আন আন ফলৰ দৰে আমি বাৰু বেল খাওঁনে ? বছৰত বাৰু আমি কিমান বেল খাওঁ ? বেল যে এবিধ উত্তম খাদ্য আমি অনুধাৱন নকৰোঁ। আমাৰ ল’ৰালি কালত পেটচলা ৰোগ হ’লে পকা বেলৰ শাহখিনি উলিয়াই চৰবত বনাই খুৱাইছিল। এইদৰে দিনত কেইবাবাোৰ খোৱাৰ পাছত পেটচলা বন্ধ হৈ গৈছিল। আকৌ মাজে-সময়ে শৌচ কচা হ’লে অৰ্থাত্ পেট খোলোচা নহ’লে পকা বেলৰ শাহ গাখীৰৰ লগত মিহলি কৰি খুৱাইছিল। খাবলৈ বৰ সোৱাদ লাগিছিল। এইদৰে দুই-তিনিবাৰ খাওঁতে আৰোগ্যও লাভ কৰিছিলোঁ।
গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি পকা বেলৰ শাহে মানুহৰ কোষ্ঠকাঠিন্যতা দূৰ কৰিব পাৰে। গৱেষকৰ মতে, অজীৰ্ণ, ডায়েৰিয়া আদিৰ উপৰি পেপ্টিক আলচাৰ, অৰ্শৰোগ, উশাহ-নিশাহৰ কষ্ট, বেক্টেৰিয়া আৰু ভাইৰাছজনিত ৰোগৰ বিৰুদ্ধে পকা বেলে যুঁজ দিব পাৰে। তদুপৰি পেটত হোৱা জ্বলা-পোৰা কমে আৰু সৰ্বশৰীৰে শীতল অনুভৱ কৰে।
গৰ্ভৱতী মহিলাই পকা বেলৰ শাহ খালে স্তনত দুগ্ধৰ পৰিমাণ বাঢ়ে। ডায়েবেটিছ ৰোগীৰ বাবে পকা বেল অতি উত্তম খাদ্য। আনকি আৰম্ভণিতে ধৰা পৰিলে কেণ্সাৰ ৰোগ প্ৰতিহত কৰিব পাৰে বুলি গৱেষকে কয়।
বিশেষজ্ঞসকলে ৰাসায়নিক বিশ্লেষণত পাইছে যে এশ গ্ৰাম পকা বেলৰ শাহত কাৰ্ব’হাইড্ৰেট ৩১ শতাংশ আৰু প্ৰ’টিন ২ শতাংশ থাকে। ইয়াৰ উপৰি ভিটামিন-এ, ভিটামিন-বিৰ ভিতৰত ৰিব’ফ্লেভিন, থিয়ামাইন আদিও উপলব্ধ। ভিটামিন-চিৰ অৱস্থিতি অৱশ্যে কিছু কম। তথাপি ভিটামিন-চিৰ অভাৱত দেখা দিয়া স্কাৰ্ভি ৰোগ প্ৰতিহত কৰিব পাৰে বুলি বিশেষজ্ঞই কয়। পকা বেলৰ শক্তি ১৪০ আৰু সেইবাবেই পকা বেল পুষ্টিবৰ্ধক আৰু দেহক শক্তি প্ৰদান কৰি মাংসপেশী সুঠাম কৰে। দেহত দেখা দিয়া আঘাত পকা বেলৰ শাহে নিৰাময় কৰাত যথেষ্ট ভূমিকা লয়।
বিশেষজ্ঞৰ মতে, পকা বেলৰ শাহ হৃদৰোগীৰ পৰম ঔষধ। সেয়ে হৃদযন্ত্ৰত আক্ৰান্ত ৰোগীয়ে গাখীৰৰ লগত পকা বেলৰ শাহ খাব লাগে আৰু কিছু সময় পিছত ৰোগীয়ে আৰাম অনুভৱ কৰে। দেহৰ ৰক্ত শোধনত পকা বেলৰ শাহ অতি প্ৰয়োজন। তাৰ বাবে ৫০ গ্ৰাম পকা পেলৰ শাহৰ লগত কুহুমীয়া পানী মিহলাই অলপ চেনি দি খাব লাগে। ৰক্ত পৰিষ্কাৰ কৰাৰ উপৰি এনে মিশ্ৰণে লিভাৰ আৰু কিডনীত হোৱা পাথৰ টুকুৰা-টুকুৰ হৈ প্ৰস্ৰাৱৰ জৰিয়তে উলিয়াই দিয়াত সহায় কৰে।
অলপতে প্ৰকাশ পোৱা তথ্য মতে, পকা বেলৰ শাহে ডেংগি আৰু মেলেৰিয়া ৰোগ প্ৰতিৰোধ কৰিব পাৰে। পকা বেলৰ লগত মহ প্ৰতিৰোধী ক্ৰীম মিহলাই গৰ্ভৱতী মহিলাৰ দেহত সানিলে মেলেৰিয়া ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰিব বুলি গৱেষকে সম্প্ৰতি গৱেষণা চলাই আছে।
বেল গছ কেৱল ভাৰততে পোৱা যায় বুলি বহুতে দাবী কৰি আহিছে। শ্ৰীলংকা, থাইলেণ্ড আৰু দক্ষিণ এছিয়াৰ কোনো কোনো দেশত বেল পোৱা যায়। ইণ্ডোনেছিয়াৰ মানুহে পকা বেলৰ শাহ খেজুৰৰ গুড়ৰ লগত পুৱাৰ জলপান হিচাপে খায়। থাইলেণ্ডত সেউজীয়া কোমলীয়া পাত চালাড কৰি খায়। বহুতে পকা বেলৰ শাহৰ পৰা জেলী আৰু চাটনি বনাই খায়। কোনো কোনোৱে নাৰিকলৰ গাখীৰৰ লগত পকা বেলৰ শাহ মিহলি কৰি মিশ্ৰণ বনায় আৰু খাবলৈ সুস্বাদু হয়। লগতে দেহৰ বাবে পুষ্টিবৰ্ধকো।
গৱেষকৰ মতে, সৰহ পৰিমাণে বেল খালে পেট ফুলিব পাৰে আৰু কোনোদিনে বেল নোখোৱা মানুহে খালে এলাৰ্জীত ভোগে।
লেখক: ড° পবিত্ৰ কুমাৰ পাটোৱাৰী, আমাৰ অসম
শেহতীয়া উন্নীতকৰণ: : 4/18/2020
এৰবিক ব্যায়াম
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
আহাৰ আৰু স্বাস্থ্য