অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যঞ্জনপ্ৰীতি আৰু স্বাস্থ্যঃ

ব্যঞ্জনপ্ৰীতি আৰু আমাৰ স্বাস্থ্যঃ

 

আমাৰ অসমীয়া মানুহে খাবও নাজানে বুলি আক্ষেপৰ সুৰত উল্লেখিছিল বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাই। ১৯৭৪ চনৰ ২৮ আগষ্টত তেওঁ লিখা ‘ডায়েলগ’ শীৰ্ষক কবিতাটোত তেওঁৰ অসমীয়া ব্যঞ্জন প্ৰীতিৰ দিশটো পৰিস্ফূট হৈছে। কবিতাটোৰ এছোৱা হৈছে- ‘তুমি ভাত চৰু সোমোৱা/বুট-দাইল দি বাঁহগাজৰ খাৰ ৰান্ধা/চুমৈকৈ পলো কুটা/কঁঠালগুটি খৰিচা দিয়া কচুশাকৰ/আঞ্জা ৰান্ধা। তেওঁ এবাৰ ক’ৰবাত এনেদৰে লিখিছিল- ডাঙৰ গৰৈ মাছ কেনেদৰে খাব লাগে জানেনে ? মাছটো আগতে ভালদৰে ধুই-মেলি বাকলি নুগুছোৱাকৈ আলতীয়া মাটিৰে লেপি জুইৰ অঙঠাত সুমুৱাই থ’ব লাগে। মাটিখিনি পুৰি ৰঙচুৱা হ’লে উলিয়াই আনি চেঁচা হ’বলৈ দিব লাগে আৰু তেতিয়া লাহেকৈ টোকৰ এটা মাৰি দিয়াৰ লগে লগে দেখিব যে, বাকলি নোহোৱা এটা খৰখৰীয়া মাছ ওলাই আহিব। পিচত ৰুচি অনুযায়ী উপকৰণ মিহলাই খালে বৰুৱালৈ মনত পৰিব।

প্ৰকৃতিৰ পৰা আমি আহাৰ-পানী-বায়ু লভো আৰু এনেবোৰ উপাদানৰ জৰিয়তে মানুহ জীয়াই থাকে। সেউজীয়া উদ্ভিদ, ফল-মূল, অন্যান্য খাদ্যশস্য আমি প্ৰকৃতিৰ পৰা আহৰণ কৰো। খাদ্য বা আহাৰ আমাৰ জীৱনীশক্তিৰ আধাৰ। আহাৰৰ পৰা সৃষ্টি কৰা বিভিন্ন ব্যঞ্জনৰ হেতুকে খাদ্যৰ জুতি বাঢ়ে আৰু ফলত হজম প্ৰক্ৰিয়া ত্বৰান্বিত হয়। তাহানিৰ যুগৰ নমস্য চিকিৎসক সুশ্ৰুতে উল্লেখিছিল যে, আহাৰ শুদ্ধ হ’ব লাগে। কিয়নো আহাৰ শুদ্ধিয়ে সত্ত্ব শুদ্ধি আৰু সত্ত্ব শুদ্ধিয়েই ধ্ৰুৱা স্মৃতি বুলি কৈছে।

ছান্দোগ্য উপনিষদত লিখা আছে যে, আহাৰ শুদ্ধ হ’লে মানুহৰ চিত্ত শুদ্ধ হয়, চিত্ত শুদ্ধ হ’লে মন শুদ্ধ হয়, মন শুদ্ধ হ’লে মানুহৰ সকলো চিন্তা-ভাবনা কৰ্ম শুদ্ধ হয়। একেখন উপনিষদতে আকৌ লিখা আছে যে, অন্ন অৰ্থাৎ আহাৰ হৈছে আমাৰ আত্মা আৰু অন্ন হৈছে সমস্ত বিশ্বৰ উৎস (পৰমাত্মা)। অন্ন হৈছে সমস্ত শক্তি আৰু জ্ঞানৰ আধাৰ, সুখ-শান্তিৰ মূল ভেঁটি। শ্ৰীমদ্ভাগৱত গীতাত লিখা আছে যে- ‘অন্নতে ভৱতি ভূভাগি’ অৰ্থাৎ মানুহ অন্নৰ সৃষ্টি।

অসমীয়া আৰু ভাৰতৰ বিভিন্ন প্ৰদেশৰ মানুহৰ আহাৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ উপাদান হৈছে অন্ন বা ভাত। পিচে ভোকৰ ভাতমুঠিৰ লগত বিভিন্ন ব্যঞ্জন খালে ভোজনে পৰিপূৰ্ণতা লভে। এইখিনিতে প্ৰাসংগিক এষাৰ কথা উল্লেখ নকৰি নোৱাৰি যে, মাথোঁ ক্ষুধা নিবাৰণৰ বাবে বা স্বাস্থ্য  ৰক্ষাৰ বাবেই মানুহে খোৱা-বোৱা নকৰে। জিভাৰ জুতিৰ কথাটি বা দিশটিয়ে বহুক্ষেত্ৰত গুৰুত্ব লভে। কোনোবা এজন মনীষীয়ে কৈ গৈছিল- খাদ্যই মানুহৰ জীৱন। মানুহৰ সকলোবোৰ সুখৰ ভিতৰত হেনো প্ৰধানতম হৈছে ভোজন সুখ- সৰ্বেন্দু সৌখযুশনং প্ৰধানক বুলি সংস্কৃত ভাষাত উল্লেখ কৰা হৈছে। ফৰাচী সম্ৰাট নেপোলিয়নে কৈ গৈছিল- ‘সুন্দৰী নাৰীৰ সান্নিধ্যতকৈও সুমিষ্ট ব্যঞ্জনযুক্ত আহাৰ গ্ৰহণৰ মুহূৰ্ত বেছি আমোদজনক’। আনহাতে জৰ্জ বাৰ্ণাৰ্ড শ্ব’ৰ এষাৰ উক্তি এইখিনিতে প্ৰণিধানযোগ্য। তেওঁ কৈছিল- ‘খাদ্যৰ প্ৰতি মানুহৰ যি প্ৰেম- তাতকৈ আন কোনো প্ৰেম বেছি আন্তৰিক নহয়’। এনে দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে ব্যঞ্জনযুক্ত খাদ্যই নিশ্চয়কৈ মানসিক পৰিতৃপ্তি প্ৰদান কৰে বুলি নিশ্চয়কৈ ক’ব লাগিব।

এতিয়া আমাৰ অসমৰ যিবোৰ থলুৱা ব্যঞ্জন আমি সতকাই খাওঁ তেনেবোৰে স্বাস্থ্যৰ ওপৰত পেলোৱা প্ৰভাৱৰ দিশটো বিবেচনা কৰিব লাগিব। ভৌগোলিকভাৱে আমাৰ ৰাজ্যখনৰ অৱস্থিতিৰ হেতুকে মঙ্গোলীয় জনগোষ্ঠীৰ মানুহখিনিৰ খাদ্যাভ্যাসৰ প্ৰভাৱ আমাৰ থলুৱা আহাৰ তথা ব্যঞ্জনৰ ওপৰত নিশ্চয়কৈ পৰিছে। অসমীয়া মানুহৰ খাদ্যাভ্যাস তথা ব্যঞ্জনপ্ৰীতিৰ এই বৈশিষ্ট্য ভাৰতৰ অন্য ৰাজ্যৰ জনসাধাৰণৰ মাজত দেখা পোৱা নাযায়।

এই ক্ষেত্ৰত মই বাঁহগাজৰ বিষয়েই উদাহৰণস্বৰূপে উল্লিখিব খুজিছো। কুমলীয়া বাঁহৰ গজালিকেই বাঁহগাজ বোলে। ই হৈছে অসম তথা চৌদিশৰ উত্তৰ-পূৰ্বাঞ্চলস্থিত ৰাজ্যকেইখনৰ থলুৱা মানুহখিনিৰ প্ৰিয় খাদ্য সম্ভাৰ। মিজো আৰু নগা জনগোষ্ঠীভুক্ত মানুহখিনিয়ে ইয়াৰ পৰা প্ৰস্তুত কৰা ব্যঞ্জনবোৰ নিয়মীয়াভাৱে খোৱা বাবে উচ্চ ৰক্তচাপৰ প্ৰাদুৰ্ভাৱ এইসকল মানুহৰ মাজত কম। শেহতীয়া গৱেষণাৰ জৰিয়তে বাঁহগাজৰ কৰ্কট ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বিষয়েও জনা গৈছে। বাঁহগাজৰ পৰা প্ৰস্তুত কৰা বিবিধ ব্যঞ্জন আজিকালি হোটেল-ৰেস্তোৰাঁবোৰত বিশেষভাৱে জনপ্ৰিয় হৈ উঠিছে। এই লেখকে অধ্যাপনা কৰি থকা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ নাতিদূৰৈত অৱস্থিত এ টি ৰোডৰ সমীপত গঢ় লৈ উঠিছে ‘বাঁহগাজ’ নামৰ এখন জনপ্ৰিয় ৰেষ্টুৰেণ্ট। এই নিবন্ধটিৰ আৰম্ভণিতে উল্লেখ কৰা আনন্দ চন্দ্ৰ বৰুৱাৰ কবিতাটিত বুট দাইলৰ সৈতে বাঁহৰ গাজৰ খাৰ ৰান্ধিবলৈ কৰা অনুৰোধৰ জৰিয়তে এবিধ বিশেষ ব্যঞ্জন আলোচনাৰ মাজলৈ অনা হৈছে। ইয়াৰ জুতি ল’বলৈ বিচৰা হৈছে।

