অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন জনগোষ্ঠীৰ খৰিচাৰ জুতি আৰু ঔষধি গুণ

বিভিন্ন জনগোষ্ঠীৰ খৰিচাৰ জুতি আৰু ঔষধি গুণ

 

বাৰীৰ শুৱনি বাঁহ

ভোজনৰ শুৱনি হাঁহ

বাঁহগছ হৈছে বিভিন্ন জাতি-গোষ্ঠীৰ দৈনন্দিন জীৱনচর্যাৰ অত্যাৱশ্যকীয় সামগ্রী। এই বাঁহগছৰ ৭৫ টা জাতিৰ আকৌ ১২৫০ টা উপ-প্রজাতিৰ বাঁহগছ পোৱা যায়। আমাৰ ভাৰতবৰ্ষত ২০ টা জাতিৰ ভিতৰত আকৌ ১৩৬ টা প্রজাতি পোৱা যায়। ইয়াৰ বিভিন্ন অংশ দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰাৰ উপৰি বাঁহৰ গজালিক খাদ্য হিচাপেও জাতি-জনজাতি লোকসকলে ব্যৱহাৰ কৰা দেখা যায়।

প্রবাদ-প্রবচনত পোৱা যায়। এইদৰে—

‘তোমাৰ বাৰীৰ বাঁহগাজ

তাৰে কৰিছো খৰিচা

তাকে লৈ সলাই ধানদোণ লওঁ

কথাটো মন কৰিছা!

বাঁহ এনে এবিধ গছ, যাৰ মূঢ়াৰ পৰা গোটেই গা-গছলৈকে ব্যৱহাৰ্য সামগ্ৰী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো জাতি-গোষ্ঠীৰ লোকে বাঁহৰে নির্মিত বিভিন্ন সা-সামগ্ৰীৰ উপৰি ঘৰ-দুৱাৰ সজোৱা কাম কৰে। সেয়েহে কোৱা হয়-

যাৰ নাই বাঁহ

তাৰ নাই সাহ।

সাহে সিদ্ধি

কর্মই বৃদ্ধি

তেহে হয় জীৱন সমৃদ্ধি।

জীৱন সমৃদ্ধ কৰিবলৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ উপৰি বাঁহৰ গজালি খাদ্য হিচাপে সর্বজনবিদিত। বাঁহৰ গজালি খৰিচাই দেশী তথা বিদেশী বজাৰতো নিজৰ অস্তিত্ব অক্ষুন্ন ৰাখিবলৈ সমর্থ হৈছে।

খাদ্য হিচাপে বাঁহগাজ

কোমল বাঁহগাজ আনি তাৰ বাকলি গুচাই টুকুৰা-টুকুৰ কৰি মিক্সিত বা খুন্দনাত খুন্দি ভালদৰে বটলত ভৰাই থ’ব লাগে। মাজে সময়ে ৰ’দত দি থাকিব লাগে। দাইল-আঞ্জাৰ লগত বাঁহগাজৰ চাট্‌নি খাবলৈ ইচ্ছা কৰিলে বাঁহগাজ দুচামুচমান উলিয়াই আনি তাত জীৰা গুড়া, কেঁচা জলকীয়া, আদা বটা আৰু নহৰু বটা মিহলাই সৰিয়হ তেল গৰম কৰি ভালদৰে লৰাই যেতিয়া থপথপীয়া হ’ব, তেতিয়া ভাতৰ লগত চাট্‌নি হিচাপে খাবলৈ বৰ জুতি লগা হয়।

খৰিচা

কোমল বাঁহগাজৰ খৰিচা বৰ পুষ্টিকৰ আৰু তৃপ্তিদায়ক। অৱশ্যে খৰিচা সম্পর্কে হেমকোষত কৈছে যে স, শ, (মিহি নোহোৱা গুড়ি) বাঁহগছৰ পৰা তৈয়াৰ কৰা এবিধ ঔষধি গুণসম্পন্ন খাদ্য দ্রব্য। ই দুই প্রকাৰৰ— পকা খৰিচা আৰু শুকান খৰিচা। বিশেষকৈ বাঁহ গজালি কুটি আধা খুন্দা কৰা বাঁহগাজ পানী দি কলহত ভৰাই থ’লে যেতিয়া সি টেঙা হয় তেতিয়া তাক পকা খৰিচা বুলি কয়।

শুকান খৰিচা

কুটবাঁহৰ গাজ শুকুৱাই গুড়ি কৰিলে তাক শুকান খৰিচা বা জিম খৰিচা বুলি কোৱা হয়।

আমাৰ জাতি-জনজাতিসকলে বিভিন্ন নামেৰে বিভিন্ন ধৰণে খৰিচা খোৱাৰ এক লোক

পৰম্পৰা আছে।

ৰাভা জনগোষ্ঠী

মেবাৰ (বাঁহগাজৰ পৰা তৈয়াৰী মিথি জিম টেঙা) পিঠাগুড়িৰে থপথপীয়াকৈ কাৱৈ মাছৰ লগত ৰান্ধি বা শুকান মাছৰ লগত ৰান্ধি খায়।

তিৱাসকল

তিৱা জনজাতিৰ লোকে আঙুলিৰ মান দীঘল আগলি বাঁহগাজ চুঙাত ভৰাই থৈ বোৱতী নদী বা নিজৰাৰ বালিত পুতি থৈ খৰিচা তৈয়াৰ কৰে।

বড়োসকল

বড়ো, কছাৰী লোকে বৈয়াম বা কাঁচৰ পাত্ৰত ভালদৰে ‘ওৱা মেৱাই ধোঁৱাচাঙত তুলি শুকুৱাই থয়। ইয়াক আকৌ শুকান মাছৰ লগত বা গাহৰিৰ মাংসৰ লগত (মানথু) পিঠাগুড়ি দি খৰিচাৰে ৰান্ধি খাই বৰ সোৱাদ পায়।

কাৰবি

কাৰবিসকলৰ এই বাঁহগাজৰ খৰিচাৰে পোৰা গাহৰি ৰন্ধা (হান উপ আহি) আঞ্জা বৰ সোৱাদলগা হয়।

কুকি

শুকান মাছৰ লগত পকা খৰিচাৰে ৰন্ধা আঞ্জাখন বৰ সোৱাদলগা হয়। ইয়াৰ উপৰি (ছিঃ জুৰ) অতি গোন্ধযুক্ত বনৰীয়া কুঁহিপাতৰ লগত শুকান মাছ বা কচু আদি ৰান্ধি খায়। চাউল বা শুকান মাছ দি খৰিচাৰে কলাখাৰ দিয়া আঞ্জাৰ জুতিয়ে বেলেগ হয়। ইয়াৰ উপৰি ভৈয়ামৰ ৰাভা, গাৰো আদি লোকে পকা খৰিচা খাই ভাল পায়। কিয়নো শাওণ-ভাদ মাহত পৰিশ্রমী মানুহক বাঁহগাজে সঞ্জীৱনী শক্তি প্রদান কৰে বুলি কোৱা হয়। সেয়েহে কোৱা হয় এইদৰে—

‘ভলুকা বাঁহৰে গাজে প্ৰাণেশ্বৰী

ভলুকা বাঁহৰে গাজ

কত কথা কলি ৰিহা পাৰি পাৰি

কিয়নো কৰা এতিয়া লাজ!

এই বাঁহগাজৰ পকা খৰিচা জ্বলা-টেঙেচীয়া হৈ বৰ জুতিলগা হয়।

গতিকে কুমলীয়া বাঁহগাজক বতৰৰ পাচলি হিচাপে জাতি-

জনজাতিসকলে ব্যৱহাৰ কৰা দেখা যায়।

খৰিচা বা বাঁহগাজৰ ঔষধি গুণ

  • বাঁহগাজত যথেষ্ট ঔষধি গুণ থাকে, বিশেষকৈ ই অতি পুষ্টিদায়ক আৰু বৰ ৰুচিকাৰক বুলি কোৱা হয়।
  • ই আঁহযুক্ত আৰু কম চর্বিযুক্ত হয়।
  • ই মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰিব পাৰে।
  • বাঁহৰ গাজত যথেষ্ট ভিটামিন চেলুলজ আৰু এমিন' এচিড পোৱা যায় বুলি স্বাস্থ্য বিজ্ঞানীসকলে কয়।
  • বাঁহৰ গাজত ভিটামিন বি যথেষ্ট পৰিমাণে থাকে।
  • ভিটামিন চি আৰু ই পোৱা যায়।
  • ইয়াত লো, মেংগানিজ, দস্তা, পটাছিয়াম, ফছফৰাছ, ক্ৰমিয়াম, তাম আৰু কবাল্ট যথেষ্ট থাকে বুলি কোৱা হয়।
  • ই মানুহৰ হজম শক্তি বঢ়ায়।
  • উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰে।
  • কলেষ্ট'ৰেলৰ পৰিমাণ কমাই ৰাখিব পাৰে।
  • বাঁহগাজত চিলিচিক এচিড থাকে বাবে ইয়াক বিষনাশক ঔষধ হিচাপেও ব্যৱহাৰ কৰা দেখা যায়।
  • বাঁহগাজৰ অকল খৰিচাই নহয়,ইয়াৰে চাট্‌নি, চচ্‌, শুকান ভাজি, আচাৰ আদিও তৈয়াৰ কৰাও দেখা যায়।

বাঁহগাজ এটাৰ খাদ্যমৌল এনেধৰণৰ

  • সজীৱ বাঁহগাজত প্রায়— ৮৮.৮ শতাংশ পানী।
  • প্র’টিন পোৱা যায়— ০.৩ শতাংশ।
  • চর্বি পোৱা যায়— ২.২ শতাংশ।
  • আঁহ পদার্থ পোৱা যায়— ৫.২ শতাংশ।
  • শ্বেতসাৰ পোৱা যায়— ৩.২ শতাংশ।
  • শর্কৰা জাতীয় মৌ— ৮ গ্রাম।

এনেদৰে বাঁহৰ গাজত থকা বিভিন্ন ধৰণৰ খাদ্যমৌলই আমাৰ দেহ-মন সুস্থ কৰি ৰখাৰ লগতে খোৱাৰ ৰুচি বঢ়ায় বুলিও কোৱা হয়। ই মানুহৰ জীৱনীশক্তি বঢ়ায়। ই হৈছে আকালৰ আঞ্জা।

লিখক: ধনেশ্বৰ হুজুৰী, নন্দিনী।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate