অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাঁহ গাজৰ উপাদান আৰু উপকাৰিতাৰ বিষয়ে কিছু কথা

বাঁহ গাজত কি কি উপাদান থাকে ?

বাঁহগাজ হ'ল কম কেলৰি আৰু বেচি ফাইবাৰযুক্ত বনস্পতি খাদ্য ৷ ১০০গ্ৰাম বাঁহগাজত থাকে মাত্ৰ ২৭ কেলৰি উৰ্জা ৷ আন আন লাগতিয়াল উপাদানসমূহ হ'ল - কাৰ্বোহাইড্ৰেট (৫.২ গ্ৰাম), প্ৰটিন (২.৬গ্ৰাম), ফেট ( ০.৩গ্ৰাম), ডায়েটেৰী ফাইবাৰ (২.২গ্ৰাম) আৰু ক'লেষ্টেৰল হ'ল শূণ্য ৷ বাঁহ-গাজত থকা প্ৰটিনত কমেও ১৯বিধ লাগতিয়াল এমাইনো এচিড থাকে ৷

বাঁহ গাজ স্বাস্থ্যৰ বাবে কিয় উপযোগী ?

(১) মেদবহুলতা কমোৱাত সহায়ক: ১০০গ্ৰাম বাঁহগাজত থাকে ৮গ্ৰাম ডায়েটেৰী ফাইবাৰ ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয় ৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে ৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয় ৷

(২) ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা :
বাঁহ-গাজত থকা প'টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷

(৩) কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা : গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে ৷ ক'লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে

(৪) শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক : বাঁহ- গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয় ৷

(৫) পাকপ্ৰণালীৰ উপকাৰিতা : ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায় ৷ পিত্তৰ বিষৰ উপশম ঘটায় ৷পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে ৷

(৬) মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী ৷

(৭) নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক'লেষ্টেৰল বিলাক কমে ৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে ৷

( ৮) এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে ৷

(৯) বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া - মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।

(১০) বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী ৷

(১১) কেতিয়াবা সৰু সৰু ল’ৰা ছোৱালীৰ শৌচদ্বাৰেদি (বিশেষকৈ গ্ৰাম্যাঞ্চলত) জোক সোমাই যায় । তেতিয়া অলপমান খৰিচা খুৱাই দিলে জোক বাহিৰলৈ ওলাই আহে । হাল বাওতে গৰুৰ নাভিত জোক সোমালে খৰিচা খুৱালে জোক এৰাই বাহিৰ হয় ৷

বাঁহ গাজ খোৱাত কোনে সতৰ্কতা লব লাগে ?

গতিকে ওপৰৰ আলোচনাৰ পৰা গম পোৱা গ'ল যে বাঁহ-গাজ খালে পুৰণি ৰোগ বাঢ়িব, চুলি সৰিব, বাত বিষ হব, উচ্চ ৰক্তচাপ হব আদি ভুল ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই ৷ বাঁহ-গাজ খাই এলাৰ্জি হোৱা অতি দূৰ্লভ ৷ স্তনপান কৰাই থকা মাতৃয়েও বাঁহগাজ নিৰ্ভয়ে খাব পাৰে ৷
কেঁচাকৈ গৰম পানীৰে নোধোৱাকৈ বাঁহ-গাজ কেতিয়াও সেৱন কৰিব নালাগে ৷
গৰল, থাইৰয়ডৰ টিউমাৰ আৰু হাইপোথাইৰইডৰ ৰোগীয়ে বাঁহ-গাজ নোখোৱাটোৱেই মংগলজনক ৷

লেখক: ডাঃ ভূপেন শইকীয়া

ফোন নং: ০০৯৭৪৩৩৭৩৮৭২২

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate