অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিভিন্ন ফুলৰ ঔষধি গুণ

বিভিন্ন ফুলৰ ঔষধি গুণ


তগৰ ফুল

 

  • পুৰণি ঘাঁ অথবা বিষ ফোহাত তগৰ ফুল বটি লেপ দিব লাগে।
  • ভয় ভয় ভাৱ হৈ থাকিলে বা মানসিক অশান্তিত তগৰ ফুলৰ চূৰ্ণ এচিকূট পুৱা গধুলি মৌৰে খাব লাগে।
  • মৃগী ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে মিলাই এমাহ খাব লাগে।
  • হিষ্টিৰিয়া ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে এমাহ খাব লাগে। অথবা তগৰ ফুলৰ চূৰ্ণ মৌৰে খাবও পাৰি।

চম্পা ফুল

 

  • ভৰিত খৰ হ'লে চম্পা ফুল বটি লগাই দিব লাগে।
  • ফোঁহা ওলালে শিপাৰ ছাল বটি দৈৰে মিলাই লগাই দিব লাগে।
  • গাঁঠি বিষত চম্পা ফুলৰ তেলেৰে মালিচ কৰিব লাগে।
  • পেট বিষত পাতৰ ৰস মৌৰে খালে বিষ ভাল হয়। চাৰি চামুচকৈ দুবাৰ খাব লাগে।
  • শৌচ কচা হ'লে শিপা থেটেলিয়াই পানীত উতলাই সেই পানী খালে শৌচ খোলোচা হয়।

 

    গোলাপ ফুল

     

    • নাকশিৰা ৰোগত নাকেৰে তেজ ওলালে গোলাপ জলত ২০ টা কিচমিচ মিলাই খালে তেজ পৰা বন্ধ হয়।
    • ওঁঠ ফটা বা ক'লা পৰিলে গোলাপৰ পাহি পিহি তাত গ্লিচাৰিন মিলাই ৩/৪ বাৰকৈ ওঁঠত লগাব লাগে।
    • মুখৰ ভিতৰত ছাল ছিগা ৰোগত গোলাপ ফুলৰ ক্বাথেৰে মুখ কুলকুলিয়াব লাগে।
    • কানৰ বিষ হ'লে গোলাপ ফুলৰ ৰস ছেকি কানত দিলে ভাল হয়।
    • চকুৰ অসুখ হ'লে বা চকুৰ জ্যোতি বঢ়াবলৈ গোলাপ ফুলৰ ৰস ২ টোপ পুৱা সন্ধ্যা চকুৰ কোণত দিব লাগে।
    • শৰীৰৰ দুৰ্গন্ধ বা দুৰ্গন্ধযুক্ত ঘাম ওলালে ১ বাল্টি পানীত ১০ গ্ৰাম গোলাপ ফুল আৰু এটা নেমু চেপি সেই পানীৰে গা ধুব লাগে।
    • ৰাতি টোপনী নহা অনিদ্ৰা ৰোগত পানীত গোলাপ জল মিলাই গা ধুব লাগে আৰু গাৰুত গোলাপৰ সুগন্ধি(পাৰফিউম) ছটিয়াই শুব লাগে।
    • গৰমৰ বাবে হাত ভৰিৰ তলুৱা জ্বলা পোৰা কৰিলে গোলাপ ফুলৰ চৰবৎ বনাই খাব লাগে আৰু গোলাপ জলত চন্দন গুৰি মিহলাই হাত ভৰিৰ তলুৱাত লেপ দিব লাগে।
    • দাঁতেৰে তেজ পূঁজ ওলোৱা, মুখেৰে দুৰ্গন্ধ ওলোৱা ৰোগত গুলপীয়া ৰঙৰ গোলাপৰ পাহি মুখেৰে চোবাই থাকিব লাগে।
    • যকৃৎ/লিভাৰৰ দোষত বিষ হ'লে বুকুৰ ওপৰত গোলাপ ফুল বটি ভৰণ দিব লাগে।
    • শৌচ কঠিন হ'লে গোলাপ ফুলৰ ৰস খালে খোলা হয়।
    • বমি হ'লে গোলাপৰ কলিৰ চৰবৎ বনাই খাব লাগে।

    পদুম ফুল

     

    • মূৰত গৰম উঠিলে পদুমৰ শিপা নাৰিকল তেলত উতলাই ঠাণ্ডা হ'লে মূৰত সানিব লাগে।
    • হৃদয় আৰু মস্তিষ্ক শক্তিশালী কৰিবলৈ হ'লে শিপাৰ চূৰ্ণ এচামুচকৈ মিচিৰি মিলাই খাব লাগে।
    • মুখৰ সৌন্দৰ্য বৃদ্ধি কৰবলৈ সদায় ৰাতি শুৱাৰ আগত পদুমৰ পাহি মিহিকৈ পিহি মুখমণ্ডলত মলমৰ দৰে সানি থ'ব লাগে।
    • বমি হ'লে পদুমৰ গুটিৰ ৰস খালে বন্ধ হয়।
    • হিক্কাত পদুমৰ গুটিৰ ৰস গৰম কৰি খাব লাগে।
    • পদুমৰ পাতৰ চাহ খালে বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰি। যেনে:- নিম্ন ৰক্তচাপ, গেচ, এচিডিটি, লিভাৰৰ সমস্যা আদি। লিভাৰ শক্তিশালী আৰু সুৰক্ষিত কৰে।

    অপৰাজিতাৰ গুণ

     

    • নীলা অপৰাজিতাৰ শিপাৰ চূৰ্ণ শুঙিলে সূৰুয কপালী ৰোগ আৰোগ্য হয়।
    • পেছাবত তেজ ওলালে বগা অপৰাজিতাৰ শিপা মিহিকৈ বটি দুচামোচ আধাকাপ পানীত গুলি খাব লাগে।
    • পেছাব অতি কমকৈ হ'লে বা বন্ধ হৈ গ'লে বগা অপৰাজিতাৰ শিপাৰ ৰস তিনি চামোচ দুবাৰকৈ খাব লাগে।
    • কটা ছিঙাত পাত মিহিকৈ বটি লেপ দিব লাগে।
    • কুকুৰে কামোৰিলে বগা অপৰাজিতাৰ শিপা ডেৰ ইঞ্চিমান পকা কলৰ ভিতৰত সুমুৱাই খালে খুউব পেছাব হয়। পেছাৱত বিষবোৰ ওলায়। পিছত গাখীৰত মিচিৰি গুলি খালে পেছাব নিয়মিয়া হয়।
    • গলৰ ভিতৰত ঘাঁ হ'লে বগা অপৰাজিতা গৰু গাখীৰৰ ঘিঁত ভাজি খাব লাগে। লগতে শিপাৰ ৰস আধা চামোচকৈ খাব লাগে।
    • চুলি পকিলে নীলা অপৰাজিতাৰ ৰস এড়ী তেলত মিলাই চুলিত সানিলে পকা ভাল হয়।
    • ধৱল কুষ্ঠ ৰোগত গাঢ় নীলা অপৰাজিতাৰ ফুল আৰু আঁহতৰ শিপা মিহিকৈ বটি লেপ দিব লাগে।।
    • গৰমত খুউব ঘাম ওলালে আৰু বহুত বেয়া দুৰ্গোন্ধ ওলালে অপৰাজিতাৰ পাতৰ ৰস আৰু আদাৰ ৰস দুচামোচকৈ মিলাই কিছুদিন খাব লাগে।
    • পেটত পানী জমা হৈ পেট ঢোলপেটীয়া হ'লে অপৰাজিতাৰ শিপাৰ ছাল বটি এচামোচকৈ খালে পেছাবেৰে পানী বাহিৰ হৈ যায়।
    • অপৰাজিতাৰ শিপাৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়।

    নাৰ্জী ফুল

     

    • কাণ বিষালে নাৰ্জী ফুলৰ পাতৰ ৰস তিনি টোপাল কাণত দিলে বিষ কমে।
    • চকু বিষালে পাত বটি চকুৰ পতাৰ ওপৰত ভৰণ দিব লাগে।
    • দাঁত বিষালে পাত পানীত উতলাই সেই পানীৰে মুখ কুলকুলিয়াব লাগে।
    • পেছাব বন্ধ হ'লে পাতৰ ৰসত মিচিৰি মিলাই দিনত তিনিবাৰ খালে পেছাব খোলে।
    • হাত ভৰি ফাটিলে পাতৰ ৰস অলপ ভেচলিনৰ লগত দিনে তিনিবাৰকৈ সানিব লাগে।
    • খৰ হ'লে ফুলৰ ৰস সানিব লাগে।
    • মোচোকা খালে আৰু ফুলি উঠিলে পাত ফুল শিপা বটি লেপ দিব লাগে।

     

    বিভিন্ন ৰোগৰ কাৰণে বিভিন্ন বনৌষধি

     

    দূৱৰি বন

    • বমিৰ লগত তেজ ওলালে বা তেজবমি হ'লে দূৱৰি বনৰ ৰসত চেনি বা মিচিৰি মিহলাই দিনত ৩ বাৰকৈ খাব লাগে।
    • কাণেৰে তেজ ওলালে দূৱৰি বনৰ ৰস নাকেৰে উজাব লাগে আৰু খাব লাগে।
    • নাকেৰে তেজ ওলালে ৰস নাকেৰে উজাব লাগে।
    • কটা ছিঙাত বন পটাত পিহি মলমৰ দৰে সানিব লাগে।
    • দাঁতেৰে তেজ ওলালে দূৱৰি বন পিহি তেজ ওলোৱা দাঁতত চাধাৰ দৰে কিছু সময় ৰাখিব লাগে।
    • ছিটিকা ঘাঁ হ'লে দূৱৰি বনৰ ৰসত হালধিৰ ৰস মিহলাই ঘাঁত সানিব লাগে।
    • চুলি সৰিলে আৰু অকালতে পকিলে দূৱৰি বনৰ ৰস মূৰত সানিব লাগে। চুলি সৰা পকা ভাল হয় আৰু চুলি ক'লা হয়।
    • চকু ৰঙা পৰা ৰোগত দূৱৰি বন পানীত তিয়াই ৰাখি সেই পানীৰে চকু ধুব লাগে।
    • গাঁঠি বিষত হালধি বটি দূৱৰি বনৰ ৰস মিহলাই মলমৰ দৰে সানিব লাগে।
    • এলাৰ্জী হ'লে কেঁচা হালধি ৰস আৰু এই বনৰ ৰস মিহলাই খাব লাগে আৰু গাত লগাব লাগে।
    • বয়স হৈ যোৱাৰ পিছতো কোনো ছোৱালীৰ কন্যাকাল প্ৰাপ্তি নহ'লে দূৱৰি বনৰ ৰস খোলা চপৰিয়া পিঠাৰ লগত পুৱা ৭ দিন খাব লাগে।

    তিঁতা কেৰেলা

    • শৰীৰৰ গাঁঠিৰ বিষ হ'লে পাতৰ ৰসেৰে মালিচ কৰিব লাগে।
    • কেৰেলা নিয়মিত খালে তেজ পৰিষ্কাৰ হয়।
    • কাণ বিষত পাত বা পাচলিৰ ৰস অকণ গৰম কৰি কাণত তিনিটোপ দিব লাগে।
    • শৌচ কঠিন হ'লে কেৰেলাৰ ৰস এচামোচ+জিৰা আধা চামোচ+অকণ ক'লা নিমখ মিলাই খাব লাগে।
    • কাণেৰে কমকৈ শুনা হ'লে ক'লা জিৰা আৰু কেৰেলা গুটি পানীৰে পিহি সেই ৰস কাণত দিলে কাণেৰে শুনা হয়।
    • লিভাৰ বাঢ়িলে কেৰেলাৰ বা পাতৰ ৰস তিনি চামোচ মৌৰে দিনে তিনিবাৰকৈ খাব লাগে।
    • পেটত পানী জমা হোৱা জলোদৰ ৰোগত পাতৰ ৰস চাৰি চামোচকৈ মৌৰে খাব লাগে।
    • কেৰেলা ৰস বা চূৰ্ণ পুৱা গধুলি খালে মধুমেহ ৰোগীয়ে বহু উপকাৰ পায়।
    • পেলু হ'লে একেৰাহে ৪/৫ দিন কেৰেলা বনাই ভাতৰ লগত খাব লাগে।
    • এলাৰ্জী হ'লে কেৰেলা ৰসত অকণ নিমখ মিলাই খাব লাগে আৰু ৰোগ্য স্থানত লগাব লাগে।
    • কেৰেলাই পেটৰ গৰম বাহিৰ কৰে, পেট চাফা কৰে আৰু পাচন শক্তি বঢ়াই তোলে।
    • এজমা ৰোগীয়ে কেৰেলা আৰু তুলসীৰ ৰস আধা কাপকৈ লৈ মৌৰ লগত খাব লাগে।
    • বসন্তৰ লক্ষণ ফুটি নুঠিলে কেৰেলা পাতৰ ৰসত অকণ হালধি গুৰি মিলাই খাব লাগে।
    • সৰু আই ওলালে কেৰেলা পাতৰ ৰসত কেঁচা হালধিৰ ৰস মিলাই খালে ৰোগ ভাল হয়।
    • অৰুচি বা আভোক হ'লে কেৰেলা ভাজি খাব লাগে।

    কুঁহিয়াৰ

    • কুঁহিয়াৰৰ ৰসে পেট ঠাণ্ডা কৰে।
    • কুঁহিয়াৰৰ ৰস খালে মূত্ৰসম্বন্ধীয় বিভিন্ন ৰোগৰ উপশম হয়।
    • কুঁহিয়াৰৰ ৰস খালে ৰক্ত পৰিষ্কাৰ হয়।
    • পাথৰ ৰোগ হ'লে কুঁহিয়াৰৰ ৰস খালে উপকাৰ হয়।
    • কুঁহিয়াৰৰ ৰস সদায় খালে ক্ষীণ শৰীৰ শকত হয়।
    • কুঁহিয়াৰৰ ৰসে শৰীৰত তৎক্ষণাৎ শক্তি প্ৰদান কৰে আৰু ভাগৰ আঁতৰে।
    • কুঁহিয়াৰৰ ৰসে লিভাৰৰ দুৰ্বলতা দূৰ কৰি শক্তিশালী কৰে।
    • হেকোঁটি আহি থাকিলে কুঁহিয়াৰৰ ৰসত পানী মিলাই চৰবৎ বনাই খাব লাগে।
    • জণ্ডিচ ৰোগত কুঁহিয়াৰৰ ৰসত নেমুৰ ৰস মিলাই ক'লা নিমখ অকণ গুলি চৰবৎ বনাই খালে সুফল পোৱা যায়।
    • কুঁহিয়াৰৰ ৰসে পাচনতন্ত্ৰ শক্তিশালী কৰে।

    গুৱামৰিৰ গুণ

    • শিশুৱে টোপনীত চক খাই উঠি ঘকমককৈ সাৰ পালে মৌত চফ গুৰা আৰু পদিনা ৰস অলপ মিলাই আহাৰৰ পিছত খুৱাব লাগে।
    • মূৰৰ বিষত চফ আৰু এৰাৰ শিপা বটি লগাব লাগে।
    • নাকেৰে তেজ ওলালে গোলাপজলত চফ গুৰা মিলাই খাব লাগে।
    • পেটৰ বিষত চফ পানীত উতলাই চেকি পানীখিনি খাব লাগে।
    • ভাত খোৱাৰ পিছতেই যদি শৌচ লাগে তেতিয়া জিৰা আৰু চফ ভাজি ভাতৰ লগত খাব লাগে।
    • মুখৰ দুৰ্গন্ধত আহাৰৰ পিছত আধা চামোচ চফ খাব লাগে।
    • তেজ ওলোৱা কেঁচুমৰীত চফ আৰু মিচিৰি পিহি গাখীৰত গুলি খাব লাগে।
    • খজুৱতি হ'লে চফ আৰু ধনিয়া সমানকৈ লৈ পিহি তাৰে দেৰ গুণ ঘিঁউ আৰু দুগুণ চেনি মিলাই পুৱা আবেলি খালে সকলো ধৰণৰ খজুৱতি ভাল হয়।
    • শিশুৰ পেট ফুলিলে এচামুচ চফ আধাকাপ পানীত এৰাতি তিয়াই পুৱা ছেকি খাব দিব। পেট ফুলা, পেট বিষ, পেটৰ বায়ু ভাল হয়।
    • শিশুৰ দাঁত সহজে ওলাবৰ বাবে চফ গাখীৰত গৰম কৰি খুৱাব লাগে।
    • বদহজমি হ'লে আহাৰৰ পিছত চফ খাব লাগে।
    • শুকান কাঁহত চফ খাব লাগে।
    • টোপনী কম হ'লে চফ উতলোৱা পানী গাখীৰত মিলাই খাব লাগে।

    ছালকুঁৱৰীৰ গুণ

    • জুয়ে পুৰিলে ছালকুঁৱৰীৰ বিজল লগালে ভাল হয়।
    • পেটৰ অসুখত ছালকুঁৱৰীৰ ৰস ৫ চামুচ, মৌ ২ চামোচ, নেমু ৰস ১ চামোচ মিলাই পুৱা গধুলি খাব লাগে।
    • ফোঁহা হ'লে বীজল গৰম কৰি লগালে ফোঁহা বহি যায় বা পকি ফাটি যায়।
    • হেকোঁটিত দুচামোচ পাতৰ ৰসত অকণ আদাৰ শুকান গুৰা মিলাই খাব লাগে।
    • কঁকালৰ বিষত ২৫ গ্ৰাম বীজল, মৌ, শুকান আদা গুৰি মিলাই কিছুদিন পুৱা গধুলি খালে বিষ ভাল হয়।
    • কাণৰ বিষত পাতৰ ৰস অকণ গৰম কৰি দুটোপ ঢালি দিব লাগে।
    • পেছাব জ্বলিলে আৰু বিষালে পাতৰ ৰস বা বীজলত চেনি গুলি খাব লাগে।
    • চকুৰ বিষত পাতৰ বীজল চকুপতাত সানি শুব লাগে।
    • শৌচ কচা হ'লে পাতৰ ৰস পাঁচ চামোচ আৰু শিলিখা গুৰা এচামোচ মিলাই খাব লাগে।
    • হাত ভৰি ফাটিলে পাতৰ চবজি খাব লাগে।
    • বুকু বিষাই থাকিলে পাতৰ ৰস তিনি চামোচ গাখীৰত মিলাই সাত দিন খাব লাগে।
    • মূৰৰ বিষ হ'লে পাতৰ ৰস বা বীজল মূৰত সানিব লাগে।
    • প্ৰেছাৰ বাঢ়িলে তিনিটা পাত খুন্দি মূৰত ভৰণ দিব লাগে।
    • কেঁচুমূৰী ৰোগত পাতৰ ৰস এচামোচ অকণ ঘিঁ মিলাই নিয়মিত খাব লাগে।
    • ছালত ৰঙা দাগ পৰিলে পাতৰ ৰস বা বীজল সানিলে দাগ গুচে।
    • উফি হ'লে গা ধুৱা আগত সদায় মূৰত বীজল বা ৰস সানিব লাগে।
    • চুলিত পাতৰ ৰস লগালে চুলি সৰা বন্ধ হয় আৰু চুলি ধুনীয়া হয়।
    • গৰম দিন বা বৰষুণৰ দিনত ছালত ওলোৱা গুটি ব্ৰণবোৰত ছালকুঁৱৰীৰ ৰস দিনে তিনিবাৰকৈ লগাব লাগে।
    • গোলাপ জলত পাতৰ ৰস মিলাই ছালত সানিলে ছালি মিহি কোমল আৰু উজ্জ্বল হয়।
    • পাতৰ বীজল বা ৰস খালী পেটত সদায় তিনি চামোচকৈ খালে গেচ এচিডিটি কৌষ্ঠকাঠিন্য লিভাৰৰ সমস্যা আদিত সুফল পায়।

    তিঁয়হৰ গুণ


    • জোকে কামুৰিলে পাত মিহিকৈ বটি লেপ দিব লাগে।
    • পেটৰ ভিতৰত জোক সোমালে তিঁয়হ এটা খাব লাগে বা তাৰ ৰস খাব লাগে। জোক মৰি যায়।
    • আঁঠু বিষত তিঁয়হ আৰু নহৰুৰ চাটনি বনাই আহাৰৰ লগত খাব লাগে।
    • বাত বিষত তিঁয়হ নিয়মিত খাব লাগে।
    • মূৰৰ বিষত তিঁয়হৰ টুকুৰা নাকেৰে শুঙিব লাগে।
    • তিঁয়হ খালে গেচ কমে আৰু শৌচ খোলোচা হয়।
    • বিহ ফোঁহোৰা ওলালে তিঁয়হ বটি নিমখ মিলাই লেও দি থব লাগে।
    • গৰমত মূৰ ঘূৰালে তিঁয়হ খাব লাগে।
    • শৰীৰৰ পোৰণি বেমাৰত নিয়মিত তিঁয়হৰ ৰস খাব লাগে।
    • ওঁঠ ফাটিলে তিঁয়হৰ ৰস সানিলে ফটা ভাল হয়।
    • মুখৰ সুন্দৰতা আৰু উজ্জলতা বৃদ্ধিৰ বাবে তিঁয়হ পানীত উতলাই সেই পানীৰে নিয়মিত মুখ ধুব লাগে।

    আমৰ গুণ

    • শুকান কাঁহ হ'লে পকা আম জুঁইত পুৰি খালে কাঁহ কমে।
    • টোপনী কমিলে ৰাতি শুৱাৰ সময়ত পকা আম খাই গাখীৰ খালে ভাল টোপনী আহে।
    • ভোক কমিলে আমৰ ৰসত ক'লা নিমখ আৰু চেনি মিলাই আহাৰৰ আগত খাৱ লাগে।
    • তেজ কমিলে আমৰ ৰস সদায় খাব লাগে।
    • আমৰ গুটিৰ সাহ পিহি দাঁত মাজিলে দাঁত আৰু আলুৰ ৰোগ নোহোৱা হয়।
    • শিশুৰ মাটি খোৱা অভ্যাস হ'লে আমৰ গুটিৰ সাহৰ চূৰ্ণ পানীত গুলি দিনত ২/৩ বাৰকৈ ৩ দিন খুৱাব লাগে।
    • নাকেৰে তেজ ওলালে আমৰ গুটিৰ সাহৰ ৰস ১ টোপ নাকত দিব লাগে।
    • মকৰাই কামুৰিলে আমৰ গুটিৰ সাহ পিহি মলমৰ দৰে লগাব লাগে।
    • জুয়ে পুৰিলে আমৰ পাত পুৰি ছাঁই সানিব লাগে।
    • হাত ভৰি জ্বলা পোৰা কৰিলে আমৰ ফুল পিহি সানিব লাগে।
    • ডায়েবেটিছ ৰোগত আমৰ কোমল পাত ছাঁত শুকাই তাৰ চূৰ্ণ পুৱা গধূলি ২৫ গ্ৰামকৈ সদায় খাব লাগে।
    • যকৃৎ বৃদ্ধি হ'লে আমৰ ৰস মৌৰ লগত সদায় কিছুদিন খালে ঠিক হয়।
    • চুলি পকিলে বা সৰিলে আমৰ গুটিৰ তেল সানিব লাগে। বগা চুলি ক'লা হয় আৰু ক'লা চুলি সোনকালে নপকে।
    • চুলি সৰি টপা লেখিয়া হ'লে পুৰণি আমৰ আচাৰৰ তেল লগাব লাগে।
    • মাত ভাঙিলে আমৰ পাত পানীত উতলাই লাহে লাহে পি খাব।
    • লিভাৰ দুৰ্বল হ'লে ছাঁত শুকোৱা কোমল পাত পানীত উতলাই সেই পানীত গাখীৰ মিলাই পুৱা পুৱা খাব।
    • শৌচ বমি হ'লে আমৰ পাত ১০ টা আৰু জালুক ২/৩ টা পিহি বড়ি বনাই খাব লাগে।
    • গোৰোহা ফাটিলে, আমৰ কোমল পাত ছিঙিলে ওলোৱা দ্ৰব্য সানিব লাগে।
    • কাণৰ বিষ হ'লে পাতৰ ৰস অকণ গৰম কৰি কাণত দিব লাগে।
    • হেকোটি আহি থাকিলে আমৰ সৰি পৰা শুকান পাত পুৰি তাৰ ধোঁৱা শুঙিব লাগে।

    পিয়াঁজৰ গুণ

    • শিয়াল কুকুৰে কামোৰিলে পিঁয়াজ পিহি মৌৰে কামোৰা ঠাইত লেপ দিলে বিষ নষ্ট হয়।
    • কাণ বিষালে পিয়াজৰ ৰস গৰম কৰি চাৰিটোপ দিব।
    • বৃশ্চিকে কামোৰিলে পিঁয়াজ কাটি চূণ সানি লগাব।
    • চুলি কোচা কুচিকৈ সৰিলে বা টকৌৱে খালে পিঁয়াজ কাটি ঘঁহিব লাগে।
    • হেকোঁটিত পিঁয়াজৰ ৰস মৌৰে খাব।
    • শৌচ কচা হ'লে ভাতৰ লগত কেঁচা পিঁয়াজ খাব।
    • এচিডিটিত পিয়াজ ৰস আৰু নেমু ৰস মিলাই আহাৰৰ পিছত খাব।
    • ভোক কমিলে পিয়াজৰ টুকুৰাত নেমু ৰস আটি ভাতৰ লগত খাব।
    • হাগনি হ'লে পিঁয়াজ বটি নাভিৰ ওপৰত লেপ দিব আৰু ৰস খাব।
    • গোৰোহা ফাটিলে কেঁচা পিঁয়াজ পিহি লগাব।
    • প্ৰস্ৰাৱ বন্ধ হ'লে পিঁয়াজ কাটি পানীত উতলাই দিনে তিনিবাৰকৈ খাব লাগে।
    • প্ৰস্ৰাৱ জ্বলা পোৰা কৰিলে পিঁয়াজ পানীত উতলাই সেই পানী খাব লাগে।
    • মূত্ৰাশয়ত পাথৰ হ'লে পিয়াজৰ ৰসত পুৰণি গুৰ মিলাই ২০/২৫ দিন খালে পাথৰ বাহিৰ হয়।
    • নাকেৰে তেজ ওলালে পিঁয়াজ ঠেতেলিয়াই শুঙিব লাগে।
    • শক্তিশালী হ'বলৈ সদায় এচামোচকৈ পিয়াজৰ ৰস আৰু ঘিঁ মিলাই খাব। ঘিঁৰ সলনি দুচামোচ মৌ ল'ব পাৰে।
    • ক'লা দাগত পিঁয়াজৰ ৰস লগালে দাগ গুচে।
    • মৌ আৰু বৰলে কামোৰিলে পিঁয়াজৰ ৰস সানিব লাগে।
    • পিয়াজৰ ৰস মূৰত লগালে ওকণি নোহোৱা হয়।
    • উফি হ'লে গা ধুৱাৰ আগত পিঁয়াজৰ ৰসেৰে মূৰ মালিচ কৰিব।
    • মূৰ ঘূৰণিত পিঁয়াজৰ ৰস নাকেৰে শুঙিব লাগে।

    হালধিৰ গুণ

    • হালধিৰ ৰস ২ চামুচ গুৰ মিহলাই পুৱা খালী পেটত ১ মাহ খালে এলাৰ্জী ভাল হয়।
    • নখচুকীয়া হ'লে হালধি পিহিলেও দিব লাগে।
    • তেজৰ দোষ হ'লে হালধিৰ ৰসত গুৰ মিহলাই পুৱা খালী পেটত খাব লাগে।
    • শালমনত হালধিৰ ৰস সানিব লাগে।
    • মাত ভাঙিলে কেঁচা হালধি ৰসত চেনি মিলাই খাব লাগে।
    • নাকত ঘাঁ হ'লে হালধি পোৰা ছাঁই লগাব লাগে।
    • পেটৰ বিষত হালধি ৰস+চূণৰ পানী মিলাই খাব লাগে।
    • তেজবমি হ'লে হালধি ৰসৰ গুৰ মিলাই খুৱালে বমি বন্ধ হয়।
    • জোকে কামুৰিলে হালধি পানীৰে মাৰি গৰম কৰি লেপ দিব লাগে।
    • শৰীৰৰ কটা ছিঙাত হালধি আৰু জালুক বটি লেপ দিব লাগে।
    • মোচোকা খোৱা ঠাইত হালধি, চূণ, নিমখ বান্ধি থ’লে ভাল হয়।
    • প্ৰস্ৰাৱ জ্বলা পোৰা কৰিলে হালধি ৰস, চেনি, মৌ, ঘিঁ মিলাই খাব।
    • হালধিৰ ৰস আৰু গুৰ মিলাই সদায় পুৱা পুৱা খালে ছালৰ বেমাৰ, বিষ ব্যাধি, তেজৰ দোষ আদি বহু বেমাৰ নোহোৱা হয়।
    • বসন্ত বেমাৰ ভালদৰে ফুটি নুঠিলে হালধি গুৰি, তিতা কেৰেলাৰ পাতৰ ৰস, মৌ মিলাই খাব লাগে।
    • বসন্ত ৰোগত ঘাঁ হ'লে হালধি গুৰি আৰু মাখন মিলাই সানিলে ঘাঁ সোনকালে শুকায় আৰু দাগ নৰয়।
    • ভৰি ফাটিলে হালধিৰ ৰস সানিব লাগে।

    খেজুৰ

    • ছৰ্দি কাঁহ হ'লে এগিলাচ গাখীৰত কেইটামান খেজুৰ উতলাই খাব। এনেকুৱা কৰিলে সুফল পাব।
    • মূৰৰ বিষত খেজুৰ গুটি পানীৰে পিহি কপালত সানি দিব লাগে।
    • ক্ষীণ শৰীৰ শকত হ'বলৈ হ'লে বহুদিনলৈ সদায় একাপ গাখীৰত দুটা খেজুৰ উতলাই খাব লাগে। বিচনাত টোপনীত পেচাব কৰা অথবা ঘনে ঘনে পেচাব লগা হ'লে দিনত দুবাৰ আৰু ৰাতি শুৱাৰ আগত এবাৰ খেজুৰ দুটা খাই একাপ গাখীৰ খাব লাগে।
    • শিশুৰ পয়ালগা ৰোগত খেজুৰ আৰু মৌ মিলাই ১ মাহ খুৱাব।
    • ঘাঁত খেজুৰ গুটি জ্বলাই গুৰি কৰি লেপ দিলে শুকায়।
    • পেটচলা বা হাগণি হ'লে খেজুৰ গুটিৰ চূৰ্ণ দৈৰ লগত খালে ভাল হয়।
    • অৰুচি হ'লে খেজুৰ বটি নেমু ৰস মিলাই আহাৰৰ লগত খাব লাগে।
    • পায়খানা খোলোচা নহ'লে খেজুৰ পানীত তিয়াই ৰাখি পুৱা ভালদৰে খেজুৰকেইটা মোহাৰি পানীখিনি খাব লাগে।
    • মদৰ নিচা আঁতৰাবলৈ খেজুৰ মিহিকৈ বটি পানীত গুলি খুৱাব।
    • খজুৱতি হ'লে খেজুৰ গুটিৰ পোৰা ছাঁই, কৰ্পূৰ, ঘিঁ মিলাই সানিব।
    • কঁকালৰ বিষ হ'লে ৫টা খেজুৰ আৰু ৫ গ্ৰাম মেথি অলপ পানীত উতলাই খালে বিষ ভাল হয়।
    • গাঁঠিৰ বাত বিষ ৰোগত খেজুৰ ১০০ গ্ৰামকৈ খাব।
    • কফ নগলিলে আহাৰৰ পিছত ৫ ঘোট গৰম পানী খাব আৰু তাৰ পিছত খেজুৰ খাব।
    • দাঁতৰ বিষ হ'লে খেজুৰৰ শিপা পানীত উতলাই সেই পানীৰে মুখ কুলকুলিয়াব লাগে।
    • খেজুৰ খালে শুকান কাঁহ ভাল হয়।

    পদিনা

    • ছৰ্দি, কাঁহ, কফ হ'লে পদিনা পাত জ্বালুকেৰে চাহৰ দৰে বনাই খালে বৰ আৰাম পোৱা যায়।
    • ছৰ্দি হ'লে পদিনাৰ ৰস ১ টোপাল দিনে ২/৩ বাৰকৈ নাকত দিলে উপকাৰ পোৱা যায়।
    • জণ্ডিচ ৰোগত পদিনাৰ ৰসত মৌ মিলাই ১৫ দিন খালে উপকাৰ পোৱা যায়।
    • নিম্ন ৰক্তচাপ ৰোগীয়ে পদিনা, ধনিয়া, জালুক বটি ক'লা নিমখেৰে চাটনি কৰি খাব লাগে।
    • অৰুচি আৰু বদহজমি হ'লে পদিনা পাতৰ চাটনি খাব লাগে।
    • মূৰ্ছিত ব্যক্তিৰ নাকত পদিনা ৰস দিলে চেতনা ঘূৰি আহে।
    • পেটৰ বিষত পদিনাৰ চৰবৎ বনাই খাব লাগে।
    • যকৃৎ বাঢ়িলে পদিনা ৰস, নেমু ৰস, পানী মিলাই সদায় খালে ৰোগ ভাল হয়।
    • এচিডিটিৰ বাবে পেট জ্বলা পোৰা কৰিলে পদিনাৰ চৰবৎ বনাই খাব লাগে।
    • ঘাঁত পোক হ'লে পদিনা পাত পিহি লেপ দিব লাগে।
    • কাণৰ ভিতৰত সৰু পোক সোমালে পদিনাৰ ৰস কাণত দিলে পোক মৰে।
    • হেকোঁটি হৈ থাকিলে পদিনা পাত চেনি বা মিচিৰিৰে চোবাই খালে বন্ধ হয়।
    • দাঁত বিষত পদিনাৰ শুকান পাতৰ গুৰিৰে দাঁত মাজিব লাগে।
    • মুখৰ ভিতৰত ছাল ছিগা অথবা মুখেৰে দুৰ্গন্ধ ওলাই থাকিলে পদিনাৰ পাত চোবাই কিছু সময় ৰাখি মুখ ধুই পেলাব লাগে।
    • পদিনা পাত চোবালে মুখৰ ভিতৰ পৰিষ্কাৰ হয়। দাঁতত লাগি থকা খাদ্যৰ কণাবোৰ চাফ হয়।
    • পেলু হ'লে পদিনা খালে পেলু গুচে।
    • খৰ হ'লে পাতৰ ৰস লগাই থাকিলে ভাল হয়।
    • শিশুৰ কাণৰ বিষত পাতৰ ৰস দিব লাগে।
    • মূৰৰ বিষত পদিনাৰ ৰস মূৰত লগাব লাগে।
    • টেঙা টেঙা উগাৰ আৰু বমি বমি ভাৱ হ'লে পদিনা, তেঁতেলী, বটি ক'লা নিমখ আৰু মৌ মিহলাই খালে এনে বিকাৰ গুছে।

    দূপৰ টেঙা

    • ওকণি হ'লে পাতে গজাৰ পাত মিহিকৈ পিহি ওৰে ৰাতি মূৰত লগাই থ'লে ওকণি মৰে।
    • বিষ ফোহোৰাত পাত বটি লেপ দিলে শুকায়।
    • কোনো ব্যক্তি মূৰ্ছা গ'লে দুপৰ টেঙাৰ পাতৰ ৰস মুখত দিব লাগে।
    • পেচাব জ্বলা পোৰা কৰিলে তিনিটা পাতৰ ৰস চেনি মিলাই দিনে দুবাৰকৈ বা তিনিবাৰকৈ চাৰিদিন মান খাব লাগে।
    • শিশুৰ পেচাবৰ ৰং সলনি হ'লে দুপৰটেঙাৰ পাতৰ ৰস গাখীৰত মিলাই খুৱালে ৰং স্বাভাৱিক হয়।
    • শিশুৰ পেচাব বন্ধ হ'লে পাতৰ ৰস খুৱাব লাগে।
    • পেচাবৰ দোষত কঁকালৰ বিষ হ'লে বা বৃক্কৰ দোষত কঁকাল বিষালে আঠখন পাত খুন্দি ৰস উলাই খালে ভাল হয়।
    • পেটৰ বিষত পাতৰ ৰস পাঁচ চামুচ অকণ পানীত নিমখেৰে গুলি খাব লাগে।
    • ডাঙৰ মানুহৰ পেচাব বন্ধ হ'লেও আঠখন পাত খুন্দি ৰস খালে পেচাব খোলোচা হয়।
    • পেটৰ অসুখ হ'লে পাতে গজাৰ ৰস খালে আৰাম পোৱা যায়। পাতৰ ৰস পাঁচ চামোচ আধাগিলাচ পানীত নিমখেৰে গুলি দিনে তিনিবাৰকৈ খাব লাগে।

    নহৰু

    • মাত বহিলে নহৰু পিহি গৰম পানীত গুলি গাৰগুল কৰিব লাগে।
    • বগা বেমাৰ বা ধৱল কুষ্ঠত নহৰু খাব লাগে। শিলিখা পিহি নহৰু ৰস মিলাই লেপ দিলে বগা বেমাৰ ভাল হয়।
    • জণ্ডিচ হ’লে নহৰু চাৰিকোঁহ আধা কাপ গাখীৰত গৰম কৰি চাৰি দিন খাব।
    • খজুৱতি হ’লে নহৰু তেলত গৰম কৰি সানিব।
    • ফোঁহাত নহৰু পিহি লগাব।
    • উচ্চ ৰক্তচাপত নহৰু চাৰিকোঁহ পিহি পানীত গুলি খাব।
    • গাঠিৰ বিষ হ’লে নহৰু তেলত পগাই সেই তেল মালিচ কৰিব।
    • নিয়মিত নহৰু খোৱা শিশুৰ পলিঅ' বেমাৰ নহয়।
    • নাকৰ ঘাঁত নহৰুৰ ৰসত পানী মিলাই ঘাঁত লগাব।
    • পেলু বা ক্ৰিমি হ’লে নহৰু পিহি ক'লা নিমখ সানি পুৱা আৰু গধূলি ৫ দিন খাব।
    • পেটৰ বিষ হ’লে নহৰু ৰস পাঁছ টোপ, এচামোচ পানী, অকমাণ লোণ মিলাই খাব।
    • হেকোটি হ’লে নহৰু পিহি শুঙিব।
    • শুকান কাঁহ বা কফত নহৰু পুৰি গুৰা কৰি মৌৰে পুৱা গধুলি কিছুদিন খাব।
    • চুলি সৰি নোহোৱা হ'লে নহৰুৰ ৰস দিনে তিনিবাৰকৈ লগাই শুকাবলৈ দি পিছত ধুব।
    • এজমা ৰোগত উশাহ লওঁতে কষ্ট হ'লে নহৰুৰ ৰস দুচামোচ গৰম পানীত গুলি খুৱালে কষ্ট দূৰ হয়।
    • প্ৰস্ৰাৱ জ্বলা পোৰা আৰু বন্ধ হোৱা ৰোগত নাভিৰ তলত নহৰু পিহি ভৰণ দিব লাগে।
    • গৰমৰ দিনত গাত ৰঙা ৰঙা গুটি গুটি ব্ৰণ ওলালে নহৰুৰ ৰস তিনিদিন সানিব লাগে।
    • ওকণিৰ কাৰণে ৰাতি শুৱাৰ সময়ত নহৰু ৰস আৰু নেমু ৰস মিলাই সানি থব আৰু পুৱা মূৰ ধুব।
    • নিমনিয়া ৰোগত বুকু বিষালে এচামুচ নহৰু ৰস গৰম পানীত মিলাই খালে বিষ দূৰ হয়।

    মধুৰী আম

    • আঁঠুৰ বিষত মধুৰী আমৰ কোমল পাত বটি লেপ দিব লাগে।
    • ভাং আৰু ধঁতুৰাৰ নিচা গুচাবলৈ ইয়াৰ পাতৰ ৰস বহুত খাব লাগে অথবা ফল খালেও নিচা গুচে।
    • শুকান কাঁহ হ'লে পুৱা মধুৰী এটা ছিঙি নকটাকৈ চোবাই খাব লাগে।
    • তেজৰ দোষত গাত ফোহা ওলালে বা খজুৱতি হ'লে সদায় এপোৱা মধুৰী খালে ভাল হয়।
    • হুপিং কাঁহত মধুৰী জুইত পুৰি পুৱা আবেলি খালে ভাল হয়।
    • মধুৰী খালে শৌচ খোলা হয়, শৰীৰে শক্তি পায়, হৃদয় সবল হয়, তেজৰ দোষ ভাল হয়।
    • পুৰণি ছৰ্দিত একেৰাহে তিনি দিনলৈ কেবল মাত্ৰ মধুৰী খাব লাগে।
    • পেটৰ অসুখত কোমল পাতৰ ৰস উলিয়াই দিবে তিনিবাৰকৈ খাব লাগে।
    • দাঁতৰ বিষত আহাৰৰ পিছত মধুৰীৰ কোমল পাত চোবাব লাগে।
    • জিভাত গুটি গুটি ওলালে মধুৰী আমৰ কোমল পাত চোবাব লাগে।

    তেঁতেলী

    • যিবোৰ অঞ্চলত পানীত ফ্ল'ৰাইদৰ মাত্ৰা বেচি থাকে তেনে অঞ্চলৰ লোকে তেঁতেলীৰ চৰবৎ বনাই নিমখ মিলাই নিয়মিত খাই থাকিব লাগে। ই ফ্লুৰ’চিচ ৰোগৰপৰা ৰক্ষা কৰে।
    • গৰমত শৰীৰৰ পোৰণি হ'লে বা গৰম বায়ুৰ পৰসত অস্থিৰ অৱস্থা হ'লে তেঁতেলীৰ চৰবৎ মিচিৰিৰে বনাই খাব লাগে।
    • মোচোকা খোৱা ঠাইত পাত পিহি অকণ গৰম কৰি লেপ দি ৰাখিলে আৰাম পোৱা যায়।
    • অতিসাৰ বা হাগনি হ'লে পাতৰ ৰস উলিয়াই গৰম কৰি কেইবাৰমান খালে ভাল হয়।
    • ফোঁহাত তেঁতেলীৰ গুটি পিহি লগাব লাগে।
    • জণ্ডিচ ৰোগত তেঁতেলীৰ চৰবৎ খালে ভাল ফল পোৱা যায়।
    • পেটৰ বিষ হ'লে তেঁতেলীৰ পাত মিহিকৈ পিহি দুচামোচ লৈ, একাপ পানীত গুলি ক'লা নিমখ দি খাব। দিনত তিনিবাৰ খালে পেট বিষ ভাল হয়।
    • ভোক কমি গৈ থাকিলে পাত মিহিকৈ বটি চাটনিৰ দৰে ভাতৰ লগত খাব লাগে।
    • মূৰৰ বিষত তেঁতেলীৰ চৰবৎ বনাই চেনি গুলি তিনিবাৰ খাব লাগে।
    • তেজ ওলোৱা পাইলচ ৰোগত তেঁতেলী গুটি পুৰি তাৰ ছাঁই দুই গ্ৰাম দৈত মিলাই খাব লাগে। দিনে দুবাৰকৈ ২০ দিন।
    • পাইলচত পাতৰ ৰস দুচামোচকৈ দিনে তিনিবাৰ বিছ দিন খালে বেমাৰ ভাল হয়।
    • শৌচ ভালকৈ নহ'লে পুৱা আৰু ৰাতি শুৱাৰ আগত তেঁতেলীৰ চৰবৎ খাব লাগে।
    • চাধা, গুটখা, পানমচলা, আইৰনযুক্ত পানী খাই দাঁতত দাগ লাগিলে তেঁতেলী গুটিৰ শুকান গুৰাৰে দাঁত দিনে দুবাৰকৈ মাজিলে দাগ নোহোৱা হৈ দাঁত পৰিষ্কাৰ হয়।
    • মূৰ ঘূৰণি হ'লে তেঁতেলীৰ চৰবৎ চেনিৰে খাব লাগে।
    • উচ্চ ৰক্তচাপ ৰোগীয়ে নিয়মিত তেঁতেলীৰ চৰবৎ খাই থাকিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ভাতৰ লগতো তেঁতেলী খাব পাৰে।
    • জুয়ে পোৰা ঘাঁ বহুদিনলৈ ঠিক নহ'লে তেঁতেলীৰ ছালৰ শুকান গুৰা আৰু ঘিঁ মিলাই মলমৰ দৰে বনাই লৈ লগালে ভাল হয়।

    আনাৰস

    • কাণত কেৰেলুৱা/কেৰুণ্ডা সোমালে আনাৰসৰ পাতৰ ৰস কাণত দিলে কেৰেলুৱা মৰি যায়।
    • পেটৰ ভিতৰত চুলি, কাঁচ, কাঁইট গ'লে পকা আনাৰস এটুকুৰাত জালুক গুৰি আৰু ক'লা নিমখ দি খালে এইবোৰ পেটৰ ভিতৰত গলি যায়।
    • আনাৰস খালে ভয় ভয় ভাৱ আতৰে, প্ৰৱল তৃষ্ণা গুচেম শৰীৰত পুষ্টি যোগায়।
    • নিয়মিত আনাৰস খালে ছৰ্বি কমে।
    • আনাৰস খালে পাচন শক্তি বাঢ়ে। ভোক বাঢ়ে, লগতে তেজো বাঢ়ে।
    • সৰু ল'ৰা ছোৱালীৰ ক্ৰিমি মূৰত উঠিলে বা পেলু হ'লেও কোমল পাতৰ ৰস ২/৩ চামোচ খুৱাই দিব লাগে।
    • আনাৰসৰ ৰস খালে মনত ফূৰ্তি ভাৱ আহে। স্মৃতিশক্তি বাঢ়ে।
    • শৌচ কঠিন হ'লে কেঁচা ফলৰ ৰস একাপ খালে শৌচ ওলায়।
    • বদহজমিত আনাৰসত ক'লা নিমখ আৰু জালুক গুৰা ছটিয়াই খাব লাগে।
    • এলাৰ্জী হ'লে আনাৰসৰ ৰস লগাব আৰু খাব লাগে। কিন্তু কিছুমানৰ আনাৰস খালেও এলাৰ্জী হয়। তেওঁলোকে এনে কৰিলে কামত নিদিব।
    • বমি হ'লে কুমলীয়া শিপাৰ ৰস মৌৰে খাব লাগে।
    • হেকোঁটি আহি থাকিলে পাতৰ ৰস আধা পোৱাত অকণ মিচিৰি মিলাই খাব লাগে।
    • অৰুচি বা অভোক হ'লে আনাৰস সৰুকৈ কাটি নিমখ মিলাই খাব লাগে।
    • জণ্ডিছ ৰোগ হ'লে পকা ফলৰ ৰসত গ্লু'কজ বা মিচিৰি মিলাই নিয়মিত খাব লাগে।

    কল

    • কাণ বিষত কলগছৰ ৰস ছেকি কাণত সোমাই দিলে কাণৰ বিষ লগে লগে ভাল হয়।
    • মৃগী ৰোগীয়ে পুৱা গধূলি সদায় কলৰ ৰস খালে উপকাৰ পায়।
    • জুয়ে পোৰা ঠাইত কোমল কলপাত পিহি সানি দিব লাগে।
    • বগা দাগ ওলালে কলপাতৰ ছাঁই, মৰা শংখ পিহি তিল তেলৰ লগত সানিব লাগে।
    • পেট বিষালে পকা কলৰ ৰসত কলা নিমখ মিলাই খালে বিষ লগে লগে ভাল হয়।
    • ঘাঁ হ'লে কোমল কলপাত বটি লেপ দিলে ঘাঁ শুকায়।
    • জিভাত গুটি গুটি ওলালে বা মুখৰ ভিতৰত ছাল ছিঙিলে কল দৈৰ লগত খালে ভাল হয়।
    • ৰাতি চকুৰে নেদেখা ৰোগত কলপাতৰ ৰস চকুৰ কোণত দিব লাগে।
    • সৰু ল'ৰা ছোৱালীয়ে মাটি খোৱা অভ্যাস কৰিলে পকা কল মৌৰে খুৱালে এনে অভ্যাস গুচে।
    • পেছাব বন্ধ হ'লে পকা কল খাই আমলখিৰ ৰসত চেনি মিলাই খাব লাগে।

     

      তথ্য সংগ্ৰহ: চয়নিকা বৰুৱা।

       

       



      © 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
      English to Hindi Transliterate