বাঁহগাজত কেলৰি আৰু চৰ্বী জাতীয় দ্ৰব্য কমকৈ থকা হেতুকে বহুমূত্ৰ ৰোগীৰ বাবে উপকাৰী। তদুপৰি তাকৰীয়া মাত্ৰাত কলেষ্টেৰ’ল থকা বাবে উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগীসকলে নিয়মীয়াভাৱে খাব পাৰে। তদুপৰি পৰ্যাপ্ত মাত্ৰাত খাদ্যপ্ৰাণ আৰু খনিজ দ্ৰব্যৰ উপস্থিতিৰ হেতুকে শৰীৰৰ বাবে উপকাৰী।

১০০ গ্ৰাম বাঁহগাজৰ খাদ্যগুণ-

 

 

উপাদান

পৰিমাণ

প্ৰ’টিন

১ গ্ৰাম

লৌহ পদাৰ্থ

১ মিঃ গ্ৰাম

কলেষ্টেৰ’ল

নিচেই যৎসামান্য

আঁহ

৩ গ্ৰাম

চৰ্বী জাতীয় দ্ৰব্য

০.২ মিঃ গ্ৰাম

শৰ্কৰা

৮ গ্ৰাম

খ-খাদ্যপ্ৰাণ

১ মিঃ গ্ৰাম

গ-খাদ্যপ্ৰাণ

১ মিঃ গ্ৰাম

কেলছিয়াম

২০ মিঃ গ্ৰাম

ছ’ডিয়াম

৬ মিঃ গ্ৰাম

শক্তি

৪১ কেলৰি

নিবন্ধটিৰ আৰম্ভণিতে উল্লেখ কৰা কবিতাটিত যি খৰিছাৰ বিষয়ে কোৱা হৈছে সেয়া বাঁহগাজৰ পৰাই প্ৰস্তুত কৰা হয়। ভলুকা আৰু কাক বাঁহৰ গাজেৰে তৈয়াৰ কৰা খৰিছা হৈছে আমাৰ খাৰখোৱা জিভাৰ বাবে অত্যন্ত সুস্বাদু ব্যঞ্জন। বহুতে ইয়াক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰে যদিও প্ৰকৃততে ই তেনে নহয়। খৰিছাৰ প্ৰস্তুতি পদ্ধতি আৰু ভক্ষণৰ মাত্ৰাৰ ওপৰত ইয়াৰ স্বাস্থ্যজনিত প্ৰভাৱ নিৰ্ভৰশীল।

বাঁহগাজ চকলা-চকলকৈ কাটি ১৫ মিনিট উতলাই পানীখিনি পেলাই দিলে আৰু শুকানভাৱে প্ৰস্তুত কৰা খৰিছা স্বাস্থ্যৰ বাবে উপযোগী। নিতৌ ১০ গ্ৰামলৈকে খৰিছা ভক্ষণ কৰিলে কোনো ধৰণৰ স্বাস্থ্য হানি নহয়। খৰিছাত ছায়েনাইড থাকে আৰু ই এবিধ বিষাক্ত দ্ৰব্য। পিচে উতলাই প্ৰস্তুত কৰা খৰিছাত ইয়াৰ বিষগুণ লোপ পায়। আনহাতে অৱশিষ্ট ছায়েনাইডখিনিৰ যকৃতত পৰিপাক ঘটাৰ সময়ত বিষগুণ লোপ পায়। আনহাতে খৰিছা টেঙা হৈ যোৱাৰ পিছত ৰসখিনি চেপি শুকুৱাই সংৰক্ষণ কৰি নানা তৰহৰ ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি। উল্লেখ কৰা নিষ্প্ৰয়োজন যে, তাহানিখনৰে পৰাই খৰিছাৰ প্ৰভূত জনপ্ৰিয়তা অসমীয়া সমাজত বিৰাজমান।

(উৎসঃ সাদিন, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate