকে এবিধৰ সলনি আন এবিধ গ্ৰহণ কৰিব পাৰি, মাথোন ইয়াৰ পৰিমাণ বেলেগ বেলেগ হয়।

  • চৰ্বিৰ সালসলনিঃ

এক চাহচামুচ অথবা পাঁচ গ্ৰাম চৰ্বি অথবা তেল এই সালসলনিৰ একক হিচাপে লোৱা হয়। এইক্ষেত্ৰত ঘি, মাখন, ক্ৰীম, খাব পৰা চৰ্বি, তেলৰ গুটি, তেল আদি অন্তৰ্ভুক্ত কৰিব পাৰি।

  • চেনিৰ সালসলনিঃ

এক চাহচামুচ অথবা পাঁচ গ্ৰাম চেনি এই সালসলনিৰ একক। চেনিৰ ঠাইত এজন লোকে মৌ, মিঠৈ আদি খাব পাৰে।

এই সালসলনি প্ৰক্ৰিয়া গ্ৰহণ কৰি এজন ব্যক্তিৰ সুষম আহাৰৰ নিৰ্ণয়ৰ পথত কিছু কথা লক্ষ্য ৰখাৰ প্ৰয়োজন আহি পৰে।

প্ৰথমে মানুহজনৰ দেহত প্ৰয়োজনীয় প্ৰ’টিনৰ পৰিমাণ নিৰূপণ কৰি লোৱা হয়। এজন ব্যক্তিৰ দেহত এক কেজি ওজনৰ বিপৰীতে এক গ্ৰাম প্ৰ’টিনৰ প্ৰয়োজন।

  • তাৰ পিছত শ্বেতসাৰযুক্ত খাদ্য কিমান প্ৰয়োজনীয় সেইটো হিচাপ কৰা প্ৰয়োজন। শ্বেতসাৰ, অৰ্থাৎ কাৰ্বহাইড্ৰেট হ’ল প্ৰাণীৰ শক্তিৰ আধাৰ।
  • তাৰ পিছত ফলমূল, শাক-পাচলি, চৰ্বি আৰু চেনি অন্তৰ্ভুক্ত কৰা হয়। এইক্ষেত্ৰত এজন ব্যক্তিৰ আৰ্থিক অৱস্থা, পচন্দ আৰু দেহত থকা অন্যান্য ৰোগ আদিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লগা হয়।

সুষম খাদ্য সকলো শ্ৰেণীৰ লোকৰ বাবেই প্ৰয়োজনীয়। সামাজিক তথা আৰ্থিক প্ৰয়োজন অনুসৰি সুষম খাদ্যক তিনি প্ৰকাৰত ভগাব পাৰি, যাতে সমাজৰ প্ৰতিটো স্তৰৰ লোকেই সুষম খাদ্য খাব পাৰে।

  • উচ্চ স্তৰৰঃ

যথেষ্ট পৰিমাণে দামী খাদ্য থাকে। যেনে- গাখীৰ, মাছ, মাংস, কণী, মাখন আৰু ফলামূল।

  • মধ্য স্তৰৰঃ

পৰিমিত পৰিমাণত গাখীৰ, কণী, মাংস, ফলমূল, স্নেহ পদাৰ্থ, আৰু যথেষ্ট পৰিমাণত চাউল, গোম, দাইল, বাদাম আৰু সেউজীয়া শাক-পাচলি।

  • নিম্ন স্তৰৰঃ

কম পৰিমাণৰ গাখীৰ, কণী, মাংস, ফলমূল, স্নেহ পদাৰ্থ, আৰু যথেষ্ট পৰিমাণত চাউল, গোম, দাইল, বাদাম আৰু সেউজীয়া শাক-পাচলি।

খাদ্য হৈছে আমাৰ শৰীৰৰ প্ৰধান আহিলা। সেয়ে আমি সদায় সচেতন হোৱা প্ৰয়োজন যে এনে খাদ্যহে খাব লাগে-

যি আমাৰ শৰীৰটো নিৰোগী কৰি ৰখাৰ লগতে শৰীৰক প্ৰয়োজনীয় শক্তিও প্ৰদান কৰে। খাদ্যই হৈছে স্বাস্থ্যৰ বৰ্ধন তথা নিয়ন্ত্ৰণৰ মূল আহিলা। গতিকে বয়স অনুপাতে আপোনাৰ দেহৰ উপযোগীকৈ সুষম আহাৰ খাওক আৰু দীৰ্ঘজীৱী হৈ সুস্বাস্থ্যৰ জীৱন উপভোগ কৰক।

লিখকঃ ডাঃ হিমামনী ডেকা, জিএনআৰচি স্বাস্থ্য আলোচনী



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate