মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / বিলাহীৰ বিষয়ে অনেক ৰোচক তথ্য :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিলাহীৰ বিষয়ে অনেক ৰোচক তথ্য :

বিলাহীৰ বিষয়ে অনেক ৰোচক তথ্যৰ বিষয়ে লিখা হৈছে ।

অসমীয়া বিহু গীত, বিয়া নাম, জোৰা নাম,আধুনিক গীত সকলোতে বিলাহীৰ পয়োভৰ দেখা যায়৷ বিলাহী হ'ল এবিধ বিশ্বত সৰ্বাধিক ভক্ষণ কৰা পাচলি৷ বিলাহী ফল নে পাচলি তাকলৈ বিতৰ্কও হয়৷ ইউৰোপৰ স্পেইনৰ বুনল(Bunol) নামৰ ঠাইত ১৯৪৪৷ ১৯৪৫ চনৰ পৰা গালৈ পকা বিলাহী দলিওৱা এক উৎসৱ প্ৰতি বছৰে অন্তিমটো বুধবাৰে পালিত হৈ আহিছে৷ 'আদাক দেখিল উঠিল গা, কেতুৰিয়ে বোলে মোকো খা' বোলাৰ দৰে নাইবা ‘কাউৰীয়ে ম'ৰাৰ পাখি গুজি ম'ৰাৰ চাল দিবলৈ যোৱাৰ দৰে’ আমাৰ অসমতো 'লা ট'মেটিনা'ৰ অন্ধ অনুকৰণ বিগত কেইটামান বছৰৰ পৰা আৰম্ভ হব ধৰিছে৷

বছৰটোত বিলাহীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এচাম অসাধু ব্যৱসায়ীয়ে স্বাস্থ্যৰ প্ৰতি অপকাৰী কাৰ্বাইড গেছ দি কেঁচা বিলাহী কৃত্ৰিমভাবে পকাই বজাৰত মেলি দিয়ে৷ বিলাহীৰ খেতি, ৰোগ, গছৰ বৰ্ণনা আদি বিষয় বাদ দি আজিৰ এই আলোচনাত ঘাইকৈ বিলাহীৰ উপকাৰিতাৰ বৈজ্ঞানিক বিশ্লেষণ আগবঢ়াবৰ প্ৰয়াস কৰিম৷ আজিকালি বিশ্বৰ বিভিন্ন ঠাইত খেতি কৰা বিলাহীৰ প্ৰাৰম্ভিক উৎপত্তিস্থল আছিল মেক্সিকো, মধ্য আৰু দক্ষিণ আমেৰিকা৷ এক তথ্যমতে বৰ্তমান বিশ্বত বাৰ্ষিক ১৭০ নিযুত টন বিলাহী উৎপাদন হয়৷ তাৰ ৩১ শতাংশ চীন দেশে উৎপাদন কৰে৷ ভাৰতবৰ্ষ, তুৰস্ক, সংযুক্ত আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ল আন আন বেচিকৈ বিলাহী উৎপাদন কৰা দেশ৷ বৰ্তমান প্ৰায় ৭৫০০ বিধ বিলাহী মানুহে ভক্ষণ কৰে৷

বিলাহীৰ বৈজ্ঞানিক নাম হ'ল Solanium lycopersicum আৰু ই হ'ল Nightshade family, বা Solanaceae বংশৰ৷ আলু, বেঙেনা, জলকীয়া হ'ল এই একে শ্ৰেণীৰ উদ্ভিদ৷

নামাৱলী (বিদেশী ভাষাত):

  • ইংৰাজীত – Tomato,
  • স্পেনিচ-Tomate,
  • কেটালিয়া-Tomaquet,
  • গ্ৰীক-Ntomata,
  • ডেনিচ - Tomat,
  • নৰৱে- Tomat,
  • স্বেডিছ-Tomat,
  • হাৱাই-Tomat,
  • ফ্ৰান্স - Tomate,
  • জাৰ্মান-Tomate,
  • পৰ্টুগীজ- Tomate,
  • ডাটচ্-Tomaat,
  • ফিলিপিনো- Kamatis,
  • টাৰ্কি- Domates,
  • আৰবী- Tomatim,
  • কোৰিয়া- Tomato৷

ভাৰতীয় ভাষাত বিলাহীৰ পৰিচয় এইদৰে- অসমীয়াত আন এটা নাম হ'ল বিলাহী বেঙেনা৷ ওৰিয়া ভাষাত বিলাতি বেঙেনা নামেৰে জানে৷ টমাটৰ- হিন্দী, পঞ্জাবী, নেপালী, কোংকনী ভাষাত৷ টক্কালি- মলয়ালম আৰু তামিল ভাষাত৷ টমেটা- মাৰাঠী আৰু গুজৰাটীত৷ টমাটোকাই- তেলেগুত৷ ৰুৱানগুম- কাশ্মিৰীত৷ টমেটো- বাংলা৷ খাচিয়াত চ'চাও, কাৰ্বি ভাষাত বকবক, ডিমাচাত ডিডিবাও আৰু জিডিবাও আৰু নাগামিজত পিনগনা বুলে৷

বিলাহীত কি কি লাগতিয়াল উপাদান থাকে?

প্ৰতি ১০০গ্ৰাম বিলাহীত থাকে-

  • প্ৰটিন- ১৪গ্ৰাম,
  • কাৰ্বোহাইড্ৰেট- ৫৬গ্ৰাম,
  • ফেট- ২ গ্ৰাম,
  • শক্তি- ২৫৮ কেলৰি,
  • ডায়েটেৰি- ফাইবাৰ ১২ গ্ৰাম৷

বিলাহীত থাকে-

  • ভিটামিন- এ,
  • ভিটামিন- চি,
  • ভিটামিন- ডি,
  • ভিটামিন- বি১,
  • ভিটামিন- বি২,
  • ভিটামিন- বি৩,
  • ভিটামিন- বি৫,
  • ভিটামিন- বি৬,
  • ভিটামিন- বি৯,
  • ভিটামিন- বি১২,
  • ভিটামিন- কে৷

এমাইন এচিড থাকে- গ্ল'টামিক এচিড আৰু এচপাৰ্টিক এচিড৷ খনিজসমূহ হ'ল কেলচিয়াম, মেগনেচিয়াম, ফচফ'ৰাচ, প'টেচিয়াম, চ'ডিয়াম, আইৰণ, জিংক, ক'পাৰ, মেংগানিজ, চেলেনিয়াম৷ বিলাহীত থকা আন লাগতিয়াল তত্ব হ'ল লাইকোপেন, বিটা-কেৰটিন, আলফা লিপয়িক এচিড, লিউটিন, ঝিয়াজেনথিন৷

বিলাহীৰ উপকাৰিতাৰ তালিকা:

  • হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান– অপকাৰী ক'লেষ্টেৰলৰ(এল ডি এল আৰু ট্ৰাইগ্লিচাৰাইডৰ) পৰিমান বিলাহীত থকা এন্টিঅক্সিডেন্টে হ্ৰাস কৰে৷ ভিটামিন- ই আৰু ভিটামিন- চি হৃদয় আৰু ৰক্ত প্ৰণালীৰ বাবে উপযোগী তত্ব৷
  • উচ্চ ৰক্তচাপ কমায়- বিলাহীত উচ্চ পৰিমাণত থকা প'টেচিয়ামে তেজৰ নলী বহলাই ৰাখি ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে৷
  • দৃষ্টি শক্তিৰ উন্নতি সাধন কৰে- কুকুৰীকণা আৰু আন চকুৰ অসুখ ভিটামিন-এৰ বাবে উপশম হয়৷
  • ধুম্ৰপানৰ অপকাৰিতা হ্ৰাস কৰে- বিলাহীত থকা ক্ল'ৰনাৰ্জিক এচিড, কউমাৰিক এচিড আৰু ভিটামিন- এৰ বাবে চিগাৰেটত থকা কাৰচিনোজন(কৰ্কট ৰোগৰ কাৰক) নিস্ক্ৰিয় হয়৷
  • পাক প্ৰণালীৰ উপকাৰিতা– বিলাহীত থকা ডায়েটেৰি ফাইবাৰে ডায়েৰিয়া আৰু শৌচকচা দুয়োটাই নিৰাময় কৰে৷
  • পিত্তৰ পাথৰৰ ৰোগৰ উপশম ঘটায়– নিয়মীয়া বিলাহী সেৱনে এই লাভ প্ৰদান কৰে৷
  • ডায়েবেটিজ ৰোগ কমায়– Journel of Americam Medical Associationৰ মতে ডায়েবেটিজ ৰোগী নিয়মীয়া বিলাহী সেৱন কৰিলে উপকৃত হয়৷
  • মূত্ৰাশয়ৰ ৰোগ নিয়ন্ত্ৰণত সহায়ক– বিলাহীৰ ডাইয়ুৰেটিক(প্ৰসাবৰ পৰিমাণ বঢ়োৱা) গুণৰ বাবে কিডনি লাভবান হয়৷ প্ৰসাবৰ সংক্ৰমণ কমে৷
  • চৰ্মৰ উন্নতি সাধন– ৰদৰ উত্তাপে কৰা চানবাৰ্ণ বিলাহীৰ ৰস লগালে উপশম হয়৷ নিয়মীয়া বিলাহী সেৱন কৰিলে চৰ্মৰ উজ্বলতা বাঢ়ে আৰু মুখমণ্ডলত বয়সৰ ছাপ পৰিব নিদিয়াকৈ ৰাখে৷
  • চুলি শক্তিশালী আৰু চিকচিকিয়া কৰে- সেয়া এন্টিঅক্সিডেন্ট আৰু ভিটামিনৰ গুণৰ ফলত৷
  • হাঁড় শক্তিশালী কৰাত ভূমিকা- সেয়া ভিটামিন-কে আৰু কেলচিয়ামৰ বাবে সম্ভৱপৰ৷
  • কৰ্কট ৰোগ হ্ৰাস কৰাত সহায়ক- প্ৰষ্টেটৰ, হাওঁফাওঁৰ, মূত্ৰাশয়ৰ, পাকপ্ৰণালী আদিৰ কৰ্কট ৰোগ বিহালীত থকা লাইকোপেন আৰু আন আন এন্টিঅক্সিডেন্টে প্ৰতিৰোধ কৰাত সহায়ক সিদ্ধ হৈছে৷ শৰীৰৰ অপকাৰী ফ্ৰি-ৰেডিকেলৰ বিলাহীয়ে বিনষ্ট কৰে৷

বিলাহীৰ ব্যৱহাৰত লবলগীয়া সতৰ্কতা:

দেখিবলৈ মনোমোহা, খাবলৈ সুস্বাদু বিলাহীৰো পাৰ্শ্বক্ৰিয়া কোনো কোনো ব্যক্তিৰ ক্ষেত্ৰত হব পাৰে৷ সম্ভাব্য অপকাৰিতাৰ কথা তলত উল্লেখ কৰিলোঁ৷

  • এলাৰ্জি- সৰু-ডাঙৰ এলাৰ্জিৰ ফলত এই বিলাক সংঘটিত হব পাৰে- মূৰৰ বিষ, মূৰঘূৰণি, বমি-ওকালি, মাংসপেশীৰ বিষ, শৰীৰ আৰু মুখ মণ্ডল জ্বলা পুৰা কৰা৷ বিলাহীৰ পাত অতি বিপদজনক আৰু বিষাক্ত৷
  • এচিডিটিৰ সমস্যা- টেঙা ওগাৰ অহা, পেট ফুলা আদি হব পাৰে৷
  • ৰক্তক্ষৰণৰ সম্ভাৱনা থকা বা আগৰ হিষ্ট্ৰী থকা লোকে বিলাহী নোখোৱাই মংগলজনক৷
  • গৰ্ভৱতী মহিলাই কম পৰিমাণত সতৰ্কতাৰে বিলাহী খাব৷
  • কেঁচা বা সিজোৱা বিলাহীয়ে সকলো ধৰণৰ ক'লাইটিচ অসুখত বিৰূপ প্ৰতিক্ৰিয়া কৰিব পাৰে৷
  • তেজত ইউৰিক এচিড বেচি থকা লোকসকলেও বিলাহী বৰ্জন কৰিব৷ কেঁচা বা সিজোৱা বিলাহী খালেও হাঁড়ৰ বিষ উক দিয়াৰ সম্ভাৱনা থাকে৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 0097433738722

2.625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top