অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাদামৰ কথাৰে :

বাদামৰ কথাৰে :

 

আমি সকলোৱে বাদাম খাই ভাল পাওঁ। আমি সচৰাচৰ খোৱা চীনা বাদামৰ বাহিৰেও আন বহু বাদাম বা বাদাম জাতীয় ফল আছে, যিবোৰ আমাৰ শৰীৰৰ বাবে অতিশয় দৰকাৰী। অৱশ্যে এইবিলাক বৰ বেছি সহজলভ্য বা কম দামৰ নহয়।

আমাৰ শাৰীৰিক দিশৰ পৰা সেইবোৰৰ ব্যৱহাৰ অতিশয় প্ৰয়োজনীয়। এই লেখাটিত কিছুমান বাদামৰ বিষয়ে আলোচনা কৰা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলত আৰু এবিধ বাদাম পোৱা যায় আৰু সেইবিলাকক ‘কাঠ বাদাম’ বুলি কোৱা হয়। ইয়াৰ পুষ্টিগুণৰ বিষয়ে বৰ ভালদৰে জানিব পৰা হোৱা নাই।

একোটা বীজৰ শাহ হিচাপে ৰঙালাউৰ গুটিৰ বহ্য পুষ্টিমূল্য আছে। ঠিক তেনেদৰে তিলৰ গুটিৰো। সেইবাবে বাদামৰ লগতে এই দুবিধ বীজৰ বিষয়েও ইয়াত উল্লেখ কৰা হৈছে।

ৰোগন বাদাম(Almond):

এই বাদামত যথেষ্ট পৰিমাণে ভিটামিন ‘ই’, কেলচিয়াম, ফচফৰাচ, লো আৰু মেগনেচিয়াম আদি খনিজ পদাৰ্থ থাকে।

ইয়াত দস্তা, ছেলেনিয়াম, তাম আৰু নায়েচিনো থাকে। এই বাদাম নিয়মীয়াকৈ খালে হৃদৰোগৰ অন্যতম কাৰণ- কলেষ্টেৰলৰ পৰিমাণ কমি থাকে।

ই ম’ন’আনচেচুৰেটেড(Mono-unstaturated fat) চৰ্বিৰ উৎকৃষ্ট উৎস।

কাজু বাদাম(Cashew Nut):

কাজুবাদাম, প্ৰোটিনৰ ভাল উৎস। ই কিছুমান খনিজজাত পদাৰ্থ-

*তাম,

*কেলচিয়াম,

*মেগনেচিয়াম,

*লো,

*ফচফৰাচ,

*পটাচিয়াম আৰু

*দস্তাৰ ভাল উৎস।

ইয়াত চৰ্ডিয়াম খুব কম পৰিমাণত থাকে। উপযুক্ত পৰিমাণত খালে ই আমাৰ শৰীৰৰ বেয়া কলেষ্টেৰল কমাই ৰাখে।

আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোখিনি তামেই ইয়াত পোৱা যায়। আমাৰ শৰীৰৰ মাখিছালৰ ছিগা অংশ মেৰামতি কৰাত এইবিধ বাদামে সহায় কৰে।

চীনা বাদাম(Peanut):

এইবিধ বাদাম সকলোৰে চিনাকি আমি খাই থকা এইবিধ বাদাম হ’ল চীনা বাদাম। ইয়াত সাধাৰণতে বিভিন্ন ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট থাকে।

ই আমাৰ দেহত বেয়া কলেষ্টেৰল কমায় আৰু ভাল কলেষ্টেৰল বঢ়ায়। অৱশ্যে অত্যধিক পৰিমাণত দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিলে থাইৰয়ড সমস্যাই দেখা দিব পাৰে।

আখৰোট(Walnut):

উত্তৰ-পশ্চিম ভাৰতত স্বাভাৱিকতে উৎপন্ন আৰু শুকান ফল হিচাপে প্ৰভূত জনপ্ৰিয় আখৰোটত প্ৰচুৰ পৰিমাণে আমাৰ স্বাস্থ্যৰ বাবে অতীৱ প্ৰয়োজনীয় ওমেগা-৩ চৰ্বি এচিড(Omega-3 Fatty Acid) থাকে।

ইয়াত বিভিন্ন প্ৰতিজাৰক(এন্টিঅক্সিডেন্ট) আৰু ফাইটোষ্টেৰল(Phytosterol) নামৰ পাদাৰ্থ থাকে। এই বাদাম খাই থাকিলে মগজুৰ কাৰ্যক্ষমতা ভালেখিনি অটুট থাকে।

আলঝাইমাৰ(Alzhiemer’s Disease) আদি ৰোগৰ পৰাও বাচি থাকিব পাৰি। মগজুৰ স্নায়ুকোষৰ মেৰামতিৰ বাবে ই যথেষ্ট সহায়ক। উদ্ভিদজ প্ৰোটিনৰ ই সৰ্বোৎকৃষ্ট উৎস।

পিষ্টাচিঅ’(Pistachio):

এই প্ৰকাৰৰ বাদামত-

*কাৰ্বোহাইড্ৰেট,

*প্ৰোটিন,

*এমিন’এচিড,

*চৰ্বি আৰু খাদ্যত থাকিবলগা আঁহ যথেষ্ট পৰিমাণে থাকে।

লগতে-

*ফচফৰাচ,

*কেলচিয়াম,

*লো,

*মেগনেচিয়াম,

*মেগানিজ,

*দস্তা,

*তাম,

*ছডিয়াম আৰু

*চেলেনিয়াম আদি যথেষ্ট পৰিমাণে থাকে।

এই বাদামত আন বাদামত থকাতকৈ কম চৰ্বি থাকে। অৱশ্যে ইয়াক বেছিকৈ খালে এলাৰ্জিৰ সূত্ৰপাত হ’ব পাৰে।

আমাৰ দেশত সততে উৎপন্ন নোহোৱা কিন্তু বাহিৰৰ পৰা কিনি ব্যৱহাৰ কৰিব পৰা কিছুমান বাদাম হ’ল-

*Hezel Nut,

*Pecan,

*Pine Nut,

*Chestnut,

*Hickory Nut,

*Brazit Nut,

*Macadamia,

*Nutmeg.

শাহযুক্ত হোৱা বাবে নাৰিকলকো(Coconut) এই আলোচনাত সামৰা হৈছে।

ৰঙালাউৰ গুটি আৰু ভোমোৰাৰ গুটিৰ শাহ, তিলৰ গুটি, সূৰ্য্যমুখী ফুলৰ গুটি আদিতো ওপৰোক্ত বাদামসমূহত থকা ভালেখিনি চৰ্বি, ভিটামিন, খনিজ পদাৰ্থ, অমিনএচিড আৰু খাদ্য আঁহ থাকে।

ৰঙালাউৰ গুটি(Pumpkin Seeds):

আমি প্ৰায় সঘনাই আঞ্জা হিচাপে খোৱা ৰঙালাউৰ গুটিবোৰো বাদামৰ দৰেই। ইয়াত যথেষ্ট পৰিমাণে থকা দস্তাই আমাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায়। ফলত আমাৰ চৰ্দি-কাহৰ প্ৰকোপ কমি থাকে।

সূৰ্যমুখী ফুলৰ গুটি(Sunflower Seeds):

সূৰ্যমুখী ফুলৰ গুটিৰ ৩৫ গ্ৰামতে ভিটামিন ‘ই’ আমাৰ দৈনন্দিন প্ৰয়োজনীয় পৰিমাণৰ ৮০% থাকে।

এই ভিটামিনে শৰীৰৰ প্ৰদাহ(Inflammation) কমায় আৰু আমাৰ মাংসপেশীৰ সুস্থ, সবল গঠনত সহায় কৰে।

তিল(Sesame Seeds):

ই উচ্চ ৰক্তচাপ কমায়, কৰ্কট প্ৰতিৰোধ কৰে আৰু ডায়েবেটিছ কমাই ৰাখে। ই আমাৰ হজমশক্তি উন্নত কৰাৰ লগতে শৰীৰত শক্তি ব্যৱহাৰৰ পৰিমাণ বঢ়ায়।

শৰীৰৰ প্ৰদাহো কমায়। মুখ গহ্বৰৰ স্বাস্থ্য বঢ়ায়। হৰমোনৰ ভাৰসাম্য ৰক্ষা কৰি চৰ্বি দহন কৰে। কলেষ্টেৰল হ্ৰাস কৰে।

