অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাদামৰ সৈতে সুস্থতাৰ আছে গভীৰ সম্পৰ্ক

বাদামৰ সৈতে সুস্থতাৰ আছে গভীৰ সম্পৰ্ক

 

এফালে পৰিৱেশ প্ৰদুষণ,আনফালে ভেজাল খাদ্য-বৰ্তমান সময়ত মানুহ নানা ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ ঘটনা দিনে দিনে বৃদ্ধি পোৱাৰ অন্যতম কাৰণ।;ইয়াৰ উপৰি আমাৰ দৈনন্দিন জীৱন যাত্ৰাত আমি কৰা নানা ধৰণৰ ভুলৰ বাবে অসুস্থ হৈ পৰোঁ।সেইবাবেই বৰ্তমান সময়ত সুস্থ হৈ থকাটো এক প্ৰত্যাহ্বান হৈ পৰিছে।সেয়ে এই প্ৰ্ত্যাহ্বানক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বিশেষজ্ঞসকলে দিছে এক পৰামৰ্শ।বিশেষজ্ঞসকলৰ মতে সুস্থতাৰ বাবে বিশেষ কিবা কৰাৰ প্ৰয়োজন নাই।নিতৌ নিমখ নিদিয়াকৈ বাদাম খোৱা আৰম্ভ কৰক।ইয়াৰ উপৰি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে নিয়মিত শৰীৰ চৰ্চাৰ অভ্যাস কৰক।ফলস্বৰুপে আপোনাৰ দেহ নিৰোগী হৈ থকাৰ লগতে আপুনি হৈ থাকিব স্বাস্থ্যবান।

বাদামৰ সৈতে সুস্থ শৰীৰৰ কি সম্পৰ্ক আছে সেয়া তলত আগবঢ়োৱা হ’ল-

 

*আই চি এম আৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন পৰ্যালোচনা কৰিলে দেখা যায় যে বিগত বহু বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।কেৱল সেয়াই নহয়,আগন্তুক পাঁচ বছৰত আৰু বৃদ্ধি পাব এই সংখ্যা।সেয়ে কৰ্কট ৰোগ সন্দৰ্ভত প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা একান্ত প্ৰয়োজনীয়।এইক্ষেত্ৰত বাদামে গুৰুত্বপুৰ্ণ প্ৰভাৱ পেলাব পাৰে।বাদামত থকা পলিফেনলিক এণ্টিঅক্সিডেণ্টে একাধিক কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে।বিশেষভাৱে গেষ্ট্ৰিক আৰু ক’লন কৰ্কটৰ পৰা হাত সৰাৰ ক্ষেত্ৰত বাদামৰ আছে গুৰুত্বপুৰ্ণ ভুমিকা।

*হাৰ্টৰ স্বাস্থ্যৰ উন্নতিত বাদামৰ আছে গুৰুত্বপুৰ্ণ ভুমিকা।বাদামত থকা বহুকেইটা উপাদানে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰে।ফলত হাৰ্ট এটাকৰ আশংকা হ্ৰাস পায়।কেৱল সেয়াই নহয়,নিতৌ বাদাম খোৱাৰ ফলত শৰীৰত মনো আৰু পলিছেচুৰেটেড ফেটৰ পৰিমাণ বৃদ্ধি পায়।ফলত হাৰ্ট অধিক কাৰ্যক্ষম হৈ পৰে।

*বাদামত আছে ভিটামিন বি-৩ আৰু ৰেচভেৰাট্টল।এই দুয়ো উপাদানে মগজুত ৰক্ত সঞ্চালন বৃদ্ধি কৰে।ফলত এফালে যিদৰে মগজুৰ শক্তি বৃদ্ধি পায় একেদৰে স্মৃতি শক্তিৰ বৃদ্ধি ঘটে।

*মানসিক অৱসাদ আৰু উদ্বিগ্নতা হ্ৰাস কৰাৰ ক্ষেত্ৰত বাদামৰ বিকল্প নাই বুলিবই পাৰি।বাদামত থকা টাইটোফন নামৰ এমিন’এচিডে শৰীৰৰ নানা ধৰণৰ হৰম’নৰ ক্ষৰণ নিয়ন্ত্ৰণত ৰাখি ডিপ্ৰেছন হ্ৰাস কৰাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।

*গলষ্টোনৰ আশংকা হ্ৰাস কৰাতো বাদামৰ আছে বিশেষ ভুমিকা।একাধিক গৱেষণাত এটা কথা প্ৰমাণ কৰিছে যে প্ৰতিদিনে ৩০ গ্ৰামকৈ বাদাম খোৱাৰ ফলত গলষ্টোনত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় ২৫ শতাংশ হ্ৰাস পায়।

*আলঝেইমাৰ ৰোগ প্ৰতিৰোধ কৰাতো বাদামে সহায় কৰে।যিসকলৰ পৰিয়ালত এই ৰোগত আক্ৰান্ত লোক আছে,তেওঁলোকে নিতৌ বাদাম খোৱাটো আৱশ্যক।বাদামত থকা নিয়াচিন নামৰ উপাদানে আলঝেইমাৰ ৰোগৰ প্ৰকোপ হ্ৰাস কৰাত বিশেষ ভুমিকা গ্ৰহণ কৰে বুলি একাধিক গৱেষণাত প্ৰমাণিত হৈছে।

*গৰ্ভৱতী নাৰীৰ বাবে বাদাম অতি উপকাৰী।বাদামত থকা ফলিক এচিডে গৰ্ভাৱস্থাত একাধিক সমস্যা দুৰ কৰে।বাদামত থকা ভিটামিন,খনিজ আৰু এণ্টিঅক্সিডেণ্টে শৰীৰক সক্ৰিয় কৰি ৰাখে।

উৎস:নিয়মীয়া বাৰ্তা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate