সুস্বাদু পাচলি ব্ৰুকলিৰ আছে অনেক স্বাস্থ্য উপকাৰী গুণ। কম কেল’ৰি আৰু অত্যধিক পুষ্টিযুক্ত ব্ৰুকলি খোৱাৰ অভ্যাসে শৰীৰত কলেষ্টৰেলৰ মাত্ৰ্ৰা হ্ৰাস কৰে। পাচলিবিধত উচ্চ পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন ‘কে’ থকাৰ বাবে ই হাড়ৰ বাবে যথেষ্ট উপকাৰী। শেহতীয়া এক গৱেষণাত প্ৰাপ্ত তথ্য মতে শক্তিশালী এণ্টি-অক্সিডেণ্টযুক্ত ব্ৰুকলি সপ্তাহত ৩-ৰ পৰা ৪ দিন খোৱাৰ ফলত টাইপ-২ ডায়েবেটিছ, হৃদৰোগ, এজমা আৰু বিভিন্ন ধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ শংকা হ্ৰাস হয়। ইয়াৰ উপৰি হজম শক্তি বৃদ্ধি কৰাতো ব্ৰুকলিৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। এই পাচলিবিধে চকুযুৰিৰ স্বাস্থ্য ভালে ৰখাতো সহায় কৰে।
উৎস: নিয়মীয়া বাৰ্তা।