জাইফল:

১০০ গ্ৰামত থকা পুষ্টিকৰ দ্ৰব্যসমূহ হ’ল বহুবিধ মছলাৰ মিশ্ৰণত থকা জাইফলৰ অংশই তলৰ উপকাৰবোৰ সাধে-

*বিষৰ উপশম ঘটাই।

*হজম শক্তি বঢ়ায় আৰু হাড় মজবুত কৰে।

*মুখ গহ্বৰৰ স্বাস্থ্য বঢ়ায়।

*মুখৰ দুৰ্গন্ধ আঁতৰায়।

*মস্তিষ্কৰ স্বাস্থ্য বঢ়ায়।

*ছালৰ খজুৱতি আৰু উখহা কমায়।

*শৰীৰৰ দূষিত পদাৰ্থ দূৰ কৰে।

*নিদ্ৰাহীনতাৰ উপশম ঘটায়।

*লিউকেমিয়াৰ চিকিৎসাত সহায় কৰে।

*ছাল সুন্দৰ কৰে।

*বৃক্কৰ পাথৰ গলোৱাত সহায় কৰে।

*তিল(Sesame Seeds):

এছিয়া আৰু পূব আফ্ৰিকাৰ মহাদেশৰ টাঞ্জানিয়া, ভাৰত আৰু চুডানত বেছিকৈ উৎপাদন হোৱা তিলত ঘাইকৈ তেল থাকে বুলি জনা যায় যদিও ইয়াত আন বহু মূল্যৱান ভিটামিন, প্ৰোটিনৰ আধাৰ এমিন’ এচিড আৰু খনিজ পদাৰ্থ থাকে।

খাদ্য হিচাপে তিলৰ ব্যৱহাৰে উচ্চ ৰক্তচাপ কমাই ৰাখে, হজম শক্তি বঢ়ায়। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে।

হাড়ৰ গঠনত সহায় কৰে। যিকোনো অংগ উখহাৰ প্ৰৱণতা কমায়, মুখগহ্বৰত হোৱা সংক্ৰমণ কমায়।

কেন্সাৰ প্ৰতিৰোধতো সহায় কৰে। তিলৰ তেলে চুলি ক’লাকৈ ৰখাত সহায় কৰে আৰু ক’লা বাকলিবিহীন তিনৰ সেৱন সৃষ্টিশক্তি বঢ়ায়।

পিষ্টাচিঅ’ত ভেঁকুৰ লাগি থাকিলে খাব নালাগে। অধিক মাত্ৰাত খালে ই দেহত এলাৰ্জিৰ সূত্ৰপাত ঘটাব পাৰে।

চীনা বাদাম অধিক মাত্ৰাত খালে এলাৰ্জি, থাইৰয়ডৰ সমদ্যাই দেখা দিব পাৰে।

অধিকমাত্ৰাত কাজুবাদাম খালেও বৃক্কৰ পাথৰী ৰোগৰ সমস্যা বাঢ়ে। এলাৰ্জিও হ’ব পাৰে।

বিজ্ঞানীসকলে Omega-3 চৰ্বি এচিড থকা বাদাম খাবলৈ পৰামৰ্শ দিছে।

আজিকালি বিভিন্ন অনলাইন ব্যৱসায় কৰা কোম্পানীৰ জৰিয়তে বহুবাৰ আগেয়ে নজনা বাদামৰ বিষয়ে জানিব আৰু ব্যৱহাৰ কৰিব পৰা যায়।

তেনে কিছুমান বাদাম হ’ল-

*Hezel Nut

Pecan,

*Pine Nut,

*Chestnut,

*Hickory Nut,

*Brazit Nut,

*Macadamia,

*Nutmeg আদি।

নাৰিকলকো বাদাম বুলি ধৰিব পাৰি। কাৰণ ইয়াত একত্ৰে-

*বিভিন্ন কাৰ্বোহাইড্ৰেট,

*বিভিন্ন প্ৰকাৰৰ চৰ্বিৰ অণু,

*ভিটামিন আৰু খনিজ পদাৰ্থ থাকে।

*বিভিন্ন ধৰণৰ প্ৰতিজাৰক(Antioxidents) পদাৰ্থত থাকে।

নাৰিকলৰ পানীত নাৰিকলটোৰ গজালি ওলোৱা বা অংকুৰণৰ বাবে দৰকাৰী বিভিন্ন প্ৰকাৰৰ দ্ৰব্য থাকে।

পৰিশিষ্টত দিয়া তালিকাত এই বিভিন্ন প্ৰকাৰৰ বাদাম, শস্যবীজ আৰু শাহত থকা পুষ্টিদ্ৰৱ্যৰ বিভিন্ন গৱেষকে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণ দিয়া হৈছে।

পৰিশিষ্ট ১ত আমি সদ্যহতে ব্যৱহাৰ কৰিব পৰা বিভিন্ন বাদাম, শস্যবীজৰ  বিপণন কৰা বিভিন্ন দেশী-বিদেশী কোম্পানীৰ নাম দিয়া হৈছে। বন্ধনীৰ ভিতৰত সেইবোৰ উৎপন্ন হয় তাকো দিয়া হৈছে-

তলত কিছুমান বাদাম আৰু আন কিছুমান ফলৰ শাহ, ৰস, আৰু গুটিৰ প্ৰাকৃতিক উৎপাদন স্থল আৰু এইবিলাক কিনিব পৰা দেশীয় ব্যৱস্থা আৰু অনলাইন কোম্পানী কিছুমানৰ নাম দিয়া হৈছে।

পৰিশিষ্ট-১(Appendix-1)

 

খাদ্যৰ নাম

পোৱা ঠাই

বিপণন সংস্থা

Almond

ভাৰতৰ বিভিন্ন ঠাইত

*Amzon,

*Filp cart,

*Snapdeal,

Cashewnut(কাজু বাদাম)

সমগ্ৰ ভাৰতত

*India Mart,

*Open Market,

* Snapdeal,

*Alibaba.com,

*Kumbhatbazar.com.

Hickory nut

*চীন,

*ভাৰত

*Amazon,

*ebay.

Brazil nut

দক্ষিণ আমেৰিকা

* Amazon,

* Snapdeal,

*Puremart.

Pecan

*মেক্সিকো,

*দক্ষিণ আমেৰিকা

* Amazon,

*nuts.com.

Peanut/Groundnut

সমগ্ৰ ভাৰততে

* Indiamart,

*Jaindryfruits.com,

*Alibaba.com.

Walnut(আখৰোট)

উত্তৰ-পশ্চিম ভাৰত

*Fruji mart.com,

*Alibaba.com,

* Amazon,

*nut.com,

*walmart.com.

Macadamia

*অষ্ট্ৰেলিয়া,

*ইণ্ডোনেছিয়া

*www.nuts.com,

*India mart,

*Amazone.

Pistachio

মধ্য আৰু মধ্যপূব এছিয়া

*Amazone,

*Snapdeal.

Chestnut

উষ্ণ উত্তম আমেৰিকা

*Amazone,

*India mart.

*nuts.com,

*Snapdeal,

*Alibaba.

Pine nut

লেবান

*Amazone,

*Alibaba,

*India mart,

*Jaindryfruits.

Coconut

*দক্ষিণ আৰু দক্ষিণ পূব এচিয়া,

*এচিয়া প্ৰশান্ত মহাসাগৰীয়া অঞ্চল

*Southeast Asia and Asia Pacific,

*Alibaba.

Sesame(তিল)

*টাঞ্জানিয়া,

*ভাৰত,

*চুদান

*Amazone,

*India mart,

*www.indiansesame.com

Pampkin Seed(ৰঙা লাউৰ গুটি)

সমগ্ৰ ভাৰত

*Open market,

*Amazone,

*Snapdeal,

*Filp cart,

*Fabindia.

Hezel nut

*তুৰ্কী,

*ভাৰত,

*মালয়েচিয়া

 

*Amazone,

*dryfruit basket.in,

*Indian mart.

Nutmeg

ভূমধ্য সাগৰীয় অঞ্চল

*Open Market,

*Amazone India,

*Patanjali,

*Snapdeal,

*India Mart,

*Flipcart,

*walmart.

 

লেখক: ভাৰত চন্দ্ৰ বৰা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

 

 

 

 

 

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate