মৌ স্বাস্থ্য ৰক্ষাৰ বাবে এক অমূল্য ভাণ্ডাৰ বুলি জনা যায় আৰু সেয়ে প্ৰায় প্ৰতিঘৰ মানুহেই এইবিধ দ্ৰব্য ব্যৱহাৰ কৰে। বিশুদ্ধ মৌত ভিটামিন, প্ৰোটিন, খনিজ আৰু এমিনো এচিড নিহিত থাকে। বহুতে আকৌ বজাৰৰ পৰা কিনি অনা মৌ বিশুদ্ধ নহয় বুলি সন্দেহ কৰিয়েই মৌ সেৱন নকৰে।
বজাৰত কিনিবলৈ পোৱা বটলত ভৰাই ৰখা প্ৰতিবিধ মৌৰ লেবেলত এশ শতাংশ বিশুদ্ধ বুলিয়েই লেখা থাকে। এনে ধৰণৰ গেৰান্টি বতলৰ ওপৰত থাকিল বুলিয়েই আমি সেই মৌ বিশুদ্ধ বুলি কেনেকৈ মানি ল’ম? আৰু আপুনি দোকানত বিক্ৰী কৰিবলৈ ৰখা মৌৰ বটল খুলি, সেই মৌ বিশুদ্ধ হয় নে নহয়, সেই কথা পৰীক্ষাও কৰিব নোৱাৰে। কিন্তু সেই ব্ৰেণ্ডৰ এবটল মৌ কিনি আনি তলত দিয়া যিকোনো এটি পদ্ধতিৰে পৰীক্ষা কৰি চাব পাৰে। কিন্তু বিশুদ্ধ বা ভেজাল মৌ পৰীক্ষা নকৰাকৈ বজাৰৰ পৰা কিনি অনা মৌ খাই থকাৰ পিছত আপুনি কোনো উপকাৰ নেপালেহে হয়তো সেই মৌৰ বিশুদ্ধতাৰ ওপৰত আপোনাৰ সন্দেহ বাঢ়িব। যদি আপুনি ব্যৱহাৰ কৰা মৌখিনি দুষ্ট মুনাফাখোৰ ব্যৱসায়ীৰ ভেজাল কৰি থৈছে, তেনেহ’লে সেই মৌৱে কেনেকৈ আপোনাৰ উপকাৰ সাধিব? আজি আমি আপোনাৰ এনে কেইটিমান ‘কিটিপ’ দিম, মৌৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰিব।
এগিলাচ পানীত এচামুচ মৌ মিহলাই দিয়ক। যদি সেইখিনি মৌ পোনে পোনে গিলাচটোৰ তলিলৈ গুচি গৈছে, তেনেহ’লে জানিব সেই মৌ বিশুদ্ধ। যদি মৌখিনি তললৈ নামি যোৱাৰ আগতেই পানীত মিহলি হৈ গৈছে, তেনেহ’লে জানিব, সেই মৌ ভেজাল।
এডাল মম জ্বলাই লওক। এডাল বাঁহৰ কাঠিত কপাহ মেৰিয়াই কপাহখিনি কিনি অনা বটলৰ মৌত জুবুৰিয়াই লওক। এতিয়া মৌ লগাই লোৱা কপাহখিনি মমডালৰ জুইৰ শিখাৰ ওপৰত ধৰক। যদি কপাহখিনি নজ্বলে, তেনেহ’লে জানিব, সেই মৌ ভেজাল কৰি পানীত গুলি লোৱা চেনি আৰু গুড় মিহলাইছে।
এই পৰীক্ষাটো কৰিবৰ কাৰণে এটুকুৰা ব্লটিং পেপাৰ লওক। এতিয়া এই কাগজটুকুৰাত কেইটোপালমান মৌ ঢালক। যদি সেইখিনি মৌত কিবা ভেজাল দ্ৰব্য আছে, তেনেহ’লে সেইখিনি ব্লটিং পেপাৰ শুহি লব আৰু বিশুদ্ধ মৌখিনি কাগজত ৰৈ যাব। আপুনি এই পৰীক্ষাটো ‘টিছু পেপাৰতো’ কৰিব পাৰে।
এটুকুৰা কাপোৰত দুটোপালমান মৌ ঢালক। যদি মৌখিনি ভেজাল, তেনেহ’লে কাপোৰখনে সেইখিনি শুহি ল’ব। কাপোৰ ব্যৱহাৰ কৰি আপুনি আন এটা পৰীক্ষাও কৰিব পাৰে। কাপোৰডোখৰত এটোপাল মৌ পেলাই সাধাৰণ পানীৰে ধুই দিয়ক। যদি কাপোৰত দাগ ৰৈ গৈছে, তেনেহ’লে জানিভ, মৌখিনি ভেজাল। যদি দাগ ৰৈ যোৱা নাই, তেনেহ’লে জানিব মৌখিনি বিশুদ্ধ।
সমান পৰিমাণত মৌ আৰু যিকোনো এবিধ সুৰা এটা গিলাছত লওক। যদি মৌখিনি বিশুদ্ধ, তেনেহ’লে মৌখিনি গোট মাৰি সুৰাৰ ভিতৰত ৰৈ যাব। যদি মৌখিনি ভেজাল, তেনেহ’লে সুৰাৰ লগত মিহলি হৈ যাব। এই পৰীক্ষা শেষ হোৱাৰ লগে লগে সুৰাৰ লগত মৌখিনি মিহলি হৈ সম্পূৰ্ণ গাখীৰৰ দৰে বগা হৈ পৰিব।
এই পৰীক্ষা ব্ৰেকফ্ৰাষ্টৰ সময়ত কৰিব। অলপ বিশুদ্ধ মৌ ব্ৰ্ডৰ ওপৰত যদি ঢালি দিয়ে, তেনেহ’লে মৌখিনি কঠিন হৈ পৰিব। যদি ঢালি লোৱা মৌৰ লগত অন্য কিবা দ্ৰব্য মিহলি হৈ আছে, তেনেহ’লে ব্ৰেডৰ ওপৰত সেইখিনি কোমল আৰু পনীয়া হৈ থাকিব।
বিশুদ্ধ মৌ ঠাণ্ডা পালে গোট মাৰিব আৰু গৰম পালে গল যাব।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন